জনজাতিকৰণ আৰু ৰাজনীতি

dainik janambhumi September 19, 2025

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ নামে জনাজাত ভূখণ্ড আদিম কালৰে পৰা অসংখ্য নৃ-গোষ্ঠীৰ বসবাসৰ স্থান ৰূপে জনাজাত। ইয়াৰে কিছুমান গোষ্ঠী-সম্প্রদায়ক আদিবাসী নামে জনা যায়। আদিবাসী শব্দৰ অৰ্থ হ'ল কোনো এলেকা বা ভূভাগত প্রাচীন কালৰে পৰা বসবাস কৰি অহা লোক। আন কথাত পুৰণি বাসিন্দা। এনে বাসিন্দাৰ লগত যুগে যুগে আন কোনো স্থানৰ পৰা অহা লোক বা গোষ্ঠী-সম্প্রদায়ো আহি যোগ হয়হি।

এটা পর্যায়ত বিভিন্ন সময়ত অহা আন জনগোষ্ঠীৰ লোকৰ পৰা পৃথককৈ দেখুৱাবৰ বাবে আদিম বাসিন্দাসকলক 'আদিবাসী' আখ্যা দিয়া হয়। আদিবাসী আৰু জনজাতি দুটা সমার্থক শব্দ। আদিবাসী মানুহৰ জীৱন ধাৰণ, উৎপাদন ব্যবস্থা সামাজিক নীতি-প্রণালী আন জনগোষ্ঠীতকৈ কিছু পৃথক। তেনে কেতবোৰ বৈশিষ্ট্যৰ ভিত্তিতে কোনো এটা জনগোষ্ঠীক সাংবিধানিকভাৱে 'জনজাতি'ৰ মৰ্যাদা দিয়া হয়। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে কম-বেছি পৰিমাণে জনজাতীয় জীৱন চৰ্যাৰ পৰ্যায়ত থকা বিভিন্ন জনগোষ্ঠী আছে। আমাৰ সংবিধানে এই জনজাতি তথা সামাজিক-শৈক্ষিকভাবে অনগ্ৰসৰ লোকৰ বাবে কিছুমান সাংবিধানিক সা-সুবিধাৰ বিশেষ ব্যৱস্থা ৰাখিছে।

এফালে ভাষিক সাংস্কৃতিক ধর্মীয় বৈচিত্র্যই জনগোষ্ঠীসমূহক দেশৰ বৰ্ণাঢ্য সংস্কৃতিৰে মণি মুকুতাৰ দৰে জিলিকাই ৰাখিছে, আনফালে শৈক্ষিক-সামাজিক-অর্থনৈতিক তাৰতম্যই নানান বৈষম্যৰ সন্মুখীন কৰাই অহা পৰিলক্ষিত হৈছে। ইউৰোপৰ জাতি ৰাষ্ট্ৰসমূহৰ দৰে ভাৰতবৰ্ষত একক ৰূপত নৃ-গোষ্ঠীয়ভাবে ঐক্যবদ্ধ জনসমষ্টি বা জাতি নাই। জাতীয় ঐক্য শব্দতকৈ ভাৰতবৰ্ষত 'জাতীয় সংহতি' শব্দৰহে প্রয়োগ অধিক।

ভাৰতৰ সংবিধানে ইয়াৰ কোনো জনগোষ্ঠীক কেতবোৰ বিশেষ লক্ষণৰ ভিত্তিত 'জনজাতি' আখ্যা দিব পাৰে। জনজাতি স্বীকৃতিৰ লগত অৱধাৰিতভাৱে জড়িত থাকে সাংবিধানিক স্বীকৃতি আৰু জনজাতিৰ বাবে বিশেষ কেতবোৰ সা-সুবিধাৰ সংৰক্ষণ। তেনে বিশেষ সা-সুবিধাৰে লাভৱান হোৱাৰ বাবেই ইতিমধ্যে সাংবিধানিকভাৱে স্বীকৃতিপ্রাপ্তসকলৰ উপৰি আন বহু জনগোষ্ঠী-সম্প্রদায়ে জনজাতিৰ স্বীকৃতি বিচাৰি আন্দোলন কৰি আহিছে। ভাৰতবৰ্ষত এনেদৰে দাবী তুলি আন্দোলন কৰি জনজাতিৰ স্বীকৃতি আদায় কৰা বহু জনগোষ্ঠী আছে।

সেইবাবেই পৰৱৰ্তী কালতো সেই দৃষ্টান্তৰ দ্বাৰা অনুপ্রাণিত হৈ জনজাতিৰ অনুসূচীকৰণৰ দাবীত আন্দোলন চলি আহিছে। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীও তেনে প্রচেষ্টাৰে এটা। সামাজিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি যিবোৰ কাৰক বা বৈশিষ্ট্যৰ বাবে কোনো এটা জনগোষ্ঠীক 'জনজাতি' বোলা যায় তেনে লক্ষণসমূহ জনজাতিকৰণৰ দাবী তোলা জনগোষ্ঠীসমূহৰ জীৱনধাৰাত প্ৰতিফলিত হোৱা-নোহোৱাকো পৰীক্ষা কৰিবলৈ বিশেষজ্ঞ সমিতি গঠন কৰিব লাগে। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি চৰকাৰে সিদ্ধান্ত ল'ব লাগে। তেনে এটা প্ৰক্ৰিয়া চৰকাৰীভাবে আগ নবঢ়াৰ বাবেই বর্তমান এটা অচলাৱস্থাৰ সৃষ্টি হৈছে। অসমৰ ছয় জনগোষ্ঠীয়ে তেওঁলোকৰ আন্দোলন পুনৰ তীব্ৰ কৰি তুলিছে অসমত ইতিপূর্বে জনজাতিৰ স্বীকৃতিপ্রাপ্ত আন জনজাতি-সম্প্রদায়সমূহৰ নেতৃবৰ্গই নতুনকৈ ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ দাবীক সহজভাৱে লোৱা নাই। জনজাতিসকলৰ বাবে থকা সীমিত সা-সুবিধাৰ দাবীদাৰ বৃদ্ধি হ'লে এটা অনাকাংক্ষিত সংঘাত বৃদ্ধি হ'ব পাৰে। আনহাতে, নতুনকৈ জনজাতিকৰণ দাবী কৰাসকলে জনজাতিৰ তালিকাত নতুন গোষ্ঠী অন্তর্ভুক্ত কৰাৰ সমান্তৰালভাৱে জনজাতিৰ বাবে থকা সংৰক্ষণকে ধৰি আন সা-সুবিধাৰ মাত্রা বৃদ্ধি কৰিব লাগে। এই কথা বৰ সহজ নহয়। ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ উভয় চৰকাৰে আইন সংশোধন কৰি ব্যৱস্থা গ্রহণ কৰিব লগা হ'ব পাৰে।

সেয়েহে, এই বিষয়ত সংশ্লিষ্ট জনগোষ্ঠীয় নেতা আৰু ইতিপূর্বে জনজাতিৰ স্বীকৃতি পোৱা সংগঠনৰ নেতা উভয়ৰ লগতে মুকলি আলোচনা হোৱা ভাল। চুবুৰীয়া মণিপুৰত এনে স্পৰ্শকাতৰ বিষয়ক লৈ কোনো আলাপ-আলোচনা নকৰি উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত মেইটেইসকলক জনজাতি ঘোষণা কৰাৰ প্ৰতিক্রিয়াতে ৰক্তাক্ত অধ্যায়ৰ সৃষ্টি হৈছিল যাৰ জুই এতিয়াও নুমোৱা নাই। সেয়েহে, জনজাতিকৰণৰ সমগ্ৰ বিষয়টো ধৈর্যসহকাৰে বিচাৰ-বিবেচনা কৰি আগবঢ়া উচিত।

অসমক জনজাতীয় ৰাজ্য ঘোষণাৰ এটা দাবীও এসময়ত উঠিছিল। জনজাতীয় ৰাজ্য হ'লে সাংবিধানিকভাৱে অধিক সুবিধা পোৱা যাব বুলি আমাৰ বিশ্বাস। কিন্তু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ পাছতো দেখোন কাৰ্বি আংলং-ডিমা হাছাওৰ বৃহৎ পৰিমাণৰ ভূমি উত্তৰ ভাৰতীয় পুঁজিপতিলৈ হস্তান্তৰিত হৈয়েই আছে। যি সময়ত অসম চুক্তিৰ ষষ্ঠ দফাৰ ব্যৱস্থা অনুসৰি সাংবিধানিক সুৰক্ষাৰ প্ৰশ্নটোকে চৰকাৰে প্রতিশ্রুতি দিও পূৰণ নকৰিলে, প্রতিবেদন এতিয়াও ওলমি আছে তেনে পৰিস্থিতিত জনজাতিকৰণৰ দৰে এটা বিষয়ত কিমান গুৰুত্ব দিব? এনে কিছুমান দাবীয়ে ৰাজনৈতিক দলক 'ৰাজনীতি' কৰাৰ সুবিধাহে দি আহিছে।

Share This