আজিৰ সম্পাদকীয়, থলুৱা কৃষকৰ মৰ্মবেদনা

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক: ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে অসম প্রকাশন পৰিষদ, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাত লেখক-পাঠকৰ অভূতপূর্ব সঁহাৰিয়ে অভিলেখ সৃষ্টি কৰি এক আশাৰ বতৰা কঢ়িয়াই আনিলে। ১৪ দিনত ৭.৪০ কোটি টকাৰ কিতাপ বিক্ৰী হৈছে এইবাৰৰ গ্ৰন্থমেলাত। 

নতুন বছৰটোৰ আৰম্ভণি শুভ হোৱাত প্ৰতিগৰাকী সচেতন লোকৰ মনত নতুন আশা জাগ্রত হৈছে। সকলোৱে আশা কৰিছে এক নতুন আৰম্ভণি হওক, অসমীয়াই নতুন পথৰ সন্ধান লাভ কৰক, যিবোৰ দুৰ্যোগ আৰু দুৰ্ভাবনাই জাতিটোক আৱৰি ৰাখিছে, সেই সকলোবোৰ আঁতৰাই লৈ যাওক ন সময়ৰ ন বতাহজাকে। নতুন বছৰৰ আৰম্ভণিতে প্ৰতিগৰাকী অসমীয়াই অতি হেঁপাহেৰে উদযাপন কৰিবলৈ ৰৈ থকা ভোগালী বিহু সমাগত। 

ভোগালী বিহু বুলিলে অসমত কিধৰণৰ এক পৰিৱেশ সৃষ্টি হয় সেয়া হয়তো অসমীয়াৰ বাহিৰে আন কোনো লোকে বুজি নাপাব। অসমীয়াৰ সমৃদ্ধি আৰু প্ৰাচুৰ্যৰ প্ৰতিফলন ঘটা ভোগালী বিহুৰ এমাহ আগৰে পৰা গাঁৱৰ কৃষিজীৱী ৰাইজৰ মাজত আৰম্ভ হয় সীমাহীন ব্যস্ততা। ধান কটা-মৰাকে ধৰি পথাৰৰ কাম সাং কৰি লগে-ভাগে এসাঁজ খোৱাৰ বাবে চলে তীব্র প্রস্তুতি। বছৰজোৰা পৰিশ্ৰমৰ অন্তত সপোনৰ ফচলেৰে ভঁৰাল উপচি পৰাৰ পাছত উৎফুল্ল হৈ পৰে কৃষক ৰাইজ। পাছে কৃষিভিত্তিক উৎসৱ ভোগালীৰ পূৰ্বৰ মাদকতা এতিয়া নাই। আগৰ দৰে খেতি-বাতি, ভঁৰাল, গোহালি নাইকিয়া হ'ল অসমীয়াৰ। শাক-পাচলি, মাছ-মাংস, কণীৰ পৰা গাখীৰকণলৈকে এতিয়া আমি আনৰ ওচৰত হাত পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যি দুই-একে খেতি-বাতিত নিয়োজিত হৈ আছে সেইসকলৰো অৱস্থা বিভিন্ন কাৰণত পানীত হাঁহ নচৰা বিধৰ। বান্দৰৰ সমস্যাও ইয়াৰ ভিতৰত অন্যতম। 

এতিয়া ৰাজ্যখনৰ গাঁৱে-ভূঞে এনে এটুকুৰা ঠাই নাই য'ত বান্দৰৰ উপদ্ৰৱ নাই। জাক জাক বান্দৰৰ অত্যাচাৰত কৃষকে নিজৰ ঘৰৰ চালিত লাউ এডাল উঠাই খাব নোৱৰা পৰিৱেশ হৈছে। ফলত মূৰে-কপালে হাত দি খেতি-বাতি এৰিবলগীয়া হৈছে। ইয়াৰ সুযোগ লৈছে অনা অসমীয়া বণিয়াই। ট্রাকে ট্রাকে আলু, শাক-পাচলি আমদানি হৈছে ৰাজ্যখনলৈ। আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই-ছাই দাম আছেই। এনে পৰিস্থিতিয়ে ভোগৰ উৎসৱ ভোগালীত যথেষ্ট আউল লগাইছে। 

বজাৰত কৃষি সামগ্ৰী উভৈনদী যদিও দাম জুই-ছাই বাঢ়িছে। কৃষি সামগ্ৰীৰ বজাৰ দৰৰ তালিকাখনলৈ লক্ষ্য কৰিলে অসমৰ কৃষক সমাজ যথেষ্ট লাভান্বিত হোৱা বুলি মনে ধৰে। কিন্তু প্রকৃতাৰ্থত ইয়াৰ ওলোটা ছবি এখনহে আমি দেখিবলৈ পাওঁ। হাড় ভঙা পৰিশ্ৰমেৰে ৰাজ্যৰ কৃষকে বছৰজুৰি ফচল উৎপাদন কৰে যদিও উচিত মূল্য কিন্তু লাভ নকৰে। বৰ্তমান সময়ত বজাৰত নতুন আলু প্রতিকিল'ৰ মূল্য ৩০-৩৫ টকাৰ ভিতৰত। কিন্তু প্রকৃত কৃষকে এই মূল্য পাইছেনে সেইটোহে লক্ষণীয় বিষয়। ইয়াৰ বিপৰীতে এচাম সুবিধাবাদী মধ্যভোগী দালালে ইয়াৰ লাভ সম্পূৰ্ণৰূপে ভোগ কৰি আহিছে। একাংশ বহিৰাগত বণিক গোষ্ঠীয়ে অসমৰ অন্যান্য বজাৰসমূহৰ দৰেই আলুৰ বজাৰখনো একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰি চূড়ান্ত মইমতালিৰে নতুন আলুৰ দৰ নিৰ্ণয় কৰি আছে। যাৰ বাবে এতিয়া থলুৱা কৃষকসকলে উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈছে আৰু ফলত এইসকল কৃষকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে মাজে-সময়ে। অলপতে শদিয়াত তেনে এক দৃশ্যই দেখা পোৱা গ'ল। শ শ কৃষকে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি পথ অৱৰোধ কৰি তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শদিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা শশ কৃষকে ট্রেক্টৰ, উৎপাদিত শস্য আদি লগত লৈ ৰাজপথলৈ ওলাই আহে আৰু নিজৰ উৎপাদিত শস্যসমূহ ৰাষ্ট্ৰীয় ঘাইপথত দলিয়াই অভূতপূর্ব, উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে? কৃষকসকলৰ অভিযোগ অনুসৰি, বৰ্তমান বজাৰত উপলব্ধ নতুন আলুৰ মূল্য অত্যধিক হৈ থকা সত্ত্বেও শদিয়াৰ কৃষকে এতিয়া প্রতি কিল'গ্রাম আলুৰ বিনিময়ত মাত্র ৬/৭ টকাহে লাভ কৰে। ইয়াৰ বিপৰীতে প্রতি কিল'গ্রাম আলুৰ উৎপাদন ব্যয় হয়গৈ বহু বেছি। অৰ্থাৎ নিজৰ উৎপাদিত শস্য লোকচানতহে বজাৰলৈ উলিয়াই দিবলগীয়া হৈছে কৃষকে। এইদৰে উচিত মূল্য লাভকৰাৰ পৰা বঞ্চিত হৈছে থলুৱা কৃষকসকল। এনে পৰিস্থিতিৰ বাবেই এতিয়া খেতিয়কসকলে পথাৰ এৰি ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিবলৈ বাধ্য হৈছে। খেতিয়কৰ অভিযোগ- বহিঃৰাজ্যৰ পৰা অহা নিম্নমানৰ আলুৰে ভৰি পৰিছে অসমৰ বজাৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বজাৰত থলুৱা কৃষকৰ উৎপাদিত আলুৰ চাহিদা থকা সত্ত্বেও বিফল হ'বলগীয়া হৈছে। 

উল্লেখযোগ্য যে শদিয়াৰ বিভিন্ন প্রান্তত এইবাৰ শ শ কৃষক, শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে প্রায় ২৫-৩০শ হেক্টৰ ভূমিত বেংক তথা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ আলু খেতিত বিনিয়োগ কৰিছিল। কিন্তু এনে পৰিস্থিতিত এতিয়া থলুৱা কৃষকসকল চৰম অনিশ্চয়তাত ভুগিছে। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰৰ 'পথাৰ আমাৰ, বজাৰ আমাৰ' আহ্বানৰ প্ৰতি অনুপ্রাণিত হৈ এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষিকর্মত নিয়োজিত হৈ সাফল্য লাভ কৰা উঠি অহা প্ৰজন্মক বহিৰাগত বণিক গোষ্ঠীৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ দায়িত্ব কাৰ? একাংশ বহিৰাগত বণিক গোষ্ঠীয়ে অসমৰ অন্যান্য বজাৰসমূহৰ দৰেই আলুৰ বজাৰখনো একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰি চূড়ান্ত মইমতালিৰে আলুৰ দৰ নিৰ্ণয় কৰিব আৰু আমাৰ থলুৱা কৃষকে হা-হুমুনিয়াহ কাঢ়িব-এইবোৰ কেনে কথা। পথাৰখন আমাৰ থলুৱা মানুহৰ হাতত থাকি কি লাভ হ'ব যদিহে বজাৰখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে বহিৰাগত বণিক গোষ্ঠীয়ে। ৰাজ্য চৰকাৰৰ বিয়াগোম কৃষি বিভাগে চকু মুদা কুলিৰ ভাও ধৰি বহিৰাগত বণিয়াৰ পক্ষত অৱস্থান কৰি আহিলে খেতিপথাৰত নামিব কোন? কেঁচা কৃষিজাত দ্রব্য মজুতকৰণৰ বাবে শীতলীকৰণ ভঁৰাল তথা অসমৰ প্ৰতিখন জিলা, সমজিলাৰ সদৰত কৃষকৰ দ্বাৰাই নিয়ন্ত্ৰিত এখন বজাৰ মুকলি কৰি চৰকাৰে এনেবোৰ সমস্যা সমাধান কৰিব নোৱাৰে কিয়?

Share This