ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকাক ৫২ ৰানত হৰুৱাই আই চি চি মহিলা বিশ্ব কাপত প্ৰথমবাৰলৈ ভাৰতে খিতাপ জয়ৰ কৃতিত্ব অর্জন কৰিলে। ৪৭ বছৰীয়া দীর্ঘ অপেক্ষাৰ অন্ত পেলাই সমগ্র দেশতে আনন্দৰ বন্যা বোৱালে ভাৰতীয় দলটোৱে। দুবাৰকৈ খিতাপৰ যুঁজত উপনীত হৈও শেষ হাঁহি মাৰিব নোৱৰা ভাৰতীয় মহিলা ক্রিকেট দলটোৰ বাবে ই নিঃসন্দেহে এক অনির্বচনীয় আনন্দৰ কথা। সঁচাকৈয়ে যদিহে ২৫ জুন, ১৯৮৩ ভাৰতীয় পুৰুষৰ ক্রিকেটৰ বাবে এক অবিস্মৰণীয় দিন তেতিয়াহ'লে ২ নৱেম্বৰ, ২০২৫ চনো ভাৰতীয় ক্রীড়া ইতিহাসৰ বাবে একেই এটা দিন। কপিল দেৱ বাহিনীয়ে লর্ডছত শক্তিশালী বেষ্ট ইণ্ডিছ বাহিনীক পৰাস্ত কৰি এক ইতিহাস ৰচিবলৈ সক্ষম হৈছিল। এক পাহৰিব নোৱৰা ক্ষণ। প্ৰতিগৰাকী ক্রীড়াপ্রেমীৰ দুনয়নত প্রাপ্তিৰ চকুলো বোৱা এক ক্ষণ। তেনে এক সাফল্যৰ সপোন মহিলা ক্রিকেট দলেও প্রতিনিয়ত বুকুত কঢ়িয়াই লৈ ফুৰিছিল। আৰু সেই সপোন এইবাৰ দেশৰ মাটিতেই সাকাৰ কৰিবলৈ সফল হ'ল হৰমনপ্রীত কৌৰ বাহিনী। শেফালী বার্মা, স্মৃতি মান্ধানা, জেমিমা বড্রিগুৱেজ, অমনজোট কৌৰ, দীপ্তি শৰ্মা, উমা চেত্রী, বিছা ঘোষ, বেণুকা সিং, ক্রান্তি গৌড়, প্রতিকা ৰাৱাল আদি দক্ষ খেলুৱৈয়ে সর্বোচ্চ উজাৰি কোটি কোটি ভাৰতীয়ৰ আশা বাস্তৱায়িত কৰি পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ভাৰতীয় মহিলা কোনোগুণে কম নহয়। এই বিজয়ৰ পাছতেই ভাৰতীয় মহিলা ক্রিকেট দলটোৰ অধিনায়ক হৰমনপ্রীত কৌৰে এক শক্তিশালী বার্তা ক্রীড়া অনুৰাগীলৈ প্ৰেৰণ কৰে। 'লেডী কপিলদেৱ' অভিহিত এইগৰাকী ক্রীড়াবিদে ভাৰতীয় দলটোক নেতৃত্ব বহন কৰি বিজয়ৰ সোৱাদ দিয়া মুহূৰ্তৰ আগলৈকে কিন্তু বহু সমালোচনাৰো সম্মুখীন হ'বলগীয়া হৈছিল। ইয়াৰ কাৰণ আছিল লীগৰ তিনিখনকৈ মেচত ভাৰতীয় দলটো একেৰাহে পৰাস্ত হৈছিল আৰু যাৰ বাবে দলটোৱে এই সফলতা বুটলিব পাৰিব বুলি বহুতেই কল্পনা কৰা নাছিল। ২০০৫ আৰু ২০১৭ চনত ফাইনেলত প্রৱেশ কৰিলেও জয়ী হ'ব পৰা নাছিল ভাৰতে। পিছে এইবাৰ সেই বিফলতাক একাষৰীয়া কৰি শ্ৰেষ্ঠত্ব অর্জন কৰিলে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে।
এই জয়ৰ জৰিয়তে ভাৰতীয় দলটোৱে আন এক অভিলেখো গঢ়িবলৈ সক্ষম হৈছে। সেয়া হৈছে দলটোৱে পুৰস্কাৰৰূপে লোভনীয় পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। ফাইনেলৰ পূৰ্বে ভাৰতীয় ক্রিকেট ব'র্ডে ঘোষণা কৰিছিল যে বিজয়ী দলক বিশেষ আর্থিক পুৰস্কাৰ দিয়া হ'ব। আৰু প্রতিশ্রুতি ৰক্ষা কৰি বি চি চি আয়ে ভাৰতীয় দলটোক ৫১ কোটি টকা প্রদান কৰিছে। ইয়াৰ উপৰি আন্তর্জাতিক ক্রিকেট কাউন্সিল (আই চি চি)ৰ নিৰ্ধাৰিত প্রাইজমানি হৈছে ৪৪ লাখ ৮০ হাজাৰ মার্কিন ডলাৰ, অৰ্থাৎ প্রায় ৪০ কোটি টকা। ফলস্বৰূপে বিজয়ী দলটোরে ট্রফীৰ সৈতে মুঠ ৯১ কোটি টকা লাভকৰিবলৈ সক্ষম হৈছে, যি মহিলা ক্রিকেটৰ ইতিহাসত সর্বোচ্চ। আশ্চর্যৰ বিষয় এয়াই যে এইবেলি বিজয়ী মহিলা ক্রিকেট দলে লাভ কৰা ধন ২০২৩ৰ পুৰুষ বিশ্ব কাপৰ বিজয়ী দলটোবে লাভ কৰা ধনতকৈও বেছি। ই মাত্ৰ সংখ্যাৰ অভিলেখেই নহয়, মহিলা ক্রিকেটত এক নতুন অর্থনৈতিক বাস্তৱতাৰ প্রতীক। মহিলাসকলক সদায়ে অৱদমিত কৰিবলৈ চেষ্টা কৰি অহা এটা শ্ৰেণীৰ বাবে ই সঁচাকৈয়ে এক অকল্পনীয় কথা। নাৰী-পুৰুষ বুলি সততে কৰি অহা বৈষম্যৰ বিপৰীতে এইবেলি ভাৰতীয় ক্রিকেট ব'র্ডে ঘোষণা কৰা আৰ্থিক পুৰস্কাৰে মহিলা ক্রিকেটক এক অন্য মাত্রা প্রদানত সহায় কৰিলে। ২০১৭ চনত ভাৰতীয় মহিলা দলটো ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হোৱাৰ পাছত চৰম সমালোচনাৰ বলি হৈছিল। 'তোমালোক ছোৱালীবোৰে কি কৰিব পাৰা? ছোৱালীয়ে ক্রিকেট খেলিব পাৰে নেকি?'-ইত্যাদি ধৰণৰ তির্যক মন্তব্য কৰিছিল একাংশই। আন নহয়, খোদ বি চি চি আইৰ প্রাক্তন সভাপতি এন শ্রীনিবাসনেও মহিলা ক্রিকেটক ঘৃণাৰ চকুৰে চোৱা আৰু কটু মন্তব্য কৰাৰ অভিযোগ আছে। তেনে এক পৰিৱেশৰ পৰা ওলাই আহি দল এটাক সঠিকভাবে নেতৃত্ব প্রদানেৰে আগুৱাই নি বিজয়ৰ সোৱাদ দিয়াটো কম কথা নহয়। সেয়ে হয়তো দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্রিকেটক লৈ থকা-'ভদ্রলোকৰ খেল ক্রিকেট' এই প্রচলিত ধাৰণাক নস্যাৎ কৰি ইমান দিনে বুকুত কঢ়িয়াই থকা বেদনা প্রশমিত কৰিছিল। বিশ্বজয় কৰি সেয়ে নিজৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ অগণিত জনতাৰ বিবেকত জোকাৰণিৰ সৃষ্টি কৰিছে। ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা ফটোখনত বিশ্বজয়ৰ ট্ৰফী সাবটি শুই থকা অধিনায়ক কৌৰে পিন্ধি থকা টী ছাৰ্টৰ পিঠিত লিখা আছিল এইদৰে-ক্রিকেট সকলোৰে খেল। 'জেন্টেলমেন' শব্দটো কাটি তেওঁ গৰ্বেৰে ঘোষণা কৰে যে ক্রিকেট সকলোৰে বাবে। ইতিহাস ৰচি আৱেগ বিহ্বল হৈ পৰা ক্ৰীড়াবিদগৰাকীয়ে হয়তো অতদিনে পুঞ্জীভূত হৈ থকা ক্ষোভৰ বহিপ্ৰকাশ কৰিছে এইদৰে। হয়তো মহিলা বুলি থকা এক চিৰাচৰিত ধাৰণাৰ বাবেই বিশ্বজয়ী ভাৰতীয় ক্রিকেট দলটোৰ অন্যতম সদস্য এগৰাকীক লৈ আমাৰ ৰাজ্যতো কোনো মন্ত্ৰী, ৰাজনৈতিক দল-সংগঠন, ক্রীড়ানুৰাগীৰ মাজত দেখা পোৱা নগ'ল হাই-উৰুমি, উষ্মা। সদ্য সমাপ্ত আই চি চি মহিলা বিশ্ব কাপ ২০২৫-ৰ বিজয়ী দলটোৰ অংশীদাৰ অসমৰ অতি প্রতিভাৱান ক্রিকেটাৰ উমা চেত্ৰী অসমলৈ অহাৰ সময়ত বিমান বন্দৰৰ বাহিৰত খেলুৱৈগৰাকীক আদৰিবলৈ গোর্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ বাদে নাহিল কোনো।
অসম তথা উত্তৰ-পূবৰ পৰা প্রথমবাৰৰ বাবে মহিলা বিশ্ব কাপ দলত খেলাৰ সুযোগ লাভ কৰা যিগৰাকী উমাক বিপুল আদৰণি জনাবৰ বাবে বিমান বন্দৰৰ বাহিৰত লানি নিছিগা ভিৰ হ'ব লাগিছিল, সেয়া দেখা পোৱা নগ'ল কিয়? কিয় এনে বৈষম্যৰ বলি হ'ল খেলুৱৈগৰাকী? একেগৰাকী খেলুৱৈয়ে যদিহে কোনো সময়ত বেয়া প্রদর্শন কৰে তাক লৈ সমালোচনা কৰা মানুহৰ কিন্তু অভাৱ নহয়। যিটো শিল্পী জুবিন গাৰ্গৰ ক্ষেত্ৰতো দেখা গৈছিল। মৰাৰ পাছতহে গুণমুগ্ধৰ হিয়া গলিছিল। যিকোনো অলাগতিয়াল বিষয়ত বোকা ছটিওৱা খেল খেলি থকা ৰাজনৈতিক দলসমূহে এইগৰাকী ক্রিকেটাৰক লৈ যি কাৰ্য কৰিলে সেয়া সঁচাকৈয়ে গৰিহণাৰ যোগ্য। পৰৱৰ্তী সময়ত যিমানেই যি নকৰক কিয়, বিশ্ব জয় কৰি নিজ মাতৃভূমিত উপস্থিত হোৱা এগৰাকী ক্রীড়াবিদৰ প্ৰতি কৰা এনে অপমান কালৰ বুকুত খোদিত হৈ ৰ'ব।