আজিৰ সম্পাদকীয়, তদন্তকাৰী সংস্থাৰ প্ৰতি ভৰসা

dainik janambhumi February 28, 2026

ডিজিটেল ডেস্ক: 'মই জীৱনত কেৱল সততা আৰ্জন কৰিছোঁ। মোৰ ওপৰত মিছা গোচৰ জাপি দিয়া হৈছিল। কেজৰিৱাল ভ্রষ্ট নহয়। আজি এই কথা প্রমাণ হৈ গ'ল। আম আদমি পার্টি 'কট্টৰ ইমানদাৰ'।'- দেশ কঁপোৱা সুৰা কেলেংকাৰিত অভিযুক্ত হৈ ২০২৪ চনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ভাষ্য এয়া। 

কালি ৰ'জ এভিনিউ আদালতে সুৰা কেলেংকাৰিৰ গোচৰত অভিযুক্ত ২৩গৰাকীক ক্লিনশ্বিট দিয়ে। আদালতৰ ৰায়ৰ পাছতে আৱেগিক হৈ কান্দোনত ভাগি পৰে প্ৰাক্তন মুখ্যমন্ত্রী কেজৰিৱাল। উল্লেখ্য যে উক্ত গোচৰত অভিযুক্ত কেজৰিৱাল, মনীষ ছিছ'দিয়াসহ ২৩গৰাকীক আদালতে ক্লিনশ্বিট দিয়াৰ পাছত কেজৰিৱালে কয়- এয়া সত্যৰ জয়। স্বাধীন ভাৰতৰ এয়া এক সৰ্ববৃহৎ ৰাজনৈতিক ষড়যন্ত্র। ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণৰূপে ভৰসা থকা বুলি ব্যক্ত কৰি তেওঁ কয় যে আম আদমি পার্টিক ধ্বংস কৰাৰ বাবে দলটোৰ ৫জন প্ৰভাৱশালী নেতাক জে'ললৈ নিক্ষেপ কৰা হৈছিল। দলটোক দুর্নীতিৰ বোকাত পুতি পেলোৱাৰ এয়া এক গভীৰ ষড়যন্ত্র বুলি দোহাৰি তেওঁ পুনৰ কয়- মনীষ ছিছ'দিয়া 'কট্টৰ ইমানদাৰ'। আম আদমি পার্টি 'কট্টৰ ইমানদাৰ'। এয়া ন্যায়ালয়ে কৈছে। 

কালিৰ ৰায়ক সত্যৰ জয় বুলি অভিহিত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়- ক্ষমতাৰ বাবে দেশৰ সৈতে এইদৰে খেল নেখেলিব। সংবিধানৰ সৈতেও এইদৰে খেলা নকৰিব। ক্ষমতা লাগে যদি ভাল কাম কৰক। জীৱনত সততা আৰ্জন কৰক। আজি দেশত বহুত ডাঙৰ ডাঙৰ সমস্যা আছে। সেই সমস্যাসমূহ সমাধান কৰি ৰাজপাটলৈ আহক। ২৪ ঘণ্টাই বিৰোধী, বিপক্ষৰ বিৰুদ্ধে গোচৰ দিয়া, জে'ললৈ নিক্ষেপ কৰা আদি কাৰ্য প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত শোভা নাপায়। ই দেশক আগুৱাই নিনিয়ে। দেশ তেতিয়াহে আগবাঢ়িব যেতিয়া জনতাৰ সমস্যাৰ সমাধান হ'ব। কেৱল গাদী ৰক্ষাৰ বাবে মনে সজা গোচৰত অভিযুক্ত কৰা বুলি কেজৰিৱালে কৰা এই মন্তব্যই দেশজুৰি চৰ্চা লাভ কৰিছে। 

২০২৪ চনৰ ২০ মাৰ্চত লোক সভাৰ নিৰ্বাচনৰ প্ৰাক্‌ মুহূৰ্তত ৫৫ বছৰীয়া নেতাজনক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আইন বলৎকাৰী সঞ্চালকালয় (ইডি)-এ গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ আছিল সুৰা নীতিৰ গোচৰ সন্দৰ্ভত ধনৰ অবৈধ সৰবৰাহ। উল্লেখ্য যে স্বাধীন ভাৰতত কাৰ্যনির্বাহ কৰি থকা এগৰাকী মুখ্যমন্ত্ৰীক এইদৰে গ্ৰেপ্তাৰ কৰা ঘটনা এয়াই আছিল প্রথম। কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰটো আছিল ২০২১-২২ চনত দিল্লী চৰকাৰে প্ৰস্তুত কৰা সুৰা নীতি ৰচনা আৰু বলৱত্ত দুর্নীতি আৰু ধনৰ অবৈধ সৰবৰাহ হোৱাৰ অভিযোগ। ই ডিয়ে দাখিল কৰা অভিযোগনামাসমূহত কেইবাবাৰো কেজৰিৱালৰ কথা উল্লেখ আছিল। তদন্তকাৰী সংস্থাটোৰ অভিযোগ মতে সুৰা নীতিৰ কাৰ্য পদ্ধতি আৰু নীতি ৰচনা কৰোঁতে অভিযুক্তসকল কেজৰিৱালৰ সম্পৰ্কত আছিল। তেওঁলোকক অন্যায়ভাৱে দিয়া লাভৰ বাবে তেওঁলোকে আপক উৎকোচ দিছিল। 

কেজৰিৱালৰ গ্রেপ্তাৰে ২০২৪ৰ লোক সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী শিবিৰত মোক্ষম আঘাত হানিছিল। ২০১৩, ২০১৫ আৰু ২০২০ চনত মুঠ তিনিবাৰকৈ দিল্লীৰ ৰাজপাট দখল কৰি দেশৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টি কৰা আম আদমি পার্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই দেশৰ ৰাজনৈতিক প্রেক্ষাপট সলনি হৈ পৰিছিল। তচনচ হৈ পৰিছিল আম আদমি পার্টিৰ ভেটি। অভিষেক বছৰতেই অর্থাৎ ২০১৩ চনত দিল্লী বিধানসভাৰ নিৰ্বাচনত ৭০খন আসনৰ ভিতৰত ২৮খন, ২০১৫ চনত ৬৭খন আসন আৰু ২০২০ চনত ৬২খন আসন লাভ কৰা আম আদমি পার্টিয়ে ২০২৫ৰ নির্বাচনত মাত্র ২২খন আসনতেই নিজৰ যাত্ৰাৰ সামৰণি মাৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত আন্না হাজাৰেৰ সৈতে মিলি দুর্নীতি বিৰোধী সংগ্ৰামৰ নেতৃত্ব দি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা অৰবিন্দ কেজৰিৱাল দিল্লীবাসীৰ বাবেই নহয়, দেশৰ ৰাজনৈতিক প্রেক্ষাপটতো এক নতুন আশাৰ প্ৰতীক হৈ পৰিছিল। কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত নামি নিজেই এই জালত বন্দী হোৱা ৰাষ্ট্ৰীয় দলৰ প্ৰথমগৰাকী মুৰব্বী নেতা হোৱাৰো ইতিহাস সৃষ্টি কৰে কেজৰিৱালে। 

উল্লেখ্য যে ভাৰতৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূর্বে বহুকেইগৰাকী নেতা মুখ্যমন্ত্রী হৈ থকা অৱস্থাত বিভিন্ন গোচৰত অভিযুক্ত হৈছিল যদিও এওঁলোকে গ্ৰেপ্তাৰৰ আগে আগে মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল। উচ্চ শিক্ষিত আৰু নিকা ভাবসম্পন্ন অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক জীৱনত লগা এই কলংকই কেৱল মাত্র তেওঁৰ ৰাজনৈতিক জীৱনেই বিফল কৰা নাছিল, ইয়াৰ ফলত দেশৰ ৰাজনৈতিক ক্ষেত্ৰতো যথেষ্ট প্রভাৱ পৰিছিল। 

আদালতে শুনানিত এই বুলি কৈছে যে মুখ্যমন্ত্ৰীগৰাকীক দোষী বুলি সাব্যস্ত কৰিবলৈ চি বি আয়ে যি তথ্য-প্রমাণ দাখিল কৰিছে সেয়া দুৰ্বল আৰু ই দোষী প্ৰমাণৰ বাবে উপযুক্ত নহয়। কালিৰ এই ৰায়ে তদন্তকাৰী সংস্থাৰ ভূমিকাৰ ওপৰতো সন্দেহৰ সৃষ্টি কৰিছে। ৰাজনৈতিক উদ্দেশ্যপ্রেণোদিতভাৱে তদন্তকাৰী সংস্থা চি বি আইক ব্যৱহাৰ কৰাক লৈ প্ৰশ্নৰ উদয় হৈছে। যদিহে কেজৰিৱালৰ দৰে এগৰাকী নেতাকেই উপযুক্ত প্রমাণ নথকাৰ পাছতো এইদৰে কাৰাগাৰৰ বন্ধ কুঠৰীত সোমাই থ'ব পাৰে তেনেহ'লে ন্যায়ৰ বাবে যুঁজ দিয়া সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ব পাৰে এইখন দেশত। ভাবিলে আচৰিত লগা কথা। কেৱল ৰাজনৈতিক ভেটি সুৰক্ষাৰ স্বাৰ্থতে সঁচাকৈয়ে যদি কোনোবা এগৰাকী ব্যক্তিক বিনা দোষত এইদৰে কাৰাদণ্ডৰে দণ্ডিত কৰিব পাৰে তেনেহ'লে দেশবাসীৰ বাবে ভৱিষ্যৎ কোনোপধ্যে সুৰক্ষিত বুলিব নোৱাৰি।

Share This