অশান্ত পাহাৰ

dainik janambhumi December 26, 2025

ডিজিটেল ডেস্ক : অসম আন্দোলনৰ সময়ৰ পৰাই আমাৰ সমাজত কিছুমান সন্থা-সংগঠনৰ সৃষ্টি হ'ল যাৰ ঘোষিত উদ্দেশ্যই হ'ল থলুৱা খিলঞ্জীয়া, ভূমিপুত্র আদিক সুৰক্ষা দিয়া, জাতিৰ অস্তিত্ব ৰক্ষা কৰা আদি। অসম আন্দোলনৰ গৰ্ভৰ পৰা আৰু অসম আন্দোলনে সৃষ্টি কৰা পৰিস্থিতি তথা পটভূমিতে তাৰ পৰৱৰ্তী কালতো নানা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ জন্ম হ'ল। সকলোৰে উদ্দেশ্য একে। অর্থাৎ, থলুৱা খিলঞ্জীয়া তথা আন কোনো নির্দিষ্ট গোষ্ঠী-সম্প্রদায়ক তেওঁলোকৰ নিজৰ মাটি-পানীত স্বকীয়তা ৰক্ষা কৰি সন্মানসহকাৰে বাচি থকাৰ নিশ্চয়তা দিয়া। অসম আন্দোলনৰ গৰ্ভৰ পৰা তৰপে তৰপে ওলাই অহা, কোনোবা জাতীয় সংগঠন, ছাত্র সংগঠনৰ মজিয়া গচকি পৰিচয় আৰু প্ৰতিষ্ঠা লোৱা সংগঠনৰ নেতাই তাৰ পাছত শাসক ৰাজনৈতিক দলবোৰত যোগদান কৰে ক্ষমতা লাভৰ স্বাৰ্থত। বর্তমান তেনে একাংশ নেতাই অসমৰ হৰ্তা-কর্তা-বিধাতা। পৰিতাপৰ কথা যে ধন-ক্ষমতা আৰু প্ৰতিষ্ঠাৰ বাবে 'ইউ টার্ন' মৰা নেতা অসমৰ সৰ্বেসর্বা হৈ থকা কালতে অসমৰ জাতি-মাটি-ভেটিৰ প্ৰতি সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হৈছে। অসমৰ থলুৱা জাতি-গোষ্ঠী-সম্প্ৰদায়ৰ অধিকাৰ খৰ্ব হৈছে। পূৰ্বৰ কোনো চৰকাৰৰ দিনতে কেতিয়াও নঘটা কিছুমান ঘটনা ঘটিব লাগিছে, যি অসমৰ জনগোষ্ঠীসমূহৰ উদ্বেগ আৰু দুঃচিন্তা বৃদ্ধি কৰিছে।

ভাৰতীয় সংবিধান ৰচনা কালতে এই দেশৰ আদিবাসী জনজাতি আৰু পিছপৰা সম্প্রদায়সমূহৰ স্বকীয়তা ৰক্ষা কৰা, পুৰুষানুক্রমে এই জনগোষ্ঠীসমূহ বাস কৰি অহা পাহাৰ-ভৈয়ামৰ এলেকাসমূহত সংশ্লিষ্ট জনজাতি গোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল। সংবিধানৰ ষষ্ঠ অনুসূচীত এই বিষয়ত গ্রহণ কৰিব লগা ব্যৱস্থাসমূহৰ উল্লেখ আছে। ইমানদিনে সেই অনুসৰিয়েই কাম চলি আহিছিল। কিন্তু তথাকথিত জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ গেৰাণ্টি দিয়া বৰ্তমানৰ চৰকাৰখনে কাৰ্যভাৰ লোৱাৰ পাছতেই সমগ্র বিষয়তেই যেন নতুন বিন্যাস হৈছে। সদনত কোনো আলাপ-আলোচনা অবিহনেই সাংবিধানিকভাৱে সুৰক্ষিত ভূমিত, বিশেষকৈ কার্বি আংলং, উত্তৰ কাছাৰ জিলাৰ হাজাৰ হাজাৰ বিঘা মাটি উদ্যোগপতিক দি দিয়া হৈছে। ৰাভা হাছং এলেকাতে উন্নয়নৰ নামত বৃহৎ এলেকা তাৰ অধিবাসীৰ মতামত অবিহনেই দি দিব খোজা হৈছে। আতংকিত ভূমিপুত্ৰই ইয়াৰ প্ৰতিবাদ কৰিছে। কিন্তু চৰকাৰে তেওঁলোকৰ কথালৈ কৰ্ণপাত কৰা নাই। সেইবাবেই ৰাইজ বিক্ষুব্ধ হৈ পৰিছে।

কার্বি আংলং জিলাত বহিঃৰাজ্যৰ তথা দেশৰ বাহিৰৰো একাংশ লোকে আহি বসবাস কৰা, ভোটাৰ তালিকাত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠাৰ বিৰুদ্ধে স্থানীয় কাৰ্বি লোকে বহু বছৰ ধৰি আপত্তি কৰি আহিছে। চৰকাৰ বেদখলকাৰীৰ প্ৰতি নৰম হোৱাৰ বাবেই অধিক মাত্ৰাত বহিৰাগত লোক অবিৰতভাৱে আহি থকা বুলি অভিযোগ তুলি কাৰ্বি ৰাইজে আন্দোলন গঢ়ি তুলিছে। চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বিপৰীতে একাংশ কার্বি নেতাক হাত কৰি লৈ জনজাতি এলেকাৰ মাটি বিভিন্ন অজুহাতত দখল কৰিবলৈ আৰম্ভ কৰিছে। এনে অৱস্থাত আদানি গোষ্ঠীক শক্তি প্রকল্প স্থাপনৰ বাবে কাৰ্বি আংলঙৰ বৃহৎ পৰিমাণৰ ভূমি আবণ্টন দিয়াৰ প্ৰসংগ আহি পৰাৰ লগে লগে কাৰ্বি আংলঙৰ ৰাইজ সতর্ক হৈ পৰে। আন্দোলন তীব্ৰ কৰি তোলে। অবৈধ দখলকাৰীক উচ্ছেদৰ দাবী জনায়। লগে লগে সৃষ্টি হয় তুমুল প্রতিক্ৰিয়াৰ। যদিহে ৰাজ্য চৰকাৰে য'তে-ত'তে, যেতিয়াই-তেতিয়াই বুলড'জাৰ লগাই বেদখল উচ্ছেদ কৰি ফুৰিব পাৰে, তেন্তে একেটা কাম কার্বি আংলঙত কিয় নোৱাৰে? এই প্রশ্নতে আজি উত্তাল কার্বি আংলং।

চৰকাৰৰ দায়িত্ব হ'ল জাতি-বর্ণ নির্বিশেষে সকলো নাগৰিকৰে নিৰাপত্তা নিশ্চিত কৰা। নিজৰ মাটি-পানীত সাংবিধানিক নিশ্চয়তা সত্ত্বেও যদি কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কিছুবছৰৰ আগত জীৱিকাৰ তাড়নাত আহি আশ্রয় লোৱা লোকে মুর্দাবাদ-গ' বেক ধ্বনি দিয়ে তেন্তে পৰিস্থিতি জটিল হ'বই। লেতেৰা কাপোৰেৰে যিদৰে লেতেৰা টেবুল চাফা কৰিব নোৱাৰি ঠিক তেনেদৰে গণতান্ত্রিক আৰু সাংবিধানিক পথ ব্যতিৰেকে আন পন্থাৰে পৰিস্থিতি স্বাভাৱিক কৰিব নোৱাৰিব। জুই উমি উমি জ্বলি থাকিব। সেইবাবেই বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰি অহা নীতি আৰু কাৰ্যব্যৱস্থা সম্পর্কত কিছু কথা নতুনকৈ ভাবিবৰ হ'ল। অসমৰ জাতি-জনগোষ্ঠী ইমানদিনে স্বতন্ত্রভাৱে বর্তি আহিছে। সংবিধানে জনজাতি গোষ্ঠীক অধিকাৰ দিছে। সেই অধিকাৰ কাঢ়ি লোৱাৰ কৌশল ৰচনা কৰিলে ৰাইজ ক্ষুব্ধ হ'বই। যদি চৰকাৰৰ কেবিনেট মন্ত্রীয়ে জনজাতি এলেকাৰ মাটি বিধি ভংগ কৰি দখল কৰে, জনগোষ্ঠী আতংকিত হ'বই।

বর্তমান ভাৰতবৰ্ষত খালী মাটি কেৱল উত্তৰ-পূবতহে কিছু আছে। সেই মাটি অধিকাংশই পাহাৰীয়া। পাহাৰ মানেই সম্পদৰ ভঁৰাল। ৰাজস্থানৰ আৰাৱলী পৰ্বত ভাঙি সম্পদ আহৰণ কৰিব খোজা হৈছে। পুঁজিপতিৰ একেধৰণৰ লুভীয়া দৃষ্টি, কাৰ্বি আংলং, উত্তৰ কাছাৰতো হয়তো পৰিছে। বাকী পাহাৰ অঞ্চল মেঘালয়, মিজোৰাম, নগালেণ্ড আদি ৰাজ্যিত সেয়া দখল কৰাটো সহজ নহয়। সেইবাবেই হয়তো কার্বি আংলং, উঃ কাছাৰক লক্ষ্য কৰি লোৱা হৈছে। এইক্ষেত্ৰত এটা জনগোষ্ঠীৰ স্বাৰ্থৰ লগত সাঙোৰ খাই আছে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা সুৰক্ষাৰ প্ৰশ্ন। চৰকাৰে এই কথা আওকাণ কৰিব নালাগে।

Share This