ডিজিটেল ডেস্ক : কুৰি শতিকাৰ এজন অন্যতম শ্রেষ্ঠ অসমীয়াৰ আজি মৃত্যু দিন। ওৰেটো জীৱন যিগৰাকী ব্যক্তিয়ে কেৱল সুন্দৰৰ সাধনা কৰিছিল তেনে এগৰাকী ক্ষণজন্মা ব্যক্তি সন্দর্ভত হেমাংগ বিশ্বাসে কৈছিল- 'ব্যক্তি জীৱনৰ সততা, সাহস, সত্যনিষ্ঠা আৰু সংগ্রামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সু-সংগতি এই যুগৰ সংস্কৃতি জগতত দুর্লভ'। কথাশিল্পী হোমেন বৰগোহাঞিয়ে তেওঁক অসমৰ সৰ্বকালৰ সৰ্বশ্রেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন বুলি অভিহিত কৰিছিল। মাত্র এক চমু জীৱনকালতেই অসমীয়া জাতিক আলোকৰ নতুন বাট দেখুৱাই যোৱা এইগৰাকী প্রাতঃস্মৰণীয় ব্যক্তিৰ নাম অবিহনে শিল্প-সাহিত্য, কলা-সংস্কৃতি প্রতিটো ক্ষেত্রই যেন আধৰুৱা। বহু প্রতিভাৰে উদ্ভাসিত এইগৰাকী শিল্পীয়েই হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। মাত্র ১৪ বছৰ বয়সতে শোণিতকুঁৱৰী নাটকখন ৰচনা কৰি বিৰল প্ৰতিভাৰ পৰিচয় দিয়াই নহয়, আজিৰ পৰা ৯০ বছৰ পূৰ্বে 'জয়মতী' নির্মাণেৰে অসমীয়া চলচ্চিত্ৰৰ বাট মুকলি কৰিছিল এইগৰাকী মহান বিপ্লবী শিল্পীয়ে। কি ক্ষেত্ৰত তেওঁ কাম কৰা নাছিল? প্রথমগৰাকী অসমীয়া চলচ্চিত্র নির্মাতা, গীতিকাৰ, নাট্যকাৰ, কবি, নাট্যকাৰ, শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। 'জয়মতী' নির্মাণেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত কৰাই নহয়, সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈও সক্ষম হৈছিল।
১৯৩৫ চনৰ ১০ মার্চ-এই দিনটোতেই বিশ্বৰ চলচ্চিত্র মানচিত্রত সংযোজিত হোৱা নতুন নাম 'জয়মতী' প্রথমখন ভাৰতীয় সবাক ছবি মুক্তিৰ মাত্ৰ চাৰি বছৰ পাছতেই চিত্রগৃহলৈ আহিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৰঘৰ জাতিষ্কাৰ কৰি চিত্ৰগৃহলৈ আহিছিল জ্যোতিৰ সপোনৰ 'জয়মতী'। ইয়াৰ লগে লগে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত সূচনা হয় এক নতুন যুগৰ। এই ছবিখন মুক্তিলাভৰ সময়ত জ্যোতিপ্ৰসাদৰ বয়স আছিল মাত্র ৩১ বছৰ ৮ মাহ। ভাবিলে আচৰিত লগা কথা নহয়নে? অসমৰ দৰে এখন কাৰিকৰী দিশত অতি পিছপৰা ৰাজ্যতো জ্যোতিপ্রসাদে 'জয়মতী' নিৰ্মাণৰ সপোন দেখিছিল আৰু সেয়া বাস্তবায়িত কৰিছিল। ছবিখন নিৰ্মাণৰ সিদ্ধান্ত আছিল দুঃসাহসিক। কোনোধৰণৰ সুবিধা নথকা অসমৰ দৰে এখন ৰাজ্যত কেৱল জার্মানিত আহৰণ কৰা চলচ্চিত্র সম্বন্ধীয় জ্ঞানকে মূলধন হিচাপে লৈ 'জয়মতী' নির্মাণৰ বাবে আগবাঢ়িছিল জ্যোতিপ্রসাদ আগৰৱালা। কলকাতাৰ ষ্টুডিঅ' লৈ নগৈ আগৰৱালাদেৱে অসমতে নিজ প্রচেষ্টাত ষ্টুডিঅ' নিৰ্মাণৰ কাম আৰম্ভৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি গহপুৰৰ ডফলা পাহাৰৰ নামনিত ভোলাগুৰি চাহ বাগিচাত চিত্রবন ষ্টুডিঅ' নিৰ্মাণৰ কাম আৰম্ভ কৰে। বাঁহ, বেত আৰু ইকৰাৰে নিৰ্মিত ষ্টুডিঅ'ত গোবৰ-মাটি মিহলাই ফ্ল'ৰ নিৰ্মাণ কৰা হৈছিল। বৰপেৰা, ঠগা, জপা, শৰাই আদি ব্যৱহাৰ কৰা হৈছিল ছেটিংছৰ বাবে। আহোম স্বৰ্গদেউসকলৰ সাজ-পাৰ, ঢাল-তৰোৱাল, সত্ৰৰ বৃহত আকাৰৰ শৰাই আদি নানা সামগ্ৰী ব্যৱহাৰেৰে সাজি উলিওৱা হৈছিল ষ্টুডিঅ'ৰ ছেট। জ্যোতিৰ চিত্ৰবন ষ্টুডিঅ'ত ১৯৩৩ চনৰ এপ্রিল মাহৰ পৰা 'জয়মতী'ৰ দৃশ্যগ্রহণ আৰম্ভ কৰি বহু বাধা, ঘাত-প্রতিঘাত নেওচি ইয়াৰ অন্ত পেলাইছিল পাছৰ বছৰৰ আগষ্ট মাহত। ইয়াৰ বাবে তেওঁ কলকাতাৰ কোনো ষ্টুডিঅ'লৈ যোৱাৰ সিদ্ধান্ত নলৈ অসমতে ফিল্ম ষ্টুডিঅ' গঢ়াৰ দুঃসাহস কৰিছিল। আৰু এই চেষ্টাত তেওঁ সফলকাম হোৱাৰ লগতে ইয়ে সৃষ্টি কৰিছিল নৱ উন্মেষৰ। পৰৱৰ্তী সময়ত ১৯৩৯ চনত দ্বিতীয়খন কথাছবি 'ইন্দ্রমালতী' নির্মাণ কৰে। জয়মতীৰ পৰা হোৱা ব্যাৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেওঁ এই ছবিখন নির্মাণ কৰিছিল।
এইগৰাকী সুন্দৰৰ পূজাৰীয়ে আকৌ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল মৃত্যু বাহিনীৰ অধিনায়ক হৈ। কেইবামাহৰ বাবে কাৰাবাস খাটিছিল। অসম মাতৃৰ প্ৰতি থকা ভালপোৱাৰ বাবে সুবিধাবাদীৰ দলক সকীয়াইছিল এইদৰে-সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল...। জ্যোতিৰ বিপ্লৱী মনৰ গভীৰতাৰ উমান তেওঁৰ প্রতিটো সৃষ্টিৰাজিতেই প্রতিফলিত হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত অসমীয়া ডেকা-গাভৰুক জঁপিয়াই পৰিবলৈ, বিপ্লৱৰ বাবে সাজু হ'বলৈ আহ্বান জনাই তেওঁ নাটক লিখিছিল, গীত-মাত সৃষ্টি কৰিছিল। তেওঁৰ কাপেৰে নিগৰিছিল-বিশ্ববিজয়ী নব জোৱান, বিশ্ববিজয়ী নব জোৱান, শক্তিশালী ভাৰতৰ, ওলাই আহাঁ, ওলাই আহাঁ, সন্তান তুমি বিপ্লৱৰ। এইগৰাকী 'আজীৱন ৰূপতীৰ্থৰ যাত্রী'ৰ মৃত্যুদিনটো প্রতিবছৰে 'শিল্পী দিবস' উদযাপন কৰা হৈ আহিছে। কিন্তু এই দিৱসৰ সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া আজিৰ প্ৰজন্মই জ্যোতিয়ে দেখুৱাই যোৱা বাটত সঠিক দিশেৰে বুলি ৰাজ্যখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব। অসম আৰু অসমীয়া জাতিৰ সংকটৰ সময়ত আমাক এনে একোগৰাকী ৰূপকোঁৱৰৰ অতিকে প্রয়োজন, যিয়ে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে সংকটৰ সময়তো সৃষ্টিৰ আলোকেবে আলোকিত কৰিব আমাৰ চৌদিশ।