এইবাৰ মঞ্চত বিহু হ'বনে?

dainik janambhumi March 14, 2026

ডিজিটেল ডেস্ক : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিলৈ মাজত এটা মাহ বাকী। সাধাৰণতে বিহু বুলিলে সমগ্ৰ ৰাজ্যবাসীৰ মন উলাহে নধৰা হৈ পৰে। চৌপাশে বিহুটিক আদৰাৰ বাবে চলে ব্যাপক প্রস্তুতি। জেঠৰ মাজভাগলৈকে বিহুক লৈ থকা উছাহৰ অন্ত নপৰে। বিহু কমিটীসমূহৰ মাজত বিহুৰ ডেৰ-দুমাহ পূৰ্বৰে পৰা বিহুৰ আয়োজনক লৈ আলোচনা চলে। এইবাৰ বিহু মঞ্চত কোন শিল্পীয়ে খলকনি তুলিব পাৰিব, কোন গায়ক-গায়িকাৰ গীতৰ শৰাই ৰাইজৰ বাবে ভাল হ'ব আদিক লৈ হয় নানা চর্চা! কোনোৱে যদি গায়কৰ মাননিক লৈ চর্চা কৰে আন ক'ৰবাত আকৌ বিহুৰ সময়ত শিল্পীয়ে কি গীত পৰিৱেশন কৰিব তাক লৈ হয় আলোচনা। মুঠতে বিহুক লৈয়ে চ'ত মাহৰ পৰাই বহাগ-জেঠ মাহলৈকে ব্যস্ততা সকলোতে। কিন্তু এইবেলি পৰিৱেশ পূৰ্বৰ তুলনাত কিছু ব্যতিক্রম। বিহু মঞ্চত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে খলকনিৰ সৃষ্টি কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্রথমটো বহাগ আহিব এইবাৰ। বহাগ বিহু আৰু জুবিন গাৰ্গ যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

মঞ্চবিহু অসমৰ বহাগ বিহুৰ প্ৰধান অলংকাৰ-স্বৰূপ বুলি ক'লে ভুল কোৱা নহ'ব। বিগত তিনিটা দশকজুৰি জুবিন গাৰ্গৰ গীত-মাতে বিহুতলী উত্তাল কৰি আহিছিল। কি এক আচৰিত সন্মোহনী শক্তি আছিল শিল্পীগৰাকীৰ, যি প্রতিটো প্ৰজন্মৰ লোকক মন্ত্রমুগ্ধ কৰিছিল। প্ৰতিখন বিহুতলীত দৰ্শকৰ বিপুল হাতচাপৰিৰ মাজে মাজে জুবিন গার্গে প্রাণভৰি গাই যায় ঐ নাহৰ ফুলাৰ বতৰ/ঐ নাহৰ মোৰ মৰমৰ/ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই ব'হাগৰ খবৰ/বুকুতে বাজিছে ঢোলৰে চাপৰ/তেজতো উঠিছে পীৰিতৰে লহৰ...। জুবিন গাৰ্গৰ আগমনক লৈ এটা এটা অঞ্চলত যি শিহৰণৰ সৃষ্টি হয়, সেয়া নেদেখাজনে অনুভৱ কৰিব নোৱাৰে। মানুহৰ সোঁত বয় জুবিনৰ বিহু শুনিবলৈ। বহু সময়ত নিয়ন্ত্ৰণৰ বাহিৰ হয় পৰিস্থিতি। তেনে এক সত্তা, যি প্ৰতিগৰাকী অসমীয়াৰ প্রাণৰো প্ৰাণৰ, তেনে এগৰাকী জনতাৰ শিল্পীবিহীন হ'ব এইবেলি বিহু। সংগীতৰ ক্ষেত্ৰখনৰ উজ্জ্বল জ্যোতিষ্ক এইগৰাকী শিল্পীক এৰি বিহু সম্ভৱ হ'বনে? এতিয়াও যেন কল্পনা কৰিব পৰা নাই অসমৰ ৰাইজে। জুবিনক লৈ শোকৰ সাগৰত বুৰি আছে সমগ্ৰ ৰাজ্য। সেয়ে এইবেলি শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই বিহু অনুষ্ঠিত কৰিবনে নাই তাক লৈ সৰৱ চর্চা অব্যাহত আছে। ইতিমধ্যে চেপন কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ কৰ্মকৰ্তাই সকলো কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেৱল পতাকা উত্তোলনেৰে বিহুৰ আনুষ্ঠানিকতা ৰক্ষা কৰিব। হয় সংগীতৰ ক্ষেত্ৰখনৰ উজ্জ্বল জ্যোতিষ্ক এনে এগৰাকী শিল্পী অবিহনে ৰঙালী বিহু ৰংহীন। সেয়ে এনে এক সিদ্ধান্ত নিঃসন্দেহে প্রশংসনীয়। কিন্তু একে সময়তে বহুকেইটা প্রশ্ন উত্থাপন হয়। কেৱল বিহু নপতাৰ সিদ্ধান্তই জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে?

আনহাতে, বিহুৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰি দুপইচা উপাৰ্জনৰ বাবে ৰাজ্যখনৰ হাজাৰ হাজাৰ শিল্পী-কলা-কুশলীয়ে বছৰজুৰি অপেক্ষা কৰি থাকে। যদিহে বিহু অনুষ্ঠান আয়োজন কৰা নহয়, তেনেহ'লে এই পেছাৰ সৈতে জড়িত লোকসকলৰ কি হ'ব, এবাৰ ভাবি চাইছেনে? জুবিন গাৰ্গৰ আত্মাই এইবোৰ কৰাৰ ফলত শান্তি পাবনে? আৰু এটা কথা কেৱল বিহুৰ অনুষ্ঠান বন্ধ ৰাখি বাকী সকলো আমি কৰি থকা নাইনে? ছবি নির্মাণ হৈছে। বাকী কাম-কাজবোৰ আগৰদৰেই চলি আছে। তেনেস্থলত কেৱল বিহু নপতাৰ সিদ্ধান্তই উচিত জানো? এসময়ত পশ্চিমৰ বিজতৰীয়া সংস্কৃতিৰ আগ্রাসনে অসমীয়া জাতীয় জীৱনৰ আয়ুসস্বৰূপ বিহুটিক সংকুচিত কৰি অনা বুলি চিন্তা প্রকাশ কৰি আলফা (স্বাঃ)ই বহাগ বিহুত সাত বিহুৰ দিনকেইটাত কোনোধৰণৰ হিন্দী গীত বিহু মঞ্চত পৰিৱেশন কৰাৰ ক্ষেত্ৰত একপ্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু জুবিন গার্গে এইবোৰলৈ বিশেষ গুৰুত্ব নিদি নিজৰ ইচ্ছানুসৰি অনুষ্ঠান কৰি গৈছিল। সেয়ে এনে এগৰাকী শিল্পীৰ অবৰ্তমানত বিহুৰ অনুষ্ঠান বাতিল কৰাৰ পৰিৱৰ্তে কেৱল জুবিনৰ গীতেৰে প্ৰতিখন বিহুতলীত তেওঁৰ প্রতি শ্রদ্ধা নিবেদন কৰিও শিল্পীগৰাকীক আমি অমৰ কৰি ৰাখিব পাৰিম। বিহুৰ অনুষ্ঠান মানে কেৱল গায়ক বা গায়িকাই নহয়, ইয়াৰ সৈতে জড়িত হৈ থাকে বাদ্যযন্ত্রী, অনুষ্ঠান ব্যৱস্থাপক, টেকনিচিয়ান, লাইট-ছাউণ্ডৰ মানুহকে ধৰি তেওঁলোকৰ পৰিয়াল। এইসকল লোকৰ জীৱন-জীৱিকাৰ পথ বন্ধ হৈ গ'লে জানো জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰিব?

Share This