ডিজিটেল ডেস্ক : ব্রহ্মাণ্ডৰ সৰ্বশ্রেষ্ঠ দর্শনীয় অনুষ্ঠান (Greatest show on earth) ৰূপে গণ্য কৰা হয় ফিফা বিশ্বকাপ ফুটবলক এই কাৰণেই যে ইয়াৰ সমকক্ষ ক্রীড়া প্রতিযোগিতা বিশ্বত দ্বিতীয় এখন নাই। ইয়াৰ টেলিভিছনৰ দৰ্শকো আন সকলো ক্রীড়া প্রতিযোগিতা বা কোনো অনুষ্ঠানতকৈ বহুত বেছি। তদুপৰি, অনুগামী সৃষ্টিৰ দিশত ইয়াৰ সমকক্ষ কোনো নাই। এই সর্বশ্রেষ্ঠ প্রতিযোগিতা আজিৰে পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাৰ তিনিটা বিশেষত্ব হৈছে সর্বাধিক দিন (৩৯) এইবাৰৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব, ইয়াত এইবাৰ সৰ্বাধিক ৪৮খন দেশে অংশগ্রহণ কৰিছে আৰু এইবাৰৰ বিশ্বকাপেই ফিফাৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল। প্রায় ১০০ বছৰ ধৰি এই প্রতিযোগিতাই বিশ্বৰ ফুটবল অনুৰাগীক তুলনাবিহীন আনন্দ উৎকণ্ঠা, ৰুদ্ধশ্বাস মুহূৰ্তৰে উদ্বেলিত কৰি আহিছে। বিশ্বৰ অন্যান্য প্রান্তৰ লোকৰ লগতে আমি ভাৰতীয়সকলেও বিনিদ্ৰ ৰজনী কটাই এই প্রতিযোগিতাৰ খেল উপভোগ কৰি আহিছোঁ আৰু ইয়াৰ তীব্রতা, নিপুণতা, ক্ষিপ্রতা দেখি বিস্ময়াভিভূত হৈ আক্ষেপেৰে প্ৰশ্ন কৰি আহিছোঁ আমি কিয় নোৱাৰোঁ এই দৃষ্টি নন্দন অনুষ্ঠানৰ অংশ হ'ব! আর্জেণ্টিনা, ব্রাজিল, পৰ্টুগাল, জার্মানি বা মেক্সিকোৰ খেলুৱৈৰ প্ৰচণ্ড গতি, নিয়ন্ত্রণ শক্তি, ডিবলিঙৰ চাতুর্য, শ্বটৰ তীব্রতা দেখি নীচাত্মিকাত ভুগি নিজকে নিজেই সুধিছোঁ- এই স্তৰ আমি কেতিয়াবা পাবলৈ সক্ষম হ'মনে? এনে প্রশ্নবিলাকৰ উত্তৰ বিচাৰি যদি আমি পৰিসংখ্যালৈ চাওঁ তেতিয়া দেখা পাম যে বৰ্তমান ফিফাৰ ৰেংকিঙত ভাৰতৰ স্থান ১৩৯। অর্থাৎ আমি বিশ্বকাপ খেলিব পৰা পৰ্যায় পাবলৈ হ'লে ৯১খন দেশক অতিক্ৰম কৰিব পৰাৰ শক্তি আহৰণ কৰিব লাগিব।
অৱশ্যে, ফিফাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো মহাদেশ-ভিত্তিক। এছিয়া ফুটবল কনফেডাৰেশ্যন ৰাষ্ট্ৰৰ মাজত ভাৰতৰ স্থান ২৪। এছিয়া কনফেডাৰেশ্যনৰ পৰা সৰ্বাধিক ৯টা দলে ফিফা বিশ্বকাপত খেলাৰ সুযোগ পায়। সেই দিশৰ পৰাও আমাৰ দেশে এই কনফেডাৰেশ্যনৰ অন্তৰ্গত ১৫খন ৰাষ্ট্ৰক অতিক্ৰম কৰাৰ সক্ষমতা অর্জন কৰিব লাগিব। ফুটবলত স্থান আগবঢ়োৱাটো অতি কঠিন কাম। ভাৰতীয় ফুটবলৰ বাবে সোণালী সময় আছিল ১৯৯৬ চনটো। সেই বছৰেই ভাৰতে ফিফা ৰেংকিঙত সর্বশ্রেষ্ঠ ৯৬সংখ্যক স্থান লাভ কৰিছিল। আনহাতে, এছিয়া কনফেডাৰেশ্যন ৰাষ্ট্ৰৰ ৰেংকিঙত ২০১৭ চনত ভাৰতৰ স্থান আছিল ১১। ২০১৫ চনত আকৌ ভাৰতৰ ফিফা ৰেংকিং আছিল ১৭৩। এই তথ্যকেইটাৰ পৰাই গম পোৱা যায় আমাৰ ভাৰতীয়ই কিয় বিশ্বকাপ ফুটবল খেলিব নোৱাৰে। ১৯৯৬ চনৰ ফিফাৰ ৰেংকিঙৰ ৯৬সংখ্যক স্থানৰ পৰা আমি উধাবতো নোৱাৰিলোঁৱেই বৰঞ্চ বহু দূৰ পিছুৱাইহে আহিলোঁ। ইয়াৰ কাৰণ কি? সামর্থ্যৰ অভাৱ নে ইচ্ছা, আন্তৰিকতা আৰু পেছাদাৰী মনোভাবৰ অভাব? সৰু উদাহৰণ এটা দিলেই এই প্রশ্নৰ উত্তৰ পোৱা যাব। এইবাৰৰ ফিফা বর্ল্ডকাপত এছিয়ান ফেডাৰেশ্যনৰ পৰা ৯টা দলে অংশগ্ৰহণ কৰিছে-জাপান, ছাউথ কোৰিয়া, ইৰান, অষ্ট্ৰেলিয়া, উজবেকিস্তান, ইৰাক, কাটাৰ, ছৌডি আৰব আৰু জর্ডান। ইয়াৰে দুটা দল জাপান আৰু ছাউথ কোৰিয়াক বাদ দি বাকী ৭টা দলেই এসময়ত ফিফা ৰেংকিঙত ভাৰততকৈ তলত আছিল। ১৯৯৬ চনত যেতিয়া ভাৰতৰ ৰেংকিং ৯৬ আছিল, তেতিয়া উজবেকিস্তানৰ আছিল ১১৯, ইৰাকৰ ১৩৯। ১৯৯৩ চনত ইৰানৰ ৰেংকিং আছিল ১২২, ২০১০ত কাটাৰৰ ৰেংকিং ১১৩, ২০১৭ত ছৌডি আৰবৰ ১২৬, ২০১৪ চনত অষ্ট্ৰেলিয়াৰ ১০২। যোৱা এটা বা ডেৰটা দশকৰ ভিতৰত এই দেশবোৰে নিজক বহু দূৰ আগবঢ়াই লৈ গৈ আজি বিশ্বকাপ খেলিব পৰা যোগ্যতা আঁজুৰি আনিবলৈ সক্ষম হ'ল। ইয়াৰ বিপৰীতে ভাৰত পিছুৱাইহে থাকিল। আমাৰ দেশৰ গাঁৱে-ভূঞে, নগৰে-চহৰে এসময়ত ফুটবল সংস্কৃতি এটা আছিল। বর্ল্ডকাপ খেলিবলৈ সক্ষম নহ'লেও ৰাজ্য বা দেশৰ ভিতৰত হোৱা প্রতিযোগিতাবিলাককে লৈ অনুৰাগী ব্যস্ত হৈ পৰিছিল। ইয়াৰ মাজৰ পৰাই ওলোৱা বহু তাৰকা ফুটবলাৰে বহু দিনলৈ অনুৰাগীৰ হৃদয়ত স্থান লৈছিল। কিন্তু ক্ৰিকেটৰ উত্থানে দেশৰ ফুটবল সংস্কৃতিটো নষ্ট কৰি পেলালে। তৎসত্ত্বেও এতিয়াও ফুটবলৰ প্ৰতি মানুহৰ হাবিয়াস একেবাৰে নোহোৱা হৈ যোৱা নাই। কিন্তু এতিয়াৰ পৰিৱেশত ফুটবলৰ উত্তৰণ ঘটাবলৈ বা ইয়াক বিশ্ব মানৰ কৰি তুলিবলৈ অসাধাৰণ প্ৰচেষ্টা চলাব লাগিব।
গ্রাম্য পৰ্যায়ৰ ফুটবলক অত্যাধুনিক সুবিধা, কৌশলেৰে সমৃদ্ধ কৰিব পৰা শক্তিশালী গাঁথনি এটা গঢ়ি তুলিব পাৰিব লাগিব। এতিয়া নামত চলি থকা স্থানীয়, জিলা বা ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাবিলাকৰ মান উন্নত কৰিব লাগিব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা- গ্রাম্য পৰ্যায়ৰ পৰা যিবিলাক প্রতিভা চিনাক্ত হ'ব সেইসকলক উন্নত ফুটবলাৰ হিচাপে গঢ়ি তুলিব পৰাৰ এটা শক্তিশালী ব্যৱস্থাপনা গঠন কৰিব লাগিব। তদুপৰি, দেশত বর্তমানে ক্রীড়া মন্ত্র্যালয়ে 'টার্গেট অলিম্পিক প'ডিয়াম (ট'প)'ত প্রশিক্ষণ দিবলৈ অন্য ক্ষেত্ৰৰ শ্ৰেষ্ঠ ক্রীড়া প্রতিভাক বাছনি কৰাৰ দৰে 'টার্গেট ফিফা ৱৰ্ল্ডকাপ'ৰ দৰে এখন মঞ্চৰ সৃষ্টি কৰি দেশৰ ফুটবলৰ বিকাশৰ বা বিশ্ব মানৰ কৰি তোলাৰ পদক্ষেপ গ্রহণ কৰিব পাৰিলেহে আমি হয়তো ফিফা
ৱৰ্ল্ডকাপত অংশগ্রহণ কৰিব নোৱৰাৰ গ্লানিৰ পৰা মুক্ত হ'ব পাৰিম।