ডিজিটেল ডেস্ক : সলনি হৈছে। শীতল যুদ্ধৰ অন্ত হৈছিল ছোভিয়েট ৰাছিয়াৰ পতনৰ ফল স্বৰূপে। তাৰ পাছত সমগ্ৰ বিশ্বত মার্কিন যুক্তৰাষ্ট্ৰই একক কর্তৃত্ব স্থাপন কৰিছিল। হৈ পৰিছিল একক আৰু অদমনীয় শক্তি। মধ্যপ্রাচ্য আৰু আফগানিস্তানত এসময়ত ইছলামিক মৌলবাদী শক্তিৰ উত্থান ঘটিছিল আমেৰিকাৰ পৃষ্ঠপোষকতাত। এই কৌশল গ্রহণ কৰা হৈছিল মধ্যপ্রাচ্যত আমেৰিকাৰ একক কর্তৃত্ব অব্যাহত ৰাখি বিশ্বৰ তেলৰ বজাৰত আমেৰিকান ব্যাৱসায়িক গোষ্ঠীসমূহৰ প্ৰভাৱ-প্রতিপত্তি অক্ষুণ্ণ ৰাখিবৰ বাবে। কিন্তু এই আধিপত্যবাদে যেতিয়া উৎকট সাম্রাজ্যবাদৰ ৰূপ ল'লে, তেতিয়াই আৰম্ভ হ'ল তাৰ প্রতিক্রিয়া। আফগানিস্তান-ইৰাক আদিত থকা মার্কিন ঔপনিবেশিক শাসন-শোষণ প্ৰতিৰোধৰ বাবেই উত্থান ঘটিছিল আল-কায়দা আদি সংগঠন আৰু ওছামা বিন লাডেনৰ দবে সন্ত্রাসবাদীৰ। আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ টুইন টাৱাৰ ভস্মীভূত কৰা হৈছিল। তেতিয়াৰ পৰাই মার্কিন সমৰসজ্জা পূৰ্বতকৈও দুগুণ বৃদ্ধি পাইছিল। বিশ্বক সন্ত্রাসবাদ, বিশেষকৈ ইছলামিক সন্ত্রাসবাদৰ পৰা মুক্ত কৰাৰ নামত নাটো দেশসমূহক লগত লৈ আমেৰিকাৰ কথাত উঠা-বহা নকৰা আৰু আমেৰিকা-বিৰোধী প্ৰৱণতা থকা দেশবোৰক বাছিবাছি এখন এখনকৈ ধ্বংস কৰা হৈছিল। সমগ্র বিশ্বত পুনৰ আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু পৰিস্থিতি ভিতৰি সলনি হৈ গৈ আছিল।
ইজৰাইলক সহযোগী ৰূপে লৈ আমেৰিকাই বর্তমান বিশ্ব এক জটিল পৰিস্থিতিত আহি উপনীত হৈছে। বিশ্বত শক্তিৰ সমীকৰণ মধ্যপ্রাচ্যৰ গাজা, পেলেষ্টাইন, ছিৰিয়া-লেবানন আদিত থকা আমেৰিকা-বিৰোধী ঘাটিসমূহ ধ্বংস কৰি হাঁহৰ ওপৰত শিয়াল ৰজা হৈ বহিছিল। কিন্তু দৃশ্যপট সদায় একেদৰে নাথাকে। যি ছোভিয়েট বাছিয়াক ধ্বংস কৰিবলৈ একালত আমেৰিকাই সর্বশক্তি প্রয়োগ কৰিছিল, সেই ৰাছিয়াৰ পৰৱৰ্তী কালত অন্য ৰূপত শক্তিশালীভাবে উত্থান ঘটিল। মধ্যপ্রাচ্যৰ এটা স্বতন্ত্র শক্তি ইৰান-আমেৰিকাৰ সম্প্ৰসাৰণবাদ তথা আধিপত্যবাদৰ প্ৰধান বাধা। সেইবাবেই এই দেশৰ ওপৰত নানা নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি ইজৰাইলৰ দ্বাৰা চাপত ৰখাৰ চেষ্টা কৰিছিল। আনফালে বিশ্ব বাণিজ্যত এটা নতুন শক্তি ৰূপে আৰু সামৰিক ক্ষেত্ৰতো আমেৰিকাৰ প্ৰতি ভাবুকি স্বৰূপে চীনৰ উত্থান ঘটিল। শক্তিৰ এই নতুন সমীকৰণ ক্ৰমশঃ আমেৰিকাৰ প্ৰতি ভাবুকি হৈ উঠিল। নাটো গোটৰ ৰাষ্ট্ৰসমূহৰ ওপৰত অগণতান্ত্রিক চাপ বৃদ্ধিত ক্ষুব্ধ হৈ নাটোৰ দেশবিলাকে আমেৰিকাৰ পৰা দূৰত্ব ৰাখি চলিবলৈ ধৰিলে। এনে এটা পৰিস্থিতিতে ইজৰাইল আৰু আমেৰিকাই ইবান আক্ৰমণ আৰম্ভ কৰিলে। ইয়াৰ বহু বছৰ আগৰে পৰাই ইৰানক বিশ্বৰ ভিতৰত একাষৰীয়া কৰি ৰখাৰ চেষ্টা চলিছিল। ইৰানেও ভবিষ্যতে এই সংকটৰ পৰা নিষ্কৃতি লভিবলৈ উপায় উদ্ভাৱন কৰি থৈছিল। এই সকলোবোৰৰে প্ৰতিফলন ঘটিল সাম্প্রতিক ইৰান-আমেৰিকা-ইজৰাইলৰ যুদ্ধত। তথাকথিত বিশ্বশক্তি আমেৰিকাক এনে শক্তিশালীভাবে ইৰানে উভতি ধৰিলে যে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ গুৰুত্বই বিশ্বত হ্রাস পাই গ'ল। ইৰানক একাষৰীয়া কৰিবলৈ যোৱা আমেৰিকা আজি নিজেই অকলশৰীয়া। নাটো গোষ্ঠীৰ দেশসমূহে ট্রাম্পৰ শেহতীয়া আধিপত্যবাদক মুকলিকৈয়ে তীব্রভাবে বিৰোধিতা কৰিলে। ইয়াৰ আগতে ইৰাক-লিবিয়া আদি সৰু দেশক আমেৰিকাই নাটোৰ সহায়ত আক্ৰমণ কৰি শেষ কৰিছিল। কিন্তু যুদ্ধ জয়ৰ কৃতিত্ব আমেৰিকাই নিজে লৈছিল। এইবাৰ নাটো দেশৰ অসহযোগিতাই এই কথা প্রায় প্রতীয়মান কৰি দিলে যে সাম্প্রতিক বিশ্বত আমেৰিকাৰ অৱস্থা ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰৰ দৰে হৈ পৰিছে। আজি বিশ্ব জনমত ইৰানৰ পক্ষেহে। আমেৰিকা হৈ পৰিছে ঘৃণাৰ পাত্ৰ। বিশ্ব বাণিজ্যত ৰাষ্ট্ৰপতি ট্রাম্পৰ বিচিত্র ভূমিকাই বিরূপ প্রভাব পেলাইছে। শ্বেয়াৰ বজাৰৰ পতন ঘটিছে। মধ্যপ্রাচ্যৰ দেশসমূহত থকা বিভিন্ন মার্কিন ব্যাবসায়িক প্রতিষ্ঠান, বিভিন্ন কোম্পানীত চাকৰি কৰি থকা লোক সংস্থাপনহীন হৈ পৰিছে। সমগ্ৰ বিশ্বৰ বজাৰ এতিয়া অনিশ্চয়তাৰ গ্ৰাসত। ইয়াৰ কু-প্ৰভাৱ ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত বেয়াকৈ পৰিছে।
যি সময়ত সমগ্ৰ বিশ্বৰ সৰু-বৰ দেশ ইজৰাইল আৰু আমেৰিকাৰ যৌথ শক্তিৰ বিপৰীতে থিয় দিছে, তেনে এক সময়ত ভাৰতে দুয়োপক্ষৰ লগত সম্পৰ্কৰ সন্তুলন ৰক্ষা কৰাৰ এক স্থিতি গ্রহণ কৰা দেখা গৈছে। যুদ্ধৰ ঠিক আগে আগে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইজৰাইললৈ গৈ দেশখনৰ প্ৰপ্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক আলিংগন কৰা আৰু সেই দেশক 'ফাদাৰলেণ্ড' আখ্যা দিয়া অধ্যায়টোৱে আন্তর্জাতিক মহলত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। পাচে আমেৰিকা-ইজৰাইলে ইৰানত চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুয়োপক্ষৰ মাজত হোৱা যুদ্ধৰ সময়ছোৱাত ভাৰতে অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসাৰ আহিলাভর্তি কেইবাখনো জাহাজ ইৰানৰ বেডক্রছ ছ'চাইটিলৈ প্রেৰণ কৰে। ভাৰতৰ এই সাহায্যই যুদ্ধত আহত ইৰানৰ সৈন্যৰ চিকিৎসাত বিশেষভাৱে অৰিহণা যোগাইছে। তদুপৰি, এক নিৰপেক্ষ স্থিতি লৈ ভাৰতে এই সংঘাতৰ অৱসান ঘটোৱাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকাটোও সকলোৱে লক্ষ্য কৰিছে। ভাৰতৰ এই ভূমিকাৰ বাবেই চৰম অনিশ্চয়তাৰ মাজতো হৰমুজ প্রণালীয়েদি তেল আৰু এল পি জি পৰিবাহী ভাৰতীয় জাহাজ পাৰ হৈ অহাটো সম্ভৱ হৈছে। বৈদেশিক পৰ্যায়ত, আজিৰ বিশ্ব পৰিস্থিতিত এটা সদর্থক-নিৰপেক্ষ ভূমিকা গ্রহণ কৰিলেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মৰ্যাদা বৃদ্ধি পাব। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রাসংগিকতা হেৰুৱাব লগা হোৱাৰ শংকা যি সময়ত বিদ্যমান, তেনে সময়ত আমাৰ চৰকাৰৰ মুৰব্বীসকল ব্যস্ত হৈ আছে কেইখনমান ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত-পুনৰ ক্ষমতা দখল কৰাৰ প্রশ্নত। সময়ৰ শৰ সময়ত নামাৰিলে নিজৰেই ক্ষতি।