ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ আনন্দ-উছাহৰ মাজতে অকস্মাতে গুচি গ'ল জাতিৰ আমঠু, সুৰৰ মায়াৰে জগতক মুগ্ধ কৰা জুবিন গার্গ। জুবিন নাই- এই কথাষাৰ যেন মানি ল'ব পৰা নাই জাতিটোরে। সেইটোৱেই স্বাভাৱিকো। কাৰণ জুবিন কেৱল এজন গায়ক নাছিল, নাছিল কেৱল এজন শিল্পী- জুবিন আছিল এক সত্তা, জাতিৰ মাত, সাহসৰ হাত। ঈশ্বৰ-প্রদত্ত কণ্ঠৰ গৰাকীতো তেওঁ আছিলেই, কিন্তু সামগ্রিক ব্যক্তিত্বৰে জুবিনে জিনিছিল প্রতিজন অসমীয়াৰ মন। মঞ্চত গীত পৰিৱেশন কৰি নিজৰ গীত, কথা-বতৰাৰে অগণন লোকক একেলগে হঁহুৱাব, একেলগে কন্দুৱাব পৰাৰ দুৰ্দান্ত ক্ষমতাৰ অধিকাৰী আছিল তেওঁ। যিকোনো শিল্পীৰ বাবেই এয়া আচলতে এক প্রত্যাহ্বান আৰু এই প্রত্যাহ্বান জুবিনে সদায় হেলাৰঙে অতিক্রম কৰিছিল। সেয়াই জুবিন। ইংৰাজী মাধ্যমৰ শিক্ষাৰে লালিত-পালিত হোৱা যিটো প্ৰজন্মৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰেমক লৈ সদায় চিন্তিত-শংকিত হোৱা যায়, সেইটো প্রজন্মক অসমীয়া গান, অসমীয়া ভাষা ভাল পাবলৈ, চর্চা কৰিবলৈ উদ্বুদ্ধ কৰা মানুহজন নিঃসন্দেহে জুবিন গাৰ্গ।
সেয়ে পশ্চিমীয়া শিক্ষা-সংস্কৃতিত ডুব যোৱা আজিৰ বহু যুৱক-কিশোৰে কিন্তু স্বচ্ছন্দে হিয়াৰ আৱেগেৰে গুণগুণাব পাৰে জুবিনৰ গান আইৰ মুখৰ ভাষাত। আকৌ মানৱ দৰদী জুবিন! দুৰ্গত-অসহায়জনৰ কাষত তেওঁ সদায় সহায়ৰ এখন নিৰাপদ হাত। নিজৰ সৰ্বস্ব উজাৰি কাৰোবাক সহায় কৰাৰ কাহিনীবোৰ আজি বিয়পি পৰিছে সুবাসৰ দৰে। অসমীয়া জাতিটোৰ, অসমীয়া মানুহখিনিৰ দায়িত্ব যেন তেওঁ নিজেই কান্ধ পাতি ল'ব খোজে। নিঃশব্দে, প্রচাৰবিহীনভাৱে, নিঃস্বার্থভাবে কৰা এইবোৰ কামেৰে জুবিন কেতিয়াবাই হৈ পৰিছে একক আৰু অনন্য। অবিশ্বাস্যভাৱে উচ্চ খাপৰ সংগীতজ্ঞতো তেওঁ হয়েই, মানুহ হিচাপেও তেওঁ বহু ওপৰৰ। কেৱল গায়ক নহয়, কেবল শিল্পী নহয়, জুবিন নিজেই এই অনুষ্ঠান। সঁচা অৰ্থত 'লিজেণ্ড'! জাতিৰ সূৰ্য।
অসমীয়া মানুহখিনি সততে আৱেগিক। এই কথাটোক যদি এটা যোগাত্মক দৃষ্টিৰে চোৱা হয়, তেনেহ'লে এয়াই জাতিটোৰ এক শক্তি। ড° ভূপেন হাজৰিকাৰ মৃত্যুত ছয় লাখৰো অধিক লোকৰ সমাৱেশ হৈ অভিলেখেই ৰচিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়তো এতিয়া তদ্রূপ আৱেগৰ ধল বহুগুণে বেছিহে। ব্যক্তিগত কোনো সম্পর্ক নথকাকৈ কি স্তৰত এজন মানুহক ভাল পালে এনেদৰেই স্বতঃস্ফূর্তভাৱে পাৰ ভাঙি শোক প্রকাশ কৰিব পাৰি! অসমৰ নগৰে-চহৰে, গাঁৱে-ভূঞে শত-সহস্র ঠাইত জুবিনৰ ফটোত চলিছে শ্রদ্ধাঞ্জলি, ওলাইছে মৌন শোভাযাত্রা, কোনোবাই গীত গাইছে, কোনোবাই কবিতা আবৃত্তি কৰিছে আৰু কোনোবাই নীৰৱে চকুলো টুকিছে। কোনেও কাকো লগ ধৰা নাই, কোনেও শোক প্রকাশৰ বাবে আহ্বান জনোৱা নাই-সকলো স্বতঃস্ফূর্ত, সর্বত্র জুবিনময়, ইমান স্বাভাৱিক! অসমীয়া জাতিয়ে জুবিন গাৰ্গক কিমান ভাল পায় তাক হিয়া উজাৰি প্ৰকাশ কৰিছে এই সময়ত। জাতিয়ে জনাব পৰা সর্বোচ্চ আৱেগিক সন্মান জনাইছে নিজৰ 'ঘৰৰ ল'ৰাজনক'। অনাগত আৰু বহু দীঘলীয়া সময়লৈ এই বিৰল আৱেগিক সন্মান যে আন কোনোবাই পাব, তাত সন্দেহ।
জুবিনক ভালপোৱাখিনি হিয়াত সাঁচি লৈয়ো অসমীয়া জাতিৰ কৰণীয়ও বহুখিনি আছে। জুবিনৰ শাৰীৰিক জীৱন স্বল্পায়ু। কিন্তু তেওঁৰ কীর্তি তেওঁৰ আয়ুসতকৈ অনেক গুণে বেছি দীঘলীয়া। এই কীর্তি আৰু সৃষ্টিক অনাগত সময়ৰ বাবে ধৰি ৰখাৰ দায়িত্ব এতিয়া অসমীয়া জাতিৰ ওপৰত। জাতিৰ শোকক জাতিৰ শক্তিলৈ পৰিৱৰ্তন কৰাৰ সময় এয়া। জুবিনক মৃত্যু হ'বলৈ দিব নোৱাৰি, জুবিনৰ সমগ্ৰ সত্তাক আমি জীয়াই ৰাখিব পাৰিব লাগিব। আমি প্রমাণ কৰিব লাগিব জুবিনৰ প্ৰতি দেখুওৱা এতিয়াৰ এই আবেগৰ বন্যা কেৱল ধান খেৰৰ জুই নহয়, জুবিন একুৰা টগবগীয়া জুই, যি কাহানিও নুনুমায়। জুবিন মানেই গানৰ সেই সমুদ্র, যি কাহানিও নুশুকায়। জুবিন মানেই সহায়ৰ সেইখন হাত, যি কাহানিও কোঁচ খাই নাহে- এই সকলো জীৱন্ত কৰি ৰখাৰ দায়িত্ব এতিয়া আমাৰ। আৱেগ আমাক লাগিবই, কিন্তু আৱেগৰ সৈতে বিবেক আৰু প্ৰণালীবদ্ধ সু-পৰিকল্পনাৰে আমি জুবিনৰ সত্তাটোক আগুৱাই নিব লাগিব। কাৰণ জুবিনৰ মৃত্যু হ'ব নোৱাৰে, জুবিন জীয়াই থাকিব আমাৰ মাজত আজীৱন।