ডিজিটেল ডেস্ক: 'Great achievement is usually born of greatest sacrifice and is never the result of selfishness.' আমেৰিকাৰ 'ছেল্ফ-হেল্প' লেখক নেপোলিয়ন হিলে কৈ থৈ যোৱা কথা এয়া। মহত্তম কিবা এটা এনেয়ে পোৱা নাযায়, মহত্তম প্রাপ্তিৰ আঁৰত সাংঘাতিক ত্যাগৰ অধ্যায় এটা থাকে। সত্য যুগৰ 'সমুদ্র মন্থন'ৰ যি অধ্যায় ভাৰতীয় আধ্যাত্মিক শাস্ত্রত আছে তাত এই চৰম সত্যই প্রকাশ ঘটিছে। 'সমুদ্র মন্থন'ত উৎপন্ন হোৱা বিষখিনি দেৱাদিদেৱ মহাদেৱে সেৱন কৰা বাবেহে দেৱতাসকলে 'অমৃত' ভক্ষণ কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ 'অমৃত' পাবলৈ কোনোবা 'নীলকণ্ঠ' হ'বই লাগিব। দধীচিয়ে আত্মত্যাগ কৰি নিজৰ হাড়বিলাক দেৱতাক দিয়া বাবেহে দেৱতাই পৰম শক্তিশালী অস্ত্র 'বজ্র' নির্মাণ কৰিব পাৰিছিল।
এইবোৰ ভাৰতীয় পৌৰাণিক শাস্ত্ৰৰ কাহিনী হ'লেও বৃহত্তম ত্যাগৰ বিনিময়ত মহত্তম প্ৰাপ্তিৰ উদাহৰণ যুগে যুগে মানৱ সমাজে দেখি আহিছে বা শুনি আহিছে আধুনিক বিশ্বৰ প্রান্তে প্রান্তে ঘটা ঘটনাৰ পৰা। বিশ্বৰ যিকেইটা মহান বিপ্লৱৰ কথা চৰ্চা হৈ থাকে, যিকেইটা বিপ্লৱে পৃথিৱীলৈ যুগমীয়া ৰূপান্তৰ আনিছিল, সেই প্রতিটো বিপ্লৱৰ আঁৰত আছে হেজাৰ হেজাৰ জনৰ আত্মত্যাগৰ ইতিহাস। ১৩,৫০০ শ্বহীদৰ আত্মত্যাগ আৰু অসংখ্যজন নির্যাতিতৰ ত্যাগৰ বিনিময়তহে ভাৰতে লাভ কৰিছিল স্বাধীনতা। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে- এই সত্যটো প্রতিষ্ঠা কৰিবৰ বাবে গেলিলিওৱে ৰোমান সম্রাটৰ শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল। আধুনিক বিশ্বৰ এনেকুৱা আত্মত্যাগৰ অধ্যায়বিলাক আৰু ইয়াৰ বিনিময়ত মানৱজাতিয়ে পোৱা দুর্লভ উপহাৰবিলাকৰ চৰ্চা হৈ থাকে। মহত্তম উপহাৰ একোটা দিবলৈ শ্রেষ্ঠতম ত্যাগ কৰাসকল সেই কাৰণে যুগে যুগে বন্দিত হৈ থাকে। ৪০ বছৰৰ আগতে অসমবাসীয়েও দেখা পাইছিল কেনেকৈ নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে কেনেকৈ শ শ জন লোকে কেনেকৈ হাঁহি হাঁহি নিজৰ জীৱন উৎসর্গা কৰিব পাৰে।
সেই বিখ্যাত অসম আন্দোলনৰ পৰা আমাৰ ৰাজ্যখনে বা আমাৰ জাতিটোৱে মহত্তম কিবা এটা পালে নে নাই সেয়া বেলেগ কথা, কিন্তু আত্মত্যাগৰ তেনেকুৱা শ্রেষ্ঠতম অধ্যায় জাতিৰ ইতিহাসত বিৰল। দেশৰ বা জাতিৰ ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমানক বিসর্জন দিয়া অসম আন্দোলনৰ সেই মহান শ্বহীদসকলক শ্রদ্ধা জনাবৰ বাবে আজি মহানগৰীৰ বৰাগাঁৱত উন্মোচন হ'ব বিশালাকৃতিৰ সুদৃশ্য শ্বহীদ স্তম্ভ তথা শ্বহীদ উদ্যান। জাতিৰ ভালৰ বাবে কৰা শ্রেষ্ঠতম আত্মত্যাগৰ সেই অধ্যায়ক যুগ যুগলৈ গৌৰৱেৰে সোঁৱৰণ কৰি থাকিব পৰাকৈ এনে এক সোঁৱৰণী ক্ষেত্ৰ নিৰ্মাণ কৰা বাবে ৰাজ্য চৰকাৰক ধন্যবাদ দিবই লাগিব। অসম আন্দোলন দেখা মানুহৰ সংখ্যা ৰাজ্যত কমি আহিছে। যিসকলে সেই ছটা বছৰ দেখিছিল আৰু বুজি পাইছিল, তেওঁলোকে উপলব্ধি কৰিব পাৰে সাধাৰণ অসমীয়া মানুহৰ অসম প্ৰেমৰ গভীৰতা। বিশেষকৈ ১৯৮৩ চনৰ নিৰ্বাচনৰ সময়ছোৱাত জাতিৰ ৰক্ষাৰ বাবে যুঁজিবলৈ আগবাঢ়ি অহাসকলৰ মৃত্যুভয় সমূলি নাছিল। নির্বাচন প্রতিৰোধী সংগ্ৰামত বহুজনে গুলী বুকু পাতি লৈছিল। দুলীয়াজানকে ধৰি বিভিন্ন তৈলক্ষেত্ৰ অৱৰোধ, গুৱাহাটীত সান্ধ্য আইন ভংগৰ দৰে অধ্যায়বোৰ আছিল নির্ভীক অসমীয়া সংগ্ৰামীৰ সাহস, নিষ্ঠা আৰু আত্মত্যাগৰ সাহসিকতাৰ অবিস্মৰণীয় ইতিহাস।
অসম আন্দোলনোত্তৰ যোৱা ৪টা দশকত একেধৰণৰ আন্দোলন বহুকেইটা হৈছে যদিও নিঃস্বার্থ, দেশাত্মবোধসম্পন্ন অসম আন্দোলন আছিল অনন্য। সেই আন্দোলনটোৰ মাজতো কিছুমান দোষ ওলাইছিল বা এতিয়াও তাৰ চর্চা হয়, কিন্তু আন্দোলনত জড়িত হোৱা আৰু আত্মত্যাগৰ মহান অধ্যায় ৰচনা কৰা সাধাৰণ মানুহৰ সেই সময়ছোৱাৰ ভূমিকা অতুলনীয়। সেই আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা আজিৰ দিনটো (১০ ডিচেম্বৰ, প্রথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদ বৰণৰ দিন)ত মহানগৰীত উন্মোচন হ'বলগীয়া 'শ্বহীদ স্মাৰক ক্ষেত্ৰ'খন দিল্লীৰ ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধিস্থলৰ দৰেই পৱিত্ৰ ক্ষেত্ৰ হৈ থাকক আৰু যুগে যুগে সেই মহান শ্বহীদসকলক প্ৰজন্মৰ পিছত প্রজন্মই শ্রদ্ধা নিবেদন কৰি থাকক- সেই আশা প্ৰতিগৰাকী অসমপ্রেমীয়ে কৰে।
অসম আন্দোলনত উদ্ভাস ঘটা জাতিপ্রেম আৰু ইয়াৰ লক্ষ্যক ১৯৮৫ ত সম্পাদিত 'অসম চুক্তি 'খনে পূৰণ কৰিব নোৱাৰিলে, অবৈধ বিদেশীৰ সমস্যাটোৰ সমাধান আজিলৈকে নহ'ল, বৰঞ্চ তাক কেন্দ্ৰ কৰি নতুন নতুন সমস্যা কিছুমানৰ সৃষ্টিহে হ'ল। সেই দিশৰ পৰা অসম আন্দোলনকাৰীৰ শ্রেষ্ঠতম ত্যাগৰ বিনিময়ত একো মহত্তম প্রাপ্তি নঘটিল বুলি ক'ব পাৰি; কিন্তু তাৰ পাছতো জাতিটোৱে পোৱা 'মহত্তম প্রাপ্তি'টো হ'ল অসমীয়া যে এটা সংগ্রামী জাতি, ইচ্ছা কৰিলে এই জাতিয়ে প্রয়োজনত 'নতুন শৰাইঘাট'ৰ সৃষ্টি কৰিব পাৰে, সেই সত্যটো দেশবাসীৰ সন্মুখত, বিশ্বৰ সন্মুখত প্রতিষ্ঠা হ'ল। সেই সংগ্ৰামৰ শ্বহীদসকললৈ আজি শ্বহীদ দিৱসত আমিও যাচিলোঁ শত প্রণাম। সুধাকণ্ঠৰ ভাষাৰেই- 'বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন/জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰা ৰণ/ তুমিয়েতো দানবীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা/ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলা/শ্বহীদ প্রণামো তোমাক...।'