ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণত ইৰানৰ মুখ্য প্রশাসক খামেনেইৰ মৃত্যু, পৰিয়ালৰ আন সদস্যৰো কৰুণ মৃত্যুৰ লগতে এখন বালিকা বিদ্যালয়ত আক্ৰমণৰ ফলত শতাধিক কিশোৰীৰ মৃত্যু -এয়া সহজে ল'ব পৰা ঘটনা নহয়। প্রথম কথা এখন পৰৰাজ্যত প্ৰৱেশ কৰি তাৰ প্ৰশাসকক হত্যা কৰা আন্তঃৰাষ্ট্ৰীয় আইনৰ চৰম অৱমাননা। তদুপৰি, শিক্ষানুষ্ঠান আৰু বিশেষকৈ কম বয়সীয়া শিশু ছাত্র-ছাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো আন্তঃৰাষ্ট্ৰীয় সমৰ বিষয়ক প্রথা আৰু পৰম্পৰাৰ উলংঘন। কিন্তু তাকে কৰিলে ইতিমধ্যে বিশ্বৰ বাবে ত্ৰাসৰ কাৰণ হৈ উঠা মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। আমেৰিকান কংগ্ৰেছৰ অনুমোদন অবিহনেই চলোৱা হ'ল এই আক্রমণ। কাৰণ দুটা- এটা হ'ল মধ্যপ্রাচ্যৰ দেশসমূহ আৰু তাৰ তেলৰ বজাৰৰ ওপৰত মার্কিন আধিপত্য অব্যাহত ৰখা আৰু আনটো হ'ল ইজৰাইলক মধ্যপ্রাচ্যত অপ্রতিদ্বন্দ্বী কৰি তোলা। আমেৰিকা-ইজৰাইলৰ দীৰ্ঘদিনীয়া আঁচনি ৰূপায়ণ কৰিবলৈ যাওঁতে সন্মুখীন হ'ব লগা প্রত্যাহ্বানসমূহৰ কথা ভবা নাছিল। ইৰানৰ প্ৰধান শাসকক হত্যা কৰি তাৰ জনতাক বিদ্রোহলৈ প্ৰৰোচিত কৰি এটা নতুন শাসন প্রণালী স্থাপন কৰি আমেৰিকাৰ ন্যাস্ত স্বার্থ ৰক্ষা কৰিব খুজিছিল। ইৰান যে ভিতৰি ইমান শক্তিশালী হৈ উঠিব পাৰে সেই কথালৈ দৃষ্টিপাত কৰা নাছিল। ইৰানৰ বিৰুদ্ধে আমেৰিকাই দীর্ঘদিন নানা বাধা-নিষেধ আৰোপ কৰি একাষৰীয়া কৰি ৰখাৰ যি কৌশল অৱলম্বন কৰিছিল তাৰ পৰাই ইৰানে বুজি উঠিছিল যে ভৱিষ্যতে আমেৰিকা-ইজৰাইলৰ পৰা বিপদ আহিব। সেইবাবেই ধৈৰ্যৰে নানা প্রতিকূলতাৰ মাজেৰে সমৰাস্ত্র-মিছাইল আদি নিৰ্মাণ কৰাৰ কৌশল আয়ত্ত কৰিছিল। তেনে প্রযুক্তি জ্ঞান আয়ত্ত কৰাৰ ক্ষেত্ৰত ইৰানৰ নিজৰ প্ৰতিভাৱান বিজ্ঞানী যেনেকৈ আছিল ঠিক তেনেকৈ ৰাছিয়া, চীন, উত্তৰ কোৰিয়া আদিৰ সহযোগো লাভ কৰিছিল। যিহেতু প্রস্তুতি আগৰে পৰা চলি আছিলেই- সেয়েহে আমেৰিকা-ইজৰাইলক উভতি ধৰি এনে ধৰণে প্রত্যাক্রমণ চলালে যে ইজৰাইল প্রায় বিধ্বস্ত হৈ পৰিল আৰু মধ্যপ্রাচ্যত মার্কিন সামৰিক ঘাটি উফৰি গ'ল। ব্যাৱসায়িক কেন্দ্র-দূতাবাস বন্ধ কৰি পলায়ন কৰিবলৈ বাধ্য হ'ল মার্কিন সেনা আৰু বাণিজ্যিক প্রতিষ্ঠানৰ লোক। ইয়াৰ ফলত অতি কম সময়ৰ ভিতৰতেই মার্কিন-ইজৰাইল আধিপত্যবাদী সমীকৰণ সলনি হৈ পৰিল। ইউৰোপৰ আন দেশসমূহ, নাটোৰ সদস্যসকলেও আনকি ড'নাল্ড ট্রাম্পক সহযোগ কৰিবলৈ উৎসাহ নেদেখুৱালে।
মার্কিন সাম্রাজ্যবাদী-আধিপত্যবাদী স্বাৰ্থত আৰম্ভ হোৱা এই যুদ্ধৰ পৰা ভাৰতৰ পাব লগা একো নাই কিন্তু হেৰুৱাব লগা বহু আছে। বিশ্ব বেংকৰ সৰ্বোচ্চ ধৰুৱা দেশ ভাৰতৰ আনবোৰ বিত্তীয় প্রতিষ্ঠান বাদ দি কেৱল বিশ্ব বেংকৰে ২৪৯ লাখ কোটিৰ ধাৰ। ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯২ টকা পাৰ হ'ল। দেশৰ অভ্যন্তৰীণ ক্ষেত্ৰসমূহত দ্রব্য মূল্য বৃদ্ধি আৰু সমান্তৰালভাৱে কৰ বৃদ্ধিয়ে নাগৰিকক জলা-কলা খুৱাইছে। এনে এক পৰিস্থিতিত যুদ্ধই ভাৰতীয় অর্থনীতিতযে বিৰূপ প্রভাৱ পেলাব এই কথা ঠিক। কেৱল ইৰানেই নহয়, সমস্ত মধ্যপ্রাচ্যলৈ ভাৰতৰ চাহ-বাচমতি চাউলকে ধৰি আন খাদ্য সামগ্রীৰ লগতে আন বহু পণ্য দ্রব্য ৰপ্তানি হয়। সাম্প্রতিক যুদ্ধই সৃষ্টি কৰা অস্থিৰতা-অনিশ্চয়তাই এই বাণিজ্য প্রায় শেষ কৰি দিব। আনহাতে, হৰমুজ প্রণালীয়েদি ভাৰতলৈ চাহিদাৰ প্ৰায় চল্লিশ শতাংশ খাৰুৱা তেল যোগান হয়। বর্তমান সেই প্রণালী ইৰানে সম্পূর্ণ বন্ধ কৰি দিছে। ট্রাম্পৰ কঠোৰ নিৰ্দেশত ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ ৰাখিছিল। হৰমুজ প্রণালী বন্ধ হোৱাৰ পাছত ৰাছিয়াৰ পৰা তেল কিনাৰ গত্যন্তৰ নাই। এতিয়া ইন্ধনৰ মূল্যবৃদ্ধিৰ কথা আহি পৰিব। এই বৃদ্ধিয়ে আনুষংগিকভারে দ্রব্য-মূল্যবৃদ্ধিত প্রভাৱ পেলাব। সামগ্রিকভাৱে ভাৰতীয় বজাৰযে বিভিন্ন দিশত ক্ষতিগ্রস্ত হ'ব সেই কথা ঠিক।
আন এটা গুৰুত্বপূর্ণ দিশ হ'ল কর্মসংস্থাপন। মধ্যপ্রাচ্যত ভাৰতৰ সাধাৰণ শ্রমিকৰ পৰা আৰম্ভ কৰি অভিযন্তা-চিকিৎসক তথা আন বহু বিষয়ৰ লোক কর্ম সূত্রে সংস্থাপিত। বহু ভাৰতীয় ব্যবসায়ীয়ে এই দেশসমূহত ভাল ব্যৱসায় কৰি আছে। আমেৰিকাৰ প্ৰায় সকলো ডাঙৰ কৰ্প'ৰেট হাউছ বা আন প্রতিষ্ঠানৰ মধ্যপ্রাচ্যত শাখা আছে। জীৱিকা সূত্রে বহু ভাৰতীয় লোক তাত জড়িত। এতিয়া অধিকাংশ আমেৰিকান প্রতিষ্ঠান নিৰাপত্তাৰ অভাৱত মধ্যপ্রাচ্য এৰি পলাইছে। এই ঘটনাই বহু ভাৰতীয়ৰ জীৱিকাৰ প্রতি ভাবুকি আনিব। অর্থাৎ পৰোক্ষ তথা প্রত্যক্ষভাবে এই যুদ্ধই বৃহৎসংখ্যক ভাৰতীয়ৰ জীৱন-জীৱিকাত প্রভাৱ পেলাব বা ইতিমধ্যে পেলাইছে।
মধ্যপ্রাচ্যৰ আৰব দেশসমূহৰ নিজৰ কোনো প্রতিৰক্ষা ব্যৱস্থা নাই। প্ৰতিৰক্ষা-সুৰক্ষাৰ বাবে এই দেশসমূহ সম্পূর্ণ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল। আন কথাত মধ্যপ্রাচ্যৰ আৰব দেশসমূহ ঐশ্বর্যশালী হ'লেও আচলতে আমেৰিকাৰ একো একোখন উপনিৱেশহে। ইৰান-ইৰাক আদি সামৰিকশক্তিসম্পন্ন স্বতন্ত্র দেশসমূহে ভৱিষ্যতে মধ্যপ্রাচ্যত আমেৰিকাৰ একাধিপত্যৰ বিৰুদ্ধে প্রত্যাহ্বান জনোৱাৰ আশংকাতে আমেৰিকাই এই দেশসমূহৰ উত্থানক কলিতে মোহাৰি তাৰ পৰিৱৰ্তে ইজৰাইলক শক্তিশালী কৰি তোলাৰ কৌশল ৰচনা কৰি আহিছিল। ইৰানে আমেৰিকাৰ এই দুৰ্বলতাৰ সুযোগ ল'বৰ বাবেই মধ্যপ্রাচ্যৰ আমেৰিকান ঘাটি ভাঙি দি ইজৰাইলক একাষৰীয়া কৰি আক্ৰমণ কৰিছে। যি কৌশল আমেৰিকাই একালত ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল সেই কৌশলেই এতিয়া ইৰানে আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। অতি শীঘ্ৰেই এই যুদ্ধৰ অন্ত পৰিলেই সকলোৰে মংগল।