ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত এক অতি অবাঞ্ছিত আৰু নাৰকীয় ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৯ আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰা এই ঘটনাৰ তীব্র প্রতিক্রিয়া হৈছে। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক এগৰাকী কনিষ্ঠ ছাত্রই ছুৰিকাঘাত কৰি হত্যা কৰা ঘটনাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যখনতে এক বিৰূপ প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হৈছে। নিজ বিদ্যালয়ৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ হাতত প্রাণ হেৰুৱাবলগীয়া হোৱা ছাত্ৰজন হৈছে সিন্ধি সম্প্ৰদায়ৰ।
আনহাতে, হত্যাকাৰী ছাত্ৰজন হৈছে মুছলিম সম্প্ৰদায়ৰ। হত্যাকাণ্ডৰ পাছতে সম্প্রদায়টোৰ অগণন লোক, পৰিয়ালৰ লোকৰ লগতে এ বি ভি পিৰ লোক বিদ্যালয়ত উপস্থিত হৈ উত্তাল প্রতিবাদ সাব্যস্ত কৰে যদিও আৰক্ষীৰ নিয়ন্ত্ৰণত পৰিস্থিতিৰ শাম কাটে।
আজিৰ দিনটোতো বিশ্ব হিন্দু পৰিষদ, এন এছ ইউ আইকে ধৰি ভালেমান দল-সংগঠনৰ প্ৰতিবাদী কার্যসূচীত উত্তপ্ত হৈ পৰে পৰিস্থিতি। এমাহ পূর্বেও একেই ঘটনা সংঘটিত হৈছিল হাৰিয়ানাত। গুৰু পূৰ্ণিমাৰ দিনটোতেই দুজনকৈ ছাত্রই নিজৰ বিদ্যালয়ৰ অধ্যক্ষক অতি নৃশংসভারে হত্যা কৰিছিল। ছাত্র দুজনে শিক্ষাগুৰুক হত্যা কৰাৰ প্ৰধান কাৰণ আছিল স্কুলত অনুশাসন, নিয়মানুবর্তিতা মানি চলিবলৈ প্রধান শিক্ষকে দিয়া নির্দেশ। যাৰ বাবে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষার্থী দুজনে ছুৰিকাঘাত কৰি প্ৰধান শিক্ষকজনক হত্যা কৰে। শেহতীয়া ১৯ আগষ্টৰ ঘটনাটোৰ পাছত অভিযুক্ত ছাত্ৰজন আৰু তেওঁৰ বন্ধু এজনৰ সৈতে হোৱা বাৰ্তালাপৰ স্ক্রীনশ্বট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উক্ত বার্তালাপে সচেতন মহলক চিন্তিত কৰি তুলিছে। কিশোৰ বয়সতে পেছাদাৰী হত্যাকাৰীৰ দৰে কোনোধৰণৰ অনুতপ্ত নোহোৱাকৈ দিয়া উত্তৰে ছাত্ৰজনৰ অপৰাধ মানসিকতা কিধৰণৰ সেয়া উদঙাই দিছে। লগতে বন্ধুরে দিয়া পৰামৰ্শই হতচকিত কৰিছে সকলোকে। হত্যাত অভিযুক্তই বন্ধুক যি হ'ল হ'ল বুলি কোৱাৰ পাছতেই বন্ধুৱে কৈছে-'মেছেজবোৰ ডিলিট কৰ আৰু কেইদিনমানৰ বাবে আণ্ডাৰগ্ৰাউণ্ড হৈ যা।' এয়া যেন এক একেবাৰে সৰু নিত্য নৈমিত্তিক ঘটনা। শিক্ষাগুৰু এজনক হত্যা কৰিও কিমান নৈতিকভাৱে পতন ঘটিলে এইদৰে সহজভাৱে উত্তৰ দিব পাৰে এজন ছাত্রই। কিয় ইমান অসহিষ্ণু হৈ উঠিছে আজিৰ সমাজ? সহনশীলতা বুলি কোনা শব্দই যেন নাই এতিয়া অভিধানত। ধৈৰ্যৰ অভাৱ আজিৰ সমাজৰ প্ৰতিজন মানুহৰ। তাৰ প্রতিফলন বাটে-ঘাটে প্রতিটো মুহূর্ততে প্রকট হৈ উঠে। ট্রেফিক ছিগনেলত ৰ'বলৈ সময় নাই, আনৰ কথা শুনিবলৈ সময় নাই, আনৰ দুখত সমভাগী হ'বলৈ সময় নাই; মুঠতে আজিৰ দিনত আমি যেন একোটা যন্ত্র। 'মানুহ' গঢ়িবলৈ নামী-দামী শিক্ষানুষ্ঠান নামৰ এক 'মেচিন'ত সোমাই দিছোঁ আমাৰ সন্তানক। প্রতিযোগিতাৰ পৃথিৱীত নৈতিক শিক্ষা, মানবীয় প্রমূল্যবোধ, মানুহৰ প্রতি দয়া-মমতা আদিৰ শিক্ষা দিবলৈ পাহৰি গৈছোঁ আমি। আনৰ ভাল চাবলৈ, আনৰ ভাল শুনিবলৈ যেন আমৰ হাতত সময়ৰ অভাৱ। আৰু এইদৰেই সমাজখন ক্ৰমশঃ ক্রুৰ হৈ পৰিছে। আৱেগ-অনুভূতিৰ দৰে শব্দৰ এতিয়া যেন কোনো কদৰ নাই আজিৰ পৃথিৱীত। ফলত সম্প্রতি এনে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে যে সন্তানক স্কুললৈ পঠিয়াবলৈ ভয় লগা হৈছে আমাৰ। যি শিক্ষাগুৰুৰ জ্ঞানৰ পোহৰেৰে আলোকিত হৈ আমি জীৱন বাটত আগুৱাই যাবলৈ সক্ষম হওঁ তেনে শিক্ষাগুৰুক এক মুহূৰ্তৰ বাবেও চিন্তা নকৰাকৈ হত্যা কৰি পেলাব পৰাকৈ আমাক কোনে জিঘাংসু হোৱাৰ পাঠ দিলে। ভাৰতীয় সমাজ ব্যৱস্থাই শিক্ষাগুৰুৰ প্ৰতি যি শ্রদ্ধাৰ মনোভাব পোষণ কৰাৰ বাবে আমাৰ মনত এক বীজ সিঁচি থৈ গৈছিল সেয়া আজি হঠাৎ কিয় নাইকিয়া হৈ গ'ল। সহপাঠীৰ প্ৰতি মৰম, স্নেহৰ সলনি হিংসা-জেদ আদি মনোভাব সিঁচি দিয়াৰ আঁৰৰ কাৰক আমাৰ ঘৰখনেই নহয়নে? জ্ঞানৰ আলয় পৱিত্ৰ শিক্ষানুষ্ঠান এখনক এইদৰে কলংকিত কৰা ঘটনাই আমাক এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিয়া নাইনে বাৰু? নিজ সন্তানক প্রতিযোগিতাৰ পৃথিৱীত আগবঢ়াই দিয়াৰ সময়ত আমি যদিহে আমাৰ চৌপাশৰ সামাজিক পৰিৱেশ সুন্দৰ কৰি তুলিব নোৱাৰোঁ তেতিয়াহ'লে সন্তান সফল হ'লেই সকলো শেষ হ'বনে? সমাজৰ পৰিৱেশেই যদি বিষাক্ত হয় তাত কোনো ব্যক্তি সফল হৈ কিবা কৰিব পাৰিবনে? বস্তুবাদী পৃথিৱীত সন্তানক সংস্কাৰৰ কথা, সহনশীলতাৰ পাঠ শিকাবলৈ যেতিয়ালৈকে আমাৰ আহৰি নহ'ব তেতিয়ালৈকে এনে ঘটনা সংঘটিত হৈয়ে থাকিব। সময় থাকোতেই আমি প্রত্যেকেই সলনি হোৱাৰ কচৰৎ নকৰিলে এখন ভয়ংকৰ পৃথিবীৰ সন্মুখীন হ'বলৈ বেছিদিন নালাগিব।