ডিজিটেল ডেস্ক : ভাৰতীয় পৰম্পৰাত নাৰী পুৰুষৰ সমকক্ষতো নহয়েই, বৰঞ্চ পুৰুষৰ অধীন। বিভিন্ন শাস্ত্ৰত পুৰুষৰ প্রাধান্য আৰু নাৰীৰ লিংগ হিচাপে নিম্ন স্থান বিষয়ক নানা উল্লেখ আছে। কোনো কোনো ক্ষেত্ৰত 'স্ত্রী-শূদ্র-ইতব' ধৰণৰ ব্যাকাংশই এই কথাও প্রতীয়মান কৰে- শূদ্র-ইতৰ প্ৰাণী আৰু নাৰীৰ উল্লেখ কেতিয়াবা একে শাৰীতে কৰা হৈছিল। নাৰীৰ মৰ্যাদা বুজি পাবলৈ ইয়াতকৈ আৰু অধিক দৃষ্টান্তৰ প্রয়োজন নাই। তদুপৰি আমি যিদৰে শিশু কৃষ্ণ, শিশু ৰামৰ লীলাৰ নানা আখ্যান শাস্ত্রসমূহত পাওঁ, তাৰ বিপৰীতে কোনো দেৱী বা সতী নাৰীৰ শৈশৱৰ কার্যাবলীৰ বিশেষ উল্লেখ নাপাওঁ। সীত-দ্রৌপদী, ৰুক্মিণী আদিৰ শৈশৱ-কৈশোৰৰ কোনো গাথা আমি পোৱা নাই। আকৌ আমাৰ ঈশ্বৰসকলৰ সন্তানো ল'ৰাই, ৰামৰ দুই পুত্ৰ, পঞ্চ পাণ্ডৱৰ দ্রৌপদীৰ ফালৰ পাঁচ পুত্র। স্বয়ং দেৱাদিদের মহাদেৱৰ দুই পুত্ৰ কার্তিক আৰু গণেশ। দেৱৰাজ ইন্দ্ৰৰ পুত্র জয়ন্ত। সেই ফালৰ পৰা কন্যা শিশুৰ গৰিমাব্যঞ্জক কোনো কাহিনী আমাৰ শাস্ত্রসমূহত দুর্লভ। পুত্র সন্তানহে কাম্য। পিতৃ-মাতৃক পুত্ নামৰ নৰকৰ পৰা ত্ৰাণ কৰিব পাৰে পুত্র সন্তানেহে, সেইবাবেই কোৱা হৈছে- 'পুত্ নামং নৰকাত ত্ৰায়তে ইতি-পুত্রঃ।' পুৰুষতান্ত্রিক ব্যৱস্থা এটাৰ ৰচিত বা সংকলিত সাহিত্য-শাস্ত্র আদিত পুৰুষ প্ৰাধান্যৰ, পুৰুষৰ গৰিমা-মহিমাৰ নানা ভাবনা-ৰচনা থকাটো অৱশ্যে নিতান্তই স্বাভাৱিক। ভাৰতীয় পৰম্পৰাত এষাৰ বিশেষ প্রবচন আছে- য'ত কোৱা হৈছে 'পথে নাৰী বিবর্জিতা।' অর্থাৎ যাত্ৰাত নাৰীক সংগী ৰূপে ল'ব নালাগে। নানা অসুবিধাৰ উদ্ভৱ হ'ব পাৰে। বনবাসলৈ যাওঁতে লগত পত্নী সীতাক লৈ যাব লগা হোৱাত ৰামৰ নানা দুর্দশা হৈছে। পঞ্চ পাণ্ডৱৰ বনবাসতো লগত যোৱা দ্রৌপদীৰ বাবে অসুবিধাৰ সম্মুখীন হৈছে। দ্রৌপদীৰ নিৰাপত্তাৰ কথা ভাবিব লগা হৈছে। এনে আৰু বহু কাৰক আছে, যাৰ বাবে পুৰুষে নাৰীক যাত্ৰাৰ সংগী ৰূপে ল'বলৈ অস্বস্তি বোধ কৰে।
আনকি ভাৰতৰ আধুনিকতাৰ প্ৰাৰম্ভ কথা যুগসন্ধিৰ সময়ছোৱাত হিন্দু সমাজত যি সংস্কাৰ আন্দোলন চলিছিল- তাতো নাৰী-বিৰোধী ধর্মীয় কু-সংস্কাৰৰ বিৰুদ্ধেই আন্দোলন-জাগৰণ আনিব লগা হৈছিল। সতীদাহ প্রথা, বাল বিধৱা প্ৰথা, পুৰুষৰ বহু বিবাহ প্ৰথাৰ বিৰুদ্ধে ৰামমোহন-বিদ্যাসাগৰ আদি ভাৰতৰ প্ৰাতঃস্মৰণীয় মহান সন্তানে সংগ্রাম কৰিছিল। নানা কঠিন পৰিস্থিতিৰ মুখামুখি হৈছিল। পৰৱৰ্তী সময়তো নাৰী-বিৰোধী বা সংস্কাৰ যৌতুক প্রথাই উত্তৰ ভাৰতত অমানৱীয় ৰূপ লৈছিল। নাৰীৰ প্ৰতি অৱমাননাসূচক নানা ধৰণৰ ব্যৱস্থা পৰিৱৰ্তিত সময়তো হৈ থাকিল। যেতিয়াই চিকিৎসা বিজ্ঞানত গৰ্ভৱতী মহিলাৰ গৰ্ভৰ সন্তানৰ লিংগ নিৰূপণ কৰিব পৰা কৌশলৰ আৱিষ্কাৰ হ'ল, পুৰুষ প্ৰধান ভাৰতবৰ্ষত বহু পৰিয়ালে গৰ্ভৰ সন্তানৰ লিংগ নিৰূপণ কৰি যদি কন্যা সন্তান তেন্তে গর্ভপাত কৰাবলৈ আৰম্ভ কৰিলে। এনে ব্যৱস্থা এটা সময়ত ইমান হৈ উঠিল যে গর্ভস্থ সন্তানৰ লিংগ নিৰূপণ কাৰ্য আইন কৰি বন্ধ কৰি দিব লগা হ'ল। সকলো চিকিৎসালয়ৰ বাহিৰতে গৰ্ভস্থ সন্তানৰ লিংগ নিৰূপণ শাস্তিযোগ্য অপৰাধ বুলি বৰ বৰ আখৰেৰে ফলক আঁৰি দিব লগা হ'ল। এয়াই হ'ল আমাৰ পুৰুষতান্ত্রিক ৰক্ষণশীল সমাজত নাৰী সম্পৰ্কত পোষণ কৰা মনোভাব। অৱশ্যে ইয়াৰ মাজতো একাংশ উদাৰ আৰু দৰদী পুৰুষে নাৰীৰ অধিকাৰ আৰু মৰ্যাদৰ বাবে কাম কৰি আহিছে।
ভাৰতীয় মূলৰ মার্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছে নানা প্রত্যাহ্বান নেওচি তেওঁৰ সফল মহাকাশ অভিযান তথা পৰিক্ৰমা অন্ত পেলাই আহি পুৱতি নিশা মার্কিন যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কাষৰ সাগৰত অৱতৰণ কৰিলেহি। সুনীতাই এই অভিযানৰ পূর্বেও মহাকাশ অভিযানত অংশ লৈছে। সফলতা লাভ কৰিছে। অভিলেখ ৰচনা কৰিছে। কিন্তু এইবাৰ কথাটো অলপত পৃথক আছিল। নানা বিজুতিজনিত কাৰণত যথা সময়ত তেওঁ মহাকাশৰ পৰা উভতি আহিব পৰা নাছিল। গতিকে নিৰ্ধাৰিত সময়তকৈ অধিক কাল থাকিব লগা হৈছিল মহাকাশৰ বিশেষ আস্থানত। অনিশ্চয়তা আৰু দুৰ্ভাবনাৰ মাজত থাকিও সুনীতা হতাশ হোৱা নাছিল। এগৰাকী মহাকাশ বিজ্ঞানী আৰু মহাকাশচাৰী ৰূপে তেওঁৰ অভিযানৰ সকলো সম্ভাৱনা আৰু দুৰ্ভাবনাৰ বিষয়ে তেওঁ সজাগ আছিল। সহকর্মী আৰু সহযোগীসকলৰ মাজত আছিল পাৰস্পৰিক সৌহার্দ্যপূর্ণ সম্বন্ধ। এককভাৱে কোনেও একো কৰা নাছিল। এয়া আছিল 'টীমৱৰ্ক'। দলগত প্রদৰ্শন আৰু পৰিশ্ৰমৰ বিষয়। লক্ষ্য নির্দিষ্ট আছিল। লক্ষ্যত উপনীত হোৱা পথ বা পদ্ধতিত কেতিয়াবা কিবা ত্রুটী হ'ব পাৰে। তাৰো সমাধানৰ উপাই থাকে। সময়োচিত তৎপৰতাৰে বাধাসমূহ দূৰ কৰা যাব পাৰে। তথাপি সুনীতাৰ গুণগ্রাহীসকলৰ মাজত কিছু দুঃচিন্তা আছিল। কাৰণ এনে ধৰণৰ এটা অভিযানত পৃথিৱীলৈ বুলি মহাকাশৰ পৰা উভতি আহোঁতে আন এগৰাকী ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু ঘটিছিল। কিন্তু সুনীতা সুকলমে উভতি আহিব পাৰিলে। সুনীতাৰ সফলতাত ভাৰতীয় হিচাপে আমি গর্ব অনুভৱ কৰিছোঁ। এই সফলতা কেৱল সুনীতাৰ নহয়, সুনীতা ভাৰতীয় নাৰী সমাজৰো প্ৰতিনিধি। সেইফালৰ পৰা সুনীতাৰ এইঅসাধাৰণ সফলতাত ভাৰতীয় নাৰীৰো গৰ্ব কৰাৰ বিশেষ অধিকাৰ আছে। ভাৰতবৰ্ষত আজি নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ ক্ৰমবর্ধমান। সুনীতাৰ পিতৃ গুজৰাট প্ৰদেশৰ। আজি গুজৰাটতে নাৰীৰ সামাজিক-শৈক্ষিক অৱস্থা বৰ সন্তোষজনক নহয়। সুনীতাৰ তিনিজনী বাই-ভনী। পুত্র সন্তান নাই। কনিষ্ঠা কন্যা সুনীতাৰ স্কুলীয়া-কলেজীয়া শিক্ষা গুজৰাটতে। পাছত পিতৃ-মাতৃৰ লগত আমেৰিকালৈ যায়। ইউ এছ নেভেল অকাডেমিত অধ্যয়ন কৰে। তাৰ পাছত ফ্লৰিডা ইনষ্টিটিউট অব টেকনলজিত মেনেজমেণ্টৰ ডিগ্রী। এজন সহযোগীৰ লগত প্রেম আৰু সেই সূত্রে বিবাহ। আমেৰিকাৰ নাগৰিকত্ব গ্রহণ। তেওঁৰ বৰ্তমান বয়স ষাঠি। এই বয়সত এটা দুঃসাহসিক অভিযানৰ অংশীদাৰ। মহাকাশযান চলাই গৈ আন্তঃৰাষ্ট্ৰীয় ষ্টেছনত উপনীত হ'লগৈ। বহুতৰে ধাৰণা- নাৰী শিক্ষিত আৰু মুক্ত হ'লে সমাজত নেতিবাচক প্ৰভাৱ পৰে। তেনে ৰক্ষণশীল মানসিকতাৰ সকলোৰে মুখত ছাই সানিলে সুনীতা উইলিয়ামছে। আজি সেইসকল ভাৰতীয় যে কন্যা ভ্রূণ হত্যা-গর্ভপাতৰ দৰে গর্হিত কাৰ্যত লিপ্ত, যৌতুক আদিৰ দৰে কাৰণত নাৰী নিপীড়নকাৰী, আনকি মহিলা মল্লাযোদ্ধৰ শ্লীলতা হানি কৰাৰ অভিযোগতো অভিযুক্ত- সেইসকলেও নিশ্চয় সুনীতাৰ সাফল্যত আনুন্দ নকৰাকৈ নোৱাৰিব।