আজিৰ সম্পাদকীয় , জনজাতি আৰু বিজেপি

dainik janambhumi May 20, 2026

ডিজিটেল ডেস্ক : শেহতীয়া গৰম খবৰবোৰৰ ভিতৰত অন্যতম হৈছে জাগীৰোডত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ চৰকাৰী প্ৰস্তাৱ আৰু ইয়াৰ বিৰুদ্ধে খিলঞ্জীয়া জনজাতি লোকৰ তীব্র প্রতিবাদ। জাগীৰোডৰ ঐতিহাসিক গোভা ৰাজ্যৰ অন্তৰ্গত তথা ভূমিপুত্র তিৱা বসতিপ্রধান সিন্ধিসৰ আৰু নলধৰাত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৰাজ্য চৰকাৰে। 

হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কার্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্রহণ কৰাৰ পিছদিনাই মৰিগাঁও জিলাৰ গোভা মৌজাৰ সিন্ধিসৰ আৰু নলধৰাত আৰম্ভ কৰিছিল জৰীপ। ইয়াক লৈ জাঙুৰ খাই উঠে তিৱা সমাজ। উক্ত জৰীপ চলিছিল পুনৰ সংস্থাপনৰ বাবে। কিন্তু মাটিৰ অধিকাৰ হেৰুওৱাৰ আশংকাই গ্রাস কৰে তিৱা সমাজক। সেয়ে তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হৈছিল আন্দোলন। প্ৰথমতে চৰকাৰী প্ৰতিনিধিয়ে আন্দোলনকাৰী নেতৃবৃন্দক ভয়-ভাবুকি দিয়াৰ চেষ্টা কৰিছিল যদিও ভূমিপুত্ৰৰ মাটিৰ অধিকাৰৰ প্ৰশ্নৰ আগত তেনে ভয়-ভাবুকি নৰজিল, বিপৰীতে শাসক দলৰ প্ৰতিনিধিয়েও ভূমিপুত্ৰৰ অধিকাৰৰ বিষয়ত নমনীয় হ'বলৈ বাধ্য হ'ল আৰু অৱশেষত বাতিল কৰা হ'ল জৰীপ কাৰ্য। 

জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই খিলঞ্জীয়া তিৱাসকলৰ অনিষ্ট হোৱা কোনো কাম নকৰে বুলি আন্দোলনকাৰীক প্রতিশ্রুতি দিয়ে আৰু জিলা আয়ুক্তই লিখিত প্রতিশ্রুতি দিব বুলি আশ্বাস দিয়ে। উক্ত প্রতিশ্রুতি অনুসৰিয়েই ১৮ মাৰ্চত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে চি এ ১/২০২৬ পার্ট ৩/১২ তাৰিখ ১৮/০৫/২০২৬ নং জাননীৰ জৰিয়তে জাগীৰোডৰ সিন্ধিসৰ আৰু নলধৰা গাঁৱৰ প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপৰ বাবে পুনৰ সংস্থাপনৰ বাবে চলাই থকা জৰীপ তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে বুলি ঘোষণা কৰে। 

উল্লেখযোগ্য যে এই অঞ্চলটো হৈছে গোভা ট্রাইবেল বেল্টৰ অধীনৰ। উক্ত সিন্ধিসৰ, নলধৰাৰ উপৰি বিহিতা, ৰৌমাৰী আদি গাঁৱৰ লোকো টাউনশ্বিপৰ বাবে মাটি হেৰুওৱাৰ আশংকাত। বাতৰি মতে, সিন্ধিসৰ অঞ্চলত তিৱাৰ উপৰি ভূমিপুত্ৰ কাৰ্বি, বড়ো তথা গোর্খা লোকেও বাস কৰে। ইফালে, উক্ত দুখন গাঁৱত জৰীপ বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে যদিও এই বিষয়টো একেবাৰে শাম কটা নাই। তিৱা ছাত্ৰ সন্থাই কেৱল সিন্ধিসৰ, নলধৰাতে নহয়, তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত অঞ্চলতেই টাউনশ্বিপৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে কোনো এজন তিৱা ভূমিপুত্ৰৰ ভূমি অধিকাৰ খর্ব নহয়।


বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দিনত অসমত জনজাতিসকলৰ ভূমি অধিকাৰৰ বিষয়ত প্রশ্ন এইবাৰেই উত্থাপন হোৱা নাই। ইয়াৰ আগতে আনকি যোৱা বছৰেই একাধিকবাৰ জনজাতিৰ উচ্ছেদ আৰু ভূমি অধিকাৰৰ বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। সেয়া লাগিলে ষষ্ঠ অনুসূচীৰ অঞ্চল ডিমা হাছাওৰ ডিমাচা আৰু কাৰ্বি লোকে পুৰুষানুক্রমে বসবাস কৰি অহা নৱদী লংক্রুক' আৰু সৰু লাৰফেঙেই হওক অথবা বড়ো, গাৰো, ৰাভা আৰু আন স্থানীয় সম্প্রদায়ে বাস কৰা কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাই হওক। নৱদী লংক্রুক' আৰু সৰু লাৰফেঙত ৩০০০ বিঘা মাটি আবণ্টন দিয়া হৈছিল এটা ব্যক্তিগত খণ্ডৰ চিমেণ্ট কোম্পানীক। সেই লৈ উত্থাপন হৈছিল জনজাতীয় অধিকাৰ আৰু ভূমি সুৰক্ষাৰ প্রশ্ন। তেনেদৰে আদানিৰ তাপবিদ্যুৎ প্রকল্পৰ বাবে প্রায় ৩,৪০০ বিঘা মাটি আবণ্টন দিয়াক লৈ পৰ্বতঝোৰাত ১৭খন গাঁৱৰ লোকে যোৱা বছৰ প্ৰতিবাদো কৰিছিল।

এই ঘটনাসমূহৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অসমৰ জনজাতীয় ৰাইজৰ সমৰ্থন হ্রাস পাব বুলি বহুতে ধাৰণা কৰিছিল। বাস্তৱত তেনে নহ'ল। এনেধৰণৰ কাৰ্যৰ মাজতো জনজাতিসকলৰ মাজত নিজৰ সমৰ্থন অটুট ৰাখিবলৈ দলটো সমর্থ হৈছে। তাৰ প্ৰমাণ পোৱা গ'ল অসম বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত। অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ১৯খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ইয়াৰে ১৩খন বিজেপিয়ে আৰু অগপ, বি পি এফকে ধৰি বিজেপি নেতৃত্বাধীন এন ডি এই ১৯খন আসনেই নিজৰ দখলত ৰাখিলে। কেৱল অনুসূচিত জনজাতিয়েই নহয়, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৯খন আসনৰ এখন কংগ্রেছে পোৱা বাদে ৮খন আসনতেই জয়ী হৈছে এন ডি এ। বিজেপিয়ে লাভ কৰিছে ইয়াৰ ৫খন আসন। ইয়াৰ অৰ্থ এনেকুৱাও হ'ব পাৰে যে বিজেপি মিত্ৰজোঁটৰ শাসনৰ সময়ছোৱাত অন্যান্য বিভিন্নধৰণে জনজাতীয় সমাজ যথেষ্ট উপকৃত হৈছে। যাৰ বাবে জনজাতীয় লোকক উচ্ছেদ কৰি ঔদ্যোগিক গোষ্ঠীক মাটি প্রদানৰ বিষয়টো বিজেপি-বিৰোধী নির্বাচনী 'ইচ্যু'ত পৰিণত নহ'ল। কিন্তু 'ছেটেলাইট টাউনশ্বিপ'ৰ ক্ষেত্ৰত তিৱা জনগোষ্ঠীৰ প্ৰতিবাদক চৰকাৰে উলাই কৰিবলৈ সাহস নকৰিলে, ফলত জৰীপ স্থগিত ৰাখিবলৈ চৰকাৰ বাধ্য হ'ল। কিন্তু অনাগত দিনবোৰত উন্নয়নক কেন্দ্ৰ কৰি নতুন সমস্যা আৰু সংঘাত কিছুমানৰ সৃষ্টি নোহোৱাকৈ নাথাকিব। গতিকে চৰকাৰ সাৱধানে আগবঢ়া ভাল।

Share This