ডিজিটেল ডেস্ক : 'ভুল আৰু সঠিকৰ বিচাৰ কৰাৰ ক্ষমতা মানুহক দিয়া হোৱা নাই, কাৰণ মানুহে চিৰকাল ভুলেই কৰিছে আৰু ভৱিষ্যতেও ভুলেই কৰিব।' নেপোলিয়ন বোনাপাৰ্টৰ ৰাছিয়া আক্ৰমণৰ পটভূমিত ৰচিত বিশ্ববিখ্যাত সাহিত্যিক
লিও টলষ্টয়ৰ ক্লাছিক উপন্যাস 'যুদ্ধ আৰু শান্তি' (War and peace)ৰ এক প্রখ্যাত উক্তি এয়া। ডেৰশ বছৰ পূৰ্বে টলষ্টয়ে যুদ্ধৰ ধ্বংসাত্মক ইতিহাসৰ কথা ক'বলৈ গৈ মানৱ জাতিৰ বিষয়ে এনে শ্লেষোক্তি কৰিব লগীয়া হৈছিল। কার্যতঃ মানৱ জাতি সম্পর্কে কথাবোৰ সেই তেতিয়াৰ পৰাই একেই আছে। মানৱ জাতিয়ে নিজৰ সুখ, সুবিধা, অহংকাৰ আৰু আভিজাত্যৰ বাবে সেই একেই ভুলেই কৰি আছে। যদিও এয়া মনোবৈজ্ঞানিক দৰ্শনৰ কথা তৎসত্ত্বেও মানুহে কৰা ওপৰা-উপৰি ভুলৰ বাবে একৈশ শতিকাৰ এই মধ্যকালতো মানুহে কেৱল নিজৰেই কবৰ খন্দা নাই, বৰঞ্চ সমগ্র পৃথিৱীৰ বাবেই বিপদঘণ্টা বজাইছে। কেরল দুজনমান ক্ষমতাশালী, গৌৰৱী বিশ্ব নেতাৰ বাবে এতিয়া সমগ্র বিশ্বত সৃষ্টি হৈছে অনাহৃত পৰিস্থিতিৰ। কোৱা বাহুল্য, ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজত আমেৰিকাৰ আগ্রাসী ভূমিকাৰ বাবেই সম্প্রতি সমগ্র বিশ্বতেই অস্থিৰতাৰ সৃষ্টি হৈছে। দেশ এখনৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে যুদ্ধই শেষ সম্বল, এয়া সত্য। কিন্তু কেৱল সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হোৱাৰ বাবেই যেতিয়া ৰক্তক্ষয়ী সংঘৰ্ষৰ সৃষ্টি হয়, তেতিয়া এই অনাহৃত যুঁজ-বাগৰৰ পৰিণতিত ভুক্তভোগী হয় তেনেই সাধাৰণ খাৰখোৱা জনতাহে। ইতিহ মতাহে। ইতিহাস সাক্ষী আছে, তাহানিৰ সেই ৰজা-মহাৰজাৰ দিনৰ যুঁজ-বাগৰৰ পৰা শেহতীয়া মধ্যপ্রাচ্যৰ যুদ্ধলৈকে এই সকলো পৰিস্থিতিতে বলিৰ পঠা হয় সাধাৰণ জনতা। মধ্যপ্রাচ্যৰ যুদ্ধই শেহতীয়াকৈ যুদ্ধজৰ্জৰ দেশকেইখনৰ জনতাক একপ্ৰকাৰ পণবন্দী কৰি তোলাই নহয়, প্রাচ্যৰ প্ৰায় সকলো দেশতে অচলাৱস্থাৰ সৃষ্টি কৰিছে। হৰমুজ প্রণালীৰ নাম নুশুনা আমাৰ গাঁৱৰ চুকৰ নগেন-খগেনেও এতিয়া ইৰান-ইজৰাইলৰ যুদ্ধ শেষ হ'বলৈ প্রার্থনা কৰিছে।
আনকি মহাশক্তিধৰ হোৱাৰ দুৰ্বাৰ বাসনাৰে সকলোতে মূৰ গোঁজা আমেৰিকাৰ আগ্রাসী নেতা ড'নাল্ড ট্রাম্পক শাওপাত দিবলৈও এৰা নাই। নগেন-খগেনৰ বাবে ডলাৰৰ মূল্য, ট্রাম্পৰ আধিপত্য বা নেটান্যাহু, আলী খামেনেইৰ যুঁজ-বাগৰ গুৰুত্বপূৰ্ণ নহয় যদিও সুদূৰৰ এইখন যুঁজৰ বাবেই সাতসাগৰৰ সিপাৰৰ ভাৰত বা অসমৰ কোণত ইন্ধনৰ নাটনিত কাৰোবাৰ ঘৰত চৌকা নজ্বলা বিষয়টো স্বাভাৱিকতে ভাবিব লগীয়া। উল্লেখযোগ্য যে ইজৰাইল-আমেৰিকাই যৌথভাবে ইৰানৰ ওপৰত সামৰিকভাৱে চাপ দিব পাৰিলেও ইৰানে গুৰুত্বপূৰ্ণ হৰমুজ প্রণালীক নিজৰ নিয়ন্ত্ৰণত ৰাখিছে, যাৰ ফলত সমগ্র বিশ্বই বিপদত পৰাৰ দিশে আগবাঢ়িছে। উপসাগৰীয় দেশ হিচাপে ইৰানৰ ওপৰত বিশ্বৰ প্ৰায়সমূহ দেশ নিৰ্ভৰশীল হোৱাৰ কাৰণ এই হৰমুজ প্রণালী। হৰমুজ প্রণালীৰে খাৰুৱা তেলৰ জাহাজ অহা-যোৱা কৰিবলৈ নিদিলে প্রত্যক্ষভাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল প্ৰভাৱিত নহয় যদিও, আন কেতবোৰ দিশত হৰমুজ প্রণালীক নিয়ন্ত্ৰণত ৰাখি দুয়োখন দেশৰ অৰ্থনীতিত চাপ সৃষ্টি কৰিছে ইৰানে। কিন্তু হৰমুজ প্রণালীৰে ইৰানে জাহাজ চলাচল কৰিবলৈ নিদিয়াত সমস্যা হৈছে মধ্যপ্রাচ্যৰ দেশৰ খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীল দেশবোৰ। তাৰ ভিতৰত ভাৰতো এখন। ভাৰত চৰকাৰৰ কূটনৈতিক বৈদেশিক নীতিৰ বাবে ভাৰতে এতিয়ালৈকে কেইবাখনো খাৰুৱা তেল আৰু ৰন্ধন গেছ কঢ়িওৱা জাহাজ হৰমুজ প্রণালীৰে ভাৰতলৈ আনিবলৈ সক্ষম হৈছে আৰু কূটনৈতিক সম্পৰ্কৰ জৰিয়তে এই সম্পৰ্কত ইৰানৰ লগত কেতবোৰ ইতিবাচক চুক্তি হোৱাৰ কথাও প্রকাশ হৈছে। কিন্তু যুদ্ধৰ এই সামগ্রিক পৰিৱেশৰ মাজত খাৰুৱা তেল আৰু ৰন্ধন গেছৰ সংকট হ'ব পাৰে বুলি অন্যান্য দেশৰ লগতে ভাৰততো তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি মধ্যপ্রাচ্যৰ যুদ্ধ দীঘলীয়া হ'লে দেশত কৰ'নাকালীন পৰিৱেশৰ সৃষ্টি হ'ব বুলিও ব্যাপক প্ৰচাৰ চলিছে। বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলোকে সাজু থাকিবলৈ কোৱা বক্তব্যৰ আঁত ধৰিয়েই পুনৰ লকডাউন হোৱাৰ সম্ভাৱনাত আতংকিত হৈ পৰিছে সাধাৰণ জনতা।
কভিডকালীন পৰিৱেশ আৰু লকডাউনৰ ভয়াৱহ অভিজ্ঞতাৰ স্মৃতি এতিয়াও মচিব নোৱৰা সাধাৰণ জনতাই আকৌ এটা 'লকডাউন'ৰ বোজা দাঙিব নোৱাৰে। চৰকাৰ বা প্রশাসনে বাৰে বাৰে এই সম্ভাৱনাক নস্যাৎ কৰি অহাৰ লগতে অসম বা ভাৰতত পর্যাপ্ত পৰিমাণৰ ইন্ধন আছে বুলি দাবী কৰি আহিলেও বাস্তৱ ক্ষেত্ৰত ৰন্ধন গেছৰ তীব্ৰ নাটনি আৰু পেট্রল-ডিজেলৰ সীমিত বিতৰণৰ বাবে সাধাৰণ জনতা একেবাৰেই চৰকাৰৰ ঘোষণাত আশ্বস্ত হ'ব পৰা নাই। কিয়নো ঘৰুৱা বা বাণিজ্যিক চিলিণ্ডাৰৰ তীব্ৰ নাটনি আৰু এজেঞ্চিত পঞ্জীয়ন কৰিব নোৱৰা এটা পৰিৱেশত সম্প্রতি দেশৰ আন ঠাই বাদেই অসমৰ বহু ঠাইত গেছ এৰি induc-tion stove তথা গ্রাম্য এলেকাত খৰিৰ চৌকা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে সাধাৰণ জনতা। সৰু-সুৰা চাহ-মিঠাইৰ দোকান দি ঘৰ চলোৱা বহুজনে তিনি-চাৰিদিন ধৰি দোকান বন্ধ ৰাখিবলৈ বাধ্য হৈছে। বহু ৰেস্তোৰাঁত বন্ধৰ ফলক লগাৰ লগতে সীমিত হৈ পৰিছে 'ফুড ডেলিভাৰী' সেৱাও। পেট্রল পাম্পত আতংকিত জনতাই দীঘলীয়াকৈ শাৰী পাতিছে। বহু ঠাইত পেট্রল পাম্পত বন্ধৰ ফলক লগোৱা হৈছে।
সমান্তৰালকৈ এই অচলাৱস্থাৰ সুযোগ লৈ একাংশ মধ্যভোগীয়ে অত্যাবশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি কৰাৰ লগতে নিয়োগ ব্যৱস্থাতো ব্যাপক খহনীয়া হোৱাৰ শংকা দেখা গৈছে। ইফালে নিৰ্বাচনৰ বতৰত ইন্ধনৰ এনে নাটনিৰ মাজতো গাড়ী, বাইকৰ ৰেলী, হেলিকপ্টাৰ উৰুৱাই ৰাজনৈতিক নেতাৰ জোৰদাৰ প্ৰচাৰ অভিযান চলিছে। খাটিখোৱা জনতাই আকাশলৈ মূৰ তুলি চোৱাৰ বাহিৰে এতিয়া কাৰোবাক কিবা ক'বলৈও কোনো অভিভাৱক নাই। 'ইন্ধন আছে' এই কথা বাৰে বাৰে দাবী কৰি ঘোষণা কৰাৰ পাছতো সাধাৰণ জনতাৰ বাবে এই ঘোষণা কাৰ্যকৰী কৰি জনতাক আতংকিত নোহোৱাৰ পৰা ৰক্ষা কৰিব পৰাকৈ কোনো সুব্যৱস্থা গ্রহণ কৰিব নোৱৰাটো প্রশাসনিক চৰম দুৰ্বলতাৰ লক্ষণ। মধ্যপ্রাচ্যৰ যুদ্ধৰ এমাহো হোৱা নাই, এই যুদ্ধ দীঘলীয়া হ'লে সাধাৰণ জনতাৰ আতংক কিমান তীব্ৰ হ'ব আৰু পৰিস্থিতি কেনে ভয়াৱহ হ'ব সেয়া ভাবিব নোৱাৰা কথা।