ডিজিটেল ডেস্ক : বিগত অর্ধশতিকাজুৰি অসমবাসীয়ে চিঞৰি চিঞৰি কৈ থকা কথাবোৰেই আজি দিল্লীৰ শাসকৰ মুখত শুনিবলৈ পোৱা গৈছে। অর্ধশতিকাৰ অসমবাসীৰ চিঞৰবোৰৰ প্ৰকাশ ঘটিছে গণ আন্দোলনৰ জৰিয়তে, কিন্তু স্বাধীনতাপ্রাপ্তিৰ সময়ৰে পৰাই বিষয়টোৰ উত্থাপন হৈ আহিছে আৰু এই লৈ এখন যুদ্ধ তেতিয়াৰ পৰাই চলি আছে। বিষয়টো হৈছে জনগাঁথনিৰ প্রতি অহা ভাবুকি। অবাৰিত অনুপ্ৰৱেশ, অসম তথা উত্তৰ-পূবক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্র আদি বিষয়বোৰক লৈ যেতিয়া অসমবাসীয়ে ৰাজপথ উত্তাল কৰিছিল, তেতিয়া 'চিকেন নেক'ৰ সিপাৰৰ মানুহবোৰে অসমবাসীক আঞ্চলিকতাবাদী, সংকীর্ণতাবাদী বুলি কটাক্ষ কৰিছিল, ছবছৰীয়া অসম আন্দোলনটোক সমালোচনা কৰিছিল, ১৯৫১ চনৰ ভিত্তিত অসমৰ পৰা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগে বুলি দাবী তোলোঁতে ৮৫৫জন অসম সন্তানক চৰকাৰী বাহিনীয়ে হত্যা কৰিছিল। কিন্তু আজি 'জনগাঁথনি সলনি'ৰ বিষয়টোক লৈ নতুন দিল্লীৰ মছনদত বহি থকাসকল শংকিত হৈ পৰিছে আৰু এই বিষয়টোৰ অধ্যয়ন কৰি প্ৰয়োজনীয় পদক্ষেপৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছে।
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে দেশত 'অস্বাভাৱিক জনগাঁথনিৰ পৰিৱৰ্তন' হোৱা বুলি মত প্রকাশ কৰি কৈছে যে, এই পৰিৱৰ্তন 'দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে গুৰুতৰ ভাবুকি (Significant Challenge)'। ২০২৫ বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একেই সুৰতে কৈছিল যে, অবৈধ প্ৰব্ৰজনৰ জৰিয়তে ভাৰতৰ জনগাঁথনি সলনি কৰিবলৈ বিচৰাটো এটা পূর্ব পৰিকল্পিত ষড়যন্ত্র। উল্লিখিত কমিটী গঠনৰ বিষয়টো আচলতে প্রধানমন্ত্রী মোদীৰে চিন্তাপ্রসূত। 'জনগাঁথনিৰ পৰিৱৰ্তন' বিষয়ক এই কমিটীখনৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি পি নাৱ'লেকাৰে। এই কমিটীয়ে জনগাঁথনিৰ পৰিৱৰ্তনৰ লগতে বিশেষ কিছুমান সম্প্রদায়ত পৰিলক্ষিত হোৱা অস্বাভাৱিক জনসংখ্যাৰ দিশবিলাক অধ্যয়ন কৰি ইয়াক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰামৰ্শ দিব। কেন্দ্রীয় চৰকাৰে এতিয়া জনগাঁথনিৰ পৰিৱৰ্তনক দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় নিৰপেক্ষতাৰ প্রতি ভাবুকি বুলি অভিহিত কৰাৰ লগতে জনজাতীয় সমাজ আৰু সামাজিক গাঁথনিৰ পুনৰুদ্ধাৰৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি মত প্রকাশ কৰিছে। চৰকাৰৰ মতে, এই জনগাঁথনি সলনিৰ বাবেই চৰকাৰী সেৱাসমূহ বাধাগ্ৰস্ত হৈছে, স্থানীয় প্রশাসনবিলাকত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু সম্পদৰ বিতৰণ আৰু সামাজিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে। কথা হ'ল, এই কথাখিনিকে পঞ্চাশৰ দশকত গোপীনাথ বৰদলৈয়ে কৈছিল, বিষ্ণুৰাম মেধিকে ধৰি ৰাজ্যৰ সেই সময়ৰ কর্ণধাৰসকলে কৈছিল। ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ হোৱা অসমৰ গণ আন্দোলনটোৱেও এই কথাকে কৈছিল। সেই তেতিয়াৰে পৰাই অসমবাসীয়ে কৈ আহিছে যে অসম আন্দোলনৰ দাবী হৈছে সাংবিধানিক। অনুপ্রবেশে দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি অনা ভাবুকিৰ দিশবিলাক তেতিয়াই আঙুলিয়াই দিয়া হৈছিল। কিন্তু অসম আন্দোলনক অযুক্তিকৰ বুলি প্রতিপন্ন কৰিবলৈ তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিল। এই সাংবিধানিক কথাখিনি কওঁতেই অসমবাসীৰ ওপৰত নমাই দিয়া কৈছিল বৰ্বৰ চৰকাৰী সন্ত্রাস। পিছলৈ অসম আন্দোলনৰ দুৰ্বল অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সৃষ্টি কৰা হৈছিল ১৯৭১ চনৰ এক ভিত্তিবৰ্ষৰ, যাৰ পৰিণতিত ২০ বছৰৰ অনুপ্ৰৱেশকাৰীয়ে আপোনা আপুনি পাই গৈছিল নাগৰিকত্ব। স্বৰাজোত্তৰ আঠ দশকৰ কেন্দ্ৰৰ উপেক্ষাৰ পৰিণতিতে অসমত আজি খিলঞ্জীয়াৰ জনগাঁথনিলৈ কেনে সংকট আৰু ভাবুকি নামি আহিছে সেই কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে বহুবাৰ প্রকাশ পাইছে।
'চিকেন নেক'ৰ সিপাৰৰ যিসকলে অসম আন্দোলনক কটাক্ষ কৰিছিল, সেইসকলেই আজি এই বিষয়টোক লৈয়ে উদ্বিগ্ন হ'বলগীয়া হৈছে, কাৰণ অনুপ্ৰৱেশৰ সমস্যাটো এতিয়া সেই ঠাইবোৰলৈ বিস্তৃত হৈছে। অসমে যোৱা ৮টা দশকে ভুগি অহা সংকটক লৈ আজি দেশৰ অন্য প্রান্ত উদ্বিগ্ন হৈছে।'জনগাঁথনি পৰিৱৰ্তন' অধ্যয়নৰ কমিটীখন তাৰেই প্রতিফলন। কিন্তু এই সমস্যাটো এতিয়া 'ভুকুতে কল পকাব পৰা' অৱস্থাত নাই। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী, 'পুশ্ববেক' আদিৰ দৰে ব্যৱস্থা কিছুমান আৰম্ভ হৈছে। বৰ্তমানৰ শাসনাধিষ্ঠিত বিজেপিৰ এই বিষয়ত এটা নিজৰ দৃষ্টিভংগী থকা বাবে অনুপ্ৰৱেশৰ বিষয়টোক, বিশেষকৈ মুছলমানৰ অনুপ্রৱেশক লৈ তেওঁলোক সম্ভৱপৰ যিকোনো পদক্ষেপ গ্রহণ কৰাৰ বাবে যে আগ্রহী তাত সন্দেহ নাই, কিন্তু সমগ্র বিষয়টো এতিয়া এনে এক জটিল স্তৰত উপনীত হৈছেগৈ যে আপাত দৃষ্টিত ইয়াৰ সমাধানৰ পথ মনলৈ অনাটোৱেই কঠিন হৈ পৰিছে। কেইগৰাকীমান অনুপ্ৰৱেশকাৰীক 'পুশ্ববেক'ক লৈ ভাৰত-বাংলাদেশ সীমান্তত যোৱা কেইটামান দিনত কেনেধৰণৰ পৰিস্থিতি হৈছে, সেই বিষয়ে বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পাইছেই। ভাৰতে খেদি দিয়া অনুপ্ৰৱেশকাৰীক বাংলাদেশে গ্রহণ কৰিবলৈ অমান্তি হোৱাত সেই মানুহখিনিয়ে 'ন' মেন্ছ লেণ্ড'তে কেইবাদিনো ৰৈ থাকিবলগীয়া হৈছে। তেনে অৱস্থাত, ভৱিষ্যতে লাখ লাখ অনুপ্রৱেশকাৰী চিনাক্ত হ'লে তেওঁলোকক কি কৰা হ'ব, তাক ধাৰণা কৰাটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। কিন্তু কেন্দ্রীয় চৰকাৰে 'জনগাঁথনিৰ পৰিৱৰ্তন'ৰ সংকটটোক গুৰুত্ব দিয়াটো উচিত পদক্ষেপ বুলি ক'ব লাগিব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নাৱ'লেকাৰৰ কমিটীয়ে চৰকাৰক এই দিশত কি পৰামৰ্শ দিয়ে সেইটো গুৰুত্বপূৰ্ণ হ'ব।