অবিস্মৰণীয় শেষকৃত্য

dainik janambhumi September 24, 2025

ডিজিটেল ডেস্কঃ অৱশেষত চিতা জুই জ্বলিল। প্ৰাণৰ শিল্পীৰ বিয়োগৰ বেদনাত অনুগামীৰ হৃদয়বোৰ দপ্ দপ্‌কৈ জ্বলি থকাৰ দৰেই চিতাখনৰ জুইকুৰাও ডগমগাই জ্বলি উঠিল আৰু সেই জুইৰ ৰঙা শিখাৰ আভাই চিতাখন ঘেৰি থকা অগণন অনুগামীৰ মুখবোৰো ৰঙা কৰি পেলালে, হেৰুওৱাৰ দুখ-ক্ষোভৰ প্ৰকাশ ঘটাই। এনেকুৱা শেষকৃত্য হয়তো বিশ্বত এয়াই প্রথম, য'ত বেদৰ মন্ত্ৰধ্বনি আৰু প্ৰাণৰ শিল্পীৰ আটাইতকৈ ভালপোৱা গানৰ ধ্বনি একাকাৰ হৈ গৈছিল।

 জুইকুৰা জ্বলি উঠাৰ লগে লগে গান নহৈ যেন ক্ষোভ-হতাশা-বেদনাৰ ধ্বনি হৈ আকাশ-বতাহত বিস্তাৰিত হৈ পৰিছিল সেই গান- "মায়াবিনী ৰাতিৰ বুকুত...।" কোনে ওঁঠ লৰোৱা নাছিল সেই গানৰ ধ্বনিত। বেদনাদগ্ধ পত্নীৰ পৰা, বিশিষ্ট লোকসকলৰ কণ্ঠৰেও নিগৰিত হৈ সেই গানৰ সুৰ ব্যাপ্ত হৈ পৰিছিল উপস্থিত অগণন চিনাকি-অচিনাকি অনুগামীৰ কণ্ঠলৈ। কোনেও আশা কৰা নাছিল এই ক্ষণটোৰ। সকলোৰে বাবেই এই ক্ষণ আছিল "মায়াবিনী ৰাতিৰ বুকু"ৰ দৰেই অবুজ ৰহস্যঘন। এনেকৈও কোনো ইংগিত নিদিয়াকৈ শেষ হৈ যাব পাৰে এটা বিৰল সত্তা, যি হাজাৰ হাজাৰ গানেৰে, মানুহক ভালপোৱাৰ অলেখ কাহিনীৰে, স্বদেশ-স্বজাতিৰ প্ৰতি অফুৰন্ত প্ৰেমৰ অলেখ দৃষ্টান্তৰে যুৱ প্ৰজন্মক জাতি-মাটিৰ প্ৰতি উদ্বেলিত কৰি তুলিব পৰা অন্তহীন অনুপ্ৰেৰণাৰে মায়াগ্রস্ত, মোহগ্রস্ত কৰি ৰাখিছিল মানুহক! বহু দূৰৈৰ সাগৰৰ পাৰৰ পৰা অহা দুঃসংবাদটো শুনাৰ পাছত হতচকিত হৈ পৰিও মানুহে বিশ্বাস কৰিব পৰা নাছিল। তাৰ পৰা সেই সত্তাক কঢ়িয়াই অনা বিমানখনৰ লগে লগে উৰি অহা দুঃখবৰবোৰ শুনিও, তিনি দিন ধৰি ফুলৰ মাজৰ কফিনত অবুজ শিশুৰ দৰে শুই থকা সেই সত্তাৰ নিষ্প্রাণ ৰূপটো দেখিও, সেই শিল্পী সত্তাক কঢ়িয়াই অনা পুষ্পসজ্জিত যানৰ পিছে পিছে মায়াগ্রস্ত হৈ জনস্রোতৰ ধল বোওৱাৰ পাছতো অবিশ্বাসৰ ভাব এটাই সকলোৰে অন্তৰত কোলাহল সৃষ্টি কৰি আছিল- সত্য হয় জানো এয়া? কিন্তু মনে নিবিচাৰিলেও সেয়াই যে চিৰসত্য, মানি ল'ব নুখুজিলেও সেয়াই যে জীৱনৰ কঠিন শিলত কটা এক নির্লোভ ভাস্কর্য, তাকেই ৰঙা জুইৰ শিখাৰে প্রকট কৰি অৱশেষত জ্বলি উঠিল চিতাখন। মানুহে বহুত দেখিছে মৃত্যু, দেখিছে বহুত অন্তিম সৎকাৰৰ অনুষ্ঠানো? কিন্তু কমাৰকুছিৰ পাহাৰটোৰ কাষৰ ঠাইখিনিৰ সেই শেষকৃত্য অনন্য। বেছৰ ৰাজকুমাৰী ডায়েনাৰ শেষকৃত্য ১৯৯৭ চনৰ ছেপ্টেম্বৰ মাহত হৈছিল, য'ত ১ নিযুত মানুহৰ সমাগম ঘটিছিল, পোপ জন প'ল দ্বিতীয়ৰ শেষকৃত্য খ্ৰীষ্টান যাজকৰ দুহেজাৰ বছৰীয়া ইতিহাসৰ আটাইতকৈ বৃহৎ শেষকৃত্য বুলি কোৱা হয়, য'ত ৪ নিযুত মানুহৰ সমাগম হৈছিল, ১৯৬৩ চনৰ ২২ নৱেম্বৰত মার্কিন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ শেষকৃত্য সম্পন্ন হৈছিল। টেক্সাছৰ ডালাছত এইগৰাকী মার্কিন ৰাষ্ট্ৰপতিক গুলীয়াই হত্যা কৰাত বিশ্ব হতচকিত হৈ পৰিছিল। সমগ্র বিশ্বত প্ৰথমবাৰৰ বাবে টেলিভিছনত সম্প্ৰচাৰিত হোৱা সেই শেষকৃত্য অনুষ্ঠান অগণন মানুহে প্রত্যক্ষ কৰিছিল, ৰাণী এলিজাবেথ দ্বিতীয়ৰ শেষকৃত্যতো বিশ্বৰ বহু বিশিষ্ট নেতাৰ উপৰি দহ লক্ষাধিক লোকৰ সমাৱেশ ঘটিছিল, বিশ্বৰ ৪ নিযুত দর্শকে টেলিভিছনত চাইছিল সেই অনুষ্ঠান; অন্য এগৰাকী মার্কিন ৰাষ্ট্ৰপতি ৰ'নাল্ড ৰিগান, তৃতীয় শতিকাৰ মেচিডোনিয়াৰ ৰজা আলেকজেণ্ডাৰ দ্য গ্রেট, 'গ্রেট পিৰামিড অব্ গিজা'ৰ স্ৰষ্টা ইজিপ্তৰ প্ৰাচীন ৰজা খুফু আৰু তেওঁৰ পত্নীক সমাধিষ্ঠ কৰা অনুষ্ঠান, মাইকেল জেকছনলৈ অন্তিম শ্রদ্ধা আদিক বিশ্বৰ ইতিহাসৰ আটাইতকৈ বিখ্যাত শেষকৃত্য অনুষ্ঠান ৰূপে গণ্য কৰা হৈ আহিছে। ভাৰতৰ ৭০ৰ দশকৰ প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীৰ নতুন দিল্লীত হোৱা অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত লাখ লাখ লোকে অংশগ্রহণ কৰিছিল। আমাৰ জাতিৰ অন্য এগৰাকী প্ৰাণৰ শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি শেষ শ্রদ্ধা আৰু শেষকৃত্যত কেনেকৈ অনুৰাগীৰ ভিৰে অভিলেখ গঢ়িছিল সেই ইতিহাস বহুতৰে স্মৃতিত আজিও সজীৱ হৈ আছে কিন্তু অসমবাসীৰ হিয়াৰ আমঠু, তৰুণ প্ৰজন্মৰ হৃদস্পন্দন স্বৰূপ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যত জনতাৰ পাৰ ভঙা অংশগ্রহণ আৰু ইয়াত গান আৰু বেদনা একাকাৰ হৈ পৰা দৃশ্য অনন্য। সন্দেহাতীতভাৱে ক'ব পাৰি এনে শেষ শ্রদ্ধা আৰু এনে শেষকৃত্য অনুষ্ঠান আজিলৈকে বিশ্বত ক'তো হোৱা নাই। ইমান দুখৰ মাজতো মনটো ভৰি উঠে তেতিয়া, যেতিয়া প্ৰাণৰ শিল্পীৰ প্ৰতি অসমবাসীয়ে জনোৱা অভূতপূর্ব শ্ৰদ্ধাৰ এই অধ্যায়টো বিদেশতো চৰ্চিত হয়। বাতৰিত প্ৰকাশ পাইছেই যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁলৈ আগবঢ়োৱা শ্রদ্ধা সন্দর্ভত বাংলাদেশৰ এগৰাকী প্রখ্যাত লেখকে সামাজিক মাধ্যমত এটা প'ষ্ট দিছে আৰু তছলিমা নাছৰিনে সেই প'ষ্টটো তেওঁৰ ফে'চবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে, য'ত লিখা হৈছে যে 'পৃথিৱীত আন কোনোবা শিল্পীয়ে তেওঁৰ নিজৰ চহৰত ইমান ভালপোৱা পাইছে নে নাই নাজানো।' জুবিন গাৰ্গক মহাপ্রয়াণৰ পাছত জনোৱা শ্ৰদ্ধাৰে অসমীয়া জাতিয়ে ইতিহাসত এটা অবিস্মৰণীয় অধ্যায় ৰচনা কৰিলে।

Share This