ডিজিটেল ডেস্কঃ হঠাৎ বৃদ্ধি পোৱা গ্রীষ্ম প্রৱাহে এইকেইদিন ৰাজ্যৰ জনগণৰ স্বাভাৱিক জীৱন-যাত্রাকে ব্যাহত কৰি পেলাইছে। মঙলবাৰে অৰ্থাৎ ১০ জুনত উষ্ণতা চলিত বৰ্ষটোৰ ভিতৰত এতিয়ালৈকে সর্বাধিক ৩৭ ডিগ্রী চেলছিয়াছ হৈছে, য'ত সাধাৰণ জনগণ ছটফটাই থাকিবলগীয়া হৈছে। যাৰ বাবে চৰকাৰে বিদ্যালয়সমূহৰ সময়সূচী সলনি কৰাৰ নিৰ্দেশ দিছে।
সেই অনুসৰি পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈ বিদ্যালয়ৰ শ্রেণীসমূহ বহিছে। যোৱা বছৰ এই ১০ জুনত উষ্ণতা আছিল ৩৫ ডিগ্রী। আনহাতে, বুধবাৰে অৰ্থাৎ ১০ জুনৰ দুপৰীয়া পর্যন্ত উষ্ণতা ৩৬ ডিগ্রী হৈছে, যিটো যোৱা বছৰ আছিল মাত্র ৩১ ডিগ্রী চেলছিয়াছ। অৱশ্যে জুন মাহত গ্রীষ্ম প্ৰৱাহ বৃদ্ধি পোৱাটো তেনেই অস্বাভাৱিক নহয়। কিয়নো অসমত গৰমৰ ছিজন ইংৰাজী জুন মাহৰ পৰাই আৰম্ভ হয়। অর্থাৎ জুন, জুলাই আৰু আগষ্ট- এই তিনি মাহক সামৰিয়েই গ্রীষ্ম কালৰ কথা কোৱা হৈছে।
গ্রেগৰিয়ান কেলেণ্ডাৰৰ সৈতে মিলাই তিনি মহীয়া হিচাপত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিলেও গ্রীষ্ম ঋতুৰ ভিতৰত এই তিনি মাহেই পৰে। ভাৰতকে ধৰি ক্ৰান্তীয় অঞ্চলৰ বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ছটা ঋতুত ভাগ কৰা হেতু এপ্ৰিলৰ মাজভাগৰ পৰা জুনৰ মাজভাগলৈকে দুমাহৰ সময়ছোৱাকহে গ্রীষ্ম ঋতু বা গ্রীষ্ম কাল হিচাপে ধৰা হয়। ইয়াৰ পৰৱৰ্তী জুনৰ মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈকে সময়ছোৱাত গৰমৰ প্রকোপ অধিক হ'লেও ইয়াক গ্রীষ্ম কালত অন্তর্ভুক্ত কৰা নহয়। কিয়নো এই সময়ছোৱাত গৰমৰ সমানে বৰষুণৰ পৰিমাণো অধিক হয়। সেয়ে ইয়াক বর্ষা ঋতু বুলি কোৱা হয়। আগৰ বুঢ়া মেথাই কোৱা মতে, আগতে জেঠ আৰু আহাৰ মাহত সূৰ্যৰ উত্তাপ বৃদ্ধি পায়। সেইদৰে জলবায়ুত আৰ্দ্ৰতাৰ পৰিমাণো বাঢ়ে। গৰমৰ প্রকোপত গছৰ আম-কঁঠাল-লিচু-জামু আদি ফল-মূল পকিবলৈ ধৰে। সেয়ে এই সময়ছোৱাক গ্রীষ্ম কাল বুলি কোৱা হয়। কিন্তু এতিয়া যেন এই সময়বোৰৰ ব্যাপক তাৰতম্য ঘটিবলৈ লৈছে। জেঠ, আহাৰৰ গৰমৰ প্রকোপ শাওণ-ভাদ মাহতহে অনুভূত হৈছে।
গছ বিৰিখৰ ফল-ফুল লগা-পকাৰ সময়ৰো কোনো বাচ-বিচাৰ নোহোৱা হৈছে। সেয়ে এতিয়া ইংৰাজী জুন-জুলাই-আগষ্ট মাহটো আমাৰ অসমতো গ্রীষ্ম কালেই হৈ পৰিছে। অৱশ্যে লিখিত সংজ্ঞা হিচাপে এয়া স্বীকৃত হয় নে নহয় সেয়া পৃথক বিষয়। কিন্তু বর্ষা কাল বুলি ক'লে সকলোৰে মনত যিদৰে ভাঁহি আহে প্রলয়ংকৰী বান, ভূমিস্খলন, বৰষুণ-বোকা-পানীৰে উপচি পৰা এক কদর্যময় ছবি; ঠিক সেইদৰে গ্ৰীষ্ম কাল বুলিলেও ভাঁহি আহে উৎকট গৰমত ছাটি-ফুটি কৰি ফুৰা এক অস্থিৰ পৰিস্থিতিৰ ছবি। নগৰাঞ্চলৰ ৰাইজে কৃত্রিমভাৱে শীতাতপ যন্ত্ৰৰ বলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি কিছু স্বস্তি লয় যদিও সৰ্বসাধাৰণ গ্রাম্য জনসাধাৰণৰ এনে সুখ লোৱাৰ সৌভাগ্য নহয়। তেওঁলোকে গছৰ তলত, বাঁহৰ তলত আশ্রয় লয়, কাৰেণ্টবিহীন অৱস্থাত বিছনীৰ বা লৈ সহ্যাতীত গৰমৰ পৰা পৰিত্ৰাণ লাভৰ চেষ্টা কৰে। আন কথাত গ্রীষ্মৰ এই দিনকেইটাই সৰ্বসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই মাৰে।
সি যি নহওক, সমস্যাটো গৰমক লৈ নহয়। সমস্যাটো হৈছে বছৰি বৃদ্ধি পাই অহা গৰমৰ ক্রমবর্ধমান ৰূপটোহে। ২০২২ বৰ্ষৰ পৰা চলিত বর্ষলৈ বিশ্ব বেংকে চলোৱা সমীক্ষাৰ কেইবাখনো প্রতিবেদনৰ দ্বাৰা এনে কথাকে উনুকিয়াইছে। বিশেষভাৱে আমাৰ দেশক লৈ বিশ্ব বেংকে কৰা আশংকা এতিয়া পদে পদে সত্য প্রমাণিত হৈ আহিছে। বিশ্ব বেংকে কৈছে যে ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ হ'ব প্রথমখন দেশ। আগন্তুক দিনত ভাৰতবৰ্ষত গৰমৰ মাত্ৰা সৰ্বকালৰ সৰ্বাধিক হ'ব। অর্থাৎ দেশত গ্রীষ্ম প্রৱাহ অস্বাভাৱিক মাত্রাত বৃদ্ধি পাব, যাৰ বাবে গ্রীষ্ম কালটো ইয়াৰ জীৱকুলৰ বাবে সহ্যাতীত হৈ উঠিব। যোৱা কেইবাটাও বৰ্ষৰ পৰা সময়তকৈ আগতেই ভাৰতত গ্রীষ্ম প্রৱাহ আৰম্ভ হৈছে। যোৱা বছৰ ৰাজস্থানৰ সৰ্বাধিক তাপমান আছিল ৪৫ ডিগ্রী। আনহাতে, নতুন দিল্লীত বৃদ্ধি পাইছিল সর্বাধিক ৪৬ ডিগ্রী চেলছিয়াছলৈ।
ইউনিচেফেও অনুৰূপ আশংকাকে ব্যক্ত কৰিছে। বছৰচেৰেক পূৰ্বে প্রকাশ পোৱা এক প্রতিবেদনত ইউনিচেফে কৈছে যে উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তনত চুবুৰীয়া নেপাল, শ্রীলংকা, ভূটান নিৰাপদ দূৰৈত, কিন্তু ভাৰত আটাইতকৈ প্রত্যাহ্বানৰ সন্মুখত। ৰাষ্ট্ৰসংঘৰ বিশ্ব বতৰ বিজ্ঞান সংগঠনৰ (ডব্লিউ এম অ') জ্যেষ্ঠ উপদেষ্টা তথা গৱেষক জন নাইনেই আকৌ গোটেই বছৰজোৰা গ্ৰীষ্ম প্রৱাহ হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে। তেওঁ কয় যে বিশ্বত গ্রীষ্ম প্রৱাহ ক্রমে দীঘলীয়া হ'বলৈ ধৰিছে আৰু ই প্রবল আৰু দীর্ঘস্থায়ীও হৈছে।
বিশেষকৈ ইউৰোপ, গ্ৰীচ, স্পেইন, কানাডা, হাৱাই, দক্ষিণ আমেৰিকা আদিত ভয়াৱহ ৰূপত উষ্ণতা বৃদ্ধি পাইছে। ই ভাৰতবৰ্ষলৈও বৃহৎ প্রত্যাহ্বান আনিছে। এতিয়া কথা হ'ল এই গোটেই আশংকা আৰু দুৰ্ভাৱনাৰ মূলতে হ'ল- প্ৰকৃতিৰ ভাৰসাম্যহীনতা। অর্থাৎ ব্যাপক বনাঞ্চল ধ্বংস, উদ্যোগীকৰণৰ দ্রুত বিকাশে সংঘটিত কৰা জলবায়ুৰ সংকট। এই কথা ঠিক যে বনাঞ্চলসমূহেই জীৱ জীয়াই থাকিব পৰাকৈ পৃথিৱীখনক অনুকূল কৰি ৰাখিছে। অথচ ১৯৯০ চনৰ পৰা ২০০০ চনৰ ভিতৰত কেৱল এছিয়া মহাদেশতে বছৰি ৭৯২ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস কৰা হৈছে। এই সময়ছোৱাত আফ্রিকা আৰু দক্ষিণ আমেৰিকাত আকৌ বছৰি ক্ৰমে ৪,৩৫৭ আৰু ৩,৮০২ হেক্টৰ বনভূমি ধ্বংস হৈছে।
আনহাতে, ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত বছৰি পৃথিৱীৰ ৫,২১৬ হাজাৰ হেক্টৰ বনভূমি ধ্বংস হৈছে। আমাৰ ভাৰতবৰ্ষৰ অৰুণাচল প্রদেশত 'ইটালিন' আৰু 'দিবাং' দুটা বৃহৎ জলবিদ্যুৎ প্রকল্পৰ বাবে নির্বিবাদে ৬২২২.১৬ হেক্টৰ বনভূমিৰ ধ্বংসকার্য চলাই থকা হৈছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ফ'ৰলেন নিৰ্মাণৰ নামত ব্যাপক বন ধ্বংস চৰকাৰীভাৱেই কৰা হৈছে। ২০০১ৰ পৰা ২০২০ চনলৈকে অসমত দুখন দিল্লীৰ সমান ভূমিৰ বন ধ্বংস হৈছে। আনকি গুৱাহাটী মহানগৰীতে যোৱা ২০ বছৰত ১.০২ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস কৰা হৈছে। এয়া মাত্র কেইটামান উদাহৰণহে। এনেবোৰ কাৰ্যই যে শ্ল' পইজনৰ ভূমিকা পালন কৰি আছে তাৰ চাক্ষুস প্রমাণ পাবলৈ মানুহক আৰু বেছিদিন নেলাগিব।