বৃন্দাৱনী বস্ত্ৰ আহিব

dainik janambhumi November 19, 2025

ডিজিটেল ডেস্ক : সোমবাৰে নিশা শুভ সংবাদটো আহিল লণ্ডনৰ পৰা, অৱশেষত বৃন্দাৱনী বস্ত্ৰ অসমলৈ আহিব ব্রিটিছ মিউজিয়ামৰ পৰা। ব্ৰিটিছ মিউজিয়াম কর্তৃপক্ষৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ উপ-মুখ্য সচিবগৰাকীয়ে কৰা চুক্তি অনুসৰি কেইটামান মাহৰ বাবে সেই অমূল্য বস্ত্রখণ্ড অসমত ৰাখিব পৰা যাব। ইয়াৰ বাবে এটা বিশেষ যাদুঘৰ নিৰ্মাণ কৰিব লাগিব, যাতে সুদীর্ঘ কাল ধৰি অতি যত্নৰে সংৰক্ষণ কৰি ৰখা বস্ত্ৰখণ্ড অসমত থকা সময়খিনিতো সম্পূর্ণ সুৰক্ষিত হৈ থাকে। অসম চৰকাৰে সেই চৰ্ত মানি লৈছে আৰু উল্লিখিত যাদুঘৰটোৰ নিৰ্মাণ ২০২৭ চনৰ প্ৰথমভাগত সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ব্রিটিছ মিউজিয়াম কর্তৃপক্ষই উক্ত বস্ত্ৰখণ্ড অসম চৰকাৰক অর্পণ কৰিব। সেয়েহে, সোমবাৰে নিশা সম্পাদিত চুক্তিখন এক ঐতিহাসিক অধ্যায় ৰূপে চিহ্নিত হৈছে আৰু গুৰুজনাৰ স্মৃতি বিজড়িত এই সম্পদক অসমলৈ অনাৰ এটা পৰ্যায় সম্পূর্ণ কৰা বাবে মুখ্যমন্ত্রী ড° শৰ্মা অসমবাসীৰ ওচৰত ধন্যবাদৰ পাত্ৰ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে মহাৰাজ নৰনাৰায়ণক বৃন্দাৱনৰ দৃশ্য দেখুওৱাৰ উদ্দেশ্যে বৰপেটাৰ তাঁতীসকলৰ জৰিয়তে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰৰ কাহিনী অসমবাসীয়ে শুনিছে, পঢ়িছে। কিছু বছৰ আগলৈকে সেয়া কেৱল আছিল কাহিনী আৰু কল্পনাৰ বস্ত্ৰ। কিন্তু ঘটনাচক্ৰত পৰি যোৱা শতিকাৰ শেষৰ দশকত অসমবাসীয়ে গম পালে যে সেই পৱিত্ৰ বস্ত্ৰ হেৰাই যোৱা নাই, ই সংৰক্ষিত হৈ আছে ব্রিটিছ মিউজিয়ামত। তাৰ পাছত সমৰ্থৱান আৰু ভাগ্যৱান বহু লোকে বিদেশৰ যাদুঘৰত থকা মহাপুৰুষজনাৰ স্মৃতি বিজড়িত, অসমীয়াৰ ৰাজনৈতিক-সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সেই স্মৃতিচিহ্ন দৰ্শন কৰি ধন্য হৈছে যদিও মহাপুৰুষ দুজনাক হৃদয়ত ধাৰণ কৰি থকা সাধাৰণ মানুহৰ বাবে সেয়া দুর্লভ সপোন হৈয়ে আছে ইমান দিনে। যদি লণ্ডনত হোৱা চুক্তি মতেই কামবোৰ আগবাঢ়ে তেনেহ'লে ডেৰ বছৰমানৰ পাছত অসমীয়া মানুহৰ সেই সপোন বাস্তৱত পৰিণত হ'ব। 

বৃন্দাৱনী বস্ত্ৰক লৈ ইতিমধ্যে হোৱা ব্যাপক চর্চা, বিশেষকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত বৰুৱাই নিজাববীয়াকৈ কৰা অধ্যয়নৰ পৰা প্ৰকাশ পাইছে যে কেৱল ব্রিটিছ মিউজিয়ামতে নহয়, লণ্ডনৰ অন্য দুটা যাদুঘৰৰ উপৰি লছ এঞ্জেলছ, পেৰিছ আদি স্থানতো আছে বৃন্দাৱনী বস্ত্ৰৰ অন্য কেইটামান খণ্ড। এই চৰ্চাবোৰত প্ৰকাশ পোৱা মতে, জৈৱিক বস্তুৰ বয়স নির্ধাৰণৰ বৈজ্ঞানিক পদ্ধতি 'কার্বন ডেটিং'ৰ পৰা ব্ৰিটিছ মিউজিয়ামৰ বৃন্দাৱনী বস্ত্ৰখণ্ড সোতৰ শতিকাৰ। গতিকে, এই বস্ত্রখণ্ড মহাপুৰুষজনাৰ মহাপ্রয়াণৰ পাছত প্রস্তুতি বুলি ড° ৰঞ্জিত বৰুৱাৰ দৰে অধ্যয়নকাৰীসকলে ক'ব খোজে। উল্লেখ কৰা উচিত যে ৰঞ্জিত বৰুৱাই এই অধ্যয়নৰ ভিত্তিতে নিজাববীয়াকৈ বৃন্দাৱনী বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্র এখণ্ড ইতিমধ্যে বৈ উলিয়াই প্রদর্শনো কৰিছে। তেখেতে লছ এঞ্জেলছ আৰু পেৰিছৰ বস্ত্ৰখণ্ড মহাপুৰুষজনাৰ জীৱনকালত নির্মিত বুলি ক'ব খোজে। এইধৰণৰ চৰ্চা বা বিতর্ক যিয়েই নহওক লাগে ব্রিটিছ মিউজিয়ামৰ বস্ত্রখণ্ড যে বৃন্দাৱনী বস্ত্ৰ আৰু সেই বস্ত্রখণ্ড ঘটনাক্রমে ভূটান হৈ তিব্বতলৈ যোৱাৰ পাছত তাক ব্ৰিটিছে উদ্ধাৰ কৰি ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ কৰিছিল সেই ইতিহাসত কাৰো দ্বিমত নাই। সেই বস্ত্রখণ্ডত সেই দৃশ্যসমূহেই আছে যিবিলাক গুৰুজনাই মহাৰাজ নৰনাৰায়ণক দেখুৱাবলৈ নিৰ্মাণ কৰাইছিল। 

গতিকে, এই বস্ত্রখণ্ড দৰ্শনৰ সৌভাগ্য হ'লে মহাপুৰুষজনাক দৰ্শনৰ দৰে লাগিব। লণ্ডনত চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই কয়, 'ইমানদিনে আমি কীৰ্তনৰ মাজেৰে গুৰুজনাক পাইছিলোঁ, এতিয়া সকলোৱে বৃন্দাৱনী বস্ত্ৰৰ মাজেদি গুৰুজনাক হৃদয়ত স্থাপনৰ সুযোগ পাব। আধ্যাত্মিকতাৰে এই বস্ত্রখণ্ড ভগৱত তুল্যতো হয়েই বস্ত্র হিচাপেও ইয়াৰ মূল্য অপৰিসীম। ষোল্ল-সোতৰ শতিকাৰ অসমীয়া বস্ত্রশিল্পৰ ঐতিহ্যৰ চানেকি এই বস্ত্রখণ্ড। এই বস্ত্রখণ্ডক ব্রিটিছসকলে বহুদিনলৈকে তিব্বতৰ বৌদ্ধমঠৰ সম্পদ বুলিয়েই গণ্য কৰিছিল। পাছত ভিক্টৰিয়া আৰু এলবার্ট মিউজিয়ামৰ কিউৰেটৰ ৰ'জমেৰী ক্ৰিলেহে আখৰবিলাকৰ গৱেষণা কৰি ইয়াৰ অসমীয়া ঐতিহ্য উদ্ধাৰ কৰিছিল। নির্মাণশৈলীত থকা অভিনৱত্বৰ বাবেই ই এদিন তিব্বতপাইছিলগৈ আৰু ইয়াৰ গুৰুত্ব উপলব্ধি কৰিয়েই এগৰাকী ব্রিটিছ সাংবাদিকে ১৯০৪ চনত ইয়াক লৈ গৈছিল লণ্ডনলৈ। অসমলৈ পৱিত্ৰ বস্ত্রখণ্ড আহিলে ৰাজ্যবাসী ইয়াক দৰ্শন কৰি ধন্য হ'বই, নতুন প্ৰজন্মৰ বাবে চিন্তনৰ নতুন দুৱাৰ এখন খোল খাব। ইচ্ছুক নৱ প্ৰজন্মই বিচাৰি পাব পাৰে গৱেষণাৰো নতুন পথ। বস্ত্রখণ্ড অসমলৈ আনিবলৈ ব্রিটিছ মিউজিয়াম কর্তৃপক্ষক সন্মত কৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰে মহৎ কার্য এটা সাধন কৰিলে। মুখ্যমন্ত্রী তথা ৰাজ্য চৰকাৰে এতিয়া বৃন্দাৱনী বস্ত্ৰক কেন্দ্ৰ কৰি গৱেষণাৰ এখন নতুন পৰিক্ষেত্ৰ নিৰ্মাণ কৰাত উদ্যোগ ল'ব পাৰে। তেনে কৰিলে বিশ্বৰ অন্য স্থানত থকা বৃন্দাৱনী বস্ত্ৰখণ্ডসমূহৰ বিষয়ে অধ্যয়নৰ দুৱাৰ এখনো খোল খাব। অসমৰ যাদুঘৰটোৰ নিৰ্মাণ হৈ উঠিলে বিশ্বৰ অন্য স্থানৰ বৃন্দাৱনী বস্ত্ৰখণ্ডসমূহ অনাৰ উদ্যোগ চৰকাৰে ল'ব পাৰিব।

Share This