ডিজিটেল ডেস্ক : বলিউডৰ ১৯৬১ চনৰ এখন চিনেমা- 'তেল মালিছ বুট পলিছ'। এইখন চিনেমাতে সংযোজিত হৈছিল সেই বিখ্যাত গীতটো-'এক আনা বুট পলিছ, দুআনা তেল মালিছ।' পদপথৰ ব্যৱসায়ীৰ কঠিন জীৱন সংগ্রাম প্রতিফলিত গীতটোত মুম্বাইৰ পদপথৰ ব্যৱসায়ীজনে এক অনা জোতা পলিছৰ বাবে আৰু দুই আনা তেল মালিছৰ বাবে লৈ এই বুলি গৌৰৱ অনুভৱ কৰিছিল যে তেওঁ কোনো চুৰি-ডকাইতি নকৰাকৈ কষ্টোপার্জিত ধনেৰে জীৱন নিৰ্বাহ কৰিছে। ভাৰতবৰ্ষৰ লাখ লাখ পদপথৰ ব্যৱসায়ীৰ আচলতে জীয়া কাহিনী এয়া। কঠিন জীৱন সংগ্ৰামৰ কাহিনী।
নিৰ্ভৰযোগ্য পৰিসংখ্যাৰ যদিও অভাৱ তথাপি অনুমান কৰা হয় সমগ্র দেশত প্রায় ১ কোটি পদপথৰ ব্যৱসায়ী আছে। তৎসত্ত্বেও অনুমান হয় এয়া পঞ্জীকৃত ব্যৱসায়ীৰ তথ্যহে, পদপথৰ ব্যৱসায়ৰ দৰে অসংগঠিত ক্ষেত্র এখনৰ ব্যৱসায়ীৰ সংখ্যা হয়তো ইয়াতকৈ বহু বেছি হ'ব। এই কথা ঠিক যে দেশৰ এক বুজনসংখ্যক পৰিয়ালৰ অর্থোপার্জন, জীৱন-জীৱিকাৰ সৈতে সম্পর্কিত হৈ আছে এই পদপথৰ ব্যৱসায়ৰ প্ৰসংগটো। সেয়ে ভাৰতৰ দৰে দাৰিদ্র্য সীমাৰেখাৰ তলত বৃহৎসংখ্যক লোক বসবাস কৰা এখন দেশে নিজৰ কল্যাণকামী চৰিত্ৰৰ স্বাৰ্থতে এই পদপথৰ ব্যৱসায়ীসকলৰ দিশটো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা উচিত। একেদৰেই সমাজৰ তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিও এই পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত নিৰ্ভৰশীল। আনহাতে আকৌ শেহতীয়াভাৱে অসমৰ বিভিন্ন প্রান্তত শিক্ষিত অসমীয়া যুৱক-যুৱতীয়ে পদপথৰ ব্যৱসায়ত নামি স্বাৱলম্বিতাৰ এক নিদর্শন দেখুৱাবলৈ আহিছে, শ্রম কৰিবলৈ তেওঁলোকে হেলা কৰা নাই।
যদিও পদপথৰ ব্যৱসায়ীসকলক দেশৰ খুচুৰা বিক্ৰীৰ অন্যতম প্রাচীন ৰূপ বুলি ধৰা হয়, তথাপি এই দেশৰ আইন-কানুনে এই ব্যৱসায়ীসকলৰ প্রতি বিশেষ মনোযোগ দিয়া নাই যেন অনুভৱ হয়। ২০১৪ চনত ভাৰতৰ সংসদে 'দ্য ষ্ট্ৰীট ভেণ্ডৰ (প্রটেকশ্যন অব্ লাইভলিহুড এণ্ড ৰেগুলেশ্যন অব্ ষ্ট্ৰীট ভেণ্ডৰ) আইনত অনুমোদন জনায়। কিন্তু তাৰ পাছতো এয়া এক অসংগঠিত ক্ষেত্রৰূপেই পৰিগণিত হৈ আহিছে।
অৱশ্যে পদপথৰ ব্যৱসায়ীসকলৰ জীৱন সংগ্রামক কিঞ্চিতো অশ্রদ্ধা আৰু অৱজ্ঞা নকৰাকৈ এই কথা উল্লেখ কৰিব লাগিব যে দেশৰ প্ৰায় সকলো নগৰ-মহানগৰতে পদপথৰ ব্যৱসায়ী এতিয়া এক বিৰাট সমস্যাৰ কাৰণ। পথ, পদপথৰ য'তে-ত'তে বেদখল কৰি আৰম্ভ কৰা ব্যৱসায়ে সৃষ্টি কৰিছে যান-জঁট, সৃষ্টি কৰিছে আৱৰ্জনাৰ আৰু সৌন্দর্য নাশ কৰিছে নগৰ একোখনৰ। পদপথৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আইনে কি কৈছে আৰু সেয়া কেনে ধৰণেৰে ৰূপায়ণ হৈছে, সেই দিশবোৰ চাবলৈ প্ৰায়ে অনিচ্ছুক পৌৰ প্রশাসনসমূহ। 'ন' ভেণ্ডিং জ'ন' ঘোষণা কৰা অঞ্চলতো যেতিয়া পদপথৰ ব্যৱসায়ীৰ দপদপনি চলে তেতিয়া স্পষ্ট হয় যে আইন ধোঁৱা চাঙত উঠিল। আনকি আমাৰ ৰাজ্যতো বৰমূৰীয়া ৰাজনৈতিক নেতাসকলে পদপথৰ ব্যৱসায়ীয়ে সৃষ্টি কৰা সমস্যা সম্পর্কত সততে নীৰৱ। নির্বাচনত ভোট হেৰুওৱাৰ ভয়ত সংখ্যাত বৃহৎ এই পদপথৰ ব্যৱসায়ীসকলক 'জোকাই' ল'বলৈ কোনেও যেন সাহ নকৰে। আৰু ইয়াৰ পৰিণাম ভুগিছে সাধাৰণ জনতাই- যি বেংকৰ ঋণ লৈ বাহন কিনে, বাহনৰ নামত পথ কৰ দিয়ে, আনকি বাহনখন পথত ৰখাৰ নামত পার্কিং মাচুলো দিয়ে পৌৰ কর্তৃপক্ষক-কিন্তু তাৰ পাছতো অবৈধভাৱে বহা পদপথৰ ব্যৱসায়ীৰ বাবেই বাহনখন থ'বলৈ ঠাই বিচাৰি নাপায়। বাহনটো দূৰৰে কথা, অনেক সময়ত স্বাচ্ছ্যন্দে খোজো কাঢ়িব নোৱাৰে কৰদাতা জনতাই পদপথৰ ব্যৱসায়ীৰ অত্যাচাৰত। পদপথৰ ব্যৱসায়ীৰ কথাটো মানৱীয় দৃষ্টিৰে চাওঁতে আমি কৰদাতা নাগৰিকৰ এই অসুবিধা, অসন্তুষ্টি তথা অধিকাৰ ভংগ হোৱাৰ দিশটোও মনত ৰাখিব লাগিব- এয়াও উলাই কৰিবলগীয়া কথা নহয়।
এনে প্রেক্ষাপটত কিছু সকাহৰ আশা হৈ আহিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়। ন্যায়াধীশ জে বি পটিৱালাৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এক গোচৰৰ ৰায় দি কয় যে সংবিধানত ২১ নম্বৰ অনুচ্ছেদৰ অধীনত পদযাত্ৰীৰ বাবে পদপথৰ অধিকাৰ সংৰক্ষিত হৈ আছে। পদপথ কেৱল পদযাত্ৰীৰ বাবেহে বুলি স্পষ্ট কৰি দিয়া ৰায়ত ন্যায়ালয়ে পদযাত্রীৰ বাবে পদপথ সুৰক্ষিত কৰিবলৈ কেন্দ্রীয় চৰকাৰক নীতি-নির্দেশনা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। পদযাত্ৰীৰ সুৰক্ষাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে। আদালতে লগতে কয় যে পদপথৰ বেদখল আঁতৰোৱা উচিত।
স্বাভাৱিকতেই উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত চৰকাৰ আৰু পৌৰ প্ৰশাসনৰ ভূমিকাত চকু ৰাখিব লগীয়া হ'ব। তেওঁলোকৰ বাবেও এয়া এক সুযোগ নিজৰ নিজৰ চহৰখন পৰিষ্কাৰ, শৃংখলাবদ্ধ কৰাৰ। একে সময়তে এক সুনির্দিষ্ট পৰিকল্পনা আৰু আইনৰ নীতি-নির্দেশনাৰে পদপথৰ ব্যৱসায়ীসকলক পুনৰ সংস্থাপিত কৰা তথা তেওঁলোককো ব্যৱসায় কৰাৰ এক উপযুক্ত স্থানো দিব পাৰিব লাগিব। পূর্বেই উল্লেখ কৰি অহা হৈছে পদপথৰ ব্যৱসায়ীসকলে এই ব্যৱসায়েৰে যিদৰে নিজৰ পৰিয়াল পোহপাল দিয়ে, সেইদৰে বৃহৎসংখ্যক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালো নিৰ্ভৰশীল এইখন বজাৰৰ ওপৰতেই। সেয়ে বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগিব- কিন্তু সবাতোকৈ গুৰুত্ব দিব লাগিব আইনক। আইনত উল্লেখ থকাৰ ধৰণেৰে বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিলেই হয়তো পদপথৰ ব্যৱসায়ীসকলো সন্তুষ্ট হ'ব, ৰাইজো সন্তুষ্ট হ'ব, চহৰো সুন্দৰ হ'ব।