ডিজিটেল ডেস্ক: বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদীয় ইতিহাসত এক অভিলেখ ৰচনা কৰি সংসদত দাখিল কৰা নৱমখন বাজেটত নিশ্চিতভাৱে অর্থনৈতিক সংস্কাৰৰ, আন্তঃগাঁথনি উন্নয়নৰ, সম্পদৰ ব্যৱহাৰৰ আৰু বিনিয়োগ বৃদ্ধিক গুৰুত্ব দিয়া হৈছে যদিও এই বাজেটে যে বজাৰক সন্তুষ্ট কৰিব নোৱাৰিলে সেয়া প্রতিফলিত হ'ল দেশৰ শ্বেয়াৰ বজাৰত।
বাজেট দাখিলৰ পিছমুহূৰ্ততে ছেনছেক্স ১৫৪৬ পইন্ট আৰু নিফটি ৪৯৫ পইন্ট হ্রাস পায়। বিনিয়োগকাৰীৰ লোকচান হয় প্রায় ৮ লাখ কোটি টকা। মূলতঃ দেশৰ আয়কৰদাতাসকল এইবাৰৰ বাজেটৰ পৰা উপকৃত নোহোৱাৰ বাবেই বজাৰত এই নেতিবাচক প্ৰভাৱ পৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা বাজেট প্রস্তাৱসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ লক্ষ্য দেশক সক্ষম আৰু স্ব-নিৰ্ভৰশীল কৰি তোলা। বৃহৎ বিত্তীয় ঘাটিৰ সৈতে যুঁজি থাকিবলগীয়া হোৱা চৰকাৰখনে বাজেটত এইবাৰ বাহিৰৰ বিনিয়োগক, বিশেষকৈ প্ৰৱাসী ভাৰতীয় ধনাঢ্যসকলৰ পৰা দেশত বৃহৎ বিনিয়োগৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে কেতবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি দেশীয় সম্পদৰ পৰ্যাপ্ত ব্যৱহাৰত গুৰুত্ব দিয়া দেখা গৈছে বাজেটখনে। দেশৰ তালিকাভুক্ত কোম্পানীসমূহত প্ৰৱাসী ভাৰতীয়ৰ বিনিয়োগৰ ক্ষেত্ৰত পূৰ্বর্বতে যি চর্ত আছিল সেয়া এইবাৰ লক্ষণীয়ভাৱে শিথিল কৰা হৈছে।
বৰ্তমানৰ ব্যৱস্থা মতে প্ৰৱাসী ভাৰতীয়ই তালিকাভুক্ত কোম্পানীত ব্যক্তিগতভাৱে ৫ শতাংশ আৰু সমূহীয়াকৈ ১০ শতাংশ বিনিয়োগৰ সীমা ৰখা হৈছিল। কিন্তু বাজেটে এই সীমা ২৪ শতাংশলৈ বৃদ্ধি কৰিছে। ফলত প্ৰৱাসী ভাৰতীয়সকলৰ বিনিয়োগ ব্যাপক হাৰত বৃদ্ধিৰ সম্ভাৱনা থাকিব। কেৱল ইমানেই নহয়, ফ'ৰেইন এক্সচেঞ্জ মেনেজমেন্ট ৰেগুলেশ্যন (ফেমা)ৰ নিয়মৰো পুনৰীক্ষণ কৰা হ'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যাতে বাহিৰৰ পৰা হোৱা বিনিয়োগৰ প্ৰতিবন্ধকতাসমূহ দূৰ কৰিব পৰা যায়। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবিলাকৰ লগতে দুশটা পুৰণি উদ্যোগৰ বিকাশৰ বাবে বাজেটত লোৱা প্ৰস্তাৱে আৰু ক্ষুদ্র, মজলীয়া উদ্যোগৰ বাবে বাজেটত ধাৰ্য কৰা ১০ হেজাৰ কোটি টকাৰ পুঁজিয়ে উৎপাদনী ক্ষেত্রক ত্বৰান্বিত কৰাৰ লগতে বিনিয়োগৰ ক্ষেত্ৰখনৰো প্ৰসাৰ ঘটোৱাৰ সম্ভাৱনা আছে।
বাজেটখনৰ অন্য এটা বিশেষ দিশ হৈছে 'লাখপতি বাইদেউ যোজনা'ক উৎসাহিত কৰিবলৈ তথা ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তাৱ। নৰেন্দ্ৰ মোদী চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ জৰিয়তে ইতিমধ্যে আত্মসহায়ক গোটৰ লাখ লাখ মহিলাই ১০ হাজাৰকৈ টকা লাভ কৰিছে। এই ধন দিয়া হৈছিল মহিলাসকলে নিজাকৈ উদ্যোগ-ব্যৱসায় স্থাপন কৰি যাতে স্ব-নিৰ্ভৰশীল হ'ব পাৰে। এই আত্মসহায়ক উদ্যোগ বিপণীসমূহৰ যাতে প্ৰসাৰ ঘটাব পৰা যায় তাৰবাবে বাজেটত প্ৰস্তাৱ ৰখা হৈছে আৰু ইয়াৰ জৰিয়তে গ্রাম্য মহিলাসকলৰ সন্মুখত স্ব-নিৰ্ভৰশীলতাৰ নতুন সুযোগ সৃষ্টি হোৱাৰ লগতে আত্মসহায়ক গোটবোৰ শক্তিশালী হ'ব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰিছে। বিশ্বক আকৰ্ষিত কৰি দেশৰ অৰ্থনীতিক উপকৃত কৰিবলৈ বিত্ত মন্ত্রী সীতাৰমণে পাঁচটা 'ৰিজিঅ'নেল মেডিকেল টুৰিজম হাব' স্থাপনৰ বাবে লোৱা সিদ্ধান্তও বাজেটৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। উন্নত চিকিৎসা আৰু আৰোগ্য নোহোৱা পর্যন্ত ৰোগীক পৰিচৰ্যা কৰাৰ এটা সমন্বিত 'পেকেজ' থাকিব এই 'হাব'সমূহত। বিভিন্ন দেশৰ ৰোগীসকলক আকর্ষণ কৰাই এই পদক্ষেপৰ উদ্দেশ্য। ব্যক্তিগতখণ্ডৰ সহযোগিতা আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনত স্থাপন কৰিবলৈ লোৱা এই 'চিকিৎসা ক্ষেত্র'সমূহ ভৱিষ্যতে দেশৰ ফলপ্রসূ সম্পদ হৈ পৰাৰ সম্ভাৱনা আছে। এনেকুৱা কেইবাটাও বৈশিষ্ট্যপূর্ণ দিশ আছে বাজেটখনত।
উল্লেখযোগ্য যে 'কর্তব্য ভৱন'ত প্ৰস্তুত কৰা বাজেটখন বিত্ত মন্ত্ৰীগৰাকীয়ে ৩টা 'কর্তব্য'ত গুৰুত্ব আৰোপ কৰিছে। (১) উৎপাদন বৃদ্ধিৰ জৰিয়তে অর্থনৈতিক বিকাশ দ্রুত আৰু বহনক্ষম কৰা, যাতে অস্থিৰ বিশ্ব ব্যৱস্থাৰ মাজত আমাৰ দেশখন মূৰদাঙি থিয় হৈ থাকিব পাৰে, (২) দেশৰ সমৃদ্ধিৰ পথত জনসাধাৰণক শক্তিশালী অংশীদাৰ হিচাপে গঢ়িব পৰাকৈ তেওঁলোকৰ আশা পূৰণ আৰু সামর্থ্য বৃদ্ধি, (৩) সকলোৱেই যাতে সম্পদৰ সমান ভাগ, সুবিধা আৰু সুযোগ পায় তাৰ বাবে 'সবকা সাথ সবকা বিকাশ' নীতিৰে কাম কৰা। বিশ্বৰ বৰ্তমান স্পৰ্শকাতৰ পৰিস্থিতিৰ সময়ত দেশৰ প্ৰতিৰক্ষাৰ বাবে সৰ্বকালৰ সৰ্ববৃহৎ বাজেট আবণ্টনো বাজেটৰ উল্লেখযোগ্য দিশ। ২০৪৭ চনৰ ভিতৰত ভাৰত 'বিশ্বগুৰু' হোৱাৰ লক্ষ্যৰেই বাজেটখন প্রস্তুত কৰা বুলি ধাৰণা কৰাৰ থল আছে।