ডিজিটেল ডেস্ক : নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসম। চৰকাৰে যিমানেই নিযুক্তিৰ পৰিসংখ্যা নিদিয়ক কিয়, ৰাজ্যখনত দ্রুতগতিত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে যুৱক-যুৱতী। আজিৰ তাৰিখত ৰাজ্যখনত পঞ্জীয়নভুক্ত মুঠ নিবনুৱাৰ সংখ্যা হৈছে ২২,২৬,৮৯৪জন। এই তথ্য বিধানসভাৰ মজিয়াত প্রকাশ কৰিছে খোদ ৰাজ্য চৰকাৰখনে। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকনে প্রকাশ কৰা মতে ২০০৬ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যখনত থকা শিক্ষিত নিবনুৱাৰ সংখ্যা আছিল ১৬,৪২,৭১৮জন। অর্থাৎ ন বছৰত ৰাজ্যখনত নিবনুৱাৰ সংখ্যা ৫,৮৪,১৭৬জন বৃদ্ধি পালে। এই সময়ছোৱাত ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগত নিযুক্তি দিছিল ৪৬,২৩৬জনক। আনহাতে ২০১৬ চনৰ পৰা ২০২১ চনৰ ২৬ ছেপ্টেম্বৰলৈকে অফলাইনযোগে পঞ্জীয়নভুক্ত হোৱা শিক্ষিত নিবনুৱাৰ সংখ্যা হৈছে ১৮,০৫,৪৪১ জন।
সদনত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সময়ছোৱাত ৪৬টা বিভাগত চাকৰিত নিযুক্তি লাভ কৰিছিল ২১,৮৭৫জন। ইয়াৰ বিপৰীতে ২০২১ চনৰ ২৭ ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈকে পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা হৈছে ২২,২৬,৮৯৪জন। অথচ ২০১৬ চনত ৰাজ্যখনত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ১৬,৪২,৭১৮জন। এয়া পঞ্জীয়নভুক্ত তথ্যহে। পঞ্জীয়ন নকৰাখিনিক ধৰিলে বহু বেছি হ'ব নিবনুৱাৰ সংখ্যা। আনহাতে অতি উদ্বেগজনক কথা এয়ে যে ৰাজ্যখনত অভাৱ হৈছে হাজিৰাভিত্তিক শ্ৰমৰো। শেহতীয়াভাৱে ফাদিল হোৱা এক তথ্যই এই কথা ক'বলৈ বাধ্য কৰিছে। কাৰণ ৰাজ্যখনৰ প্ৰায় ১৪,০০০ নিবনুৱাই কর্ণাটকত শ্রমিক হিচাপে পঞ্জীয়ন কৰিছে। কেৱল কর্ণাটকেই নহয়, কর্মসংস্থাপন বিচাৰি এইদৰে নিতৌ বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অসংখ্য যুৱক-যুৱতী। উল্লেখনীয় কথাটো হৈছে কর্ণাটকত পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকৰ ভিতৰত অসমৰ যুৱক-যুৱতীৰ সংখ্যাই দ্বিতীয় সর্বাধিক। ৰাজ্যখনত সৰ্বাধিক ২২ হাজাৰ বিহাৰৰ নিবনুৱাই প্ৰব্ৰজিত শ্রমিক হিচাপে নিয়োজিত হৈ আছে। কর্ণাটকত শ্রমিক হিচাপে কাম কৰা এইসকল অসমীয়াই কৰ্ণাটকৰ শ্রম বিভাগৰ অধীনত নাম পঞ্জীয়ন কৰি নিৰ্মাণ খণ্ডকে ধৰি উদ্যোগ-কাৰখান তথা প্রতিষ্ঠানসমূহত শ্রমিক হিচাপে নিয়োজিত হৈছে। অসমৰ দৰে নিবনুৱা সমস্যাই ভিৰ কৰা ৰাজ্য এখনত স্ব-নিয়োজনৰ বিষয়টোত চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত। সংস্থাপনহীনতাৰ বিষয়টো সাম্প্রতিক সময়ত অতি ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। বেছিভাগ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰিত সংস্থাপন লাভৰ আশা কৰাটো স্বাভাৱিক প্ৰৱণতা। আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চৰকাৰী চাকৰিত সংস্থাপন বিচৰাটো বহুতৰ বাবে আকাশত কাছৰ কণী বিচৰাৰ দৰে কথা। তীব্র প্রতিযোগিতাৰ দিনত যোগ্যৰ মাজৰ পৰা যোগ্যজনক বিচাৰি চৰকাৰে নিৰ্দিষ্টসংখ্যক পদত নিযুক্তি দিছে। এই প্রতিযোগিতাত কাৰোবাৰ ভাগ্য সুপ্রসন্ন হৈছে, আন কোনোবাজন বঞ্চিত হৈছে। বেচৰকাৰী খণ্ডতো অসমত সংস্থাপন সীমিত। উদ্যোগ, ব্যাৱসায়িক প্রতিষ্ঠান আদিত সংস্থাপনৰ পৰিৱেশো আশাব্যঞ্জক নহয়। যাৰ বাবে সংস্থাপনহীনতাত ভোগা অসমৰ অধিকসংখ্যক নিবনুৱাই বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে। মাহেকত মাত্র ১৫-২০ হাজাৰ টকা উপাৰ্জনৰ বাবেও বহুতেই মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক আদি ৰাজ্যলৈ যাবলৈ বাধ্য হৈছে।
তথ্য অনুসৰি এইকেইখন ৰাজ্যত অসমৰ পৰা গৈ কৰ্মৰত যুৱক-যুৱতীৰ সংখ্যা কেইবা লাখ হ'ব। এই তথ্যই স্পষ্ট কৰিছে যে নিজ ৰাজ্যত সংস্থাপনৰ অভাৱত কিম্বা স্ব-নিয়োজনৰ অভাৱত বৃহৎসংখ্যক কর্মপটু অসমীয়া যুৱক বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে। এইসকলৰ বহুতৰ হয়তো ঘৰত থাকি পৰিয়াল পোহপাল দিব পৰা আর্থিক সক্ষমতা নাই। অর্থাৎ উপাৰ্জনৰ কোনো পথ নাই। উপাৰ্জন কৰিবলৈ কোনো উৎস নাই। বহিঃৰাজ্যত শ্রমদান কৰা অসমৰ এইসকল শ্রমিক নিশ্চয়কৈ অসমৰ দক্ষতাপূর্ণ সম্পদ। কর্মদক্ষতা অবিহনে তেওঁলোকে তাত সংস্থাপিত হ'ব নোৱাৰিলেহেঁতেন। সেয়েহে অসমত এওঁলোকক সংস্থাপিত কৰাৰ পৰিৱেশ সূচনা হ'ব লাগে। এওঁলোকৰ অধিকসংখ্যকেই খিলঞ্জীয়া যুৱক। ঔদ্যোগিক প্রতিষ্ঠান আদিৰ কথা বাদেই দিলোঁ, অসমত কৃষি আৰু আনুষংগিক খণ্ডত সংস্থাপনৰ এক পৰিৱেশ সূচনাৰ সহজ পথ আছে। ৰাজহুৱা উদ্যোগবোৰ যিহেতু চৰকাৰৰ পৃষ্ঠপোষকতাতেই ধ্বংস হৈছে আৰু অসমত ব্যক্তিগত খণ্ডৰ দ্বাৰা উদ্যোগ স্থাপনো আশা কৰা ধৰণে হোৱা নাই, তেনেক্ষেত্ৰত চৰকাৰৰ আত্মনিৰ্ভৰ অসমৰ ধাৰণাক ত্বৰান্বিত কৰি অধিকসংখ্যক নিবনুৱাক সংস্থাপনৰ পথ মোকলাই দিব পাৰি। ইয়াৰ বাবে চৰকাৰৰ সদিচ্ছা থাকিব লাগিব। কৃষি আৰু আনুষংগিক খণ্ডত অসম আত্মনিৰ্ভৰশীল হ'লে অসম অর্থনৈতিকভাবে লাভান্বিত হ'ব। ইয়াৰ বাবে কৰ্মদক্ষ যুৱক-যুৱতী উৎপাদনমুখী হ'ব লাগিব। চৰকাৰে কাৰোবাক স্ব-নিয়োজনৰ সুবিধা উপলব্ধ কৰাই দিব লাগিব, আন কাৰোবাক আকৌ সমবায় ভিত্তিত হ'লেও উপাৰ্জনৰ পথ দেখুৱাব লাগিব। নিজ ঘৰত থাকি যদিহে সমান পৰিমাণৰ উপাৰ্জন কৰিব পাৰে তেন্তে বহিঃৰাজ্যলৈ যোৱাৰ প্ৰয়োজন ক'ত? ইয়াৰ দ্বাৰা অসমে বহিঃৰাজ্যৰ পৰা ৰপ্তানি কৰা খাদ্য সামগ্রী অসমতেই উৎপাদন কৰিবলৈ সক্ষম হ'ব। অসমৰ ধন অসমতে থাকি যাব। গ্রাম্য অর্থনীতি সুদৃঢ় হ'ব। হাতে-কামে এনেবোৰ ধাৰণা বা আলোচনাক সাকাৰ ৰূপ দিবলৈ চৰকাৰে তড়িৎ গতিত কিছু পদক্ষেপ ল'ব লাগে। আমাৰ নিবনুৱাসকলৰো দৃষ্টিভংগী সলনি হোৱা উচিত। শ্রমবিমুখ মানসিকতা পৰিহাৰ কৰা উচিত।