ডিজিটেল ডেস্ক: অসমৰ সভ্যতা কৃষিজীৱী মানুহৰ সভ্যতা বুলি কোৱাই যুগুত। কৃষিজীৱী মানুহৰ সভ্যতা হোৱা হেতুকে অসমৰ লোক সংস্কৃতিত প্রকৃতি আৰু কৃষি অবিচ্ছেদ্য। প্রকৃতি আৰু কৃষি নিৰ্ভৰ, নিৰ্ভব, ঋতুভিত্তিক ঋতুভিত্তিক। উৎসৱ ৰূপে বিহু নিঃসন্দেহ প্রধান। অসমীয়া সমাজ গঠন তথা জাতি গঠন প্রক্রিয়াত থকা বিশাল প্ৰভাৱৰ বাবেই বিহু কেৱল কৃষিভিত্তিক বা ঋতুভিত্তিক উৎসবেই এতিয়া হৈ থকা নাই, কৃষিৰ লগত বিভিন্ন সামাজিক দিশ জড়িত হৈ বিহুৱে কেতিয়াবাই লাভ কৰিছে জাতীয় উৎসৱৰ মর্যাদা।
প্রসংগতে উল্লেখযোগ্য যে আন দুটা বিহুতকৈ প্রধানতঃ মাঘ বিহুত অগ্নি পূজাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মাঘ বিহুক একাংশই অর্ধ ধর্মীয় উৎসৱ ৰূপে বিবেচনা কৰিব খোজে যদিও অসমীয়া খিলঞ্জীয়া সমাজখনে কিন্তু তিনিওটা বিহুকে ধৰ্ম নিৰপেক্ষ কৰি ৰাখিবলৈ যত্ন কৰা দেখা যায়। এই প্রসংগত ১৮৫৫ চনতে ইংৰাজ গৱেষক ডেল্টনে মাঘ বিহু, বহাগ বিহুক অসমৰ দুটা জাতীয় উৎসব ৰূপে উল্লেখ কৰাৰ কথা বিশেষ প্রণিধানযোগ্য। ডেল্টনে লগতে কৈছিল, এই উৎসৱৰ আচাৰ-অনুষ্ঠানৰ সৈতে হিন্দু ধৰ্মৰ কোনো সম্পর্ক নাই। (The ob-servance connected with these festivals have nothing to do with Hindu religion and their origin is involved in same obsecurity.) ডেল্টনৰ এইকেইটা কথাই জাতীয় জীৱনত বিহু সম্পর্কত বহুত কথাই কৈ দিলে।
সময় পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন-যাপন পদ্ধতিৰ পৰিৱৰ্তন হৈছে। গোলকীয় গাঁৱৰ বাসিন্দা হৈছে অসম মুলুকৰ লোকো। অসমীয়া মানুহৰ জীৱিকাৰ উৎসও এতিয়া কেৱল কৃষি হৈ থকা নাই। মানুহ নগৰমুখী হৈছে, সেয়ে চহৰ-মহানগৰকেন্দ্রিক অর্থনীতিয়ে অসমীয়া মানুহকো চুইছে। ইয়াৰ অনিবার্য পৰিণতিৰূপে উছৱ-পার্বণ আয়োজন-উদযাপনৰো ধৰণ-কৰণ পৰিৱৰ্তন হৈছে। পৰিৱৰ্তিত জীৱিকা আৰু জীৱনশৈলীৰ পৰিপ্ৰেক্ষিতত সাম্প্রতিক কালত বিহু ঘাইকৈ অসমীয়া মানুহৰ স্বকীয় পৰিচয় আৰু স্বাভিমানৰ প্ৰতীক আৰু ঐতিহ্যময় পৰম্পৰা ৰূপে পালিত হ'বলৈ ধৰিছে। এনেদৰেই মূলতঃ কৃষিজীৱী সমাজৰ উৎসৱ হ'লেও এতিয়া কৃষিৰ সৈতে পোনপটীয়াকৈ জড়িত নোহোৱাসকলৰো আদৰৰ উৎসৱ হৈ উঠিছে বিহু। স্বাভাৱিকতেই বজাৰ-নিৰ্ভৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিছে জাতীয় উৎসৱতো। এনে ক্ষেত্ৰত দৰাচলতে প্ৰাসংগিক হৈ পৰিছে সাংস্কৃতিক অর্থবিজ্ঞানৰ বিষয়টো। কিন্তু আমাৰ সমাজত এতিয়াও সংস্কৃতি আৰু অর্থনীতি দুয়োটা দিশ একেলগে আলোচনা কৰিব পৰাধৰণৰ মুক্ত, বহল চিন্তাৰ পৰিৱেশ অজ্ঞাত কাৰণত সৃষ্টি হোৱা নাই যেন লাগে। ক'ৰবাত যেন এটা শংকা-সংস্কৃতিৰ লগত অৰ্থনীতিৰ সমান্তৰাল চিন্তাই জানোচা গ্রাস কৰে সংস্কৃতি! কিন্তু পৰিৱৰ্তিত সময়ৰ লগত হাতে হাত ধৰি কথাবোৰ আনধৰণেৰে ভাবিলে আৰু বিশ্লেষণ কৰিলে অর্থনীতিয়ে সংস্কৃতিক চহকী কৰাৰহে সম্ভাৱনা সৰহ।
মাঘৰ বিহুৰ কথাই যদি কোৱা যায়- নগৰীয়া জীৱনত অভ্যস্ত হৈ পৰা অসমীয়াৰ কথা বাদেই, গাঁৱৰো অনেক অসমীয়াৰ ঘৰত ইচ্ছা থাকিলেও পৰম্পৰাগত পদ্ধতিৰে বিহু আয়োজন কৰাৰ সাধ্য নাই। কিনা চাউলৰ ভাত খোৱা এঘৰত ঢেঁকী থাকিব বুলি আশা কৰাটো যিদৰে ভুল, সেইদৰে মহানগৰীয়া ফ্লেটত জীৱন কটোৱা কোনো অসমীয়াই হাবিৰ পৰা বাঁহ-খেৰ গোটাই মেজি, ভেলাঘৰ সাজিব বুলি আশা কৰাটো ভুল। এইবোৰ কৰিবলৈ ইচ্ছা থাকিলেও তেওঁলোকৰ উপায় নাই। এয়াই বাস্তৱ সত্য। এনেক্ষেত্রত অনিচ্ছা সত্ত্বেও তেওঁলোক কাষ চাপিব লগা হয় বজাৰৰ। লগে লগে আৰম্ভ হয় সাংস্কৃতিক অর্থনীতিৰ প্ৰসংগ। বিহু পালন কৰিবলৈ ইচ্ছা থকা, কিন্তু ঘৰুৱাভাৱে নিজে ইয়াৰ সাধন সংগ্ৰহ কৰিব নোৱৰা এচাম অসমীয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এচামে অসমত বিহুকেন্দ্রিক এখন বজাৰ আৰম্ভ কৰিছেই। এতিয়া থমা দৈ, বিবিধ জা-জলপান, পিঠা-পনা বজাৰত উভৈনদী। মাঘৰ বিহুৰ মেজিটোও এতিয়া কিনিবলৈ পায়। আনকি অনলাইনতো উপলব্ধ এইবোৰ সামগ্রী। এইবোৰ বিক্ৰী কৰি অসমৰ বহু পৰিয়াল যে বেছ সচ্ছলভাৱে চলিছে তাক দোহৰাৰ প্ৰয়োজন নাই। বৰঞ্চ এওঁলোকৰ লাভ-সমৃদ্ধি দেখি আন বহুতো আগবাঢ়ি আহিছে এই বিহুকেন্দ্রিক বজাৰত জড়িত হ'বলৈ। এইবোৰ কথাই বিহুকেন্দ্ৰিক বজাৰখনৰ সম্প্ৰসাৰণ, সম্ভাৱনা আৰু সমৃদ্ধিৰ কথা কয়। অনেকেই বিবেচনা কৰে যে বিহুৰ এই সম্পদসমূহ অর্থনৈতিক সম্পদৰূপে বিবেচনা কৰাৰ বাবে বিহুৰ স্বৰূপ বিকৃত হৈছে। কিন্তু সাংস্কৃতিক অধ্যয়নে আমাক শিকায় যে সংস্কৃতি এক গতিশীল প্রক্রিয়া। সেয়ে মূল কথা হ'ল শিপা আমি হেৰুৱাব নালাগিব, সংস্কৃতি আমি পাহৰিব নালাগিব। সেইবুলি সময়ৰ ৰথৰ চকৰিক আমি বান্ধি ৰাখিব খুজিলেও নহ'ব। আমি মাত্র লক্ষ্য ৰাখিব লাগিব, সুস্থ সমন্বয় আৰু আমাৰ সম্পদ-সামগ্ৰীসমূহৰ নিজস্বতা-স্বকীয়তাৰ বিষয়টোৰ প্রতি। বজাৰলৈ অহা পিঠা-পনা, জা-জলপানত আমাৰ পৰম্পৰা, ৰীতি-নীতি এশ শতাংশই বাহাল থাকিব লাগিব। কলিকতীয়া দৈ, বিহাৰৰ চিৰা, মাদ্রাজৰ গামোচাক আমাৰ বিহুৰ বজাৰখনত সোমাবলৈ সুবিধা দিলেই বিহুৰ স্বকীয়তা নাথাকিব, বিহু সঁচা অৰ্থত বজৰুৱা হ'ব। এয়া আমাৰ কাৰো কাম্য নহয়।