ডিজিটেল ডেস্কঃ মেঘালয়ত 'হনিমুন' কৰিবলৈ গৈ ছুপাৰি কিলাৰ লগাই স্বামীক হত্যা কৰা নৱবিবাহিতা সোনম ৰঘুবংশীৰ কাহিনী ৰাইজৰ চৰ্চাৰ পৰা মাৰ নৌযাওঁতেই বিহাৰৰ ঔৰংগাবাদত নৱবিবাহিতাই ষড়যন্ত্ৰৰে স্বামীক হত্যা কৰাৰ বাতৰি ওলাইছে। মনত পৰিছে অসম আৰক্ষীৰ ২৬ এ পি বি এন মানকাচৰৰ হাবিলদাৰ ৰুবিৰুল হুছেইনক পত্নী বেবী বেগমে নিজা ডাম্পাৰৰ ড্ৰাইভাৰ তথা প্রেমিক মুকিব আলীৰ লগ হৈ হত্যা কৰি পুতি থোৱাৰ কাহিনী।
২০২৩ চনত কোনো এটা নিশা বন্দনা কলিতাই দুগৰাকী পুৰুষ বন্ধুৰ সৈতে মিলি নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰাই নহয়, সেই মৃতদেহ টুকুৰা টুকুৰকৈ কাটি বেগত ভৰাই নিক্ষেপ কৰিছে মেঘালয়ৰ পাহাৰৰ বুকুত- এই নৃশংসতা সহজতে পাহৰিব পাৰি জানো? উজনিৰ কোনোবা গাঁৱৰ বোৱাৰী আছিল প্রহেলিকা। তেৱোঁ প্রেমিকৰে লগ লাগি নিশা শোৱাপাটীতে স্বামীক লোহাৰ ধুমুচেৰে খুন্দিয়াই খুন্দিয়াই হত্যা কৰিছিল। কি নৃশংসতা, কি ক্রুৰতা। আকৌ সংগীতা দত্তৰ দৰে চিকিৎসক, যি জড়িত হৈছিল শিশু নির্যাতনৰ দৰে জঘন্য ঘটনাত।
ওপৰত উল্লেখ কৰা ঘটনাসমূহ থাউকতে মনলৈ অহা শেহতীয়া কিছু অপৰাধজনিত ঘটনা। ঘটনাবোৰ বিক্ষিপ্ত, বিভিন্ন সময়ৰ ঘটনা। কিন্তু এইবোৰৰ যোগসূত্ৰটো হ'ল এই অপৰাধীসমূহৰ মূল অপৰাধী একো একোগৰাকী নাৰী। মনোবিজ্ঞানীসকলে কয় যে অপৰাধ প্ৰৱণতা মানুহৰ এক সহজাত তথা প্রকৃতি প্রদত্ত প্রবৃত্তি। সমগ্র জীৱজগতৰ ভিতৰত কেৱল মানুহৰহে বোলে আছে এই প্রবৃত্তি। এই প্রবৃত্তিক আমি মানৱতা, নৈতিকতা তথা সভ্য আধুনিকতাৰ পোছাক পিন্ধাই চেতন মনৰ পৰা মাথোঁ আঁৰ কৰিহে ৰাখোঁ।
প্রকৃততে মূল কথাটো হ'ল এজন মানুহৰ মাজত আন এজন মানুহ সদায় লুকাই থাকে। তেওঁ দেৱতাও হ'ব পাৰে, অসুৰো হ'ব পাৰে- বিভিন্ন সামাজিক কাৰকেহে নিৰ্ণয় কৰে এই প্রবৃত্তি জাগ্ৰত হোৱাৰ অন্তৰালৰ কাহিনী। সেই দিশৰ পৰা পুৰুষ অপৰাধী আৰু নাৰী অপৰাধী বুলি সুকীয়া সুকীয়া বিচাৰ-চিন্তাৰ প্ৰয়োজন নাই। নাৰী-পুৰুষ উভয়ৰে মনৰ মাজত আৰু এজন মানুহ সোমাই আছে বুলি বুজিব পাৰি। তৎসত্ত্বেও আমাৰ সমাজত পুৰুষৰ তুলনাত নাৰী কম অপৰাধ প্ৰৱণ বুলি সাধাৰণতে ভবা হয় আৰু সেয়ে নাৰীয়ে যেতিয়া অপৰাধ কৰে তেনে অপৰাধে অধিক চর্চা লাভ কৰে, বিশেষকৈ যেতিয়া সেই অপৰাধ অতি নৃশংস আৰু পূর্ব পৰিকল্পিত হয়। উল্লেখ কৰি অহা ঘটনাসমূহেই এনে অপৰাধৰ দৃষ্টান্ত। ইয়াৰো কাৰণ নোহোৱা নহয়। আমাৰ সামাজিক-পাৰিবাৰিক পৰিৱেশটোৱে সদায়েই নাৰীক পুৰুষতকৈ অধিক মমতাময়ী, কোমল হৃদয়ৰ আৰু আৱেগিক বুলি বিৱেচনা কৰি আহিছে আৰু নাৰী সম্পৰ্কীয় চিন্তা-চর্চাসমূহ এই বিৱেচনাৰ আধাৰতে প্রতিষ্ঠিত। সেয়ে নাৰীয়ে অপৰাধ সংঘটিত কৰিলে পুৰুষ অপৰাধীতকৈ চর্চা লাভ কৰে বেছি, তাতে যেতিয়া সেই অপৰাধ নৃশংস আৰু পূর্ব পৰিকল্পিত হয়, সেই ঘটনাই সমাজ জোকাৰি যায়- নাৰী সম্পর্কীয় দীর্ঘদিনীয়া চিন্তা-ভাবনাত প্রশ্নৰ উদ্রেক হয়। মমতাময়ী নাৰী যেন হৈ পৰিছে ছলনাময়ী! নাৰীৰ কোমলতাত ক'ৰ পৰা আহিছে এই কঠোৰতা, এই নৃশংসতা? অৱশ্যে প্রাচীন ভাৰতীয় সংস্কৃত পণ্ডিতসকলে তাহানিতে যেন এই প্ৰশ্নৰ উত্তৰৰ এক ইংগিত দি কৈ গৈছে নাৰী হৃদয় হেনো 'বজ্রাদপি কঠোৰানি মৃদুণি কুসুমাদপি'। নাৰীৰ হৃদয় কেতিয়াবা বজ্রতকৈয়ো কঠোৰ, কেতিয়াবা ফুলতকৈ কোমল। অর্থাৎ আমি সাধাৰণতে ভাবি থকাৰ দৰেই নাৰীৰ হৃদয় কেৱল ফুলৰ দৰে কোমলেই নহয়, সময়ত বজ্ৰৰ দৰে কঠোৰো।
যদিও থাউকতে হাতে পোৱাকৈ নাৰীৰ দ্বাৰা সংঘতিত শেহতীয়া অপৰাধ সম্পৰ্কত কোনো পৰিসংখ্যা নাই, তথাপি নিৰ্ভৰযোগ্যভাৱেই এই অনুমান কৰিব পাৰি যে নাৰীৰ দ্বাৰা সংঘটিত অপৰাধ, বিশেষকৈ নৃশংস, ক্রুৰতাপূর্ণ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। তাতোকৈ চিন্তনীয় কথাটো হ'ল এইধৰণৰ অপৰাধৰ অধিকাংশ শীতল মস্তিষ্কৰে, পূর্ব পৰিকল্পিত আঁচনিৰে সংঘটিত কৰা অপৰাধ। অৰ্থাৎ কোনো অনাহূত পৰিস্থিতিত পৰি, আত্মৰক্ষা কৰিবলৈ সংঘটিত কৰা কোনো অপৰাধ বা সেইধৰণৰ অপৰাধ লুকুৱাবলৈ কৰা স্তৰৰ অপৰাধ এইবোৰ নহয়। এইবোৰ অপৰাধ ধীৰে-সুস্থিৰে, চিন্তা-পৰিকল্পনা কৰি কৰা অত্যন্ত নৃশংস আৰু হিংস্ৰতাৰে ভৰা অপৰাধ।
যি নাৰীৰ হৃদয় স্নেহ-মমতাৰে ভৰা বুলি বিশ্বাস কৰা হয়, যি নাৰী পৰিয়ালৰ আধাৰ, যি নাৰী সমাজৰ গঢ় দিওঁতা, সেই নাৰীৰ একাংশৰ হৃদয়ত এই ক্রুৰতা, হিংস্ৰতাৰ তাপ বাঢ়িছে কিয়, সেয়া নিঃসন্দেহে সমাজ আৰু নৃ-তাত্ত্বিক গৱেষণাৰ বিষয় হৈ পৰিছে। সমাজৰ সৰ্বাংগীণ হিতৰ বাবে এই কাৰণসমূহ আমি জানিবই লাগিব আৰু ইয়াৰ নিৰাময়ৰ ব্যৱস্থাও কৰিব লাগিব।