ভাবিব কোনে?

dainik janambhumi April 04, 2026

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজ ভাগত অন্ধ্র প্রদেশত দেশ জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছিল। গাখীৰৰ নামত বৰবিহ সেৱন কৰি ৰাজ্যখনৰ পূব গোদাবৰী জিলাৰ কেইবাগৰাকীও লোক অসুস্থ হৈ পৰাই নহয়, ইয়াৰে বহুকেইজনৰ মৃত্যু ঘটে। ভেজাল গাখীৰৰ পার্শ্বক্রিয়া ইমানেই ভয়াৱহ আছিল যে মার্চ মাহৰ শেষৰ সপ্তাহলৈ লাভ কৰা তথ্য অনুসৰি ১৬জন লোকৰ এই ঘটনাত অকাল মৃত্যু ঘটে।

ভেজাল গাখীৰৰ পার্শ্বক্রিয়াৰ বিষয়টো পোহৰলৈ আহে ফেব্ৰুৱাৰী মাহৰ মাজভাগত। জিলাখনৰ লালাচেৰুভূ অঞ্চলৰ বহুকেইগৰাকী লোক হঠাৎ অসুস্থ হৈ পৰে। এই লোকসকলে বমি, তলপেটৰ বিষ, বৃক্কৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাত ভুগি হস্পিটেলত ভর্তি হ'বলগীয়া হয়। দুদিনমান পাছত বহুকেইজন ৰোগীৰ বৃক্ক বিকল হৈ পৰাৰ লগে লগে বিষয়টো স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে লৈ ইয়াৰ আঁৰৰ কাৰকৰ অনুসন্ধানত নামি পৰে। চৰকাৰী সূত্রই প্রকাশ কৰা বিবৃতি অনুসৰি মৃত আটাইকেইজন ব্যক্তিয়ে বিষাক্ত দ্রব্য ইথাইলিন গ্লাইকল মিহলি গাখীৰ সেৱন কৰাৰ ফলস্বৰূপে হোৱা বৃক্ক বিকলৰ লগতে শৰীৰৰ ভিন্ন অংগ-প্রত্যংগ অকামিলা হৈ পৰে আৰু মৃত্যুক আঁকোৱালি লয়। উল্লেখ্য যে ইথাইলিন গ্লাইকল হৈছে এবিধ বিষাক্ত দ্রব্য, যি এইসকল লোকৰ মৃত্যুৰ কাৰক হৈ পৰে।

অৱশ্যে দেশত ভেজাল গাখীৰ সেৱন কৰি মৃত্যু হোৱা ঘটনা এয়াই প্রথম নহয়। কেৱল ভেজাল গাখীৰেই নহয়, সাম্প্রতিক সময়ত প্রায় প্রতিবিধ সামগ্রীতেই বৰবিহ মিহলি কৰা হৈ আহিছে, যি মানৱ সমাজৰ বাবে এক ভয়ংকৰ ভাবুকি হৈ পৰিছে। বিষাক্ত দ্রব্য মিহলি খাদ্য খাই নানাধৰণৰ জটিল ৰোগৰ চিকাৰ হৈছে সৰু-ডাঙৰ সকলো বয়সৰ লোক। সুস্থ শৰীৰ আৰু মনৰ বাবে প্রয়োজনীয় পুষ্টিকৰ আৰু নির্ভেজাল খাদ্য খোৱাটো প্রতিগৰাকী লোকৰ বাবে অতি জৰুৰী। শৰীৰৰ গঠন-শ্রীবৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে বৌদ্ধিক আৰু মানসিক বিকাশ বাধাগ্রস্ত নহ'বৰ বাবে জৰুৰী এনে নির্ভেজাল খাদ্য আজিৰ সময়ত বিচৰাটো পর্বতত কাছৰ কণী বিচৰাৰ লেখীয়া কথাহে হৈ পৰিছে। মানৱ শৰীৰৰ বাবে প্রয়োজনীয় সকলোবিধ পুষ্টিকৰ উপাদান উপলব্ধ গাখীৰেই এতিয়া বৰবিহত পৰিণত হোৱাত 'কাইলৈৰ নাগৰিক সকলৰ শাৰীৰিক-মানসিক বিকাশ হ'ব কিদৰে? সবাতোকৈ আচৰিত কথা এইটোৱেই যে ভাৰতত গাখীৰ আৰু দুগ্ধজাত সামগ্রীসমূহেই আটাইতকৈ বেছি ভেজাল কৰা হয়। অমৃতৰূপী গাখীৰত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক দ্রব্য আৰু আন সামগ্রী মিহলাই এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে জনস্বাস্থ্যৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি কৰিছে। গাখীৰ নাফাটিবলৈ ফৰমেলিন, ব'ৰিক এচিড, কষ্টিক ছ'ডা, ছ'ডিয়াম বাইকার্বনেট আদি প্রয়োগ কৰা হয়। গাখীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ইউৰিয়া, চেনি, মেলামাইন আদি মিহলোৱা হয়। ইউৰিয়া, কষ্টিক ছ'ডা, নিম্নমানৰ বনস্পতি, চাবোনৰ গুড়ি মিহলাই কৃত্রিম ছিনথেটিক গাখীৰ প্ৰস্তুত কৰা হয়। এইবোৰ গাখীৰে সম্প্রতি ছানি ধৰিছে বজাৰ। আৰু এনে গাখীৰ সেৱন কৰি জনসাধাৰণ নানাধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভুগিছে। ইউৰিয়া ব্যৱহাৰ কৰাৰ ফলত বৃক্কৰ সমস্যা, হৃদপিণ্ডৰ সমস্যা, উচ্চ ৰক্তচাপত ভুগিছে জনাসাধাৰণ। গ্লুক'জ ব্যৱহাৰ কৰাৰ ফলত মুধমেহ আৰু মেদবহুলতাৰ চিকাৰ হৈছে অগণিত লোক। ফর্মেলিন ব্যৱহাৰৰ ফলত কৰ্কট ৰোগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। একেই সমস্যাৰ সৃষ্টি হৈছে দুগ্ধজাত সামগ্ৰীৰ ভেজালকৰণৰ ফলতো। ইমানৰ পাছতো জনসচেতনতাৰ অভাৱত এইবোৰ সামগ্রী সমাজত বিক্রী হৈ আছে আৰু উপায়হীন হৈ মানুহে সেইবোৰকে সেৱন কৰি আহিছে। ভেজালকৰণ বোধ কৰি জনসাধাৰণক সুৰক্ষিত খাদ্য সামগ্রী যোগান ধৰিবৰ আৰু খাদ্য ভেজালকাৰীক শাস্তি বিহিবৰ বাবে ভাৰত চৰকাৰে আইন প্রণয়ন কৰিছে যদিও এইবোৰৰ সঠিক প্রয়োগ নোহোৱাৰ বাবে জনসাধাৰণে কুফল ভুগিবলগীয়া হৈছে। এইদৰে লাহে লাহে এখন ৰোগগ্রস্ত সমাজ গঢ়ি উঠিছে ক্রমাৎ। ৰুগীয়া মানুহে দৌৰিছে চিকিৎসালয়লৈ। তাতো একেই কাহিনী। জীৱনদায়িনী ঔষধবোৰো ৰোগ উপশমকাৰী ঔষধ হৈ থকা নাই। ভেজাল ঔষধে ছানি ধৰিছে সমগ্র দেশ। পৃথিৱীৰ ইতিহাসৰ ই এক নিষ্ঠুৰ অধ্যায় বুলি ক'লে হয়তো ভুল কোৱা নহ'ব, য'ত জীৱন ৰক্ষাকাৰী ঔষধেই হৈ পৰিছে বৰবিহসদৃশ। এণ্টিবায় 'টিকৰ পৰা পেৰাচিটামললৈকে সকলো এতিয়া নকল আৰু নিম্নমানৰ উপাদানেৰে প্ৰস্তুত কৰা। ৰন্ধনত ব্যৱহৃত হালধি, জলকীয়াৰ গুড়িত যদি ইটাৰ গুড়ি ব্যৱহাৰ কৰা হৈছে তেনেহ'লে গেছৰ ৰোগীসকলে সততে ব্যৱহাৰ কৰা পেন্টপ্রাজল ছডিয়াম জি আৰ টেবলেট, পেন্টপ্রাজল জি আৰ এণ্ড ডি আৰ ডেম্পেৰিডন কেপচুল নিম্নমানৰ বুলি পৰীক্ষাগাৰত ওলাই পৰিছে। সর্বাধিক নিম্নমানৰ ঔষধ হিচাপে পোৱা গৈছে বিভিন্ন কোম্পানীয়ে প্রস্তুত কৰা ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে খোৱা দৰব। বজাৰত এই ঔষধৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখিয়েই কোম্পানীসমূহে ৰোগীৰ জীৱনৰ সৈতে ধেমালি খেলি প্রস্তুত কৰিছে নিম্নমানব ঔষধ। প্রয়োজনীয় আৰু পর্যাপ্ত মৌল বা উৎপাদনৰ অবিহনেই প্রস্তুত কৰা এইবোৰ ঔষধে ৰোগীক কোনো সুফল নিদিয়ে। ইয়াৰ বিপৰীতে অতি কম ব্যয়ত উৎপাদন কৰা ঔষধসমূহ ক্ৰয় কৰি ফাৰ্মাচীসমূহে অত্যধিক মুনাফা লুটে। ভয়ংকৰ কথা এয়ে যে সাধাৰণতে জ্বৰ বা বিষ হ'লেই যিকোনো লোকে খোৱা পেৰাচিটামল টেবলেটো এতিয়া যথেষ্ট নিম্নমানৰ হৈছে। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি হৈ পৰা এনেবোৰ বিষয়ৰ প্ৰতি কিন্তু চৰকাৰে যিধৰণে গুৰুত্ব আৰোপ কৰিব লাগিছিল সেয়া নকৰাৰ ফলত সমস্যাবোৰ দিনক দিনে বাঢ়িহে গৈ আছে। নির্বাচনৰ পূৰ্বে ডিঙিৰ সিৰ ফুলাই জনতাৰ আগত ভাষণৰ ফুলজাৰি মৰা ৰাজনৈতিক নেতাসকলেই এইবোৰ বিষয়ত যদি কঠোৰ নহয় তেনেহ'লে সামাজৰ কথা ভাবিব কোনে?

Share This