ডিজিটেল ডেস্ক : এজন দুটকীয়া ডাক্তৰৰ দেহাৱসান ঘটিল। দৈনিক বিশ্বত ডেৰ লাখ মানুহৰ মৃত্যু হয় (বৰ্তমানৰ হিচাপ মতে)। ভাৰতত এই সংখ্যা ২৬,৭৮৯। ইয়াৰ ভিতৰত নিশ্চয় চিকিৎসকো থাকে। সনাতনী বাক্য এষাৰ যে আছে 'মৃত্যোর্মা অমৃতং গময়'-দৈনিক মৃত্যু হোৱা ইমানবোৰ মানুহৰ ভিতৰত কেইজনৰ মৃত্যুনো 'অমৃতং গময়' হোৱা শুনিছোঁ! কিন্তু কিছুমান মানুহৰ কায়িক মৃত্যু হ'লেও তেওঁ বহু দিনলৈ মানুহৰ হৃদয়ত জীয়াই থাকে, অর্থাৎ তেওঁৰ মৃত্যু 'অমৃতং গময়' হৈ পৰে। সেই মানুহজনে সমাজখনত থৈ যোৱা অৱদানৰ স্মৃতিৰ বাবে। ওপৰত উল্লেখ কৰা 'দুটকীয়া ডাক্তৰ'জনো সেই শাৰীৰ এগৰাকী সাধাৰণ ব্যক্তি যাৰ ৮০ বছৰীয়া জীৱনৰ ৫০টা বছৰেই উৎসর্গিত হৈছিল সাধাৰণ মানুহৰ সেৱাৰ বাবে, অনন্য সেৱা। গভীৰ শ্ৰদ্ধাৰে সেই চিকিৎসকগৰাকীৰ মৃত্যুৰ বাতৰি পৰিৱেশন কৰিছে এন ডি টিভি, টাইমছ অব্ ইণ্ডিয়া, ইণ্ডিয়ান এক্সপ্রেছ, আজটক, দ্য হিন্দু, গালফ নিউজকে ধৰি বহু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়, স্থানীয় সংবাদ-পত্র, টিভি চেনেল আৰু সামাজিক মাধ্যমসমূহে। এক কথাত ক'বলৈ গ'লে মহাপ্রয়াণৰ মুহূৰ্তত এগৰাকী নিঃস্বার্থ মানৱ সেৱকলৈ বিৰল শ্রদ্ধাঞ্জলি। নাম তেখেতৰ এ কে ৰাইৰু গোপাল।
চিকিৎসাৰ নামত ৰোগীৰ টেটু চেপি বেপাৰ কৰা আজিৰ আমাৰ দেশৰ পৰিস্থিতিৰ মাজত 'দুটকীয়া ডাক্তৰ' ৰূপে পৰিচিত এই এ কে ৰাইৰু গোপাল 'ৰোগীৰ বাবে ভগৱান'ৰ স্তৰলৈ উন্নীত হৈ গৈছে অৱধাৰিতভাৱে এই কাৰণেই যে তেওঁ তেওঁৰ চিকিৎসকৰ ডিগ্ৰীটো, ডাক্তৰ উপাধিটো আৰু চিকিৎসা বিজ্ঞানৰ জ্ঞানখিনিক টকা ঘটাৰ আহিলা ৰূপে ব্যৱহাৰ নকৰি সমগ্ৰ জীৱন আৰ্তজনৰ সেৱাত উৎসৰ্গা কৰি গ'ল। তেখেত দৰমহা লোৱা চিকিৎসকো নাছিল, কমিছন লোৱাটো দুৰৈৰে কথা, কেপলাৰ কান্নুৰ চহৰত এখন 'ক্লিনিক' খুলি প্রথম ৩৫ বছৰ ৰোগীক চিকিৎসা কৰাৰ পাছত বাকী ১৫ বছৰ বাৰ্ধক্যৰ পীড়াৰ বাবে নিজৰ ঘৰ 'লক্ষ্ণৌ'ত ৰোগী চাই নিদান-পত্র দিছিল। এই ৫০ বছৰীয়া সেৱাৰ সমগ্র সময়ছোৱাত তেখেতে এগৰাকী ৰোগীৰ পৰা মাননি লৈছিল মাত্র দুটকাকৈ। সেই কাৰণেই তেওঁ 'দুটকীয়া ডাক্তৰ'।
ডাঃ ৰাইৰু গোপালে প্রথমাৱস্থাত পুৱা ৪ বজাৰ পৰা ৰোগী চোৱাৰ কাম আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল আবেলি ৪ বজাত। এই ১২ ঘণ্টাত তেওঁ কমেও ৩০০ ৰোগীক চিকিৎসা পৰামৰ্শ দিছিল। মেডিচিন কোম্পানীৰ এজেণ্টবোৰ তেওঁৰ চেম্বাৰৰ বাহিৰত বহি থকা নাছিল এই কাৰণেই যে তেওঁ কাৰো পৰা কমিছন লোৱা নাছিল আৰু তেনে কোম্পানীবোৰৰ ঔষধ গ্রহণৰ পৰামর্শও ৰোগীক দিয়া নাছিল। যিমান পৰা যায় কম খৰচী ঔষধেৰে তেখেতে ৰোগীৰ ৰোগ নিৰাময়ৰ চেষ্টা কৰি কৰিছিল। এনেধৰণৰ জীৱনাদৰ্শ আৰু কৰ্মৰ বাবেই কান্নুৰৰে নহয় তাৰ বাহিৰৰো অগণন ৰোগীয়ে বহু নামী-দামী নাৰ্ছিং হ'ম, ডাক্তৰক চেৰাই আহি ৰাইৰু গোপালৰ সন্মুখত হাজিৰ হৈছিলহি। তেওঁৰ মাতযাৰ আৰু অলপ স্পর্শ পালেই যেন ৰোগীয়ে বহুখিনি উপশম পাইছিল তেওঁলোকৰ ৰোগৰ বেদনা। ডাঃ ৰাইৰু গোপালৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ অধিকাংশই চিকিৎসক। ৰাইৰু গোপালে মানৱ সেৱা দর্শন লাভ কৰিছিল পিতৃৰ পৰা। পিতৃয়ে তেওঁক কৈছিল- যদি ধন লাগে কুঠাৰ এখন লৈ বেংকৰ দুৱাৰ ভাংগৈ, চিকিৎসাক ধনৰ বাবে ব্যৱহাৰ নকৰিবি। এনেকুৱা চিকিৎসক যদি একোখন ৰাজ্যত এশজনো থাকে তেনেহ'লে হয়তো সমাজখন ঔষধ অবিহনেই বহু পৰিমাণে সুস্থ হৈ উঠিব। সেইগৰাকী চিকিৎসকলৈ আমিও নতশিৰে শ্রদ্ধাঞ্জলি যাচিলোঁ। আমাৰ ৰাজ্যতো যে তেনে ভাবাদর্শৰ চিকিৎসক নাই, তেনে নহয়। চিকিৎসা ব্যৱসায়েৰে ধন ঘটাৰ ধামখুমিয়াৰ মাজতো মুষ্টিমেয় এচাম চিকিৎসকে চিকিৎসাক মনে-প্রাণে 'মানৱ সেৱা' ৰূপে গণ্য কৰি নিজক ৰোগীৰ সেৱাত উৎসৰ্গা কৰাৰ উদাহৰণ আছে। তেনে এগৰাকী চিকিৎসক হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুদীর্ঘ দিন চিকিৎসক-অধ্যাপক ৰূপে কার্যনির্বাহ কৰা দক্ষ শল্য চিকিৎসক সদাগৰ দেউৰী। যিসকল ৰোগীয়ে সদাগৰ দেউৰীৰ সান্নিধ্য লাভ কৰিছে তেওঁলোকে চিকিৎসকগৰাকীক 'দেৱতা' জ্ঞান কৰে। 'ফীজ' নোলোৱাকৈ বা কাৰোবাৰ পৰা ১০/৫ টকা ফীজ লৈ তেখেতে ৰোগীক চিকিৎসা সেৱা আগবঢ়ায়। প্রয়োজন হ'লে কেতিয়াবা দৰিদ্ৰ ৰোগীক ঔষধ কিনিবলৈ নিজৰ জেপৰ পৰা ধন দিয়ে এইগৰাকী চিকিৎসকে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজতো সর্বেশ্বৰ ভূঞা নামৰ শল্য চিকিৎসক এগৰাকীৰ দৰদী আচৰণৰ কথাও বহু ৰোগী অভিভাৱকৰ মুখে মুখে। তেখেতে নাছিং হ'মৰ পৰিৱৰ্তে মেডিকেল কলেজত ৰোগীৰ অস্ত্রোপচাৰ কৰি ভাল পায়। চেম্বাৰৰ ফীজো লয় হেনো তেনেই সামান্য।
ডাঃ ৰাইৰু গোপাল, সদাগৰ দেউৰী, সৰ্বেশ্বৰ ভূঞাৰ দৰে চিকিৎসকসকলৰ জীৱনাদর্শই এটা বার্তাই দিছে যে ৰোগীক টেটু চেপা নিদিয়াকৈও মানৱ সেৱাৰ এখন পৰিক্ষেত্ৰ ৰচনা কৰিব পাৰি আৰু এনেকুৱা সেৱাময় জীৱনটো চিকিৎসকগৰাকীৰ মানসম্পন্ন জীৱনৰ হেঙাৰ হ'ব নোৱাৰে। আমি চৌদিশে দেখি থকা বুজন অংশৰ চিকিৎসকৰ ধনৰ লালসা আচলতে আজিৰ সমাজখনৰ ভোগ-প্ৰাচুৰ্যৰ পিছত দৌৰাৰ এক মানসিকতাৰহে প্রতিফলন। চিকিৎসকৰ এনে মানসিকতাৰ বাবেই ভীতিগ্রস্ত হৈ পৰা বহু দৰিদ্ৰ সাধাৰণ ৰোগীয়ে সর্বস্বান্ত হ'ব লগা হোৱাৰ আশংকাত দেহৰ ৰোগ দেহতে লৈ বেদনাদগ্ধ হৈ এসময়ত বিনা চিকিৎসাৰে চকু মুদিব লগীয়া অবস্থা হোৱাৰ বহু উদাহৰণ এই সমাজতে বিদ্যমান। দুটকীয়া ডাক্তৰ ৰাইৰু গোপাল, সদাগৰ দেউৰীৰ দৰে চিকিৎসকসকল এনে লোকৰ বাবে একমাত্র আশাৰ থল।