ডিজিটেল ডেস্ক : ২২ এপ্রিলত সংঘটিত পহলগামৰ গণহত্যাৰ পৰৱৰ্তী ব্যাপক উত্তেজনাপূর্ণ অৱস্থাটোৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মনলৈ অহা প্রশ্নটো হ'ল ভাৰত-পাকিস্তানৰ মাজত আকৌ এখন যুদ্ধ হ'ব নেকি? মধ্যযুগৰ ৰজা-সম্রাটসকলৰ আগ্রাসী চৰিত্ৰ, মতানৈক্য, সৰু-বৰ সংঘাতৰ বাবে ৰাজ্যবিলাকৰ মাজত যুদ্ধ লগাটো সাধাৰণ কথা আছিল। বিশ্ব বা ভাৰতৰ ইতিহাসলৈ নগৈ অসমৰ ইতিহাস খুঁচৰিলেই দেখা যায় যে যুদ্ধই আছিল শাসকসকলৰ প্ৰধান চিন্তা। ওঠৰ শতিকাৰ পৰা ৰজা-সম্রাটসকলৰ প্রভাৱ কমি যোৱা, গণতান্ত্রিক চেতনাৰ উত্থান, শিল্প বিপ্লবে অনা ৰূপান্তৰ, আধুনিক চিন্তাৰ প্ৰৱাহ আদি বিষয়বোৰে যুদ্ধ-বিৰোধী এটা পৰিৱেশ ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। হিটলাৰী মানসিকতাৰ বাবে কুৰি শতিকাত দুখন বিশ্বযুদ্ধ হ'লেও বা অন্য সৰু-সুৰা ক্ষুদ্ৰ ক্ষেত্ৰীয় পৰ্যায়ৰ সংঘাত চলি থাকিলেও সমগ্ৰ বিশ্বৰ সামগ্রিক চেতনা কিন্তু যুদ্ধমুখী নহয়। সেই অনুসৰি বিশ্বৰ বহু ঠাই যুদ্ধমুক্তই হৈ পৰিছে।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৭টা দশকৰ পৰিৱেশলৈ চাই বৃহৎ যুদ্ধ আৰু কেতিয়াও নহ'ব বুলি মানুহৰ মনত ধাৰণা জন্মিছিল। কিন্তু যোৱা এটা দশকত পৰিৱেশটো পুনৰ সলনি হ'বলৈ আৰম্ভ কৰিছে। আকৌ যেন মধ্যযুগীয় যুদ্ধৰ মানসিকতাই গ্রাস কৰিবলৈ আৰম্ভ কৰিছে এচাম শাসকক। পুনৰ যুদ্ধভীতিয়ে আচ্ছন্ন কৰিবলৈ ধৰিছে সমগ্র বিশ্বক। ৰুছ-ইউক্রেইন যুদ্ধ, ইজৰাইল- পেলেষ্টাইনীৰ যুদ্ধ আৰু গাজাৰ ধ্বংসলীলা, মধ্য প্রাচ্যৰ দেশত সংঘটিত জেহাদী সংগঠনৰ বিৰুদ্ধে আমেৰিকাৰ অভিযান, ইৰান-আমেৰিকাৰ যুযুধান ৰূপ, চীন-টাইৱানৰ সম্পৰ্কক কেন্দ্ৰ কৰি বৰ্ধিত উত্তেজনা, উত্তৰ কোৰিয়াৰ নিৰৱচ্ছিন্ন পাৰমাণবিক অস্ত্ৰ পৰীক্ষা আদি যুদ্ধ আৰু সংঘাতবোৰ যিকোনো মুহূর্ততে এখন বৃহৎ যুদ্ধলৈ পর্যবসিত হোৱাৰ শংকাত উদ্বিগ্ন হৈ থাকিব লগা হৈছে বিশ্ববাসী। এনে সময়তে ভাৰত-পাকিস্তানৰ মাজত পুনৰ এখন যুদ্ধ হোৱাৰ শংকাও ঘনীভূত হৈ পৰিছে। 'নিউয়র্ক টাইমছ'ৰ এক বিশ্লেষণত কোৱা হৈছে যে ভাৰতে পাকিস্তান আক্ৰমণ কৰাৰ পূৰ্ণ আশংকা আছে। ৰাছিয়াৰ এটা সংস্থায়ো কৈছে- ভাৰতে ডাঙৰ কিবা এটা কৰিবলৈ গৈ আছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে যিকোনো মুহূৰ্ততে ভাৰতে পাকিস্তান আক্ৰমণ কৰিব পাৰে, সেই কাৰণে পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনীক সষ্টম কৰি তোলা হৈছে।
দুয়োখন দেশে সীমান্তত যুদ্ধ সজ্জা গঢ়ি তোলা, সৈন্যৰ সঞ্চালন বৃদ্ধি কৰা, কেউটা বাহিনীৰ বিষয়া-জোৱানৰ ছুটী বন্ধ কৰি দিয়া আদি বিষয়বোৰ যুদ্ধ এখনৰ আশংকাৰে ৰেঙনি। পহলগামৰ লোমহর্ষক পর্যটক হত্যাৰ ঘটনাটোৱে আমাৰ কেন্দ্ৰীয় চৰকাৰক ইমানেই ক্রুদ্ধ কৰি তুলিছে যে তাৰ পৰৱৰ্তী সাতটা দিনত চৰকাৰখন সামগ্রিকভাৱে ব্যস্ত হৈ পৰিছে এই গণহত্যাৰ পৃষ্ঠপোষক হিচাপে চিহ্নিত কৰা পাকিস্তানক কিদৰে এটা দৃষ্টান্তমূলক শাস্তি দিব পৰা যায় তাৰ মন্ত্ৰণাত। এই শাস্তি এক বৃহৎ আক্ৰমণৰ জৰিয়তে দিয়া হ'ব বুলি সাম্প্রতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি দেশবাসীয়ে ধাৰণা কৰিছে। এয়ে হ'লে অবশ্যম্ভাবীভাৱে তাৰ পৰিণতি হ'বগৈ এখন বৃহৎ যুদ্ধ। তুৰস্ক, চীন আৰু আজাৰবাইজানে পাকিস্তানলৈ সমর্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছত যুদ্ধ হ'লে ইয়াৰ ব্যাপ্তি কিমানলৈ হ'ব পাৰে তাক ধাৰণা কৰা কঠিন নহয়। ভাৰতীয় নেতৃবৰ্গৰ ক্ষোভৰ বহিঃপ্রকাশেই উমান দিছে পৰিস্থিতি এইবাৰ সহজ নহয়। ভিছা লৈ অহা পাকিস্তানীক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া, পাকিস্তান উচ্চায়োগৰ শক্তি হ্রাস কৰাৰ দৰে সিদ্ধান্তবোৰৰ উপৰি সিন্ধু জল চুক্তি বাতিলৰ দৰে কঠোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। প্রত্যুত্তৰত পাকিস্তানেও ভাৰতৰ অনুৰূপ প্রতিশোধমূলক সিদ্ধান্ত লোৱাৰ লগতে চিমলা চুক্তি বাতিলৰ হুংকাৰ দিছে। হুংকাৰ-প্রতিহুংকাৰতে বিষয়টো শেষ নহ'লে যুদ্ধ অৱশ্যম্ভাৱী। এতিয়া কথা হৈছে ২৬জনকৈ নিৰপৰাধী পৰ্যটক হত্যা কৰা সন্ত্রাসবাদী, এই হত্যাকাণ্ডৰ ষড়যন্ত্রকাৰী, এওঁলোকৰ পৃষ্ঠপোষক এইসকলক চৰম শাস্তি দিবই লাগিব। এওঁলোকক শাস্তি দিব নোৱাৰিলে এইটো এটা দৃষ্টান্ত হৈ ৰৈ যাব।
ভাৰতৰ মাটিত প্ৰৱেশ কৰি পাকিস্তানৰ পোষ্য সন্ত্রাসবাদীয়ে নিৰীহ ভাৰতীয়ৰ গণহত্যা সংঘটিত কৰি থৈ যোৱাৰ পাছত সেইসকলক উচিত শিক্ষা দিয়াত চৰকাৰ ব্যর্থ হ'লে সেই সন্ত্রাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকল উল্লসিত হ'ব। সেইবাবেই এটা কঠোৰ, আপোচহীন সিদ্ধান্ত চৰকাৰে লোৱাটো নিশ্চিত বুলি ধৰিব পাৰি। কিন্তু ইয়াৰ বাবে বৃহৎ যুদ্ধ এখনত আমাৰ দেশ প্রবৃত্ত হ'বলগীয়া হ'লে সিও দেশবাসীৰ বাবে মংগলজনক নহ'ব। ভাৰত-পাকিস্তানৰ মাজত ইতিমধ্যে ৪খন যুদ্ধ হৈ গৈছে। ইয়াৰে ৩খনেই কাশ্মীৰক কেন্দ্ৰ কৰি। আৰু এখন যুদ্ধ হ'লে সেই যুদ্ধই স্বাধীনতাৰ সময়ৰে পৰা চলি অহা সংঘাতৰ ওৰ পেলোৱাত কিদৰে সহায় কৰিব সেয়া সময়েহে ক'ব। যুদ্ধ মানেই হৈছে ধ্বংসলীলা। আজিকালি মুখামুখি হৈ যুদ্ধৰত দেশৰ সৈন্যই যুদ্ধ কৰাটো কমি গ'ল। আজিকালি বিমানেৰে বোমা বর্ষণ হয়, ক্ষেপণাস্ত্র নিক্ষেপ হয়। এই বোমা-ক্ষেপণাস্ত্রই হানি কৰে নিৰীহ মানুহৰ প্ৰাণ। গাজাত এনেকুৱা যুদ্ধৰ বাবে কিমান শিশু-মহিলাৰ প্ৰাণ গ'ল তাৰ মৰ্মস্পর্শী খবৰ মানুহে পঢ়িছে-শুনিছে। গতিকে, ভাৰত-পাকিস্তানৰ যুদ্ধ হ'লেও এনেকুৱা কিছুমান অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবেই সাধাৰণ মানুহে যুদ্ধ নিবিচাৰে। সকলো দিশলৈ চাই আমাৰ চৰকাৰে কি পথ লয় তালৈ দেশবাসীয়ে কৌতূহলেৰে লক্ষ্য কৰি আছে। সকলোৰে মনত প্রশ্ন- যুদ্ধ হ'ব জানো?