ডিজিটেল ডেস্ক : মাজত মাত্র আৰু কেইটামান দিন বাকী। আৰম্ভ হ'ব বিশ্ব কাপ ফুটবলৰ মহাৰণ। বিশ্ব ফুটবলৰ মহাযজ্ঞ 'ফিফা বিশ্ব কাপ' বর্তমান ক্রীড়া বিশ্বৰ সবাতোকৈ আকর্ষণীয় আৰু জনপ্রিয় ইভেন্ট। প্রতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত এই খেলখনলৈ বিশ্বৰ কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আমেৰিকা, মেক্সিকো আৰু কানাডাৰ যৌথ আয়োজনত বৰ্ধিত পৰিসৰত ৪৮টা দলৰ মাজত অনুষ্ঠিতব্য এই প্রতিযোগিতা আৰম্ভ হ'ব অহা ১১ জুনত (স্থানীয় সময় মতে)। ঐতিহাসিক এষ্টাডিঅ' আজটেকা (মেক্সিকো চিটি ষ্টেডিয়াম) ষ্টেডিয়ামত উদ্বোধনী মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব আয়োজক দেশ মেক্সিকো। ফুটবলৰ সর্বোচ্চ নিয়ন্ত্রক সংস্থা ফিফাই ২ জুনত আনুষ্ঠানিকভাৱে ৪৮টা দলৰ চূড়ান্ত স্কোৱাড প্রকাশ কৰিব। বিশ্ব কাপত অংশগ্ৰহণকাৰী জাতীয় ফুটবল এছ'চিয়েশানসমূহে ২৫ মে'ৰ পৰা ১ জুনৰ ভিতৰত তেওঁলোকৰ চূড়ান্ত স্কোৱাডৰ তালিকা জমা দিব লাগিব। দলসমূহে কমেও তিনিজন গ'লৰক্ষকসহ ২৬জন খেলুৱৈক এই তালিকাত ৰাখিব পাৰিব। অৰ্থাৎ প্রতিখন দেশে সর্বোচ্চ ২৬জন খেলুৱৈ দলত অন্তর্ভুক্ত কৰাৰ অনুমতি লাভ কৰাৰ ফলত এই টুর্নামেন্টত সর্বমুঠ ১২৪৮ গৰাকী ক্রীড়াবিদে অংশগ্ৰহণৰ সুযোগ লাভ কৰিব আৰু ই হ'ব বিশ্ব কাপৰ ইতিহাসত সবাতোকৈ বেছি খেলুৱৈৰ সমাগম।
এতিয়ালৈকে ১৮খন দেশে বিশ্ব কাপ ফুটবলৰ আয়োজন কৰিছে। ২০২২ বৰ্ষত কাটাৰত বিশ্ব কাপ ফুটবল অনুষ্ঠিত হোৱাৰ বিপৰীতে আগন্তুক ২০২৬ বর্ষত কানাডা, মার্কিন যুক্তৰাষ্ট্ৰ আৰু মেস্কিকোৱে যুটীয়াভাৱে বিশ্ব কাপ ফুটবলৰ আয়োজন কৰিছে। ফাইনেল মেচৰ ট্ৰফীত ৮খনকৈ দেশৰ খেলুৱৈয়ে চুমুক দিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ব্রাজিলে সর্বাধিক পাঁচবাৰকৈ বিজয়ী হোৱাৰ বিপৰীতে জার্মানি আৰু ইটালিয়ে চাৰিবাৰকৈ, আর্জেন্টিনাই তিনিবাৰকৈ আৰু ফ্রান্স আৰু উৰুগুৱেই দুবাৰকৈ আৰু ইংলেণ্ড আৰু স্পেইনে এবাৰকৈ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। বিশ্ব কাপ ফুটবলৰ ইতিহাসত যিসকল খেলুৱৈয়ে নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিছে, সেইসকলৰ ভিতৰত ফুটবলৰ কিংবদন্তি ডিয়েগ' মাৰাডোনা, লিয়নেল মেছি আদিকে ধৰি বহু ক্রীড়াবিদৰ নাম নিঃসন্দেহে ৰৈ যাব। ইয়াৰ বিপৰীতে ১৪০ কোটি জনসংখ্যাৰ দেশ ভাৰতে আজি পর্যন্ত বিশ্ব কাপ ফুটবলৰ দৰে এক বৃহৎ ক্রীড়া ইভেন্টত ভাগ লোৱাৰ বাবে যোগ্যতা অর্জন কৰিব নোৱৰাটো সঁচাকৈয়ে এক দুখৰ বিষয়। ৪ কোটি জনসংখ্যাৰ দেশ আর্জেন্টিনাই বিশ্ব কাপ ফুটবলত দপদপাই থকাৰ বিপৰীতে ১৪০ কোটি জনতাৰ দেশ ভাৰতে আজিও এই খেলৰ বাবে যোগ্যতা অর্জন কৰিব পৰা নাই। বর্তমান সময়ত সমগ্ৰ বিশ্বৰ ভিতৰত ফিফা ৰেংকিঙত ভাৰতৰ স্থান প্রায় ১৩৬ নং স্থানত। আচৰিত লাগে ২০২৩-২৪ বর্ষত বি চি চি আয়ে ৯৭৪১ কোটি টকা উপার্জন কৰিছে, সেই একে সময়তে এ আই এফ এফৰ বাৰ্ষিক বাজেটেই হৈছে মাত্র ১৩৪ কোটি টকা। যিখন দেশত আই এছ এলৰ টিকটৰ মূল্য মাত্র ১২০ টকা হোৱাৰ পাছতো ষ্টেডিয়ামত দৰ্শকৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰা দেখা নাযায়, ঠিক একে সময়তে কিন্তু ৫০০০ টকা দিয়াৰ পাছতো ক্ৰিকেটৰ টিকটৰ পৰা বঞ্চিত হয় দর্শক। কিন্তু এসময়ত ফুটবল আছিল ভাৰতবাসীৰ আৱেগ। বিশ্বৰ তৃতীয় আৰু এছিয়াৰ সবাতোকৈ পুৰণি ফুটবল টুর্নামেন্ট এই দেশতেই আৰম্ভ হৈছিল। তেনেহ'লে ভাৰতীয় ফুটবলৰ আজিৰ এই শোচনীয় অৱস্থাৰ কাৰক কি? ১৮৭২ চনত ভাৰতত প্ৰথমটো ফুটবল ক্লাবৰ জন্ম হয়। নাম আছিল কলিকতা এফ চি ক্লাব। লাহে লাহে ফুটবলৰ ৰাজধানীত পৰিণত হয় কলিকতা। সেই সময়ত ফুটবল মূলতঃ ইংৰাজসকলেই খেলিছিল যদিও লাহে লাহে পৰিৱেশ সলনি হয়। নগেন্দ্ৰ প্ৰসাদ সর্বাধিকাৰীৰ নেতৃত্বত ফুটবলক বঙালী লোকসকলৰ মাজত জনপ্ৰিয় কৰাৰ জোৰদাৰ প্ৰচেষ্টা চলে। এইগৰাকী লোকৰ নেতৃত্বতেই ১৮৭৭চনত কেৱল ভাৰতীয়ৰ বাবে গঠন হয় নতুন দল, যাৰ নাম আছিল 'দ্য বয়জ ক্লাব'।
ইয়াৰ পাছৰ সময়ছোৱাত কেইবাটাও ফুটবল ক্লাব গঠন হয় যদিও ১৮৮৮ চনত তদানীন্তন বিদেশ সচিব মর্টিমাৰ ডুৰাণ্ডে আৰম্ভ কৰে এক ফুটবল টুর্নামেন্ট। এই টুর্নামেন্টখনেই হৈছে বিশ্বখ্যাত ডুৰাণ্ড কাপ। বিশ্বৰ তৃতীয় পুৰণি আৰু এছিয়াৰ সবাতোকৈ প্রাচীন টুর্নামেন্টখনেই হৈছে ডুৰাণ্ড কাপ। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৮৯৩ গঠন হয় ঐতিহাসিক মোহনবাগান ক্লাব। ১৮৯৩ চনত প্রতিষ্ঠা হয় ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যন (আই এফ এ)। ইয়াৰ মূল উদ্দেশ্য আছিল কলিকতা ফুটবলক পৰিচালনা কৰা। ১৯১১ চনত মোহনবাগান দলে ইতিহাস ৰচিবলৈ সক্ষম হয়। দলটোৱে প্ৰথম ভাৰতীয় দল হিচাপে আই এফ এ শ্বিল্ড দখল কৰে। উক্ত সময়ত এই মেচ উপভোগ কৰিবলৈ আশী হাজাৰ দর্শক সমৱেত হৈছিল। ইয়াৰ আগলৈকে এই টুর্নামেন্ট কেৱল ব্ৰিটিছেই জয় কৰি আহিছিল। ১৯৩৭ চনত সমগ্ৰ ভাৰতৰ ফুটবল পৰিচালনাৰ উদ্দেশ্যে গঠন হয় অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন (এ আই এফ এফ)। কিন্তু সেই সময়লৈকে ভাৰতীয় ফুটবল দলে বৰ বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অলিম্পিক খেলাৰো সুযোগ লাভ কৰা নাছিল। বিপৰীতে ভাৰতীয় হকী দলে অলিম্পিকক আশাতীত সাফল্য লাভ কৰিবলৈ সক্ষম হয়। কিন্তু ১৯৪০ চনত মহম্মেদান স্প'র্টিং ক্লাবে ডুৰাণ্ড কাপৰ খিতাপ জয় কৰি ইতিহাস ৰচে। কাৰণ ব্ৰিটিছ শাসিত ভাৰতৰ এই দলৰ সকলো খেলুৱৈ আছিল ভাৰতীয়। ইয়াৰ পাছত ১৯৪১ চনত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এ আই এফ এফ) সন্তোষ ট্ৰফী শুভাৰম্ভ কৰে। ১৯৪৮ চনত স্বাধীন ভাৰতৰ ফুটবল দলে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্রহণ কৰে। ১৯৫০ চনত ফিফা বিশ্ব কাপৰ তৰফৰ পৰা ভাৰতক বিশ্ব কাপত অংশগ্ৰহণৰ বাবে আমন্ত্রণ জনোৱা হয় যদিও ভাৰতে এই প্রস্তাৱ নাকচ কৰে। ইয়াৰ কাৰণ হিচাপে বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হয় যদিও ভাৰতৰ বিশ্ব কাপৰ যাত্রা ইয়াতেই থমকি ৰয়। অলিম্পিক অথবা এছিয়ান গেছত এসময়ত দুর্দান্ত প্রদর্শন আগবঢ়োৱা ভাৰতীয় ফুটবলৰ অৱনতিৰ বাবে দায়ী কোন? আগন্তুক দিনত ভাৰতীয় ফুটবল দলৰ আজিৰ এই দুৰ্বল-নিশকতীয়া অৱস্থা দূৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিবনে?