ডিজিটেল ডেস্ক : কিছুদিন পূর্বে গোৱাত অসমৰ যুৱতী এগৰাকীক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ ছিৰিয়েল কিলাৰৰ হাতত প্রাণ হেৰুৱায় অসমৰ যুৱতীগৰাকীয়ে। অতিমাত্রা ড্ৰাগছ সেৱন কৰাই গোৱাত যুৱতীগৰাকীক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰা হয়। ইয়াৰ পূৰ্বে হত্যাকাৰীয়ে আন দুগৰাকী ৰাছিয়ান যুৱতীকো হত্যা কৰে। চাৰি বছৰ ধৰি কৰ্মসূত্ৰে গোৱাত থকা যুৱতীগৰাকী এনে নৃশংসতাৰ বলি হোৱা ঘটনাই বহিঃৰাজ্যত কৰ্মৰত অসমৰ মহিলাসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।
উল্লেখযোগ্য যে গোৱাত মহিলাৰ বিৰুদ্ধে বিগত ৫ বছৰত ৩,০০০ৰো অধিক আক্রমণ আৰু উৎপীড়নৰ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্রী আৰু গৃহ মন্ত্রী ড° প্রমোদ সাৱন্তে উল্লেখ কৰা তথ্য অনুসৰি গোৱাত ২০২১-ৰ পৰা ২০২৫লৈ মুঠ ৩,০৪০টা এনে ঘটনা সংঘটিত হৈছে। চৰকাৰী তথ্য অনুসৰি, ২০২১৩ ৫৭০টা, ২০২২ত ৬৪২টা, ২০২৩ত ৬০৭টা, ২০২৪ত ৬২৭টা আৰু ২০২৫৩ ৫৯৪টা ঘটনা সংঘটিত হৈছে। এইদৰে দেশৰ ভিন্ন প্রান্তত প্রতি মুহূর্তত সংঘটিত হৈ আহিছে নাৰকীয় কাণ্ড। ক'ৰবাত যদি কণমানিক বলাৎকাৰ কৰি জ্বলাই দিয়া হৈছে, আন ক'ৰবাত মহিলা চিকিৎসকে কৰ্তব্য সমাপন কৰি গৃহাভিমুখী হোৱাৰ পথত দলবদ্ধভাৱে বলাৎকাৰ কৰি জ্বলোৱা হৈছে। গাৰ নোম শিয়ৰি উঠা এনে ঘটনাই সমগ্র দেশবাসীক লজ্জানত কৰি আহিছে যদিও ঘটনা কিন্তু হ্রাস পোৱা নাই। শক্তিৰ অধিষ্ঠাত্ৰীৰূপে যিখন দেশত দেৱী দুর্গাক পূজা-অর্চনা কৰা হয়, তেনে এখন দেশত আজি সুৰক্ষিত নহয় নাৰী। নিতৌ নতুন নতুন নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহি আছে। নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যুৰ' অব্ ইণ্ডিয়াৰ তথ্য অনুসৰি ২০১২ চনত ভাৰতত নাৰীজনিত অপৰাধ ৬.৪ শতাংশলৈ বৃদ্ধি পাইছিল। প্রতি তিনি মিনিটত একোটাকৈ নাৰীজনিত অপৰাধ সংঘটিত হোৱা দেশখনত ২০১১ চনত এনে ঘটনাৰ সংখ্যা ২,২৮,৬৫০টা আৰু ২০১৫ চনত লক্ষণীয়ভাৱে ৪৪ শতাংশ বৃদ্ধি হৈ ৩ লাখৰ ঘৰ চুইছিল। নাৰীজনিত যৌন অপৰাধৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সবাতোকৈ বিপজ্জনক দেশ বুলি পৰিচিত ভাৰতত ২০০৮ চনত ২১,৪৬৭টা বলাৎকাৰৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৫ চনত এই সংখ্যা ৩৪,৬৫১টালৈ বৃদ্ধি পায়। অর্থাৎ বলাৎকাৰৰ ঘটনা দিনক দিনে বৃদ্ধিহে পাবলৈ ধৰিছে। ২০২৩ চনত ভাৰতত নাৰীজনিত অপৰাধৰ ঘটনা ৪.৫ লাখলৈ বৃদ্ধি পায়। অথচ মহিলাসকলৰ সুৰক্ষাৰ বাবে সমগ্ৰ দেশতে কেইবাখনো কঠোৰ আইন বলবৎ হৈ আছে। ইমানৰ পাছতো কিন্তু আজি এগৰাকী মহিলা ঘৰৰ বাহিৰলৈ অকলে ওলাবলগীয়া হ'লে ঘৰলৈ ঘূৰি নহালৈকে পৰিয়ালৰ আন সদস্যসকলে চিন্তা কৰিবলগীয়া হয়। অসমতো এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।
এইদৰে থাকিলে দেশৰ পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে ঢাল খাব। নাৰী সবলীকৰণৰ বাবে এফালে ঢাক-ঢোল বজোৱা ৰজাঘৰীয়াই নাৰীৰ সুৰক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। এইধৰণৰ ঘটনাত জড়িতসকলক কঠোৰতকৈও কঠোৰ শাস্তি বিহাৰ বাবে আইন প্রণয়নত গুৰুত্ব দিয়াৰ লগতে আইনী প্রক্রিয়াটোক অধিক ক্ষিপ্ৰতৰ কৰাৰ বাবে আগভাগ ল'ব লাগিব। আইন ব্যৱস্থাৰ লেহেম গতিৰ বাবে এগৰাকী ধর্ষিতাৰ পৰিয়ালে ন্যায় লাভৰ বাবে যিমান সময়ৰ প্ৰয়োজন হয়, তেনে কাৰণতেই বহুতেই আইন-আদালতৰ দ্বাৰস্থ হ'বলৈ আগ্রহী নহয়। ন্যায় ব্যৱস্থাৰ প্রতি ৰাইজক আশ্বস্ত কৰিবলৈ হ'লে আইনী প্ৰক্ৰিয়াৰ জটিলতা আঁতৰাব লাগিব। গণধর্ষণ-কাণ্ডৰ দোষীয়ে অতি কম দিনৰ ভিতৰতে উচিত শাস্তি নাপালে পুনৰবাৰ অপৰাধজনিত ঘটনাত জড়িত হ'বলৈ মুঠেও ভয় নকৰিব এইধৰণৰ ঘটনা সংঘটিত কৰাসকলে। এইক্ষেত্ৰত জনসাধাৰণৰো আছে যথেষ্ট কৰণীয়। বলাৎকাৰ বা অপৰাধজনিত ঘটনা হোৱাৰ পাছত যিধৰণে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰা হয়, সেই একেই ধৰণে যদিহে ৰাজপথত নিশাৰ ভাগত বিপদত পৰা এগৰাকী নাৰীক নৰপিশাচৰ হাতত নেৰি ঐক্যবদ্ধভাৱে সহায়ৰ বাবে আগবাঢ়ি যায়, তেতিয়াহ'লে সমাজত এইধৰণৰ ঘটনা নিশ্চয়কৈ হ্রাস পাব। আৰক্ষী প্রশাসনেও এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব। এগৰাকী মহিলাক সহায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই তেওঁলোকে দেশত এক শান্তিৰ বাতাৱৰণৰ সৃষ্টি কৰিব লাগিব। চৰকাৰেও প্ৰকৃতাৰ্থত আৰক্ষীৰ আধুনিকীকৰণ কৰাৰ লগতে থানাসমূহত মহিলা আৰক্ষী গোট সৃষ্টি কৰি নিশাৰ ভাগতো যাতে মহিলাই ৰাজপথত নির্ভয়ে ঘূৰি ফুৰিব পাৰে, তাৰ বাবে এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ পদক্ষেপ গ্রহণ কৰিব লাগিব। একেদৰে ন্যায়ালয়সমূহত খালী হৈ থকা পদসমূহত নিযুক্তিৰ ব্যৱস্থা কৰি ইয়াক সক্ৰিয় কৰাত গুৰুত্ব নিদিলে বছৰ বছৰ ধৰি আদালতত ওলমি ৰ'ব এনে গোচৰ, যাৰ বাবে দোষীয়ে মুকলি আকাশৰ তলত ঘূৰি ফুৰাৰ বিপৰীতে ভুক্তভোগীয়ে ন্যায়ৰ বাবে দৌৰি ফুৰিব লাগিব।