ডিজিটেল ডেস্কঃ ধর্ষণ যেন এতিয়া এক সহজ ঘটনা। প্রতিনিয়ত দেশৰ ভিন্ন প্রান্তৰ লগতে আমাৰ ৰাজ্যতো কিমান মহিলা, শিশু, নাবালিকা ধৰ্ষণৰ চিকাৰ হয় তাৰ বহু খবৰ আমি নাপাওঁ। তেনে বহু খবৰ বৰ বৰ হৰফেৰে কাকত নাইবা বৈদ্যুতিন মাধ্যমত প্ৰচাৰ হয় যদিও কিছুমান ঘটনা পোহৰলৈ নহাকৈ থাকি যায়। এনে বহু ঘটনাই দেশজুৰি তোলপাৰ লগায় আৰু ভুক্তভোগীৰ ন্যায়ৰ দাবীত সমগ্র দেশবাসীয়ে ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় যদিও বছৰ বছৰ ধৰি অপৰাধীয়ে শাস্তি পোৱাৰ পৰিৱৰ্তে মুক্ত আকাশৰ তলত ঘূৰি ফুৰাহে পৰিলক্ষিত হয়।
যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগীক ন্যায়ৰ দাবীত জনতা ৰাজপথলৈ ওলাই আহিবলগীয়া হয়। তেনে এক ঘটনা আছিল ২০২৪ বৰ্ষৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সংঘটিত নৃশংস হত্যাকাণ্ড। এগৰাকী যুৱ স্নাতকোত্তৰ প্রশিক্ষার্থী চিকিৎসকক এটা চেমিনাৰ হলৰ ভিতৰত ধৰ্ষণ কৰি অতি জঘন্যভাবে হত্যা কৰা হৈছিল। উক্ত ঘটনাৰ পাছতেই সমগ্র দেশজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰা হয়। অৱশ্যে উক্ত ঘটনাটোৱেই ভাৰতবৰ্ষত মহিলা চিকিৎসকৰ ওপৰত ঘটা ধৰ্ষণ আৰু হত্যাৰ প্রথম ঘটনা নহয়। ইয়াৰ আগতেও ভাৰতবৰ্ষত এনে ধৰণৰ কেইবাটাও কৰুণ ঘটনা ঘটিছিল। ২০১৪ চনত অসমতো একেধৰণৰ এক নৃশংস ঘটনা সংঘটিত হৈছিল। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্নাতকোত্তৰ প্রশিক্ষার্থী এগৰাকীক চিকিৎসালয়ৰ বাৰ্ড এটেন্ডেন্টে তেওঁৰ বিভাগৰ আই চি ইউত ডিঙিৰ মাজেৰে অস্ত্রোপচাৰ কৰা স্কেলপেল সুমুৱাই নির্মমভাবে হত্যা কৰিছিল। আনহাতে ২০২৩ চনতো কেৰালাত এগৰাকী ২৩ বছৰীয়া চিকিৎসা ইন্টার্নক চিকিৎসালয়ত কৰ্মৰত অৱস্থাত এজন সুৰাসক্ত ৰোগীয়ে অস্ত্রোপচাৰৰ কেঁচীৰে মাৰাত্মকভাৱে আঘাত কৰি হত্যা কৰিছিল।
এইকেইটা ঘটনা মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনা। চিকিৎসকসকল, যাক আমি ভগৱানৰ অন্য এক ৰূপ বুলি গণ্য কৰোঁ, যিয়ে মুমূর্ষু ৰোগী এজনক এক নতুন জীবন দানৰ বাবে অহর্নিশে কাম কৰি থাকে সেইসকলৰ ওপৰতো এনে জঘন্য ঘটনা সংঘটিত কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল এই নৰপিশাচবোৰে।
মহিলা চিকিৎসক, ছাত্রী আৰু শিশু প্রায়ে তেওঁলোকৰ সহকৰ্মী আৰু কিছুসংখ্যক চৰিত্ৰহীন পুৰুষৰ দ্বাৰা প্ৰতি মুহূৰ্তত শাৰীৰিক, মানসিক আৰু যৌন নিৰ্যাতনৰ বলি হৈ আহিছে। চলিত বৰ্ষৰ প্ৰথম দুটা মাহত আমাৰ ৰাজ্য অসমত ১২১টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। এই তথ্য অসম বিধানসভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দাখিল কৰা তথ্য। চৰকাৰী তথ্যতেই এক ভয়ংকৰ দিশ উন্মোচিত হৈছে। বেচৰকাৰী তথ্য হয়তো ইয়াতকৈ বেছি হ'ব। এফালে খোদ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ মহিলাসকল আজি জাগ্রত শক্তিলৈ ৰূপান্তৰিত হোৱাৰ কথা কয় আৰু আনফালে এনে ভুক্তভোগী মহিলাই ন্যায় বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱা ঘটনা বর্তমান সময়তো ঘটি থকাটো অতি লজ্জাজনক কথা। অতি শেহতীয়াভাৱে তিতাবৰৰ ঠেঙালবাৰী জকাইচুকত এগৰাকী ধর্ষিতা কিশোৰীয়ে আৰক্ষীৰ ন্যায়ৰ প্ৰতি আস্থা হেৰুৱাই আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনৰ ভূমিকা উদঙাই দিছে। ভাওনা চাবলৈ যোৱা কিশোৰী এগৰাকীক ধৰ্ষণ কৰা ঘটনাৰ এঘাৰ-বাৰ দিন পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
যাৰ ফলস্বৰূপে আৰক্ষীৰ পৰা ন্যায় পোৱাৰ আশা হেৰুৱাই কিশোৰীগৰাকীয়ে আত্মহননৰ দৰে চৰম পন্থা গ্রহণ কৰিবলগীয়া হোৱা ঘটনাই ন্যায় ব্যৱস্থাৰ প্ৰতি সাধাৰণ জনতাৰ আস্থা নাইকিয়া কৰাত ইন্ধন যোগোৱা বুলি ক'লে ভুল কোৱা নহ'ব। ২০১২ চনত নতুন দিল্লীত চলন্ত বাছৰ ভিতৰত এগৰাকী ২৩ বছৰীয়া ছাত্ৰীক কৰা দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ পাছতে ধর্ষণ আৰু যৌন উৎপীড়নৰ বিৰুদ্ধে আইনবোৰ শক্তিশালী কৰা হৈছিল যদিও এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰিলে ৰাইজে কি বিশ্বাসত আৰক্ষীৰ কাষ চাপিব?
আনহাত বেছিভাগ ব্যক্তিগত খণ্ডৰ কোম্পানী আৰু চৰকাৰী কাৰ্যালয়ে কর্মক্ষেত্রত মহিলা যৌন নির্যাতনৰ মোকাবিলা কৰিবলৈ অভ্যন্তৰীণ অভিযোগ সমিতি স্থাপন কৰা দেকা যায় যদিও এনে সমিতিবোৰে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা ক্ষেত্ৰতে যৌন নির্যাতনৰ মোকাবিলা কৰাটো নিশ্চিত কৰাত ব্যৰ্থ হৈছে। এনেবোৰ কাৰণতে হয়তো আজিৰ তাৰিখতো ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি হৈ গৈয়ে আছে আৰু ভুক্তভোগীয়ে ন্যায় বিচাৰি আত্মহত্যাৰ দৰে পন্থা বাছি ল'বলগীয়া হৈছে, যি অতি দুর্ভাগ্যজনক।