যুৱ শক্তিৰ অপচয়

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্কঃ সময়ে সময়ে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ চৰকাৰে দেশ তথা ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ বাবে হাত খুলি ব্যয় কৰি অহা বুলিয়ে দাবী কৰি আহিছে। কিন্তু এই উছৱমুখৰ সময়তে এটা উদ্বেগজনক খবৰ প্ৰকাশ পাইছে যে আমাৰ দেশত ব্যাপক হাৰত যুৱ শক্তিৰ অপচয় হৈছে। বিশেষকৈ গ্রামাঞ্চলত যুব শক্তিৰ অপচয় ৰোধ কৰিবলৈ কোনোখন চৰকাৰ সফল হোৱা নাই। অলপতে প্রকাশ পোৱা 'State of Rural Youth Employment Report 2024'ৰ এক প্রতিবেদনত কোৱা হৈছে যে নিবনুৱা সমস্যা, সুযোগৰ অভাৱ, চহৰ অঞ্চললৈ প্ৰব্ৰজন আদি অনেক কাৰণত আমাৰ দেশৰ গ্রামাঞ্চলত যুব শক্তিৰ অপচয় হৈছে, যিটো দেশৰ প্ৰগতিৰ বাবেই প্রত্যাহ্বান হৈ উঠিছে।

আটাইতকৈ ভয়াৱহ কথাটো হৈছে- ভাৰতবৰ্ষৰ গ্রামাঞ্চলৰ ৮৫ শতাংশৰো অধিক যুৱক-যুৱতী নিজৰ বৃত্তিক লৈ সন্তুষ্ট নহয়। অর্থাৎ এই বৃহৎসংখ্যক যুৱক-যুৱতীয়ে নিজৰ বৃত্তি সলনি কৰিবলৈ সদায়ে উদগ্রীব হৈ থাকে। এই ব্যবস্থাই দেশৰ অৰ্থনৈতিক উৎপাদনশীলতাত ক্ষতি কৰা বুলিও প্রতিবেদনত কোৱা হৈছে। প্রতিবেদনৰ এই তথ্যই এই কথা স্পষ্ট কৰে যে ভাৰতবৰ্ষৰ দৰে বিশ্বৰ এক নম্বৰৰ জনসংখ্যাবহুল দেশত বৃহৎ যুৱ শক্তিৰ যি সম্ভাবনা, সেই সম্ভাবনাক সম্পদত পৰিণত কৰাত ক'ৰবাত নহয় ক'ৰবাত বিসংগতি ৰৈ গৈছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্রেংকলিন কছভেল্টে কৈছিল- 'We cannot always
build the future for our youth, but we can build our youth for the future.' অর্থাৎ আমি সদায় যুৱ চামৰ ভৱিষ্যৎ নিৰ্মাণ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু ভৱিষ্যতৰ বাবে আমি যুৱ চামক গঢ়ি তুলিব পাৰোঁ। ৰুছভেল্টৰ এই বক্তব্যৰ প্ৰাসংগিক সাৰ কথা যেন আজি সমগ্র বিশ্বই বুজি উঠিছে আৰু বিশ্বৰ দেশসমূহে বর্তমান যুৱ শক্তিৰ সম্ভাৱনাৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ লৈছে। কিয়নো বিশ্বৰ দেশসমূহে এই কথা মানি লৈছে যে যি পর্যন্ত যুব শক্তিক চালিকা শক্তিত পৰিণত কৰিব পৰা নাযাব সেই পর্যন্ত ইয়াৰ পৰা বিকশিত সম্ভাবনাও পোৱা নাযাব। আন কথাত বিপর্যস্ত যুৱ শক্তিয়ে এখন দেশৰ প্ৰগতিৰ পৰিৱৰ্তে অধোগতিৰ ক্ষেত্ৰতহে অৰিহণা যোগাব। সেয়ে যুৱ শক্তিৰ সম্ভাৱনাক দেশৰ প্ৰগতিত কিদৰে ব্যৱহাৰ কৰিব পৰা যাব, তাৰ উপায় উদ্ভাবনত ব্যস্ত হৈ পৰিছে বিশ্বৰ দেশসমূহ। 

দেশে দেশে যুৱ শক্তিক লক্ষ্য কৰিয়েই লোৱা হৈছে বিভিন্ন পদক্ষেপ, বিভিন্ন আঁচনি। ইয়াৰ ব্যতিক্ৰম হোৱা নাই আমাৰ ভাৰতবৰ্ষও। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রথম শাসনভাৰ গ্ৰহণ কৰিয়েই চৰকাৰে দেশৰ যুৱ সমাজক লক্ষ্য হিচাপে লোৱাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি এন ডি এ চৰকাৰে বিদ্যালয়ৰ শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, উন্নয়নৰ দক্ষতা, স্ব-নিৰ্ভৰশীলতা অর্জন, উদ্ভাবনীমূলক দক্ষতা আদিৰ ক্ষেত্রত বিভিন্ন আঁচনি-পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰিছিল। এনেয়েও জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ যুৱ শক্তিৰ সম্ভাৱনা অন্য দেশৰ তুলনাত অধিক উজ্জ্বল। কিয়নো ভাৰতবৰ্ষত যুৱক-যুৱতীৰ সংখ্যা ৬০ কোটিৰো অধিক। অর্থাৎ মুঠ জনসংখ্যাৰ ৬৬ শতাংশই ৩৫ বছৰৰ তলৰ যুৱ শক্তি। এইক্ষেত্ৰত কল্পনা কৰিয়েই ভাল লাগিব যে সামগ্রিকভাবে দেশৰ সকলো যুৱ শক্তিকে সঠিক গতি দিব পাৰিলে, যথোচিত কৰ্মক্ষেত্ৰ গতাব পাৰিলে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ প্ৰগতিৰ অগ্রদূত হিচাপে জিলিকি থাকিব। এক কথাত প্ৰগতিৰ এক নতুন যুগৰ সূচনা হ'ব। কিন্তু প্রকৃতাৰ্থতে ভাৰতবৰ্ষ এনে দিশত আগবাঢ়িব পাৰিছেনে?

দেশৰ চৰকাৰে পাৰিছেনে সঠিক কর্মসূচী প্রস্তুত কৰিব? প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ বাঘজৰী হাতত ল'লে। কিন্তু যোৱা সময়ছোৱাত তেওঁ নিজে নির্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত কিমানেইবা সফলতা আর্জিব পাৰিছে? অপ্রিয় হ'লেও সত্য যে দেশৰ যুৱ সমাজৰ অসন্তুষ্টি-ক্ষোভ এতিয়াও দূৰ কৰিব পৰা নাই চৰকাৰে। এতিয়াও দেশৰ গৰিষ্ঠসংখ্যক যুৱক-যুৱতীয়ে কর্মহীনতাৰ অনিশ্চয়তাত ভুগি ছটফটাই আছে। এতিয়াও এচাম যুব শক্তিয়ে চুৰি-ডকাইতি-প্রবঞ্চনা-অপহৰণ আদি -অপহৰণ আদিত লিপ্ত হৈছে, ড্রাগ-সুৰা-দেহ ব্যৱসায় আদি দুষ্কার্যত নিমজ্জিত হৈ বিপথগামী হৈছে। কভিড মহামাৰীৰ পাছত গ্রামাঞ্চলসমূহতে সংস্থাপনহীনতাৰ ভয়াৱহ ছবিখন অধিক প্রকট হৈছে। অলপতে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ (চি এম আইই) এক প্রতিবেদন মতে, এবছৰৰ আগলৈকে দেশৰ গ্রামাঞ্চলত নিবনুৱাৰ সংখ্যা ৬.২ শতাংশৰ পৰা ১০.৮২ শতাংশলৈকে বৃদ্ধি হৈছে। আনহাতে, সামগ্রিকভাৱে ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ ১০.০৫ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ সত্যতা বিচাৰি আমি দূৰলৈ চোৱাৰ প্ৰয়োজন নাই। আমাৰ অসমৰ পটভূমিলৈ চালেই দেখা যায়- ৰাজ্যৰ পৰা নিতৌ দলে দলে যুৱক-যুৱতীয়ে সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। আর্থিক দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত দলে দলে মেধা যুৱ শক্তিয়েও উচ্চ শিক্ষাৰ আশা আধাতে এৰি পেলাইছে। পৰৱৰ্তী পৰ্যায়ত পৰিয়াল ভৰণ-পোষণৰ স্বাৰ্থতে চেন্নাই, বেংগালুৰু, মুম্বাই, কেৰালাত ছিকিউৰিটি গার্ড, শ্রমিক, যোগালি, দিন হাজিৰা আদি কামত নিয়োজিত হ'বলৈ বাধ্য হৈছে। এইক্ষেত্রত তেওঁলোক কৃষিকার্যত জড়িত হ'ব পৰাৰ প্ৰসংগ উত্থাপন হ'ব পাৰে। কিন্তু বাস্তৱ সত্যটো হ'ল- গ্রামাঞ্চলৰ ৮০ শতাংশৰো অধিক কৃষকৰে কৃষিকার্য কৰি আত্মনিৰ্ভৰশীল হ'ব পৰা পৰিৱেশ নাই। কিয়নো তেওঁলোকৰ হাতত পর্যাপ্ত কৃষিভূমিয়েই নাই। গড় হিচাপত প্ৰতিগৰাকীৰ হাতত ৫ বিঘাতকৈ অধিক কৃষিভূমি নায়েই। আকৌ যি অলপ-অচৰপ কৃষিভূমি আছে, চৰকাৰী বিভিন্ন আঁচনি-প্ৰকল্পৰ ৰূপায়ণৰ বাবে এৰি দিবলগীয়া হোৱাত সিও হ্রাস পাইছে। তদুপৰি কৃষিজাত সামগ্ৰীৰ বজাৰ, মধ্যভোগীৰ সমস্যা আদিবোৰ আছেই। চৰকাৰীভাৱেও কৃষি খণ্ডৰ এনে সংকট দূৰীকৰণৰ কোনো পদক্ষেপ নাই। এনেক্ষেত্ৰত যুৱ চাম কৃষি-বিমুখ হোৱাটোৱেই স্বাভাৱিক। তদুপৰি আধাতে শিক্ষা সামৰি, কৃষি-বিমুখ হৈ বহিঃৰাজ্যলৈ ঢাপলি মেলা ঘটনাবোৰে যুৱ শক্তিৰ মেধা গুণ, মানৱ সম্পদৰ অপচয়ৰ কথাকো সূচায়। অথচ বিষয়টো সূক্ষ্ম বিশ্লেষণৰ ক্ষেত্ৰত চৰকাৰ যেন অপাৰগ। কথাতে কোৱা হয়-চলিত শতিকাটো এছিয়াৰ হাতত। এই শতিকাতে চন্দ্র অভিযান, সূর্য অভিযান, মহাকাশ অভিযান আদিৰে নিজৰ শক্তি-সামর্থ্য প্রদর্শন কৰি বিশ্বক চমকিত কৰি ৰাখিছে ভাৰত, চীনৰ দৰে দেশে। এছিয়াৰ এনে সামৰ্থৱান দেশে অর্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক আদি ক্ষেত্রতো বিশ্বত এক নতুন যুগৰ সূচনাৰ সপোন-সম্ভাৱনাও আছে। এই সম্ভাৱনাই বাস্তৱ ৰূপ পাবলৈ হ'লে যুৱ শক্তিৰ উজ্জীৱিত সামর্থ্য লাগিবই। সেয়ে ভাৰতবৰ্ষৰ দৰে দেশে ৬০ কোটি যুৱ শক্তিৰ কল্যাণ আৰু সামর্থ্যৰ ওপৰত অধিক গুৰুত্ব দিবই লাগিব।

Share This