ডিজিটেল ডেস্কঃ আশংকা কৰাৰ দৰেই ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হৈ গ'ল নেকি যুদ্ধ? বুধবাৰে পুৱতি নিশা সীমান্তৰ ১০০ কিল'মিটাৰ ভিতৰলৈকে প্ৰৱেশ কৰি ভাৰতীয় বায়ু সেনাই পাকিস্তানত থকা ৯টা সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱাৰ পাছত দেশবাসীৰ মনত এই এটা মাত্র প্রশ্নই উত্থাপন হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৪৪খন জিলাত বুধবাৰে চিভিল ডিফেন্স ম'কড্রিল অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল।
দুটা কেটেগৰীত আমাৰ অসমতো বহুকেইখন জিলাৰ ২০ ঠাইত এই আখৰা সম্পন্ন হৈ যায়। বিশেষকৈ বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত এই ম'কড্রিল সম্পন্ন হয়। ১৯৭২ চনৰ পাছত, অর্থাৎ এক দীঘলীয়া সময়ৰ পাছত যুদ্ধ-ছাইৰেন শুনিবলৈ পালে দেশৰ জনগণে। ইয়াৰ লগে লগে দেশবাসীৰ মাজত যুদ্ধৰ এক অনুভৱেও ক্রিয়া কৰি গৈছে। অৱশ্যে এই ম'কড্ৰিলৰ পূৰ্বেই বুধবাৰে পুৱতি নিশা ১-৫ৰ পৰা ১-৩০ বজাৰ ভিতৰত ভাৰতীয় বায়ুসেনাই পাকিস্তানত থকা জৈছ-ই-মহম্মদ, হিজবুল আৰু এল ই টিৰ ঘাটি এয়াৰ ষ্ট্ৰাইকেৰে উৰুৱাই দিয়ে। নাম দিয়া হয় এই অভিযানৰ 'অপাৰেশ্যন সেন্দূৰ'। ইয়াৰ অৰ্থও আছে। পহলগামত সন্ত্রাসবাদীয়ে বহুকেইগৰাকী কম বয়সীয়া মহিলা পৰ্যটকৰ শিৰৰ সেন্দূৰ মচি পেলোৱা ঘটনাৰ প্রতি সন্মান জনাই প্রধানমন্ত্রী মোদীয়ে এই নামকৰণ কৰিছিল।
সি যি নহওক, অভিযানটোত শতাধিক সন্ত্রাসবাদী নিহত হোৱা বুলি ইতিমধ্যে প্ৰচাৰ হৈছে। পাকিস্তানৰ লালিত-পালিত সন্ত্রাসবাদীয়ে পহলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত কৰা নৰসংহাৰৰ পাছত ভাৰতে যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব বুলি ইতিমধ্যেই দেশখনৰ মন্ত্ৰী-সাংসদকে ধৰি বিভিন্নজনে ব্যক্ত কৰি আহিছিল। আনকি এই সন্দর্ভত দেশখনে বহুকেইখন বিদেশী ৰাষ্ট্ৰক অৱগত কৰি সহায় ভিক্ষাও কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ মজিয়াত উগ্রপন্থী সম্পর্কীয় বিষয়ত পাকিস্তানে বেয়াকৈ মুখ থেকেচা খায়। অর্থাৎ অধিকাংশ দেশেই সন্ত্রাসবাদী-বিৰোধী ভাৰতৰ পদক্ষেপত সমর্থন দিয়ে। ইয়াৰ পাছত ভাৰত সন্ত্রাসবাদীৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতিত অধিক সক্রিয় হৈ পৰে। কিন্তু পাকিস্তানে ভবাৰ দৰে ভাৰতে এতিয়াও দেশখন আক্রমণ কৰা নাই। মাত্র বাছি বাছি সন্ত্রাসবাদীৰ ৯টা ঘাটিহে ধ্বংস কৰিছে। এই আক্ৰমণৰ পাছত ভাৰতে বিষয়টো আমেৰিকা, ৰাছিয়া, ব্রিটেইনৰ লগতে কেইবাখনো দেশক জনায়। ইজৰাইলে একাষাৰেই ভাৰতক সমর্থন জনোৱাৰ বিপৰীতে উদ্বিগ্নতা ব্যক্ত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ইয়াক ভাৰতৰ 'কাপুৰুষালি' বুলি ব্যক্ত কৰাৰ লগতে প্ৰথমবাৰৰ বাবে যুদ্ধ পৰিহাৰ কৰিবলৈ আহ্বান জনালে চীনে।
ইমান দিনে ভাৰতৰ বিৰুদ্ধে চীনে পাকিস্তানক উচটনি দি অহাহে পৰিলক্ষিত হৈছিল। বুধবাৰে এই চীনেই আকৌ দুয়ো পক্ষক শান্তি আৰু সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানে বিশেষ তাৎপর্য বহন কৰিছে। সি যি নহওক, এতিয়া প্রশ্ন উঠিব পাৰে যে ভাৰতে কিয় বাছি বাছি এই ৯ ঠাইত আক্রমণ সংঘটিত কৰিলে? তাত সঁচাকৈয়ে সন্ত্রাসবাদীৰ ঘাটি আছিলনে? বুধবাৰে ১০-৩০ বজাত অনুষ্ঠিত 'অপাৰেশ্যন সেন্দূৰ' সম্পৰ্কীয় এক সংবাদমেলত ভাৰতৰ বায়ু আৰু স্থল সেনাৰ দুই মহিলা শীর্ষ বিষয়াই বিষয়টো সুন্দৰকৈ স্পষ্ট কৰি দিয়ে। তেওঁলোকে কয় যে পহলগামৰ নৰসংহাৰত নিহতৰ পৰিয়ালক ন্যায় দিয়াৰ উদ্দেশ্যে এই আক্ৰমণৰ প্রয়োজন আছিল। এই আক্ৰমণত পাকিস্তানৰ কোনো সাধাৰণ লোক নিহত হোৱা নাই বা তেওঁলোকক লক্ষ্য কৰি লোৱাও হোৱা নাছিল। এই আক্ৰমণৰ পূৰ্বে উক্ত ঘাটিসমূহত সন্ত্রাসবাদী থকাটো নিশ্চিত কৰা হৈছিল।
তেওঁলোকে জনোৱা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বায়ুসেনাই ৪টা জৈছ-এ-মহম্মদ, ৩টা লস্কৰ-ই-তয়বা আৰু ২টা হিজবুল মুজাহিদীনৰ সন্ত্রাসবাদী আত্মগোপনৰ স্থান নির্বাচন কৰিছিল। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিল'মিটাৰ ভিতৰত বাহাৱালপুৰৰ ঘাটিটো আছিল জৈছ-এ-মহম্মদৰ মুখ্য কাৰ্যালয়। সেইটোও বুধবাৰে পুৱতি নিশা উৰুৱাই দিয়া হয়। আনহাতে ভাৰতে ধ্বংস কৰা আনকেইটা ঘাটি হ'ল- ছাম্বা ছেক্টৰৰ সীমান্তৰ ভিতৰত ৩০ কিল'মিটাৰ নিলগত মুৰিদকে নামৰ ঠাইত থকা লস্কৰ-ই-তয়বাৰ শিবিৰ, এল অ' চিৰ প্রায় ৩৫ কিল'মিটাৰ দূৰত্বত অৱস্থিত কটলীৰ গুলপুৰ ঘাটি, পি অ' কেৰ টাংধৰ ছেক্টৰৰ ৩০ কিল'মিটাৰৰ ভিতৰৰ লস্কৰৰ ঘাটি, জৈছ-ই-মহম্মদৰ লঞ্চপেড আখ্যায়িত বিলাল কেম্প, ৰাজৌৰী জিলাৰ এল অ' চিৰ ১৫ কিল'মিটাৰ দূৰত্বৰ কটলীৰ আন এটা লস্কৰৰ শিবিৰ, ১০ কিল'মিটাৰ ভিতৰৰ বৰ্ণালা শিবিৰ, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিল'মিটাৰ ভিতৰৰ জৈছৰ সৰজাল কেম্প আৰু ১৫ কিল'মিটাৰ ভিতৰত অৱস্থিত হিজবুল মুজাহিদীনৰ মাহমুনা শিবিৰ। ভাৰতৰ এই অতর্কিত অভিযানক এতিয়া সমগ্র দেশবাসীয়েই আদৰণি জনাইছে। আনকি ঠায়ে ঠায়ে ফটকা, আতচবাজি ফুটাই সাধাৰণ জনগণে আনন্দ-উল্লাস কৰা দেখা গৈছে। তাৰ মাজতে সচেতন জনগণে সন্ত্রাসবাদক সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈকো আহ্বান জনাইছে।
বহুতৰ মতে, এতিয়াও সময় আছে পাকিস্তানৰ, তেওঁলোকে ভুল স্বীকাৰ কৰক আৰু সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা বন্ধ কৰক। অযথা ভাৰতৰে শত্রুতা বৃদ্ধি এৰক। ভাৰতে কেতিয়াও পাকিস্তানী সেনা অথবা তাৰ সাধাৰণ নাগৰিকৰ শত্রুতা কৰা নাই। শত্রুতা কৰিছে সন্ত্রাসবাদীৰহে। অথচ ভাৰতেই নহয়, বিশ্বৰ বহু ৰাষ্ট্ৰৰ সকীয়নিৰ পাছতো পাকিস্তানে দীর্ঘদিন ধৰি সন্ত্রাসবাদক সাৰ-পানী যোগাই লালন-পালন কৰি আহিছে। কিন্তু এই কথা পাকিস্তানে কোনোদিনে স্বীকাৰ কৰিব বিচৰা নাই। কিন্তু বিশ্বই দেখি আহিছে- মহম্মদ বিন লাডেনৰ দৰে বিশ্বত্রাস সন্ত্রাসবাদীক পাকিস্তানতেই আমেৰিকান আর্মিয়ে ছার্জিকেল ষ্ট্ৰাইকৰ দ্বাৰা হত্যা কৰিছিল। বুধবাৰেও ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত মাছুদ আজহাৰৰ দৰে জৈছ-ই-মহম্মদৰ মুৰব্বী তথা ম'ষ্ট ৱাণ্টেড সন্ত্রাসবাদীৰ পৰিয়ালৰ ১০জন নিহত হৈছে। এই ঘটনাবোৰে কি প্ৰমাণ কৰে? দেশখনত গঢ় লৈ উঠা সন্ত্রাসবাদীৰ 'কাৰখানা'ৰ কথাকে নহয়নে? পাকিস্তানে স্বীকাৰ কৰক বা নকৰক ইতিমধ্যে বিশ্ববাসীয়ে এই কথা স্বীকাৰো কৰিছে, বুজিও উঠিছে। এতিয়া সকলো জানি-বুজিও যদি পাকিস্তানে ভাৰতক প্রত্যাক্ৰমণৰ কথা চিন্তা কৰে, তেন্তে নিশ্চয়কৈ ভাৰতৰ সন্ত্রাসবাদ-বিৰোধী যুঁজখনে দুয়ো দেশৰ মাজৰ সামৰিক যুদ্ধৰ ৰূপ পাব। কিন্তু এই যুদ্ধত পাকিস্তান সমূলঞ্চে নিঃশেষ হোৱাৰহে আশংকা থাকিব।