ডিজিটেল ডেস্ক: গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ আৰু আধ্যাত্মিক বিপ্লৱ সূচনাৰ অভিকেন্দ্ৰ বৰদোৱাত সোমবাৰে মুকলি হোৱা 'বৰদোৱা সাংস্কৃতিক প্রকল্প' জাতীয় জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ এক যুগান্তকাৰী অধ্যায় বুলি নির্দ্বিধাই অভিহিত কৰিব পাৰি।
মূল বৰদোৱা থান বা সত্রখন বর্তি থাকিলেও গুৰুজনাৰ মহিমাৰে মণ্ডিত এই ঐতিহাসিক ক্ষেত্ৰখনৰ চৌদিশে সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতি কিছুমানে ইয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ এক বলিষ্ঠ পদক্ষেপৰ নিদৰ্শন হৈ আজি তাত জিলিকি উঠিছে 'বটদ্ৰৱা প্রকল্প'। এই 'বটদ্ৰৱা প্রকল্প' হৈছে সত্ৰখনলৈ ভাবুকি নমাই অনা এটা চক্ৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ দৃঢ় পদক্ষেপৰ ফল। ইতিমধ্যে বিভিন্ন মাধ্যমযোগে প্রকাশ পাইছেই যে এই প্রকল্পত উদ্ভাস ঘটোৱা হৈছে ৰাজ্যখনৰ আধ্যাত্মিক আৰু অনন্য সাংস্কৃতিক মহত্ত্বৰ ৰূপটোক।
২২৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্রকল্পই গুৰুজনাৰ জীৱন আৰু আদর্শ তথা অসমৰ কলা-সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ প্রতিফলিত কৰিব। 'বটবৃক্ষ' শব্দটোৰ বা ইয়াৰ আঁৰৰ ইতিহাস, ৰূপকথাৰ প্ৰতিফলন ঘটিব পৰাকৈ এজোপা বৃক্ষৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই প্রকল্প। ইয়াত গুৰু আসনখন কেন্দ্ৰস্থানত ৰাখি তাৰ পৰা অন্যান্য ভৱন তথা শাখা-প্রশাখাসমূহ সম্প্ৰসাৰিত কৰা হৈছে। ইয়াক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে অসমৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ লগতে মহাপুৰুষজনাৰ জীৱন পৰিক্ৰমাৰ ৰূপটোক। বিভিন্ন জাতীয় বাদ্যযন্ত্র, নৃত্য পৰিৱেশন শৈলী, জীৱনশৈলীৰ প্রতিকৃতিৰ ৰূপত নিৰ্মাণ কৰা ভৱনসমূহ এনেদৰে সজ্জিত কৰা হৈছে, য'ত দর্শনার্থীসকলে দেখা পাব ভগৱান শ্রীকৃষ্ণৰ দশাৱতাৰৰ প্ৰদৰ্শনী। লগতে তাত ৰখা হৈছে গুৰুজনাৰ সৃষ্টিৰাজি নাট-গীত-সংগীত পৰিৱেশন কৰিব পৰাকৈ নাটঘৰ, অন্যান্য পৰিৱেশ্য কলা প্ৰদৰ্শনৰ বাবে কলাকেন্দ্ৰ, মণিকাঞ্চন গৃহ আদি। যাত্রী নিৱাস, জনজাতীয় যাত্রী নিৱাস, জলপান গৃহ, আৱাসগৃহ, চিকিৎসা কেন্দ্ৰ, নিৰীক্ষণ স্তম্ভ, পদপথ, যান-বাহন ৰখা স্থানকে ধৰি বিভিন্ন সা-সুবিধা সংলগ্ন কৰি নিৰ্মাণ কৰা এই 'বৰদোৱা সাংস্কৃতিক প্রকল্প'ই যে বৰদোৱাৰ প্ৰতি দূৰৈৰ মানুহৰ আকর্ষণ অধিক বৃদ্ধি কৰিব সেই কথা এই স্থান ইতিমধ্যে দৰ্শন কৰা লোকসকলে ব্যক্ত কৰিছে।
গুৰুজনাৰ পদচিহ্নসমৃদ্ধ এই স্থানৰ মহত্ত্ব, ইয়াৰ ঐতিহাসিক গুৰুত্ব এনেয়েও থাকিলেহেঁতেন বা ভকত-বৈষ্ণৱসকলে ইয়াত ভক্তি-অর্চনা কৰিয়েই থাকিলেহেঁতেন, কিন্তু এই সাংস্কৃতিক প্রকল্পই বৰদোৱাৰূপী জাতীয় সোণটুকুৰাত সুৱগা চৰালে। কেৱল সেয়াই নহয়, ষোল্ল, সোতৰ শতিকাৰ সেই কালজয়ী ভক্তি আন্দোলনৰ কীৰ্তিচিহ্নৰ ৰূপত থকা কিছুমান ঐতিহাসিক সত্ৰৰ অস্তিত্বৰ প্ৰতি নামি অহা ভাবুকিৰ বিৰুদ্ধে সবল পদক্ষেপৰ ই এক দৃষ্টান্তমূলক অধ্যায় ৰূপেও চিহ্নিত হৈ পৰিল। গুৰুজনাই অশেষ ত্যাগ, সাহস, বিচক্ষণতা, বিস্ময়কৰ প্ৰতিভা, দৃঢ়তা আৰু সুদূৰপ্ৰসাৰী লক্ষ্যৰে এই বৰদোৱাৰ ভূমিৰ পৰা ভক্তি আন্দোলনৰ সূচনা কৰিছিল। ইয়াতেই সৃষ্টি হৈছিল খোল-তাল, ইয়াতেই অংকুৰিত হৈছিল হৰিনাম, ইয়াতেই সূচনা হৈছিল দৌল উৎসৱ আৰু ইয়াতে 'চিহ্নযাত্রা'ৰে সূচনা হৈছিল বিশ্বৰ অনন্য নাট্য আন্দোলনৰ। সেই বৰদোৱা কালৰ বুকুত হেৰাই গ'লহেঁতেন যদিহে আই মাতৃ কনকলতাই আতা গুৰুজনাৰ আদিস্থান বিচৰা আন্দোলনটোৰ নেতৃত্ব লৈ এই পবিত্র স্থান উদ্ধাৰ নকৰিলেহেঁতেন। তাৰ পাছত ৰাজ্যৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ উদ্যোগ আৰু নিৰলস চেষ্টাৰ ফলত বৰদোৱা স্ব-মহিমাৰে জ্যোতিষ্মান হৈ পৰিল ঠিকেই, কিন্তু সন্দেহযুক্ত লোকে ইয়াৰ চৌপাশৰ ভূমি গ্ৰাস কৰি সত্ৰখন সংকীর্ণ কৰি আনি ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাই আনিছিল। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে বলিষ্ঠ অভিযানেৰে সেই ভূমি উদ্ধাৰ কৰি আজি তাত 'বৰদোৱা সাংস্কৃতিক প্রকল্প' জিলিকাই তুলি যি মহৎ কাম সম্পন্ন কৰিলে তাৰ বাবে মুখ্যমন্ত্রী তথা চৰকাৰখনক ধন্যবাদ দিবই লাগিব।
বৰদোৱা সত্ৰখনৰ লগতে জাতিয়ে পোৱা এই অভিনৱ সাংস্কৃতিক প্ৰকল্পক হাজাৰ বছৰলৈ জিলিকাই ৰখাৰ দায়িত্ব প্ৰতিগৰাকী অসমবাসীৰ। যোৱা কেইটামান দিনত অসমে কেইবাটাও নতুন সম্পদ লাভ কৰিছে। বৰদোৱা প্ৰকল্পৰ উপৰি শ্বহীদ স্মাৰক ক্ষেত্র, গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন সুদৃশ্য তথা সুবিশাল টার্মিনেল আৰু অত্যাধুনিক প্রযুক্তি সমৃদ্ধ ৰাজ্যৰ তথা পূব ভাৰতৰ সৰ্ববৃহৎ 'জ্যোতি বিষ্ণু আন্তর্জাতিক কলাকেন্দ্ৰ'। অহা দিনবোৰত আৰু নতুন নতুন সম্পদ লাভ কৰাৰ সম্ভাৱনা আছে। এই সম্পদবোৰে অসমক নতুন মাত্ৰা প্ৰদান কৰিছে। এই সম্পদবোৰ কেৱল চৰকাৰে সুৰক্ষিত আৰু সুন্দৰ কৰি ৰাখিব নোৱাৰে। ৰাজ্যবাসীৰ আচৰণৰ ওপৰত ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব। এটা কথা উল্লেখ কৰিবই লাগিব যে মহাপুৰুষজনাৰ উত্তৰাধিকাৰীৰ বিবাদৰ পৰিণতিত সত্ৰ দুভাগ হৈ পৰাত সেই দুই সত্ৰৰ সংঘাতে সময়ে সময়ে বৰদোৱাৰ গৰিমাত আঘাত হানি আহিছে। সত্ৰৰ নতুন প্রজন্মই সেই সংঘাত সমূলঞ্চে নোহোৱা কৰি সত্ৰখনৰ আধ্যাত্মিক পৰিৱেশ অধিক উন্নত আৰু প্ৰাণৱন্ত কৰি তোলাৰ চেষ্টা কৰিলে বৰদোৱাৰ পৰা নতুনকৈ উদ্ভাস ঘটা জ্যোতি আৰু অধিক উজ্জ্বল হৈ উঠিব।