আজিৰ সম্পাদকীয়, শীত

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক: শীত বুলিলেই মনত অনন্য অনুভৱৰ উদ্ৰেক হয়। শৰৎ ঋতুৰ স্নিগ্ধতাই মোহনীয় কৰি তোলা প্রকৃতিক হেমন্তই শীতল কৰি তোলে সংগোপনে। শীত মানেই টোপাটোপে সৰা নিয়ৰৰ শীতার্ত অনুভৱ, ডাঠ কুঁৱলীৰ আচ্ছাদন, নির্মেঘ আকাশ, উমাল আড্ডা ইত্যাদি অনেক ভাল লগা অনুভূতিৰ সময়।

ঋতু পৰিক্ৰমা অনুসৰি উত্তৰ গোলাৰ্ধৰ দেশসমূহত নৱেম্বৰ মাহৰ পৰা শীতকাল আৰম্ভ হৈ ফেব্ৰুৱাৰী মাহলৈকে থাকে। ভাৰত মূলতঃ আমাৰ গোলাৰ্ধৰ কৰ্কট ৰেখাত অৱস্থিত হোৱাৰ বাবে ইয়াত শীতৰ প্রকোপ পাশ্চাত্য, মেৰু অঞ্চলৰ দেশসমূহৰ দৰে অসহনীয় নহয় যদিও ঋতুগত নিয়ম অনুসৰি শীতকালীন সময়ত ভাৰতৰ প্ৰায়সমূহ অঞ্চল প্ৰবল শীতৰ কবলত পৰে। আনহাতে, নদ-নদী, পাহাৰ-পৰ্বত তথা সেউজ অৰণ্যৰে আগুৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভৌগোলিক কাৰণত শীতৰ মাত্রা দেশৰ আন কেতবোৰ ৰাজ্যতকৈ বেছি হোৱা দেখা যায়।

কেতিয়াবা অসমত শীতৰ মাত্ৰা ঠাই ভেদে ন্যূনতম ৭ ডিগ্রী চেলছিয়াছলৈকেও কমি যোৱা পৰিলক্ষিত হয়। শীতকালত সাধাৰণতে গছ-বন লঠঙা হৈ বিনন্দীয়া প্রকৃতি কিছু স্থবিৰ হৈ পৰে। বিশেষকৈ পশ্চিমীয়া দেশসমূহত শীতকাল তুষাৰবৃত হৈ পৰাৰ উপৰি প্ৰকৃতি একেবাৰে ৰুক্ষ হৈ পৰে। পাশ্চাত্যৰ বহু ঠাইত শীতকালত গৃহবন্দী হৈ পৰিব লগা হয় জনতা। তেনে প্রেক্ষাপটত শীত কাল বহুতৰ বাবে মোহনীয় হোৱাৰ সলনি যন্ত্রণাদায়কহে হৈ পৰে। হয়তো সেই বাবেই পাশ্চাত্যৰ সাহিত্য জগতত শীতৰ সময়ছোৱাক উল্লাসহীন বা প্রাণহীন বুলি অভিহিত কৰিছে বহু কবি-সাহিত্যিকে। ব্রিটিছ সাহিত্যিক ক্রিষ্টিয়ানা ৰ'চেট্টিৰ 'In the bleak midwinter' কবিতাত লিখিছে 'Earth stood hard as iron, Water like a stone, Snow had fallen, snow on snow, snow on snow.'। নিৰস শীতৰ নিৰাশাবাদৰ কথা লিখা পশ্চিমীয়া সাহিত্যৰ বিপৰীতে ভাৰতীয় সাহিত্যত শীতক এনেদৰে প্ৰাচুৰ্যহীনভাৱে অভিহিত কৰা নহয়। আনকি অসম তথা উত্তৰ-পূবৰ শীতক পুহৰ ম'হৰ শিং কঁপোৱা জাৰ, হাড় কঁপোৱা শীত ইত্যাদি নামেৰে নামকৰণ কৰি শীতৰ তীব্ৰতাৰ উমান দিয়া হয় যদিও এই শীতৰ মোহনীয়তাক লৈয়ো কবি, সাহিত্যিক, গীতিকাৰে সৃষ্টিৰ পোহাৰ মেলি আহিছে। সুধাকণ্ঠৰ 'শীতৰে সেমেকা ৰাতি', জুবিন গাৰ্গৰ 'জোনাক গলা জাৰৰ নিশা' ইত্যাদি এনে উদাহৰণ য'ত শীতৰ ব্যাখ্যাৰে জাৰৰ ঋতুক বন্দিত কৰাৰ সমান্তৰালকৈ আৰ্তজনৰ বেদনা, বিষাদগধুৰ সময়কো প্রতিফলিত কৰা হয়। এক অৰ্থত শীত কাল প্রকৃতিৰ চিত্ৰায়ণৰ উপৰি শ্ৰেণীগত সমাজ ব্যৱস্থাৰো প্রতীকী চিত্র। সেয়ে শীত কাল একে সময়তে বন্দিত আৰু নিন্দিতও।

অসমত শীত মানেই উছৱ আৰু ভোগৰ সময়। আজি পহিলা পুহ। আঘোণৰ লখিমী চপাই ন খাই আজৰি হোৱা চহা ৰাইজে পুহৰ এনে দিনত হাড় কঁপোৱা শীতত জুইৰ উমত মাহজোৰা পথৰুৱা ক্লান্তি দূৰ কৰি জিৰণি লয়। ভোগালী মাহ মাঘলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত ভোগালী বিহুৰ পিঠা-পনা, জলপান উলিয়াবলৈ ধান ৰ'দোৱাৰো সময় এয়া। কাজেই অসমীয়াৰ বাবে শীত আমোদৰ মাহ। পাছে এই সময়ো তীব্রগতিত সলনি হোৱাৰ দিশে আগবাঢ়িছে। ঋতুগত নিয়ম মানি অক্টোবৰৰ পৰাই শাৰদীয় নিৰ্মল বতাহে শীতৰ আগমনৰ বতৰা দিয়ে অসমত। দুর্গোৎসৱৰ সময়ৰ পৰাই সাধাৰণতে গৰম চোলা সাজু কৰা অসমীয়াই আজিকালি মাঘৰ বিহুৰ সময়তহে শীতকাল ভালদৰে অনুভৱ কৰে। সেয়াও মাথোঁ নিচেই কম দিনৰ বাবে। গ্রাম্য বা মফচলীয়া এলেকাসমূহত শীতৰ প্রকোপ কিছু বেছি হয় যদিও চহৰাঞ্চলত শীত নাই বুলিলেও মিছা কোৱা নহ'ব। ক্রমবর্ধমান গোলকীয় উষ্ণতাৰ প্ৰভাৱ আৰু অস্বাভাৱিক হাৰত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত গ্রীষ্ম কালত গৰমে ৰেকৰ্ড ভংগ কৰাৰ বিপৰীতে শীতৰ প্ৰকোপো কমি আহিছে।

উল্লেখযোগ্য যে বিশ্ব বতৰ বিজ্ঞান সংস্থা চমুকৈ WMOৱে আগতীয়াকৈ দিয়া তথ্য অনুসৰি চলিত বৰ্ষৰ শেষত 'লা-নীনা'ৰ আগমনৰ বাবে বছৰৰ শেষত প্রচণ্ড শীত অনুভূত হ'ব উত্তৰ ভাৰত তথা উত্তৰ-পূব অঞ্চলত। ইতিমধ্যে নতুন দিল্লীত সেই শীত পৰা দেখা গৈছে যদিও শীততকৈ ব্যাপক প্ৰদূষণৰ ফলতহে দিল্লীত উশাহ ল'ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লীৰ এই শেহতীয়া অৱস্থা মূলতঃ ব্যাপক হাৰত উদ্যোগীকৰণ আৰু গোলকীয় উষ্ণতাৰেই ফল। ইফালে 'লা নীনা'ৰ আগমনত উত্তৰ-পূৰ্বাঞ্চলত শীতৰ প্রকোপ সোনকালে আৰম্ভ হ'ব বুলি কোৱা হৈছিল যদিও আশ্চর্যজনকভাৱে উত্তৰ-পূব তথা অসমত সেই পূর্ব পৰিচিত প্রচণ্ড শীতৰ অনুভৱ এতিয়াও অনুভূত হোৱা নাই। ৰাজ্যৰ আন অঞ্চলসমূহত কিছু পৰিমাণে ডিচেম্বৰৰ শেষৰ ফালে শীত নামিলেও গুৱাহাটী মহানগৰীৰ দৰে চহৰত এতিয়াও শীত এখুজি-দুখুজিকৈ আহিছেহে। এয়া বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবেই সম্ভৱ হৈছে। বৰষুণৰ পৰিমাণ তেনেই কম হোৱাৰ ফলতেই বতৰৰ এনে পৰিৱৰ্তন হোৱাৰ উপৰি ঋতুৰ চৰিত্ৰও সলনি হৈছে। WMOৰ তথ্য অনুসৰি ২০২৫ৰ পৰা ২০২৯ চনৰ ভিতৰত যিকোনো এটা বছৰ অত্যন্ত উষ্ণ বছৰ হোৱাৰ ৮০ শতাংশ সম্ভাৱনা আছে। ইতিমধ্যে এই পর্যন্ত ২০২৪ চনটোৱে সৰ্বাধিক উষ্ণতাৰ বৰ্ষ হিচাপে ৰেকৰ্ড কৰিছিল। তেনে প্রেক্ষাপটত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে ঋতুৰ চৰিত্ৰই সলনি কৰি দিয়া বিষয়টো উদ্বেগজনক। অসমতো এসময়ত শীতৰ প্ৰাচুৰ্য যে নোহোৱা হৈ পৰিব এনেবোৰ কথাতেই প্রতীয়মান হয়। পুহমহীয়া জাৰক লৈ অতীজৰে পৰা শুনি অহা কথাবোৰো হয়তো এদিন সাধু হ'বগৈ।

Share This