'মডেল কলেজ'ৰ শিক্ষক

dainik janambhumi July 25, 2025

দৈনিক জনমভূমিঃ মডেল কলেজত সহকাৰী অধ্যাপক নিযুক্তিক লৈ শেহতীয়াকৈ ৰাজ্যখনত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰকাশ কৰা একাংশ মডেল কলেজৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতে আৰম্ভ হৈছে প্ৰতিবাদ। চৰকাৰে ঘোষণা কৰা মতে, ৫০ শতাংশ অভিজ্ঞ, অর্থাৎ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক আৰু ৫০ শতাংশ নতুন অর্হতাসম্পন্ন প্রার্থীক এই মডেল কলেজসমূহত নিযুক্তি প্রদান কৰিবলৈ লোৱা হৈছে। কেইদিনমান পূর্বে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগৰ এটা অনুষ্ঠানত কৈছে যে অভিজ্ঞতা আৰু নতুনৰ সমাহাৰ ঘটাই এই মডেল কলেজসমূহ আগবঢ়াই নিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে।

প্ৰসংগক্রমে উল্লেখ কৰা উচিত যে বিচিত্র জনগাঁথনি থকা বিশেষ বিশেষ অঞ্চল কিছুমানত ৰাজ্য চৰকাৰৰ পুঁজিৰে এই মডেল কলেজসমূহ স্থাপন কৰা হৈছে। বিজ্ঞান, মানৱীয় বিষয় (হিউমিনিজিম) আৰু বিজ্ঞানৰ বিভিন্ন বিষয়ৰ পাঠদানৰ লক্ষ্যৰে আৰম্ভ কৰা এই মডেল কলেজবিলাকৰ ৰাজ্যত বর্তমানে থকা মহাবিদ্যালয়সমূহৰ লগত কি মৌলিক পার্থক্য থাকিব সেই বিষয়টো বিশেষ চর্চালৈ অহা 'মডেল' শব্দটো সংযোজিত কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিৱেশ আৰু পাঠদানৰ ধৰণ-কৰণ অন্য মহাবিদ্যালয়সমূহতকৈ কিছু পৃথক হ'ব পাৰে বুলি ধাৰণা কৰিব পাৰি। বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত ১৮খন মডেল কলেজ স্থাপন কৰা হৈছে আৰু ২০২৫-২৬ বৰ্ষতে আৰু ১০খনৰ পাঠদান আৰম্ভ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কৰিছে। এটা কথা মানি ল'ব লাগিব যে ৰাজ্যত স্নাতক শিক্ষাৰ পৰিৱেশ এতিয়াও আশানুৰূপ হৈ উঠা নাই। বিশেষকৈ বিজ্ঞান আৰু বাণিজ্য বিষয়ৰ ক্ষেত্ৰত এটা পর্যায়লৈহে মানসম্পন্ন বুলি গণ্য কৰিব পৰা মহাবিদ্যালয়ৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা। আধুনিক বিশ্বৰ গতিৰ লগত তাল মিলাই বিজ্ঞান শিক্ষাৰ মানসম্পন্ন পৰীক্ষাগাৰ ৰাজ্যৰ বেছিভাগ মহাবিদ্যালয়তে নাই। তেনেস্থলত তেনে পৰ্যায়ৰ শিক্ষাৰ পৰিৱেশ ৰচনা কৰিব পৰা 'মডেল কলেজ' স্থাপন হ'লে ই ৰাজ্যৰ বাবে বিশেষ সম্পদ হৈ পৰাৰ সম্ভাৱনা থাকিব। ৰাজ্য চৰকাৰে তেনে স্তৰত মহাবিদ্যালয় গঢ়াৰ লক্ষ্যৰে এই মডেল কলেজসমূহ স্থাপন কৰিছে, নে ই বাকীবিলাকৰ সমপৰ্যায়ৰ হ'ব সেয়া সময়তহে প্রকাশ হ'ব। সেয়া যি কি নহওক নিযুক্তিৰ প্ৰসংগটোৱে এই 'মডেল কলেজ'বিলাকক এক অনাকাংক্ষিত বিতৰ্কৰ মাজলৈ আনি দিলে। ইয়াৰ ৫০ শতাংশ অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিবলৈ লোৱা সিদ্ধান্তটোৰ আটাইতকৈ বেছি প্রতিবাদ কৰিছে সদৌ অসম ছাত্র সন্থাই। দুই বাওঁপন্থী ছাত্র সংগঠন এছ এফ আই আৰু ডি বাই এফ আয়েও চৰকাৰৰ সিদ্ধান্তত প্রতিবাদ জনাইছে।

ইমানেই নহয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰিয়ালৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদো সৰৱ হৈছে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে। সকলোৰে বক্তব্য প্রায় একে ধৰণৰ। সংগঠনসমূহে কৈছে যে অৱসৰপ্ৰাপ্ত অধ্যাপকৰ নিযুক্তিৰ ফলত যিসকল শিক্ষার্থীয়ে স্নাতকোত্তৰ ডিগ্ৰী আহৰণৰ পাছতো 'নেট', 'শ্লেট'ত উত্তীৰ্ণ হৈ অধ্যাপনাৰ ক্ষেত্ৰবিলাকত নিযুক্তিৰ বাবে নিজক সাজু কৰি তুলিছে, তেনে হাজাৰ হাজাৰ নিবনুৱাৰ মূৰত মাধমাৰ পৰিব। ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ সপক্ষে যুক্তি দি কৈছে যে অভিজ্ঞ শিক্ষক নথকা বাবে ইতিমধ্যে আৰম্ভ হোৱা 'মডেল কলেজ 'বিলাকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্রহ সৃষ্টি হোৱা নাই। এনেকৈ থাকিলে 'মডেল কলেজ'সমূহ বন্ধ হৈ যাব। গতিকে অভিজ্ঞ অধ্যাপকক নিযুক্তি দিয়াৰ কথা চৰকাৰে বিৱেচনা কৰিছে। প্ৰতিবাদকাৰী পক্ষ আৰু চৰকাৰ- এই দুয়োেপক্ষৰে যুক্তি উলাই কৰিব পৰা নহয়।

অভিজ্ঞতাৰ গুৰুত্বক অস্বীকাৰ কৰিব পৰা নাযায়। অসমৰ বৰ্তমানৰ যিবিলাক মহাবিদ্যালয়ত ছাত্র-ছাত্রীয়ে শিক্ষা লৈ আছে তাৰে অধিকাংশই আৰম্ভ হৈছিল'। অৱসৰপ্ৰাপ্ত অধ্যাপকৰ সেৱাৰ জৰিয়তেহে। সেই অভিজ্ঞতাৰ পৰাই ক'ব পাৰি যে একেবাৰে নতুন সহকাৰী অধ্যাপকৰ জৰিয়তে 'মডেল কলেজ'বিলাক আৰম্ভ কৰিলে তাৰ ফল ভাল হ'ব নে বেয়া হ'ব তাক একে আষাৰে কৈ দিব পৰা নাযায়। এইক্ষেত্রত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে চৰকাৰলৈ আগবঢ়োৱা প্ৰস্তাৱকেইটা ৰাজ্য চৰকাৰে বিৱেচনা কৰি চাব পাৰে। তেখেতে কৈছে যে এই মডেল কলেজবিলাকত প্রতিটো বিভাগতে একোটা সহযোগী অধ্যাপক (এছ'চিয়েট প্রফেচাৰ) ৰ পদ সৃষ্টি কৰা হওক, যিটো পদৰ বাবে অন্য মহাবিদ্যালয়ত ৮/১০ বছৰ অধ্যাপনা কৰা প্ৰফেচাৰে আৱেদন জনাব পাৰিব। তেতিয়া নতুন 'মডেল কলেজ'ত প্রয়োজন হোৱা অভিজ্ঞতাৰ সমস্যাটো দূৰ হ'ব আৰু আনহাতে নিযুক্তি সহযোগী অধ্যাপকগৰাকীৰ বিপৰীতে অর্হতাসম্পন্ন নিবনুৱাৰ বাবে তেওঁ এৰি থৈ অহা মহাবিদ্যালয়খনত এটা পদ খালী হ'ব।

আনহাতে, 'মডেল কলেজ'ৰ প্ৰশাসনীয় কাম-কাজবোৰ চম্ভালিবৰ বাবে চৰকাৰে বিশ্ববিদ্যালয়সমূহৰ নিচিনাকৈ এই কলেজসমূহতো 'পঞ্জীয়ক'ৰ পদ এটা সৃষ্টি কৰি অভিজ্ঞতাসম্পন্ন অধ্যাপকক নিযুক্তি দিব পাৰে। তদুপৰি বিশ্ববিদ্যালয়সমূহত থকাৰ দৰে 'মডেল কলেজ'তো অভিজ্ঞ অধ্যাপকক 'অতিথি অধ্যাপক'ৰূপে ব্যৱহাৰ কৰিব পৰা যায়। তেতিয়াও 'মডেল কলেজ 'বিলাকলৈ ছাত্ৰ-ছাত্ৰীৰ আগ্রহ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। মুঠ কথা হ'ল, 'মডেল কলেজ 'বিলাক আমাৰ বিদ্যায়তনিক সম্পদ হ'ব লাগে। এইক্ষেত্ৰত চৰকাৰ আঁকোৰগোজ হৈ থকাৰ যুক্তি নাই। ইয়াক লৈ মুকলি আলোচনা হ'লে ৰাইজেই উপযুক্ত পৰামৰ্শ দি চৰকাৰক সহায় কৰি

Share This