Education is not the filling of a pail, but the lighting of a fire - W.B. Yeats
ডিজিটেল ডেস্ক: সঁচাকৈয়ে শিক্ষা মানে কেৱল জ্ঞান অর্জন কৰাই নহয়, বৰং চিন্তাৰ বন্তি প্রজ্বলন কৰা। এজন শিক্ষার্থীৰ চিন্তাৰ সেই বন্তি প্রজ্বলন কৰাৰ ক্ষেত্ৰত সবাতোকৈ বৃহৎ ভূমিকা গ্রহণ কৰে শিক্ষকে। কিন্তু প্রশ্ন হয়-এগৰাকী শিক্ষার্থীৰ বেয়া ফলৰ বাবে দায়ী কোন? শিক্ষক, শিক্ষার্থী নে সমগ্র শিক্ষা ব্যবস্থা? এই জটিল প্ৰশ্নৰ সৰল উত্তৰ লাভ কৰাটো কঠিন। কাৰণ, শিক্ষা এটি যৌথ প্রক্রিয়া, য'ত শিক্ষক, শিক্ষার্থী আৰু শিক্ষা প্রতিষ্ঠান সকলো সমানভাবেই জড়িত। এজনৰ ভুলে অন্য এজনৰ সাফল্যক বাধাগ্রস্ত কৰিব পাৰে।
নির্বাচন আৰু ৰঙালী বিহুৰ ধামখুমীয়াৰ মাজত ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈ গ'ল। অতি শেহতীয়াভাৱে চি বি এছ ইৰো দশম শ্ৰেণীৰ ফলাফলো ঘোষণা কৰা হ'ল। চি বি এছ ইত উত্তীৰ্ণৰ হাৰ ৯৩.৭০ শতাংশ হোৱাৰ বিপৰীতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (এ এছ এছ ই বি) ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২ শতাংশ।
অতি দুখৰ বিষয় এয়ে যে ৰাজ্যখনৰ ভালেমান বিদ্যালয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শূন্য ফল প্রদর্শন কৰিছে। শোচনীয় ফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহক ইতিমধ্যে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে। এনে বিদ্যালয়সমূহৰ ভিতৰত অন্যতম বিদ্যালয় হৈছে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ শিঙাৰী হাইস্কুল। বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৪গৰাকী শিক্ষার্থীয়েই উত্তীর্ণ হ'ব নোৱাৰিলে।
উল্লেখনীয় কথা এইটোৱেই যে বিদ্যালয়খনত নিয়োজিত হৈ আছে ১৭গৰাকী শিক্ষক-শিক্ষয়িত্রী। ফলাফলৰ দিনা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ তুলি একাংশ অভিভাৱক আৰু সচেতন নাগৰিকে বিদ্যালয় চৌহদত উপস্থিত হৈ বিভিন্নধৰণৰ শ্ল'গান দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে বিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে শিক্ষার্থীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ নকৰা পর্যন্ত ক্ষোভ প্রশমন নহয় বুলি মত ব্যক্ত কৰে।
জিলাই জিলাই বহু চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়ৰ এইবাৰৰ মেট্ৰিকৰ ফলাফল হৈছে শূন্য। শূন্য ফলৰ তালিকাত এনে বিদ্যালয়ো আছে যি এবাৰ, দুবাৰ নহয় একেৰাহে তৃতীয়বাৰলৈ মেট্রিকত শূন্য ফল প্রদর্শন কৰিছে। গোসাইগাঁৱৰ তুলসীবিলৰ আয়েশা খাতুন হাইস্কুলৰ শূন্য ফলে এইবাৰ হেটট্রিক অৰ্জন কৰিছে। বিদ্যালয়খনৰ পৰা মুঠ ১১ গৰাকী পৰীক্ষাৰ্থী এইবাৰ পৰীক্ষাত অৱতীর্ণ হৈছিল যদিও এজনো পৰীক্ষাৰ্থী উত্তীর্ণ নহ'ল। বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা হৈছে ১২। শূন্য ফলেৰে হেটট্রিক অৰ্জন কৰা আন এখন বিদ্যালয় হৈছে বৰক্ষেত্ৰীৰ ৰামপুৰ বালিকা বিদ্যালয়। এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ৫গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল যদিও এজনো পৰীক্ষার্থী উত্তীর্ণ নহ'ল।
উল্লেখ্য যে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা হৈছে ৬। আনহাতে কাছাৰ জিলাৰ ২২খন শিক্ষানুষ্ঠানৰ এইবাৰৰ ফল শূন্য। জিলাখনৰ কাটিগড়াৰ ফুলবাৰী পাব্লিক হাইস্কুলৰ পৰা মুঠ ৩৩ গৰাকী পৰীক্ষার্থীয়ে পৰীক্ষাত অবতীর্ণ হৈছিল যদিও এজনো পৰীক্ষার্থী উত্তীর্ণ নহ'ল। বঙাইগাঁও জিলাৰ ফলো নিম্নগামী, যাৰ বাবে জিলাখনৰ ৩৯খন বিদ্যালয়লৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছে। এইসমূহ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ত্ৰিশ শতাংশতকৈও কম। ফলাফল অনুসৰি জিলাখনত এইবেলি উত্তীৰ্ণৰ হাৰ মাত্র ৪৯.৬২ শতাংশ। একেদৰে বজালীৰ এখন চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলে বৌদ্ধিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। জিলাখনৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠান পাটাছাৰকুছি শংকৰদৱ শিশু নিকেতনৰ পৰা এগৰাকী ছাত্ৰই ৰাজ্যৰ ভিতৰত শীর্ষস্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে মহাৰজত জয়ন্তী উদযাপন কৰা জিলাখনৰে এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ শোচনীয় ফলে ৰাইজৰ চকু কপালত তুলিছে। বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ পৰা এইবেলি ৫৮ গৰাকী শিক্ষার্থী পৰীক্ষাত অৱতীর্ণ হৈছিল যদিও মাত্র আঠ গৰাকীয়েহে উত্তীর্ণ হয়। পৰীক্ষাৰ এনে শোচনীয় ফলৰ পাছত ইয়াৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলকেই দায়ী কৰা হয় যদিও ই একমাত্র কাৰণ হ'ব নোৱাৰে। ই এক সন্মিলিত ব্যৱস্থাৰ ব্যৰ্থতা।
শিক্ষা কেৱল স্কুলৰ গণ্ডীতেই সীমাবদ্ধ নহয়। পৰিয়াল হৈছে এগৰাকী শিক্ষার্থীৰ প্রথম বিদ্যালয়। কিন্তু আমাৰ বহু অভিভাৱক সচেতন নহয়। কিছুমানে আকৌ শিক্ষার্থীক অধিক চাপ দি মানসিকভাৱে ভাঙি পেলায়। ফল নিম্নগামী হোৱাৰ বাবে শিক্ষকক দোষাৰোপ কৰা সহজ, কিন্তু শিক্ষার্থীৰ আত্মনিয়ন্ত্রণ, আগ্রহ, অধ্যৱসায় আৰু দায়িত্ববোধ নাথাকিলে কোনো শিক্ষকেই তেনে শিক্ষার্থীক সফল কৰিব নোৱাৰে। তদুপৰি মানসিক চাপ, পাৰিবাৰিক সমস্যা, স্বাস্থ্যগত দুর্বলতা ইত্যাদি কাৰকেও শিক্ষার্থীৰ মনোযোগ নষ্ট কৰে। শিক্ষার্থীৰ মাজত প্রতিযোগিতা আৰু পৰীক্ষাৰ ভয়েও যথেষ্ট প্রভাৱ পেলায়। তদুপৰি ম'বাইলৰ ব্যৱহাৰ, সামাজিক মাধ্যমৰ প্ৰতি আসক্তি আদি কাৰকো অন্যতম। শিক্ষার্থী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাবো শোচনীয় ফলৰ এক অন্যতম কাৰক। ৰাজ্যৰ এনে অনেক বিদ্যালয় আছে যিসমূহত একোগৰাকী শিক্ষকেই ৫০-৬০জন ছাত্র-ছাত্রীক পঢ়ুৱাবলগীয়া হয়। এনে অৱস্থাত প্রতিগৰাকী শিক্ষার্থীক সমানে গুৰুত্ব দিয়াত তেওঁলোক অপাৰগ হয় আৰু ইয়াৰ প্ৰভাৱ পৰে ফলাফলত। শিক্ষাৰ মান, পৰিৱেশ, পাঠদানৰ পদ্ধতি আৰু পাৰিবাৰিক সহযোগ-এই সকলো মিলিয়েই নির্ধাৰিত হয় এজন শিক্ষার্থীৰ ফলাফল। শোচনীয় ফলৰ বাবে কোনো এককভাৱে দায়ী নহয়, ই এক সমন্বিত ব্যৱস্থাৰ প্রতিফলন। সেয়ে কেৱল শিক্ষকক জগৰীয়া কৰি বাকী বিষয়বোৰ এৰি চলিলে আমি কেতিয়াও ভাল ফল পাব নোৱাৰোঁ।