অক্ষমণীয়

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৮৩ দিনীয়া তদন্তৰ অন্তত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে যোৱা ১২ ডিচেম্বৰত ১২ হাজাৰৰো অধিক পৃষ্ঠাৰ যি অভিযোগনামা কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰিলে তাত ৭গৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ যিবোৰ ধাৰা আৰোপ কৰা বুলি এছ আই টিৰ মুৰব্বীয়ে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে, সেইবোৰলৈ লক্ষ্য কৰিলে আৰু অভিযুক্তকেইজনৰ সমগ্ৰ অধ্যায়টোৰ ভূমিকালৈ চালে অভিযুক্তকেইজনৰ জঘন্য মানসিকতাতো ওলাই পৰেই, লগে লগে আমাৰ সমাজখনৰ সাংঘাতিকভাৱে অৱক্ষয় ঘটা ৰূপটোও স্পষ্ট হৈ পৰে। এছ আই টিৰ অভিযোগনামাক লৈ ৰাজ্যত বিভিন্ন মাধ্যমত বিভিন্ন ধৰণে চৰ্চা হৈছে। বিৰোধী ৰাজনৈতিক দলৰ কোনো কোনোরে ইয়াক কল্প কাহিনী বুলিও কৈছে। কিন্তু সাধাৰণভাৱেও প্রকাশিত বিভিন্ন ছবি আৰু খবৰৰ ভিত্তিত মৃত্যুৰ পটভূমি, পৰিৱেশ আৰু পৰিস্থিতিৰ বিশ্লেষণ কৰিলেও শিল্পীগৰাকীৰ মৃত্যুৰ সমগ্ৰ পৰিৱেশটো যে পৰিকল্পিতভাবে নির্মাণ কৰা হৈছিল আৰু তেওঁৰ মৃত্যু অৱধাৰিত কৰি তোলা হৈছিল সেইটো হৃদয়ংগম কৰা কঠিন নহয়। প্রথম চাৰিগৰাকী অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে অভিযোগনামাত সন্নিৱিষ্ট কৰা ধাৰাসমূহত অন্যতম এটা ধাৰা আৰোপ কৰা বুলি কোৱা হৈছে, যিটোৰ মানে হৈছে 'হত্যাৰ উমৈহতীয়া অভিপ্রায়' (Common Intention)। 

সেই অভিযুক্তকেইজনৰ অভিপ্রায় কি আছিল, সেইটো আনে জনাৰ উপায় নাই, কিন্তু এছ আই টিৰ জেৰাত নিশ্চয় তেওঁলোকে দিয়া স্বীকাৰোক্তি তথা লাভ কৰা তথ্য-পাতিৰ পৰা তদন্তকাৰীসকল নিশ্চিত হৈছে বা আদালতত দাখিল কৰিব পৰাকৈ প্ৰমাণ পাইছে যে বিৰল প্রতিভাসম্পন্ন শিল্পীগৰাকীৰ মৃত্যুৰ পৰিৱেশ এওঁলোকে সম্মিলিতভাৱে ৰচনা কৰিছিল। শাৰীৰিকভাৱে অসুস্থ বুলি গম পালে ভাল বন্ধুৱে বা পৰিচিত ব্যক্তিয়ে সেই ব্যক্তিক সুৰা সেৱনৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰে। প্ৰয়োজনত তেনে বন্ধু কঠোৰো হয়। অন্য উপায় নাপালে পৰিয়ালক কৈয়ো ব্যক্তিজনক সুৰা সেৱনৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰে। এয়া আমি সকলোৱে ভাল সমাজত দেখি থকা কথা। তেনেস্থলত অসুস্থ জুবিন গাৰ্গক (যি কেইবাবাৰো ছিজাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল) এই অভিযুক্তকেইজনে তেওঁ সুৰা সেৱন কৰিব পৰাৰ সকলো ব্যবস্থা কৰি দিয়াৰ কথা অভিযোগনামাত থকা বুলি বিভিন্ন মাধ্যমৰ বাতৰি প্ৰচাৰ হৈছে। প্রকাশিত বাতৰিবোৰৰ মতে, শ্যামকানু মহন্তই যোগান ধৰা সুৰা সিদ্ধার্থ শৰ্মাৰ জৰিয়তে অমৃতপ্রভা মহন্তই জুবিন গাৰ্গক সেৱন কৰিবলৈ দিছিল। তেনেকৈ নিচাগ্রস্ত হৈয়ে জুবিন গার্গে সাগৰত সাঁতুৰিবলৈ জঁপিয়াওঁতেও তেওঁৰ কাষতে থকা অভিযুক্ত কেইজনৰ এজনেও বাধা দিয়া নাছিল। অথচ এওঁলোক আছিল শিল্পীগৰাকীৰ ঘনিষ্ঠ সতীর্থ, বন্ধু, দীর্ঘ কালৰ সংগী। মনত বেয়া অভিপ্রায় নাথাকিলে তেওঁলোকে জুবিন গাৰ্গক এনেকৈ নিশ্চিত মৃত্যুৰ সন্মুখলৈ ঠেলি নিদিলেহেঁতেন। পৰৱৰ্তী সময়ত আদালতৰ বিচাৰত বিষয়টো কেনেদৰে প্ৰতিষ্ঠা হয় সেয়া ক'ব নোৱাৰি, কিন্তু সাধাৰণভাৱেই এই সংগীসকলৰ যে মতলব ভাল নাছিল সেইটো ধাৰণা কৰিব পাৰি। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকী খেয়ালী মনৰ আছিল; তেওঁ যি ভাবে তাকেই কৰিছিল; সেইবিলাক কথা তেওঁৰ সংগীসকলে নজনা নহয়। তাৰ পিছতো ছিংগাপুৰলৈ লৈ যোৱা শিল্পীগৰাকীৰ ক্ষেত্ৰত সংগীসকলে কৰা হঠকাৰী, বেপৰুৱা আচৰণৰ পৰিণতিত এটা বিৰল শিল্পীসত্তা হেৰাই গ'ল। গতিকে অভিযোগনামাত ৭জন 'সংগী'ৰ বিৰুদ্ধে ধাৰাবোৰ 'কাল্পনিকভাৱে আৰোপ কৰা' বুলি ভাবিবৰ থল নাই। ১৯ ছেপ্টেম্বৰৰ পৰা সমগ্র ঘটনা প্রৱাহৰ ওপৰত দৃষ্টি ৰখা প্ৰতিগৰাকী মানুহেই এই ধাৰণাই কৰি আহিছে যে জুবিন গাৰ্গক সংগীসকলেই মাৰিলে। 

প্রসংগক্রমে উল্লেখ কৰা উচিত হ'ব যে জুবিন গাৰ্গৰ মৃত্যুৰ এই অধ্যায়টোৱে আমাৰ সমাজৰ ক্ষয়িষ্ণু মানসিকতাকো প্রতিফলিত কৰিছে। সুৰা সেৱনক লাহে লাহে এটা 'সামাজিক সংস্কৃতি!' লৈ ৰূপান্তৰ কৰা হৈছে। কেতবোৰ 'অভিজাত' সমাজত অসমীয়া পুৰুষ-মহিলাই মিলি একেলগে সুৰা সেৱন কৰাটো, অশালীন নৃত্য কৰাটো কিছুমান ব্যক্তিগত, সামজিক অনুষ্ঠানৰ অংগৰ লেখিয়া হৈ পৰিছে। এই 'সুৰাৰ কালচাৰ'ৰ পৰিণতিত অলক্ষিতে কিমান অবাঞ্ছিত ঘটনা ঘটিছে, কিমানে মৃত্যুবৰণ কৰিব লগা হৈছে তাৰ লেখ-জোখ নাই।

এতিয়া পৰিস্থিতি এনে হৈছেগৈ যে নতুনকৈ আমাৰ সমাজত বিয়পি পৰা এই 'কালচাৰ'ত কোনেও কাকো সুৰা সেৱন কৰিবলৈ বাধা নিদিয়ে, বৰঞ্চ উৎসাহিতহে কৰে। সেই 'কালচাৰ'ৰ সাহসতে বোধহয় ছিংগাপুৰত অমৃতপ্রভাই জুবিন গাৰ্গৰ দৰে অসীম প্রতিভাসম্পন্ন শিল্পীগৰাকীলৈ সুৰাৰ গিলাচ আগবঢ়াই দিবলৈ সাহস কৰিছিল। শিল্পীগৰাকীৰ সেই 'সংগী 'সকলৰ বিৰুদ্ধে কঠোৰতম ধাৰা আৰোপ কৰাটো উচিত হৈছে, আদালততো বোধহয় এই ধাৰাবোৰৰ ঔচিত্যক প্রতিপন্ন কৰিবলৈ চৰকাৰী পক্ষ সক্ষম হ'ব। এই 'সংগী'সকলৰ দৃষ্টান্তমূলক শাস্তি হোৱাটো শিল্পীগৰাকীৰ প্ৰতিগৰাকী অনুৰাগীয়ে কামনা কৰিছে, কাৰণ তেওঁলোকে ছিংগাপুৰত যি কৰিলে সেয়া অক্ষমণীয় অপৰাধ।

Share This