কিহৰ ইংগিত?

dainik janambhumi October 22, 2025

ডিজিটেল ডেস্কঃ বিহাৰত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিৰোধী দলসমূহৰ মিত্ৰতাৰ ক্ষেত্রত যিখন ছবি দেখা গৈছে সেয়া কেৱল বিহাৰৰ বাবেই নহয়, সমগ্র দেশৰ বিৰোধী শক্তিৰ বাবে আশাপ্রদ নহয়। গণতন্ত্রক সজীৱ কৰি ৰখাৰ স্বাৰ্থত দেশৰ প্ৰতিগৰাকী গণতন্ত্রপ্রেমীৰ মত হ'ল শাসকীয় পক্ষক গণমুখী কৰি ৰখাৰ স্বাৰ্থতে শক্তিশালী বিৰোধী পক্ষৰ প্ৰয়োজন। যেতিয়া শাসকৰ আচৰণ স্বৈৰাচাৰী হৈ পৰে তেতিয়া জনসাধাৰণৰ মনলৈ পৰিৱৰ্তনৰ ধাৰণা আহে আৰু তেতিয়া পৰিৱৰ্তনকামী জনতাই বিৰোধী শক্তিশালী নেতাৰ মুখৰ সন্ধান কৰে।

১৯৮০-ৰ দশকৰ পৰা দেশত হৈ অহা বিভিন্ন সময়ৰ পৰিৱৰ্তনৰ ৰাজনীতিত জনসাধাৰণে বিচৰা ধৰণেৰেই শক্তিশালী বিকল্প শক্তিৰ উত্থান ঘটিছে। উত্থান ঘটিছে একো একোগৰাকী শক্তিশালী বিকল্প নেতাৰ। মোৰাৰজী দেশাই, বিশ্বনাথ প্রতাপ সিং, অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী ৰাষ্ট, পৰ্যায়ত এনেদৰে ঘটা উত্থানৰ অধ্যায়ৰে একো একোগৰাকী নেতা। আঞ্চলিক পর্যায়তো বহু নেতাৰ অকল্পনীয় উত্থান এনে পৰিৱেশ-পৰিস্থিতিৰে পৰিণতি। দেশবাসীৰ মনত সময়সাপেক্ষে জাগ্রত হৈ উঠা এনে পৰিৱৰ্তনৰ চেতনা কেতিয়াবা নিম্ফলো হৈ পৰে, যেতিয়া জনসাধাৰণৰ মানসিকতাক সঁহাৰি দিব পৰাকৈ বিকল্প বুলি ভবা দলসমূহ আগ্রাসী ৰূপত ওলাই আহিব নোৱাৰে। যোৱা দশকটোত কেইখনমান ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পৰিসংখ্যা চালেই এই কথাটো বোধগম্য হৈ পৰে। যি নহওক, এতিয়া বিহাৰৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে এইবাবেই যে বিজেপিৰ অশ্বমেধৰ ঘোঁৰা ৰুধিব পৰাৰ শক্তি থকা বুলি বিশ্বাস কৰা কেইখনমান ৰাজ্যৰ ভিতৰত বিহাৰো অন্যতম।

যদিও ৰাজ্যখনত বর্তমান নীতিশ কুমাৰৰ জে ডি (ইউ), ছিৰাগ পাছোৱানৰ লোক জনশক্তি পার্টি আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, তাত আৰ জে ডি, কংগ্রেছ, জে এম এম, বাওঁ দলৰ নেতৃত্বাধীন 'মহাগঠবন্ধন'ৰো শক্তি প্রায় সমানেই আৰু এনে শক্তিৰে এই বিৰোধী মহাগঠবন্ধনে শাসকীয় এন ডি এ মর্চাক সবল প্রত্যাহ্বান জনাব পাৰিব বা ভালকৈ যুঁজিব পাৰিলে বিজয়ৰ হাঁহিও মাৰিব পাৰিব বুলি জনসাধাৰণৰ বিশ্বাস নোহোৱা নহয়। কিন্তু নির্বাচনলৈ মাত্র কেইটামান দিন থকা অৱস্থাত আসন বুজাবুজিক লৈ মহাগঠবন্ধনত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰিপ্ৰেক্ষিতত এই বিৰোধী মর্চাই শাসকীয় মর্চাক কিমানদূৰ প্রতিহত কৰিব পাৰিব তাক লৈ প্রশ্নবোধক চিহ্ন উদয় হোৱা পৰিলক্ষিত হৈছে। মিত্ৰতাৰ চৰ্ত অনুসৰি বিৰোধী জোঁটত অন্তর্ভুক্ত দলসমূহে প্রথমতে আসন বুজাবুজিৰ সিদ্ধান্ত লৈ পাছত সেই অনুসৰি নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব লাগিছিল, কিন্তু মহাগঠবন্ধনত সেয়া হৈ নুঠিল আৰু আসন বুজাবুজিৰ পূৰ্বেই দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি দিবলৈ আৰম্ভ কৰিলে। এজনো বিধায়ক নথকা বিকাশশীল ইনছান পার্টি (ভি আই পি) নামৰ দলটোৱে প্রথমতে ৪০-৫০টা সমষ্টি দাবী কৰি মহাগঠবন্ধনৰ চৰকাৰখনত উপ-মুখ্যমন্ত্ৰীৰ পদ দাবী কৰিছিল। এতিয়া দলটোৱে ১৬টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে। চি পি আই (এম এল) এ ঘোষণা কৰিছে ২০টা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত। চি পি আই-এ ৯টা সমষ্টিত আৰু চি পি আই (এম)-এ ৪টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব। বিধানসভাত দল দুটাৰ আছে ৪জন সদস্য।

এইকেইটা অংশীদাৰ দলৰ উপৰি মহাগঠবন্ধনৰ দুই প্রধান দল আৰ জে ডি আৰু কংগ্ৰেছেও বিৰোধী মিত্রজোটৰ প্রতি সম্মান প্রদর্শন নকৰাকৈ নিজা নিজাকৈ ইতিমধ্যে প্রার্থীৰ তালিকা ঘোষণা কৰি দিছে। প্রথমে প্রার্থীৰ তালিকা ঘোষণা কৰা কংগ্ৰেছে ৬১টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব আৰু সৰ্বশেষত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা আৰ জে ডিয়ে প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে ১৪৩টা সমষ্টিত। এইদৰে নিজৰ মাজত আলোচনা নোহোৱাকৈ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ ফলত ১১টা সমষ্টিত মহাগঠবন্ধনৰ নিজৰ মাজতে যুঁজ হোৱাটো স্পষ্ট হৈ পৰিছে। অৱশ্যে, এতিয়াও সকলো সমষ্টিতে মনোনয়ন-পত্র দাখিল হোৱা নাই আৰু মনোনয়ন-পত্ৰ পৰীক্ষা তথা প্রত্যাহাৰৰ অধ্যায় দুটাও বাকী আছে।

পাছত দলসমূহৰ মাজত আলোচনা হৈ প্রার্থিত্ব প্রত্যাহাৰ হ'বও পাৰে। কিন্তু প্রাথমিক পর্যায়ত বিৰোধী মৰ্চাটোৱে আসন বুজাবুজিৰে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নোৱৰাৰ ফলত এটা বার্তা জনসাধাৰণলৈ গৈছে যে এই মহাগঠবন্ধনৰ নিজৰ মাজতে মিলাপ্রীতি নাই, তেওঁলোকে বিজেপিক প্রতিহত কৰিব কেনেকৈ। আসন বুজাবুজিৰ ক্ষেত্ৰত সন্তুষ্ট নহৈ ঝাৰখণ্ডত শাসনত থকা জে এম এম (ঝাৰখণ্ড মুক্তি মর্চা)-এ অসন্তুষ্ট হৈ বিৰোধী মিত্ৰজোঁটৰ পৰা আঁতৰি গৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা নকৰিবলৈ গ্রহণ কৰা সিদ্ধান্তয়ো বিৰোধী জোঁটৰ মাজত অব্যাহত থকা সংঘাতক অধিক প্রকট কৰি তোলাত বিৰোধী শক্তিৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্রাস হোৱা স্বাভাৱিক। এনে অৱস্থা দেখিয়েই বিহাৰৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় লোকমৰ্চাৰ অধ্যক্ষ উপেন্দ্ৰ কুশৱাহাই মুকলিকৈ ক'ব পাৰিছে- 'মহাগঠবন্ধনৰ হাতৰ পৰা ক্ষমতা পিছলি পৰিছে (মহাগঠবন্ধন কে হাথ সে সত্তা ফিসল চুকী হেঁ)।' আশ্চর্যজনক কথাটো হ'ল এটা দশকৰো অধিক কাল ধৰি দেশ তথা বিভিন্ন ৰাজ্যত ক্ষমতাৰ পৰা আঁতৰি থাকিব লগা হোৱাৰ পাছতো বিৰোধী নেতাসকলৰ দম্ভ-অহংকাৰ কমা নাই।

ঐক্যবদ্ধ হৈ বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে শক্তিশালী যুদ্ধত অৱতীৰ্ণ হোৱাত বাৰে বাৰে বিৰোধী নেতাসকল ব্যর্থ হৈছে। অৱশ্যে, বিহাৰত বিজেপি মিত্রজোঁটৰ মাজতো সংঘাত আছে। প্রকাশ্যে আসন বুজাবুজি কৰি দেখুৱালেও ভিতৰি ভিতৰি অসন্তুষ্টিৰ জুই একুৰা বিজেপি-জে ডি (ইউ)-লোক জনশক্তি নেতৃত্বাধীন শাসকীয় মর্চাত জ্বলি আছে। গতিকে, নির্বাচনত অৱশেষত ফলাফল কি হয় এতিয়াও ক'ব পৰা নাযায় যদিও বিৰোধী ঐক্যৰ ব্যৰ্থতাই জনতালৈ যে এটা নেতিবাচক বার্তা দিছে সেইটো নিশ্চিত।

Share This