ডিজিটেল ডেস্কঃ সকলো মানুহেই শান্তিপ্রিয়। জীৱন ধাৰণৰ বাবে ন্যায্যভাবে প্রয়োজনীয়খিনি লাভ কৰাতেই সুখ আৰু সন্তুষ্টি। কিন্তু এচাম মানুহ তাৰ মাজতে ব্যতিক্রম।
তেওঁলোকক নিজৰ প্রয়োজনতকৈ কিছু অধিক লাগে। দেশ, জাতি, ধৰ্মৰ নামত কিছুমান আৱেগিক কথা-ভাবনাৰে আন বহু লোকক বিভ্রান্ত কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰি নিজ গোষ্ঠী-সম্প্রদায়ৰ লোকৰ বাবে আন এখন দেশৰ নাগৰিকক শত্রু ৰূপে প্রতিপন্ন কৰিব খোজে। শত্রু বা প্রতিপক্ষ বুলি ভবাসকলৰ নানাভাবে ক্ষতিসাধন কৰিব খোজে। ক্ষমতাৰ আক্রোশেই হ'ল আক্ৰমণৰ প্ৰৱণতাৰ উৎস। ১৯৪৭ত যেতিয়া ভাৰতবৰ্ষ স্বাধীন আৰু দ্বিখণ্ডিত হৈছিল সেই সময়ত দেশত উত্তাল পৰিস্থিতি, উত্তেজনা চৌদিশে। কাৰো ভাল-বেয়া বিচাৰ কৰাৰ সময় নাই। মুছলিম লীগে ভাৰতীয় মুছলমানৰ বাবে পৃথক গৃহভূমি দাবী কৰিছিল- পাছত তাৰ নাম দিয়া হৈছিল পাকিস্তান। PA পঞ্জাব, K কাশ্মীৰ আৰু S সিন্ধু প্রদেশ। কাশ্মীৰ কিন্তু ব্রিটিছ ভাৰতত নাছিল। এখন দেশীয় স্বতন্ত্ৰ ৰাজ্য আছিল- যাৰ প্ৰজাৰ গৰিষ্ঠসংখ্যক মুছলমান আৰু ৰজা আছিল হিন্দু। তথাপি মুছলীম লীগ আৰু জিন্নাই কাশ্মীৰক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰাৰ আশা এৰি দিয়া নাছিল। দেশ বিভাজনৰ তিনিমাহৰ পাছতেই স্বতন্ত্র কাশ্মীৰ ৰাজ্যক আক্ৰমণ কৰিছিল পাকিস্তানত অন্তর্ভুক্তিৰ বাবে। অৱশেষত কাশ্মীৰৰ ৰজা বাধ্য হৈ ভাৰতৰ অন্তর্ভুক্তিত মান্তি হৈছিল। যুদ্ধৰ মাজতেই ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰাত এটা অংশ উদ্ধাৰ কৰাৰ আগতেই যুদ্ধ বন্ধ কৰিবলগা হয়। পাকিস্তানৰ অধীনত কাশ্মীৰৰ এটা অংশ ৰৈ যায়। দীর্ঘদিন ধৰি অমীমাংসিত হৈ থকা সেই বিষয়ক লৈ দুয়ো দেশৰে সংঘাত। বিশেষকৈ পাকিস্তানত প্রশিক্ষণ দি নানা উগ্রপন্থী গোটক ভাৰতৰ সীমাৰ ভিতৰলৈ ভৰাই দি সন্ত্ৰাসৰ ৰাজত্ব চলাই আহিছিল। দীর্ঘকাল এনে আক্রমণ-প্রত্যাক্রমণ চলাৰ পাছত ভাৰতে এনে ছায়াযুদ্ধৰ পৰা পৰিত্ৰাণ লাভৰ বাবে চেষ্টা কৰিবই। যুদ্ধ অনিবার্য হৈ উঠিবই। বর্তমান তেনে এটা অৱস্থাৰ বাবেই। এখন অবাঞ্ছিত যুদ্ধই গা কৰি উঠিছে। যুদ্ধ মানেই দুয়োপক্ষৰে ক্ষয়ক্ষতি। কিন্তু আজি ভাৰতে কাশ্মীৰত দীর্ঘদিন ধৰি পাকিস্তান সমর্থিত সন্ত্রাসবাদৰ বিপৰীতে শূন্যসহনশীলতা প্রদর্শন কৰিবই লাগিব। পুনৰ যাতে বাৰে বাৰে সন্ত্রাসবাদীৰ আক্রমণজনিত ঘটনা ঘটি থাকিব নোৱাৰে- তাৰ এটা নিশ্চয়তা পাকিস্তানৰ পৰা বিচাৰিব লাগিব।
যুদ্ধ এখন চলাই থকাটো মুখৰ কথা নহয়। এনে এটা জৰুৰী পৰিস্থিতিত সমগ্ৰ দেশৰ নাগৰিক সমাজ সতর্ক হৈ থাকিব লাগিব। ভাৰতবৰ্ষ বৈচিত্র্যৰ দেশ। ভাষা-ধর্ম-জাতি-বর্ণ নির্বিশেষে সকলো নাগৰিকে এই মুহূৰ্তত সংযম আৰু সহনশীলতা বৰ্তাই ৰাখিব লাগিব। এয়া দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ প্ৰত্যাহ্বান। দল-মত নির্বিশেষে সকলো এক হ'ব লাগিব। এয়া কোনো এটা নির্দিষ্ট ৰাজনৈতিক দলৰ কৃতিত্ব প্রদর্শন নাইবা কৃতিত্বৰ দাবীৰ বিষয় নহয়। ভাৰতবৰ্ষই ইয়াৰ পূৰ্বেও পাকিস্তানৰ বিৰুদ্ধে বহুকেইখন যুদ্ধ কৰিব লগা হৈছিল। ১৯৭১ৰ যুদ্ধই পাকিস্তানক বিধ্বস্ত আৰু দ্বিখণ্ডিত কৰিছিল। কিন্তু ইয়াৰ পাছতো দুখন চুবুৰীয়া দেশৰ মাজৰ সম্পর্ক যিধৰণে সৌজন্যতা আৰ সৌহার্দ্যপূর্ণ হৈ উঠিব লাগিছিল তেনে নহ'ল। কাশ্মীৰ বিষয়ক লৈ ইছলামিক উগ্রপন্থী সংগঠনসমূহ সক্রিয় হৈ উঠিল, তীব্রতা দিনে দিনে বৃদ্ধি পালে। কাশ্মীৰ দ্বিখণ্ডিত হৈ থকাত কাশ্মীৰীসকল ক্ষুব্ধ হৈ 'থকাটোত আচৰিত হ'ব লগা নাই। কিন্তু সন্ত্রাসবাদ তাৰ সমাধান হ'ব নোৱাৰে। কাশ্মীৰত ভাৰত বিৰোধী শক্তিৰ ঘাটি তৈয়াৰ কৰিবলৈ ভাৰতে এৰি দিব নোৱাৰে। এই সমস্যাৰ সমাধানৰ বাবে চুবুৰীয়া দুই দেশ সমানে দায়বদ্ধ। কেৱল পাকিস্তানে দখল কৰা বা নিজৰ পৰিসীমাৰ ভিতৰলৈ নিয়াত তাৰ সমাধান নাই। বৰঞ্চ শান্তিপূর্ণ অবস্থা বৰ্তাই ৰাখি কাশ্মীৰৰ দুয়োটা খণ্ডৰ মাজত চৰকাৰ নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজেৰে যোগাযোগ ৰক্ষা সম্ভৱ হ'লহেঁতেন। সেই কৃথা কাশ্মীৰৰ জনতাই বুজিবলৈ চেষ্টা কৰিব লাগিব।
কাশ্মীৰ সমস্যাক লৈ মূৰ ঘমাই থকা পাকিস্তানে নিজৰ দেশৰ বুনিয়াদী সমস্যাবোৰৰে সমাধান কৰিব পৰা নাই। মালালা ইউচুফজাই নামৰ কিশোৰীগৰাকীয়েই অৱশেষত মৌলবাদী-সন্ত্রাসবাদীৰ পৰা ৰক্ষা পাবলৈ দেশ এৰি যাবলৈ বাধ্য হ'ল। মধ্যযুগীয় ধর্মতত্ত্ব, ধার্মিকতাৰ নামত মতান্ধতা বিয়পোৱা এচাম উন্মাদক যদি চৰকাৰী পৃষ্ঠপোষকতা কৰা যায় তেন্তে পাকিস্তানে লাহে লাহে নিজেই এখন সন্ত্রাসবাদী ৰাষ্ট্ৰত পৰিণত হ'বগৈ।
বর্তমান চলি থকা যুদ্ধৰ পৰা পাকিস্তানে এই শিক্ষাও ল'ব লাগিব যে ভাৰতক শান্তিৰে থাকিবলৈ নিদিলে পাকিস্তানকো সুখেৰে একঠা খাবলৈ দিয়া, নহ'ব। সেই বাবেই আশা কৰিব লাগির যেন এই যুদ্ধই ভাৰত-পাকিস্তানৰ মাজৰ শেষ যুদ্ধ হয়। পাকিস্তানৰো শুভ বুদ্ধি উদয় হয়।
যুদ্ধক লৈ নানা ধৰণৰ উৰাবাতৰি, অতিৰঞ্জিত আৰু প্ৰৰোচনামূলক বা-বাতৰি সংবাদ মাধ্যম নাইবা সামাজিক মাধ্যমত প্ৰচাৰিত হ'ব। প্রকৃত সত্য ঘটনাৰ সন্ধান নকৰাকৈ কেৱল উপৰুৱা প্ৰচাৰৰ দ্বাৰা যাতে আমি প্ৰৰোচিত বা বিভ্রান্ত নহওঁ সেইটোহে মূল কথা। সংকটৰ সময়ত সকলো ক্ষেত্রতে সজাগ থাকিব লাগিব।