ডিজিটেল ডেস্ক : ইৰান আৰু আমেৰিকাৰ মাজত শান্তি আলোচনা অব্যাহত থকা আৰু পৰমাণু নিৰস্ত্ৰীকৰণত ইৰানে ইতিবাচক সঁহাৰি দিয়াৰ পাছতো যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ মিলিত শক্তিয়ে হঠাতে ইৰান আক্ৰমণ কৰি যুদ্ধৰ সূত্রপাত্র ঘটালে। আৰম্ভণিতেই ইৰানৰ ৰাষ্ট্ৰপতি খামেইনিক মিছাইল আক্রমণেৰে পৰিয়ালৰ আন সদস্যসহ হত্যা কৰিলে। ইয়াৰ পাছতে এখন বালিকা বিদ্যালয়ত বোমা নিক্ষেপেৰে দুই শতাধিক কিশোৰী ছাত্ৰীক হত্যা কৰিলে। আমেৰিকা-ইজৰাইলৰ এনে নৃশংসতা আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা কাৰ্যক সকলোৱে গৰিহণা দিয়ে যদিও ইজৰাইল-আমৰিকাই এটাৰ পাছত আনটো ধাৰাবাহিক আক্রমণ চলাই থাকে। কিছু পলমকৈ ইৰানে আৰম্ভ কৰে প্ৰত্যাক্রমণ। প্রথমে এই প্রত্যাক্ৰমণত মধ্যপ্রাচ্যৰ দেশসমূহত থকা মার্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। মধ্য প্রাচ্যৰ আৰব দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকান সামৰিক ঘাটিত কেতিয়াবা আক্রমণ হ'ব-সেই কথা আমেৰিকাই হয়তো কল্পনা কৰা নাছিল। ইৰানে ইমানে ক্ষিপ্ৰতাৰে মিছাইল আৰু ড্র'ন আক্রমণেৰে মার্কিন ঘাটি আৰু বিমান বন্দৰসমূহ আক্ৰমণ কৰে যে আমেৰিকা হতভম্ব হৈ পৰে। ইয়াৰ পাছতে ইৰানে বিজ্ঞান আৰু সমৰ প্ৰযুক্তিত আগবঢ়া বুলি খ্যাতি থকা ইজৰাইলৰ ওপৰত এনে ধৰণে আক্ৰমণ কৰি ধৰাশায়ী কৰে যে ইজৰাইল আত্মৰক্ষাত ব্যস্ত হ'বলৈ বাধ্য হ'ল। আমেৰিকাৰ বিশালকায় সামৰিক জাহাজ আব্রাহাম লিংকন, জেৰাল্ড ফ'ৰ্ড পিছুৱাই আহিবলৈ বাধ্য হ'ল। মার্কিন ৰাষ্ট্ৰপতিৰ সংগতিবিহীন আৰু অশালীন মন্তব্যবোৰে প্ৰমাণ কৰিলে যে মহাশক্তি আমেৰিকা এইবাৰ সঁচাকৈয়ে শ'লঠেকত পৰিল। আমেৰিকাৰ বিশ্বপ্রসিদ্ধ যুদ্ধ বিমানসমূহো ইৰানে ড্র'ন আৰু মিছাইল আক্রমণেৰে ভূপাতিত কৰে। ইৰানক দুৰ্বল বুলি ধৰি লৈ আমেৰিকাই আৰম্ভ কৰা যুদ্ধ এইবাৰ ইৰানৰ শক্তি দেখি সমাপ্ত কৰিবলৈ আমেৰিকাই অজুহাত বিচাৰি থাকিল। কাৰণ, এই যুদ্ধই আমেৰিকাৰ বাণিজ্য আৰু অর্থনীতিত অত্যধিক কু-প্রভাৱ পেলালে। আমেৰিকাৰ বিভিন্ন নগৰ চহৰত লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহি ড'নাল্ড ট্রাম্পৰ নীতি আৰু ইৰান আক্রমণক তীব্র বিৰোধিতা কৰিলে। আনকি আমেৰিকাৰ কেইজনমান শীর্ষ সেনা বিষয়াই ইয়াৰ প্ৰতিবাদত পদত্যাগো কৰে। প্রায় চল্লিশ দিন যুদ্ধ চলোৱাৰ পাছতো ইৰানৰ আক্ৰমণৰ তীব্রতা একে থকাত আৰু নিত্য নতুন অস্ত্রবে আক্রমণ হনাত যুদ্ধৰ পৰা সাময়িকভাৱে হ'লেও অব্যাহতি ল'বলৈ আমেৰিকাক বাধ্য কৰে।
পৰৰাজ্যৰ সম্পদ লুণ্ঠনেবে বাণিজ্যিক আধিপত্য স্থাপন কৰি সেই উদ্দেশ্যত সামৰিক শক্তি প্ৰয়োগ কৰা আৰু স্বতন্ত্ৰভাৱে মূৰ দাঙি উঠিব খোজা আৰবৰ দেশসমূহক নানা কূট কৌশলেৰে দমন কৰাই মার্কিন সাম্রাজ্যবাদৰ 'বিশ্ব শক্তি' ৰূপে প্রতিষ্ঠা লাভৰ গুৰি কথা। তাৰ বাবেই যোৱা ২য় বিশ্বযুদ্ধৰ পাছৰ পৰা আজিলৈকে সমগ্র বিশ্বৰ প্ৰায় প্ৰতিটো প্রান্ততে যুদ্ধৰ বিভীষিকা সৃষ্টি কৰি আহিছে আমেৰিকাই। তাকে কৰিবলৈ যাওঁতে বিশ্বৰ দেশসমূহৰ মাজত মেৰুকৰণ সৃষ্টি কৰিছে। উত্তৰ আটলান্টিক চুক্তিকাৰী দেশ বা নাটোক আমেৰিকাই সহযোগী কৰি লৈ সামৰিক শক্তি প্রয়োগত নাটো দেশসমূহৰ সামৰিক শক্তিকো নিজৰ সহযোগী কৰি লৈছে। মধ্যপ্রাচ্যৰ তেল উৎপাদনকাৰী আৰব দেশসমূহত আধিপত্য বিস্তাৰ কৰি সেই দেশসমূহত সামৰিক ঘাটি পাতি বিশ্বৰ ইন্ধনৰ বজাৰখনত আমেৰিকান কোম্পানীয়ে আধিপত্য বিস্তাৰ কৰি আহিছে। এই ক্ষেত্রত যেতিয়াই কোনোবা পক্ষৰ পৰা কোনো প্রত্যাহ্বান আহে তেতিয়া সেই দেশসমূহৰ ওপৰত কোনো অপবাদ জাপি দি, আমেৰিকাই নাটো দেশসমূহক সহযোগী কৰি লৈ আক্ৰমণ কৰে। ইৰাক, লিবিয়া আদি ধ্বংস কৰাৰ অন্তৰালত আছিল তৈল সম্পদ লুণ্ঠনৰ অভিপ্রায়। একে অভিপ্রায়েৰে ইৰান আক্রমণ কৰা হৈছিল। কিন্তু ইৰানে আমেৰিকাৰ সেই অভিপ্রায়ৰ পূৰ্ব ধাৰণা কৰি তাৰ বাবে গোপনে প্রস্তুতি চলাই আহিছিল। দীর্ঘকালৰ বাণিজ্যিক প্রতিবন্ধকতা আৰোপ কৰি আমেৰিকাই আচলতে ইৰানক গোৰ মাৰি গংগাতহে পেলাইছিল। আমেৰিকাৰ পৰম্পৰাগত প্রতিপক্ষ ৰাছিয়া আৰু চীনৰ সহযোগত ইৰান ইমান ভংয়কৰ হৈ উঠে যে নিৰুপায় আমেৰিকাই ইৰানৰ চৰ্ত মানি লৈ শান্তি আলোচনাত বহিবলৈ বাধ্য হ'ল।
নাটো দেশসমূহৰ আমেৰিকাৰ প্রতি অসহযোগিতাও আমেৰিকাৰ পতনৰ এটা কাৰণ হৈ উঠিল। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক অপহৰণ, গ্রীনলেণ্ডকে ধৰি ইউৰোপৰ সৰু দেশসমূহক দখল কৰাৰ দাম্ভিক ঘোষণা, কানাডাক ভাবুকি আদি কাৰণত নাটো দেশসমূহ আঁতৰি দিয়াত অকলশৰীয়া হৈ পৰা আমেৰিকাই বহু দূৰ আগুৱাব নোৱাৰিলে। আনহাতে, ইৰানে হৰমুজ প্রণালীত দখল সাব্যস্ত কৰা আৰু মধ্যপ্রাচ্যৰ আমেৰিকান ব্যাৱসায়িক কেন্দ্রসমূহত আক্ৰমণ কৰাত আমেৰিকা তথা ইউৰোপৰ ব্যাৱসায়িক ঘাটি বৃদ্ধি পায় আৰু শ্বেয়াৰ বজাৰত হাহাকাৰ লাগে। সেই কথায়ো ট্রাম্পৰ ওপৰত চাপ সৃষ্টি কৰে। কাৰণ যিয়েই নহওক লাগে, যুদ্ধ নহয় আমাৰ বাবে শান্তি প্রচেষ্টাহে অধিক আদৰণীয়। সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিৰ প্রশ্নও ইয়াত জড়িত আছে।
মধ্যপ্রাচ্যৰ এই যুদ্ধই ভাৰতৰ কূটনৈতিক ব্যর্থতাও বিশ্বৰ সমুখত উদঙাই দিলে। ভাৰতৰ পৰম্পৰাগত মিত্র দেশ ইৰানৰ পৰা আঁতৰি ইজৰাইলৰ লগ লগা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ ঘনিষ্ঠ হ'বলৈ যোৱা ভাৰতৰ মিত্ৰ দেশৰ সংখ্যা হ্রাস পালে। প্রায় সকলো নাটো দেশ এতিয়া আমেৰিকাৰ পৰা আঁতৰত। ইজৰাইলৰ দম্ভএতিয়া ধূলিসাৎ। অথচ যুদ্ধ আৰম্ভ হোৱাৰ দুদিন আগতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ বঁটা গ্রহণ কৰিবলৈ গৈ ইজৰাইলক তেওঁৰ পিতৃভূমি আখ্যা দিয়ে। এই মন্তব্যই তীব্র প্রতিক্রিয়াৰো সৃষ্টি কৰে। ভাৰতলৈ ইন্ধনৰ যোগানৰ ক্ষেত্ৰত ইৰানৰ প্রভাৱ থকা হৰমুজ প্রণালীৰ গুৰুত্ব আছে। আমেৰিকাৰ অধিক কাষ চাপিবলৈ ভাৰতৰ অসুবিধা। আমেৰিকা আৰু ইৰানৰ মাজত মধ্যস্থতাৰ দায়িত্ব লাভ কৰিলে পাকিস্তানে। সেই কথাৰ প্ৰতিক্রিয়া সুদূৰপ্ৰসাৰী হ'ব পাৰে।