আজিৰ সম্পাদকীয়,‌ হিংসাৰ দাৱানল

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: চৌপাশৰ সাম্প্ৰতিক পৰিৱেশলৈ চকু ফুৰালে মনলৈ কাজী নজৰুল ইচলামৰ এফাকি কবিতা মনলৈ আহে।

'এই দেশ কার/তোর নহে আর হে মূঢ় সন্তান/ভারত মাতাৰ দেৱতাৰ দেশে আজ/দৈত্য করে বিরাজ
মন্দির আজি বন্দীর কারাগার'।

সাম্যবাদী, মানৱতাবাদী কবি কাজী নজৰুল ইচলাম, যাক বাংলাদেশৰ জাতীয় কবি অভিধা প্ৰদান কৰা হৈছে, নজৰুল গীতিৰে য'ত বহু বিপ্লৱক মহীয়ান কৰা হৈছে, সেই বাংলাদেশ এতিয়া হিংসাৰ দপদপকৈ জ্বলা জুইত জ্বলি ছাৰখাৰ হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতৰ সৈতে মৈত্ৰীৰ সম্পৰ্ক থকা বাংলাদেশত এতিয়া ভাৰত-বিৰোধী ঘৃণাৰ জুই। এই জুই ইমানেই তীব্র যে ধর্মীয় প্রভুত্ববাদৰ সূচনা কৰা তথাকথিত বিদ্রোহীয়ে কেৱল ধৰ্মৰ নামতেই এজন লোকক জীৱন্তে জ্বলাই দিয়াৰ দৰে মৰ্মান্তিক দুষ্কাৰ্য সংঘটিত কৰিছে। মানৱতাক ভূলুণ্ঠিত কৰা এই ঘটনাই পুনৰ সোঁৱৰাই দিছে বিদ্রোহ বা বিপ্লৱ ইমান সহজ নহয়, বৰঞ্চ আদর্শগত বিচ্যুতিত জন্ম হোৱা এনে তথাকথিত বিদ্রোহ সন্ত্রাসবাদৰ নামান্তৰ মাত্র। আশ্চর্যজনকভাৱে এই বিদ্রোহক বিভিন্ন পক্ষই নানা যুক্তিৰে ন্যায্যতা প্ৰদানৰ চেষ্টা কৰি অহাটোও দুর্ভাগ্যজনক। বিপ্লৱ কেতিয়াও ধ্বংসাত্মক হ'ব নোৱাৰে। 

উল্লেখযোগ্য, যোৱা বৰ্ষৰ জুন-জুলাই মাহৰ পৰা বাংলাদেশত বিদ্ৰোহৰ জুই জ্বলিছিল, যি জুইত বাংলাদেশৰ শাসন ব্যৱস্থাই তচনচ হৈ পৰিছিল। এই বিদ্রোহক 'জুলাই বিপ্লব' বুলি সংশ্লিষ্ট বিদ্রোহীয়ে অভিহিত কৰিলেও বাংলাদেশত ছাত্র আন্দোলনৰ নামত উন্মাদনাৰ যি ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছিল, সেয়া বিশ্বই দেখিছে। সংৰক্ষণ নীতিৰ বিৰোধিতাৰ দাবীত আৰম্ভ হোৱা ছাত্ৰৰ নীতিগত প্রতিবাদ পিছলৈ উন্মত্ত জনতাৰ ধ্বংসাত্মক অভিযানলৈ সলনি হৈছিলগৈ। তদানীন্তন প্রধানমন্ত্রী শ্বেখ হাছিনা চৰকাৰে প্ৰতিবাদকাৰীক কঠোৰতাৰে দমন কৰিবলৈ গৈ পৰিস্থিতি এনে পর্যায়লৈ উত্তপ্ত কৰি তুলিছিল যে শ্বেখ হাছিনাৰ পলায়নৰ পাছতো ক্ষান্ত নোহোৱা প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ জনক হিচাপে পূজ্য বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঢাকাস্থিত বৃহৎ প্রতিমূর্তি ধ্বংস কৰি পেলাইছিল। একমাত্র শ্বেখ হাছিনাৰ পিতৃ হোৱাৰ আক্রোশতেই উন্মত্ত প্রতিবাদকাৰীয়ে বংগবন্ধুৰ প্রতিমূৰ্তিত আক্ৰমণ কৰিছিল। ৰাজহুৱা সম্পদ ভাঙি চূৰমাৰ কৰা, জ্বলাই দিয়া এই বিক্ষোভৰ নামত হাছিনাৰ বাসগৃহৰ আচবাবৰ পৰা অন্তর্বাসলৈকে লুটপাত চলোৱাৰ লজ্জাজনক ঘটনাই বাংলাদেশক সমগ্ৰ বিশ্বৰ সন্মুখত লজ্জানত কৰি তুলিছিল ।

আনহাতে চলিত বৰ্ষৰ শেষৰফালে অক্টোবৰত নেপালত উদ্ভৱ হৈছিল অনুৰূপ পৰিস্থিতিৰ। নেপাল চৰকাৰে ছ'চিয়েল মিডিয়াৰ ২৬টা প্লেটফৰ্ম বন্ধ কৰাৰ কথা ঘোষণাৰ পাছতেই নেপালৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ যুৱক-যুৱতী। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰা এই যুৱ আন্দোলনে এনে হিংসাত্মক ৰূপ লৈছিল যে প্রতিবাদকাৰীয়ে ৰক্তক্ষয়ী বিদ্ৰোহৰ সূচনা কৰি জনতাৰ বাক স্বাধীনতা খর্ব কৰাৰ অভিযোগত প্রশাসনিক ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ আক্রমণ চলাইছিল। প্রতিবাদকাৰীয়ে জেন জি অর্থাৎ জেনেৰেশ্যন জেডৰ বিদ্ৰোহ বুলি দাবী কৰিলেও এই বিদ্ৰোহৰ পৰিণতি সুখৰ হোৱা নাই এতিয়াও। সি যি নহওক, চৰকাৰৰ অপশাসন আৰু দমনৰ বিৰুদ্ধে এদিন জনতা জাগ্রত হ'বই। কিন্তু বিদ্ৰোহৰ নামত শেহতীয়াকৈ আন্দোলন যিদৰে ভয়াৱহ উন্মাদনা অথবা মৌলবাদলৈ পর্যবসিত হৈছে সেয়া অতি স্পৰ্শকাতৰ। বাংলাদেশৰ শেহতীয়া ঘটনা আৰু দেশখনৰ অনৰ্ৱর্তী অগ্নিগর্ভ পৰিস্থিতি এতিয়া আৰু সেই ছাত্র বিপ্লৱৰ ৰূপ লৈ থকা নাই। বৰঞ্চ এতিয়া সমগ্র বিষয়টো আন্তর্জাতিক পর্যায়ত আলোচনাৰ বিষয় হৈ পৰিছে। বিশেষকৈ বাংলাদেশৰ জুইৰে ভাৰতক জ্বলোৱাৰ যি অপচেষ্টা চলিছে তাক শীঘ্ৰে কঠোৰ হাতেৰে দমন কৰাৰো সময় আহি পৰিছে। শান্তিৰ নোবেল বিজয়ী মহম্মদ ইউনুছৰ বাংলাদেশত ধর্মীয় মৌলবাদৰ আতংকই এই পর্যায় পোৱাটোৱেই আচলতে এটা বিৰাট ব্যংগৰ বিষয়। বাংলাদেশত প্রতিবাদৰ নামত ধর্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত নির্যাতন আৰু উত্তৰ-পূব অধিকাৰ কৰাৰ হুংকাৰ ইত্যাদি বিষয়ত ভাৰত চৰকাৰে উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ সময় আহিছে। কিয়নো বাংলাদেশ ভাৰতৰ সৈতে সামৰিকভাৱে তিষ্ঠিব নোৱাৰিলেও বাংলাদেশৰ সমস্যাবোৰে পৰোক্ষভাৱে হ'লেও ভাৰতক প্ৰভাৱিত কৰাটো নিশ্চিত। বিশেষকৈ ক্রমাগতভাৱে সংখ্যালঘু হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ফলত ভাৰতলৈ সংখ্যালঘু বাংলাদেশী হিন্দুৰ অনুপ্ৰৱেশ হ'বই। 

আনহাতে ইছলামিক মৌলবাদীৰ আগ্রাসন চলা বাংলাদেশৰ তথাকথিত আন্দোলনৰ পার্শ্বক্রিয়া হিচাপে মৌলবাদী, জেহাদীৰ কুটাঘাতৰ লক্ষ্যও মূলতঃ ভাৰত। কিয়নো উত্তৰ-পূৰ্বাঞ্চলক লৈ বাংলাদেশৰ চৰকাৰী পৃষ্ঠপোষকতাতেই নানা এজেণ্ডা প্রকাশ হৈ থকাৰ উপৰি বাংলাদেশী উগ্র প্রতিবাদকাৰীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলক লক্ষ্য কৰি নানা উদ্ভট মন্তব্যও কৰি আহিছে। তেনেস্থলত কোনো অপ্রীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে ভাৰতৰ নিৰাপত্তা ব্যৱস্থা সীমান্তত কঠোৰ হোৱাৰ উপৰি দেশৰ ভিতৰতো চোকা নজৰ ৰখা উচিত। এটা কথা সত্য, শাসকৰ একপক্ষীয় তথা দমনমূলক নীতিৰ ফলতেই দেশত বিদ্ৰোহৰ সূচনা হয়। শেহতীয়াকৈ অসমৰ কাৰ্বিপাহাৰত জ্বলা জুয়ো এনে একপক্ষীয় নীতিৰেই ফল। দীর্ঘদিনীয়া বঞ্চনাৰ ফলত জাগি উঠা কার্বিসকল জংগী হৈ পৰাৰ মূলতেই চৰকাৰ। যদিও কাৰ্বি আংলঙৰ ঘটনা বাংলাদেশৰ দৰে কোনো এটা দিশেৰেই একেই নহয়, তৎসত্ত্বেও কার্বি আংলঙৰ জুই এতিয়াই সুস্থ কূটনৈতিক আলোচনাৰে নির্বাপিত কৰিব নোৱাৰিলে ই ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। অসম চৰকাৰে এই কথা মনত ৰখা উচিত।

Share This