ট্রাম্পৰ দম্ভ : ভাৰতৰ অস্বস্তি

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক : কোনো দেশৰ ৰজাক আন কোনো এজন তুলনামূলকভারে শক্তিশালী বজাই নিজৰ সেনাৰ যোগেদি আটক কৰি নিজ ৰাজ্যলৈ ধৰি অনাটো নিতান্তই এটা মধ্যযুগ বা প্রাচীন কালৰ ঘটনা হ'ব পাৰে, আধুনিক কালৰ, বিশেষকৈ বিংশ-একবিশং শতিকাত তেনে ঘটনাৰ নিদর্শন নাই। তেনে এটা অপ্রত্যাশিত-অনাকাংক্ষিত ঘটনাই ঘটিল। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক সকলো আন্তঃৰাষ্ট্ৰীয় আইন আৰু প্ৰথা অৱমাননা কৰি আমেৰিকাই নিজ দেশৰ পৰা বলপূর্বক ধৰি আনে। ভেনিজুৱেলা হ'ল বিশ্বৰ তৈল সম্পদত সবাতোকৈ চহকী এখন দেশ। হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰে দক্ষিণ আমেৰিকাৰ এই দেশৰ প্রাকৃতিক সম্পদেই বৈৰী হ'ল। বিশ্বত আমেৰিকান সাম্রাজ্যবাদৰ খোপনি ক্রমশঃ দুর্বল হৈ আহিছে। এই পুঁজিবাদী দেশখনে নিজৰ অৱধাৰিত সংকট বুলি উঠিছে আৰু তাক প্রতিৰোধ, বিশেষকৈ বিশ্ব বাণিজ্যত নিজৰ আধিপত্য অক্ষুণ্ণ ৰখাৰ স্বার্থত এনে বহু কাম কৰি আছে বা কৰিব লাগিছে, যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা অচলাৱস্থাৰ সূচনা কৰিছে। 

প্রতিদ্বন্দ্বীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে 'মুক্ত গণতন্ত্ৰ'ৰ দেশ আমেৰিকাই আন বহু দেশক আমেৰিকাৰ নেতৃত্ব আৰু প্রভুত্ব মানি চলিবলৈ মুকলিকৈয়ে ভাবুকি দিবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় আইন, সার্বভৌমত্ব আদিলৈ কেৰেপ নকৰি ড'নাল্ড ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী মোদীক যিদৰে অসৌজন্যমূলক আৰু তাচ্ছিল্যসূচক কথা কৈ আছে স্বাধীন ভাৰতৰ ইতিহাসত তেনে নজিৰ নাই। পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীসকলে নিজৰ পদ মর্যাদা আৰু দেশৰ স্বাভিমানক লৈ কোনো বিদেশী নেতাই যদি সামান্য কিবাও কৈছিল- তেন্তে তৎকালেই তাৰ যথাযথ উত্তৰ দিছিল। কিন্তু অতি পৰিতাপৰ কথা এয়ে যে টাম্পক ভাৰত আৰু ভাৰত সম্পৰ্কীয় দাম্ভিক উক্তিৰ আনুষ্ঠানিকভারে চুঙা চাই সোপা দিয়া ধৰণৰ কোনো প্রত্যুত্তৰ এতিয়াও আগবঢ়াব পৰা হোৱা নাই।

অলপতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ভাৰতলৈ আহিছিল। দেশৰ অভ্যন্তৰত চৰকাৰ-বিৰোধীৰ মাজত নীতিগতভাৱে কিছু বিৰোধ থকাটো নিতান্তই স্বাভাৱিক। কিন্তু পুটিনৰ সন্মানার্থে দিয়া ভোজমেললৈ অতি দৃষ্টিকটুভাৱে নিমন্ত্রণ নিদিয়াকৈ থাকিল বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক। অৱশ্যে ইয়াৰ যোগেদি চৰকাৰখনে নিজৰ দুৰ্বলতাহে প্রকাশ কৰিলে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকা-ৰাছিয়াৰ মাজত চলি আছে তীব্র প্রতিযোগিতা। আমেৰিকাৰ বাণিজ্যত পূৰ্বৰ প্ৰতিষ্ঠাৰ প্রতি প্রত্যাহ্বান আহিয়েই আছে। ভাৰতৰ আছে এখন বৃহৎ বজাৰ। সেই বাবেই ড'নাল্ড ট্রাম্পে আশা কৰে ভাৰত আমেৰিকাৰ অনুগত হৈ থাকক। আমেৰিকাৰ প্ৰতিপক্ষত থকা দেশবোৰৰ লগত ভাৰতে কোনো ধৰণৰ বাণিজ্যিক চুক্তি নকৰক। নৰেন্দ্ৰ মোদীয়ে ট্রাম্পৰ প্ৰথম চাৰিবছৰীয়া কার্যকালত ট্রাম্পৰ লগত ঘনিষ্ঠতা আৰু বন্ধুত্বৰ সকলো প্রচেষ্টা অব্যাহত ৰাখিছিল। আন কি পুনৰ এটা কার্যকালৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ট্রাম্পক ভোট দিবৰ বাবে 'ফিৰ এক বাৰ ট্রাম্প চৰকাৰ' ধৰণৰ ধ্বনিও দিছিল আমেৰিকাত। এয়া আছিল 'প্রট 'কল' বিৰোধী এটা কাম। ট্রাম্প হাৰিলে। জো বাইডেন জিকিলে। বাইডেনৰ লগতো প্রধানমন্ত্রী মোদীয়ে সুসম্পর্ক গঢ়ি তুলিলে। ইয়াতেই উপেক্ষিত বোধ কৰিলে ড'নাল্ড ট্রাম্পে। পাছত পুনৰ এটা চাৰি বছৰীয়া কাৰ্যকালৰ বাবে নির্বাচিত হোৱা ট্রাম্পে নতুন কার্যকালত স্পষ্টকৈয়ে ভাৰত বিৰোধী স্থিতি গ্রহণ কৰিলে। পাকিস্তানক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। পহলগাম উগ্রপন্থীৰ গণহত্যা বিষয়ত ট্রাম্পে হস্তক্ষেপ আৰম্ভ কৰে। পাকিস্তানৰ লগত হোৱা যুদ্ধত পাকিস্তানৰ পক্ষ অৱলম্বন কৰি যুদ্ধ-বিৰতি ঘোষণা কৰিলে। হোৱাইট হাউছত ভাৰতক উপেক্ষা কৰি পাকিস্তানৰ সেনা নায়কৰ লগত দ্বিপাক্ষিক আলোচনা কৰিলে। সেই সকলোবোৰেই আছিল দেখ দেখ ভাৰত-বিৰোধী কাম। তদুপৰি ক্ষমতা লাভ কৰিয়েই ভাৰতৰ পৰা প্ৰয়োজনীয় কিছু কাকত-পত্ৰ অবিহনেই আমেৰিকাত প্ৰৱেশ কৰা আৰু বসাবাস কৰাৰ অভিযোগ তুলি বহুসংখ্যক ভাৰতীয় নাগৰিকক হাতে-ভৰিয়ে বান্ধি, বয়বস্তু কঢ়িওৱা সামৰিক বিমানত আনি ভাৰতৰ মাটিত এৰি থৈ গ'লহি। ভাৰত চৰকাৰৰ ফালৰ পৰা সেই কাৰ্যৰ বিশেষ কোনো প্রতিবাদ নহ'ল। তাৰ পাছত ভাৰতৰ ওপৰত বাণিজ্য শুল্ক অত্যধিক পৰিমাণত বৃদ্ধি কৰা হ'ল। এটাৰ পাছত আন এটাকৈ আমেৰিকাই ভাৰত বিৰোধী, পদক্ষেপ লৈ গৈ থাকিল। কিন্তু চৰকাৰীভাৱে তাৰ কোনো শক্তিশালী প্রতিবাদ নহ'ল। সেই বাবেই ড'নাল্ড ট্রাম্পে ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পৰ্কত অৱমাননাসূচক মন্তব্য কৰিবলৈ সুবিধা পাইছে। 'বিশ্বগুৰু' আখ্যা বিচৰা এজন নেতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আৰু দেশৰ মান- মর্যাদা লৈ অধিক সতর্ক থাকিব লাগিব। কিন্তু তেনে হোৱা দেখা নাই। প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু আমেৰিকাৰ বিৰোধী পক্ষৰ নেতা আৰু অধিকাংশ নাগৰিক সংগঠনে ভেনিজুরেলা আগ্রাসনৰ বিৰোধিতা কৰিছে। আমেৰিকাৰ প্ৰধান চহৰসমূহৰ ৰাজপথত নাগৰিকৰ প্ৰতিবাদ তুংগত উঠিছে। পৰিস্থিতি যদি এনেকৈয়ে থাকে তেন্তে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতিও প্রত্যাহ্বান সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ বৈদেশিক নীতিৰ এটা ঐতিহ্য আছে। একালত ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দিছিল। বিশ্বৰ শক্তিশালী দেশসমূহৰ লগত সুসম্পৰ্ক আৰু সমদূৰত্ব ৰাখি চলিছিল। চীনৰ লগত যুদ্ধ হোৱাৰ পাছতো ভাবতে সজোৰে নিজৰ স্থিতি বিশ্ব দৰবাৰত ঘোষণা কৰিছিল। এতিয়া চীনে অৰুণাচলৰ বহু এলেকা চীনৰ অংশ বুলি ঘোষণা কৰি আছে। সীমান্তৰ গাতে লগাই পথ-নগৰ- চহৰ, বিমানবন্দৰ নিৰ্মাণ কৰি আছে। অথচ তাৰ প্ৰতি ভাৰতে যি ধৰণৰ সাহসী স্থিতি প্ৰদৰ্শন কৰিব পাৰিব লাগিছিল তেনে হোৱা নাই। ভাৰত আমেৰিকা, চীন আদিৰ ওচৰত লঘু হ'ব নোৱাৰে। আত্মমর্যাদা ৰক্ষা কৰি চলিব লাগিব।

Share This