জুবিন যুগ

dainik janambhumi September 25, 2025

ডিজিটেল ডেস্কঃ অস্তমিত সূর্য। অসমত এতিয়া চকুলোৰ ভৰ বাৰিষা। নিষ্ঠুৰ সত্য এয়াই। অসম প্রাণ জুবিন গাৰ্গ এতিয়া পঞ্চভূতত বিলীন। এই সত্য চূড়ান্ত বুলি জনাৰ পাছতো স্তব্ধ অসমবাসীৰ বুকুত জুবিন গাৰ্গ জী আছে, জী থাকিব। সূর্যাস্তৰ পাছত পুনৰ সূৰ্যৰ উদয় অৱধাৰিত। সকলোৱে জনা এই সত্যক সাৰোগত কৰিয়েই জুবিন যুগৰ অন্ত পৰা বুলি কোৱাৰ সলনি অসমে কৈছে জুবিন যুগৰ অৱসান সম্ভৱ নহয়। যি সময়ত হিন্দী বোলছবিৰ দপদপনি চলিছিল, যি সময়ত গাঁৱৰ ৰেডিঅ'ত কুমাৰ চানু, উদিত নাৰায়ণৰ কণ্ঠই ৰজনজনাইছিল সেই সময়ত তীব্র প্রত্যাহ্বান জনাই আৰম্ভ হৈছিল জুবিন যুগৰ। 

নব্বৈ দশকৰ এই সময়ছোৱা আছিল সোণালী সময়। নব্বৈ দশকৰ অৰ্থাৎ সহস্রাব্দৰ শিশুৱে জুবিনৰ গীতেৰে আৰম্ভ কৰিছিল গান শুনিবলৈ, বিশেষকৈ অসমীয়া গান শুনিবলৈ। বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত গাবলৈ শিকোৱা এই প্ৰজন্মৰ আধুনিক গীতৰ সৈতে পৰিচয় হৈছিল জুবিন গাৰ্গৰ কণ্ঠেৰে। টেপ ৰেকৰ্ডাৰ, কেছেটৰ সময় সেয়া। ১৯৯২ চনৰ অনামিকা এলবাম মুক্তি পোৱাৰ পাছতেই আৰম্ভ হোৱা এই জুবিন উন্মাদনা পৰিৱৰ্তিত হৈছিল এটা যুগলৈ। য'ত জুবিনৰ ৰোমাণ্টিক গীত, বিৰহৰ গীত, বিদ্ৰোহৰ গীতৰ পৰা আছিল ভক্তি গীতলৈ।

 জুবিন গাৰ্গৰ টোকাৰী গীত, বৰগীত, দিহানামে পুৱাৰ পৰিৱেশ ভক্তিময় কৰি তুলিছিল। আধুনিকতাৰ পৰশ পাবলৈ আৰম্ভ কৰা প্ৰজন্মটোৱে ভাল পাবলৈ লৈছিল ৰাতিপুৱা কাষৰীয়া চুবুৰিৰ পৰা ভাহি অহা টোকাৰী নামৰ সুৰবোৰ। কেৱল বিদ্যালয়ৰ প্ৰতিযোগিতাৰ বাবে নহয়, মন গ'লেই আওৰাব পৰাকৈ অভ্যাস গঢ়ি তুলিছিল শতিকা পুৰণি বৰগীত গোৱাৰো। 

পাহৰণিৰ গৰ্ভলৈ যোৱা বনগীতসমূহ পুনৰ উদ্ধাৰেৰে মানুহৰ ঘৰে ঘৰে বাজিছিল। নব্বৈ দশকৰ শিশুৱে এই সকলো আপুৰুগীয়া সোৱাদ লাভ কৰিছিল কেৱল জুবিন গাৰ্গৰ কণ্ঠেৰে, কেৱল জুবিন গাৰ্গৰ বাবে। জুবিন যুগৰ আৰম্ভণি আছিল এয়া। তাৰ পিছৰখিনি সকলোৱেই জানে, জুবিন গার্গে অসমক কি দিলে। চৰ্বিত-চৰ্বণ কৰি হ'লেও ক'ব লাগিব জুবিন গার্গে যি দিলে সেয়া প্ৰজন্মৰ পৰা প্ৰজন্মই কঢ়িয়াই নিব পৰাকৈ দিলে অসমক। কেৱল নব্বৈ দশকৰ প্ৰজন্মই নহয়, এতিয়া জেনেৰেশ্যন জেদ বুলি কোৱা প্ৰজন্মৰ বাবেও জুবিন গাৰ্গ এটা উন্মাদনাৰ নাম। কোৰিয়ান ড্রামাত অভ্যস্ত বুলি জনা, টেইলৰ ছুইফ্টৰ গান আওৰোৱা জেনেৰেশ্যন জেদ বা জেন-জি প্রজন্মটো সদায় প্রশ্নৰ সন্মুখীন হৈ আহিছে। ডিজিটেল যুগত জন্ম হোৱা, ওপজিয়েই ম'বাইল ফ'ন দেখা, ফে'চবুক, ইনষ্টাগ্রাম, ৰীল, টিকটকৰ দৰে এক মেটাফৰ পৃথিৱীত বাস কৰা জেনেৰেশ্যন জেদে হেনো নুবুজে ঐতিহ্য, নাজানে ইতিহাস। 

ম'বাইল ফ'নত আবদ্ধ প্রজন্মটোক অভিযোগ, সমালোচনাৰে থকা-সৰকাও কৰা হৈছে বহু সময়ত। সৌ সিদিনা নেপালৰ ঘটনাক লৈয়ো জেনেৰেশ্যন জেদ প্রজন্ম চর্চালৈ আহিছে। তাৰ মাজতেই জুবিন গাৰ্গৰ মহাপ্রয়াণে অসমত জেনেৰেশ্যন জেদক আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিছে। কে-ড্রামাৰহে অনুৰাগী বুলি সমালোচিত হোৱা, অসমীয়া ভাষাক লৈ উদাসীন বুলি সমালোচিত হোৱা এই প্রজন্ম জুবিন গাৰ্গৰ বিয়োগত শোকত স্তব্ধ হৈ পৰিছে। শোকবিহ্বল হৈ পৰা এই প্ৰজন্মই সমস্বৰে আওৰাইছে জুবিন গাৰ্গৰ তিনি দশক পুৰণি গীত। তিনি দশকজোৰা জুবিন যুগক সহস্রাব্দৰ প্ৰজন্মৰ পৰা কঢ়িয়াই আনিছে উত্তৰ প্ৰজন্মই। আৱেগিক সময়ত এনে বহু শোকার্ত যুৱ দলে চিঞৰি চিঞৰি কৈছে আমি'জেনেৰেশ্যন জেদ' (Generation Z) অর্থাৎ 'জেনেৰেশ্যন জুবিন' প্রজন্ম। কেৱল জেদ প্রজন্মই জানো! 

২০১০ চনৰ পাছত ২০২৪ চনলৈ জন্ম হোৱা শিশুহঁতক কোৱা হয় 'জেনেৰেশ্যন আলফা'। প্রযুক্তিগতভাৱে অতি উন্নত প্রজন্ম বুলি স্বীকৃত হোৱা 'জেন আলফা'ৰ প্ৰজন্মই ডিজিটেল সাক্ষৰতাৰে ভৱিষ্যতৰ সমাজ, সংস্কৃতিৰ বৃহৎ পৰিৱৰ্তন সূচনা কৰিব বুলি ইতিমধ্যে সমাজ বিজ্ঞানীসকলে দাবী কৰিছে। এই ২০১০ চনৰ পাছত জন্ম হোৱা জেন আলফাৰ ১২-১৪ বছৰীয়া শিশু-কিশোৰহঁতেও হাতত গীটাৰ লৈ আওৰাইছে মায়াবিনীৰ সুৰ। ইউটিউবত খুঁচৰিছে জুবিন গাৰ্গৰ দশক পুৰণি গীতৰ সঁফুৰা। জুবিন গাৰ্গৰ গুণগ্রাহী আৱেগিক মাক-দেউতাকসকলৰ পৰা মন দি শুনিছে জুবিন যুগৰ কথা। জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হৈ যোৱাৰ এই বছৰটোতেই আৰম্ভ হৈছে 'জেনেৰেশ্যন বিটা' প্রজন্ম। প্ৰজন্মৰ পৰা প্ৰজন্মই ইতিহাস কঢ়িয়াই আনে। কিন্তু বিগত তিনিটা দশকৰ যি ইতিহাস তাক এটা যুগ হিচাপে নতুন প্রতিটো প্রজন্মই কঢ়িয়াই নিব। কেৱল সংগীতেৰেই নহয়, জুবিন গার্গে ধর্মহীন, জাতিহীন যি সত্তাৰ কথা চিঞৰি চিঞৰি কৈ গৈছিল সেই অবিনশ্বৰ সত্তাৰে অসমত জুবিন যুগ চলি থাকিব। জুবিন যুগৰ অৱসান নহয়, অৱসান হ'ব নোৱাৰে। অনাগত সময়ত জুবিন গাৰ্গৰ সঠিক মূল্যায়নৰ এই দায়িত্ব আমাৰ। আমাৰ উত্তৰ প্ৰজন্মৰ।

Share This