সম্পত্তিৰ চমক

dainik janambhumi May 02, 2025

ডিজিটেল ডেস্কঃ কিছুদিন পূর্বে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে দিছপুৰ প্ৰেছ ক্লাবৰ এটা অনুষ্ঠানত কৈছিল- 'সাংবাদিকসকলে চৰকাৰক সমালোচনা কৰে। কৰিব লাগে। যুক্তিসংগত কথাত সমালোচনা কৰাত আপত্তি কৰিবলগীয়া নাই। কিন্তু ভাল কামৰ বিষয়েও লিখা উচিত। কার্বি আংলঙত এতিয়া যেনেধৰণৰ উন্নতি হৈছে আগতে কেতিয়াও হোৱা নাছিল। এইবিলাক ভাল কাম। এই ভাল কামবোৰৰ কথাও সাংবাদিকসকলে লিখা উচিত।' উপাধ্যক্ষগৰাকীৰ কথাখিনিৰ যুক্তিযুক্ততা আছে। কিন্তু আচলতে কিমান উন্নতি হৈছে আৰু উন্নয়নৰ বাবে আবণ্টিত ধনৰ কিমান অংশ আত্মসাৎ হৈছে সেই বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কার্বি আংলঙত হোৱা 'উন্নতি'ৰ বিষয়ে নিলিখাটো যিমান অপৰাধ, তাতকৈ বেছি অপৰাধ দুখীয়াৰ বাবে আবণ্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাটো। বৰ্তমানৰ শাসকসকলে কার্বি আংলঙৰ উন্নয়নৰ ধন আত্মসাৎ কৰিছে নে নাই সেইটো প্রমাণ কৰাৰ অৰ্হতা আৰু সামর্থ্য সাধাৰণ মানুহৰ নাই, কিন্তু আলাদিনৰ চাকি পোৱাৰ দৰে নিশাটোতে পর্বতপ্রমাণ সম্পত্তিৰ গৰাকী হোৱা ৰাজনৈতিক নেতা একাংশৰ প্রাচুর্যৰ ৰূপ দেখিয়েই অনুমান কৰিব পাৰি কি হাৰত এওঁলোকে উন্নয়নৰ ধন আত্মসাৎ কৰিব পাৰে।

সম্প্রতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিক লৈ ব্যাপক চর্চা হৈছে। চৰ্চাৰ উৎস হৈছে ডিফু নগৰৰ ৰংথিয়াঙত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে নিৰ্মাণ কৰি থকা এটা প্রাসাদোপম অট্টালিকা। লক্ষণীয় কথাটো হ'ল যে এই অট্টালিকাটোৰ নিৰ্মাণৰ তথা ব্যয়ৰ চকু কপালত উঠিবলগীয়া হিচাপটো কোনো 'চকু চৰহা সাংবাদিকে' দিয়া নাই; দিছে অট্টালিকাটোৰ নিৰ্মাণত জড়িত খোদ ইন্টেৰিঅ'ৰ ডিজাইনাৰগৰাকীয়ে, যিজনৰ ইতিমধ্যে দেশৰ বহুত ব্যয়বহুল প্রকল্পত কাম কৰাৰ অভিজ্ঞতা আছে। মুম্বাইৰ এই ডিজাইনাৰগৰাকীয়ে এটা ভিডিঅ' সামাজিক মাধ্যমত 'প'ষ্ট' কৰিছে আৰু তাতেই উল্লেখ আছে ২০০ কোটিটকীয়া অট্টালিকাৰ চমকপ্রদ নির্মাণ-পৰ্বৰ কথা। ডিজাইনাৰগৰাকীয়ে কৈছে যে তেওঁ কৰা প্ৰকল্পসমূহৰ ভিতৰত এইটোৱেই সর্ববৃহৎ। এইটো যদি কাৰ্বি আংলঙৰ আৰ্থ-সামাজিক অৱস্থাক উপকৃত কৰিব পৰা প্ৰকল্প হ'লহেঁতেন (তেতিয়াহ'লে মানুহে ধন্য ধন্য বুলি প্রশস্তি গালেহেঁতেন। কিন্তু এইটো এজন ৰাজনৈতিক নেতাৰ প্ৰাচুৰ্য আৰু ক্ষমতাৰ উচ্চতাক প্রদর্শন কৰিবলৈ নির্মাণ কৰা এটা সৌধ। তাক লৈ প্রশ্ন অৱধাৰিতভাৱে উত্থাপন হ'ব। প্রশ্ন হ'বই- এই অকল্পনীয় প্রাচুর্য কেনেকৈ সম্ভৱ হৈছে, ধনৰ উৎস কি? এই সন্দর্ভত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে কিছুমান প্রাসংগিক অভিযোগ উত্থাপন কৰিছে। কাৰ্বি আংলঙৰ কংগ্ৰেছ নেতাই বুধবাৰে (৩০ এপ্রিল) এখন সংবাদমেলত আলোকচিত্র প্রদর্শন কৰি কৈছে যে জিলাখনৰ মাঞ্জাৰ ওচৰৰ ডিছামাৰ হিদিম টেৰনত আছে তুলিৰাম ৰংহাঙৰ বিশাল ৰবৰ বাগান আৰু অট্টালিকা। ডিছামাৰ সেই ফার্ম আৰু অট্টালিকা দেখিলে হেনো ডিফুৰ দুশ কোটিটকীয়া অট্টালিকাটোও তেনেই সৰু যেনহে লাগিব। কংগ্রেছে এইবুলিও অভিযোগ কৰিছে যে কাৰ্বি আংলঙৰ উগ্রপন্থী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ পেকেজ হিচাপে স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে আবণ্টিত ৫০০ কোটি টকাৰ অধিকাংশই আত্মসাৎ কৰি তুলিৰাম ৰংহাঙে এই প্রাসাদোপম অট্টালিকা, বাগান, ফার্ম হাউছ নিৰ্মাণ কৰিছে। বিৰোধী ৰাজনৈতিক দলৰ অভিযোগত কোনো কোনো সময়ত ৰহণ সনা থাকিলেও

এই অভিযোগ উলাই কৰিব পৰা অৱস্থাত নাই। তুলিৰাম ৰংহাঙে এই বিপুল সম্পদৰাজিৰ ধনৰ উৎস দি তাক ৰাজহুৱাকৈ ব্যক্ত কৰিবনে? এছ'চিয়েশ্যন ফৰ ডেমক্রেটিক ৰিফৰ্মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে জনপ্রতিনিধিৰ ধন-সম্পত্তিৰ হিচাপবোৰ মাজে মাজে প্রকাশ কৰি থাকে। এই তালিকা জনপ্রতিনিধিয়ে নির্বাচনৰ প্ৰয়োজনত দাখিল কৰা তথ্য-আধাৰিত। অর্থাৎ, এইখিনি সংশ্লিষ্ট জনপ্রতিনিধিয়ে দেখুৱাব পৰা তথ্য। এই হিচাপ দেখিলেই বহু সময়ত জনসাধাৰণ স্তম্ভিত হৈ পৰে। বিধায়ক-সাংসদৰ দৰমহাৰে ইমান আয় সম্ভৱনে? তুলিৰাম ৰংহাংহঁতৰ দৰে এচাম ৰাজনীতিকৰ ধন-সম্পত্তি ইয়াৰ তুলনাত যে বহু গুণ বেছি সেই কথা এতিয়া চর্চা হোৱা বিষয়বোৰ তথা বিভিন্নজনৰ মুখ বাগৰি অহা খবৰবোৰেই গম দিয়ে। এইবোৰ উন্নয়নৰ বাবে আবণ্টিত ৰাজকোষৰ ধনৰ বাদে আন কি হ'ব পাৰে? চৰকাৰী ধন আত্মসাতৰ পৰম্পৰা স্বৰাজোত্তৰ দেশৰ ৰাজনীতি-শাসননীতিৰ এটা অভিন্ন অংশ। এই পৰম্পৰা সৃষ্টিৰ বাবে কংগ্ৰেছেই মূলতঃ জগৰীয়া বুলি জনসাধাৰণে বিশ্বাস কৰে। কিন্তু শ্যামাপ্রসাদ মুখার্জী, দীনদয়াল উপাধ্যায়ে গঢ়া, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিৰ দৰে কিছুসংখ্যক দেশপ্রাণ নেতাই বিস্তৃতি দিয়া, নৰেন্দ্ৰ মোদীৰ দৰে নেতাই বিপুল জনপ্রিয়তা অনা দলটোত থাকি, ৰাজনৈতিক-প্রশাসনিক দায়িত্ব লৈ কোনো নেতাই সম্পত্তিৰ পাহাৰ নিৰ্মাণ কৰিব পাৰে, তেনে নেতাৰ সম্পত্তিৰ উৎস পৰীক্ষা কৰাটো ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ নৈতিক দায়িত্ব। যদি ভুল, উদ্দেশ্যপ্রণোদিত চর্চা হৈছে সেইটোও ৰাজ্যিক বিজেপিয়ে স্পষ্ট কৰি দিয়া উচিত। অন্যথা বিজেপিৰ সততা-নীতিনিষ্ঠতাৰ ভাবমূর্তি কলুষিত হ'ব।

Share This