ডিজিটেল ডেস্ক : এতিয়াৰ পৰা প্রায় দুকুৰি ছবছৰ আগতে সমগ্র অসমত প্রতিধ্বনিত হোৱা এটা প্রশ্ন। সেয়া আছিল আকস্মিকভাৱে আৰম্ভ হোৱা, পাছত অসমৰ 'অস্তিত্ব ৰক্ষা'ৰ আন্দোলন ৰূপে পৰিচিত হোৱা ছবছৰীয়া আন্দোলনৰ সূচনা-পর্ব। সেই সময়ত নানাধৰণৰ ধ্বনি বা শ্ল'গান দিয়া হৈছিল। আহ্বান আছিল 'আহ ঐ আহ ওলাই আহ।' লাহে লাহে ৰাইজ ওলাই আহিছিল। আন্দোলন তুংগত উঠিছিল। অসমৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে বহু নতুন-পুৰণি সংগঠন একত্রিত হৈছিল। আন্দোলনৰ নেতৃত্ব ছাত্র সংগঠন সদৌ অসম ছাত্র সন্থাক দিয়া হৈছিল। তাৰ পাছত অবৈধ বিদেশী বিতাড়ন, চন-তাৰিখ আদিক লৈ চলিছিল নানা আলাপ-আলোচনা। অসমত আৰম্ভ হৈছিল গৃহযুদ্ধ, ভ্রাতৃঘাতী সংঘাত। নির্বাচন বর্জন আৰু নির্বিচাৰ হিংসা, গণহত্যা। এনেদৰে এটা পর্যায়ত আলোচনা আৰু চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ অন্ত পৰিছিল। নতুন আঞ্চলিক দল গঠন হৈছিল। চৰকাৰ হৈছিল। তাৰ গৰ্ভতে আকৌ অসমক 'স্বাধীন' কৰিবলৈ অহা এটা শক্তিয়ে আৰম্ভ কৰিছিল ধনদাবী-অপহৰণ, ৰক্তপাত।
এই ৰক্তাক্ত অধ্যায়ৰ ফলত অসমত সৃষ্টি হৈছিল একধৰণৰ অৰাজকতা। ৰাষ্ট্ৰপতি শাসন হৈছিল। পৰৱৰ্তী পৰ্যায়ত আৰম্ভ হৈছিল অসমৰ জনজাতি-গোষ্ঠী-সম্প্রদায়সমূহৰ স্বায়ত্ত শাসনৰ দাবীৰ আন্দোলন। বৰোসকলে দাবী কৰিছিল 'ডিভাইড আছাম ফিফটি-ফিফটি'ৰ পৃথক ৰাজ্যৰ আন্দোলন। সমগ্র অসম পুনৰ অস্থিৰতাত নিমজ্জিত হৈ পৰিছিল। তেনে বহু ক'লা দিনৰ অন্তত ৰাজ্যখনলৈ তৰুণ গগৈৰ চৰকাৰৰ দিনত তুলনামূলকভাৱে কিছু সুস্থিৰতা আহিছিল। অর্থাৎ, আমাৰ যিসকল যুৱক-যুৱতী অসম আন্দোলন বা তাৰ পৰৱৰ্তী কালত জন্ম হৈছিল তেওঁলোক বহু দুদিনৰ মাজেৰে পাৰ হৈ আহিছে। তাৰ পাছত যিসকলৰ জন্ম হৈছে তেওঁলোকে ৰক্তপাত, পাশৱিকতা তুলনামূলকভারে কম দেখিছে। অসমৰ দৰে ভাৰতৰ আন ৰাজ্যৰ যুৱক-যুৱতীয়ে নিজ প্রদেশৰ ইমান দুর্দশা দেখি ডাঙৰ হোৱা নাই। অসম আন্দোলনৰ শ শ শ্বহীদ, আলফাত যোগ দিবলৈ গৈ হাজাৰ হাজাৰ অসমীয়া যুৱক-যুৱতী চহাৰ দৰে জাহ যোৱা, আলফাৰ হাতত শ শ নিৰীহ-নিৰপৰাধী লোকৰ মৃত্যু আদিৰ পাছত আজি অসম আহি কেনে এটা অৱস্থাত উপনীত হ'লহি। ক'ত আজি আন্দোলনৰ নেতৃবর্গ, ছাত্র সংগঠনৰ নেতৃবর্গ। এতিয়া অসমত মাত্র কেইটামান দিন থাকিলেই, কর্মসূত্রে আহি আনকি উভতি গ'লেও ভোটাৰ লিষ্টত নাম সোমাব, ভোট দিব পাৰিব। এতিয়া আৰু অসমীয়া মানুহে কাক বা কোন দলক ভোট দিব-নিদিব সেয়া আৰু গুৰুত্বপূৰ্ণ কথা হৈ থকা নাই। সৰ্বভাৰতীয়, বিশেষকৈ উত্তৰ ভাৰতৰ প্রাধান্য থকা ৰাজনৈতিক দল আৰু অসমৰ তথাকথিত থলুৱা কিম্বা খিলঞ্জীয়া ভোটৰ ওপৰত নিৰ্ভৰশীল নহয়। নির্বাচন আয়োগৰ গণতান্ত্রিক চৰিত্ৰ সলনি হৈ যোৱাৰ পাছত এতিয়া যিকোনো কথাই সম্ভৱ হৈ পৰিছে। কোনো গণতান্ত্রিক প্রতিবাদে কামত দিয়া নাই। এনে এক পটভূমিত নিতান্তই সংগত কাৰণতে এই প্রশ্ন উঠিব: অতদিনে আন্দোলনৰ নেতৃবৰ্গ আৰু ধাৰাবাহিকভাৱে সেই নেতৃত্বৰ উত্তৰাধিকাৰিত্ব দাবী কৰা ছাত্ৰ সংগঠনে অসমীয়াৰ 'অস্তিত্ব ৰক্ষা'ৰ নতুন কি ব্যাখ্যা আগবঢ়াব? কাৰণ সেই ছাত্র সংগঠনে 'অসম চুক্তি' ৰূপায়ণ, অসম চুক্তিৰ অসমীয়াৰ সাংবিধানিক সুৰক্ষা বিষয়ক ষষ্ঠ দফা ৰূপায়ণ আদিৰ সমস্ত দায়িত্ব নিজেই বহন কৰি আছে। এইক্ষেত্ৰত তেওঁলোকে কাৰো মতামতলৈও ভ্রূক্ষেপ নকৰে। আজি কিন্তু সংকট গভীৰৰ পৰা গভীৰতলৈ গৈ আছে। সময় অতি কম। কিন্তু জাতীয় দায়িত্ব বহনকাৰী সংগঠনসকল ৰহস্যজনকভাৱে নিৰুদ্বেগ-নির্বিকাৰ। আজিৰ অসম চৰকাৰ পৰিচালনা কৰাসকল আজিৰ শাসক দলৰ অনেক নেতা-মন্ত্রী-বিধায়ক-সাংসদ অসম আন্দোলন পৰিচালনা কৰা ছাত্ৰ সংগঠনৰে বিভিন্ন সময়ত বিভিন্ন দায়িত্বত থকা লোক। সেইফালৰ পৰা অসমীয়াৰ 'অস্তিত্ব' সুৰক্ষিত কৰাৰ অংগীকাৰ কৰা আৰু প্রতিশ্রুতি দিয়া লোক। এইমুহূর্তত তেওঁলোক এটা ৰাষ্ট্ৰীয় দলৰ সদস্য। তেওঁলোক জাতিৰ প্ৰতি নহয়, প্রাথমিকভাবে নিজে সদস্য হৈ থকা, দায়িত্ব বহন কৰি থকা ৰাজনৈতিক দলৰ প্ৰতিহে দায়বদ্ধ। তেওঁলোকে এতিয়া কিবা কৰি দিব সেই আশা কৰা নাযায়। তেন্তে অসমীয়াক এই দুৰ্যোগৰ পৰা কোনে ৰক্ষা কৰিব?
তথাকথিত 'মূল সুতি'ৰ অসমীয়াই সদায়েই আনসকলক অনুপ্রৱেশ-অবৈধ নাগৰিকৰ ভয় দেখুৱাই আহিছিল। ঠিক সাধুকথাৰ সেই গৰখীয়াৰ দৰেই। কিন্তু এতিয়া দেখা গ'ল সংবিধানে সুৰক্ষা দিয়া জনজাতি বেল্টৰ মাটিও অনা-অসমীয়া, বহিৰাগত বণিকৰ হাতলৈ ক্ৰমশঃ গৈ আছে। ভৱিষ্যতেও গৈ থাকিব। অসমৰ মানুহৰ অসমৰ ৰাজনীতিত খোপনি হ্রাস পাই গৈ আছে। কেৱল নিজকে ক্ষমতাৰ ৰাজনীতিত প্ৰাসংগিক কৰি ৰাখিবলৈ কেন্দ্ৰৰ ওচৰত অসমৰ ন্যায্য অধিকাৰক সমর্পণ কৰি দিব পৰা 'অসমীয়া' নেতাহে কোনোমতে তিষ্ঠি থাকিব। কাৰণ এতিয়া আৰু অসমত আধিপত্য বৰ্তাই ৰাখিবলৈ থলুৱা খিলঞ্জীয়াৰ সমর্থন-সহযোগৰ প্ৰয়োজন নাই। সেয়া 'মেনেজ' কৰাৰ কৌশল কেন্দ্ৰই আয়ত্ত কৰিছে। আচলতে অসম আন্দোলনৰ দিনৰ পৰা এতিয়ালৈকে অসমৰ মানুহ নিজৰ নেতাসকল, নিজা তথাকথিত জাতীয় সংগঠনৰ দ্বাৰাই প্ৰতাৰিত হৈ আহিছে নেকি? এতিয়া আৰু জোঁৰ পুৰি হাত পালেহি। গাই-বাই থাকিও লাভ নহ'ব। খাই কার্শলা যেন ডালতহে উঠিল- জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে লিখিছিল- 'তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰাই জননী তোৰ/দুখ যন্ত্ৰণাৰ/লঘু লাঞ্ছনাৰ/আজিও নপৰিল ওৰ।' আমাৰ লঘু লাঞ্ছনাৰ ওৰ নপৰিব নেকি? আজিও লাচিত বৰফুকনৰ অসমীয়াত্বকো আমাৰ পৰা কাঢ়ি নিয়া অৱস্থা। জাতীয় সংগঠন এতিয়া ক'ত?