ৰাজনীতিত জুবিন

dainik janambhumi November 27, 2025

ডিজিটেল ডেস্ক : পলিটিক্স নকৰিবা বন্ধু'। গান, কবিতা অথবা চিনেমাৰ সংলাপৰ মাজেৰে শিল্পী জুবিন গার্গে বহু সময়ত এনে কিছুমান কথা কৈছিল, যিবোৰ কথাই একাংশ প্রভাৱশালীৰ ভেটিত কঁপনি তুলিছিল। আনকি অনুষ্ঠান পৰিৱেশনৰ মাজতেই মঞ্চত জুবিন গার্গে কোনো সময়ত ক্ষোভত ফাটি পৰিছিল প্রচলিত সমাজ ব্যৱস্থা, ৰাজনৈতিক কর্ম-কাণ্ডক লৈ। দল-সংগঠন আনকি নেতৃত্বত থকা কাণ্ডাৰীসকলকো মুকলিকৈ তুলা-ধুনা দিবলৈ এবাৰলৈও কুণ্ঠাবোধ কৰা নাছিল জুবিন গার্গে। শিল্পী জুবিনৰ ভাষাতেই এনে 'চিধা কথা' কোৱাৰ বাবেই জীৱিত কালত জুবিন গাৰ্গ সোমাই পৰিছিল বিতৰ্কত। এই খাতিৰ নকৰা স্বভাৱটোৰ বাবে জুবিন গাৰ্গক সমালোচনা, গালি-গালাজ কৰিবলৈকো এবাৰো নভবা ৰাজনৈতিক দল তথা সংগঠনৰ নেতাই জুবিন গাৰ্গক লৈ ৰাজনৈতিক খেল খেলিবলৈও এৰা নাছিল।

ৰাজনীতিৰ পৰা আঁতৰি সাধাৰণ জনতাৰ লগত থকা, 'শিল্পী ৰজাৰ লগত নহয়, প্ৰজাৰ লগতহে থাকিব লাগে' বুলি মুকলিকৈ কোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। অসমৰ তিনি কোটি মানুহক হতবাক কৰি সুদূৰ ছিংগাপুৰত অনাকাংক্ষিত মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গক লৈ পিছে ৰাজনীতিৰ অন্ত নপৰিল। বৰঞ্চ বিগত দুমাহে শোকস্তব্ধ অসমবাসী প্রত্যক্ষদর্শী হ'ল জুবিনক লৈ হোৱা ৰাজনৈতিক অৰিয়াঅৰি আৰু মেৰপেঁচৰ চূড়ান্ত নির্লজ্জ খেলখনৰ। ৰাজনীতি বেয়া পোৱা, প্রকৃতি আৰু মানুহৰ নিকট সান্নিধ্যৰ মাজত থাকি ভালপোৱা জুবিন গাৰ্গ নামৰ সত্তাটো এতিয়া একপ্ৰকাৰ ৰাজনৈতিক দল আৰু নেতাৰ বাবে ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ আহিলালৈ পৰিণত হোৱাটোৱে জুবিনক মনে-প্রাণে ভালপোৱা জনতাক ক্রোধিত আৰু লজ্জানত কৰি তুলিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক আৰু ক্ষিপ্ৰ তদন্তৰ লগতে ন্যায় বিচাৰি কৰা ডিজিটেল আন্দোলনৰ হেছটেগে যি সময়ত ছয় মিলিয়ন অতিক্রম কৰি সমগ্র বিশ্বক চমকিত কৰিছে সেই সময়তে জুবিন গাৰ্গ নামৰ মানুহজনৰ মৃত্যুৰ দিনটোৰ পৰাই যেন একাংশই আৰম্ভ কৰিছে ৰাজনীতিৰ আখৰা। সকলোৰে বাবে এতিয়া জুবিন গাৰ্গৰ মৃত্যু এটা ইছ্যু, তাকো নির্বাচনকেন্দ্রিক। আনকি চলি থকা বিধানসভাৰ প্ৰথম দিনটো জুবিন গাৰ্গক লৈয়ে উত্তাল হৈ থাকে। 

সদনৰ মজিয়াত প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্ত প্রক্রিয়া আৰু ন্যায় প্রদানৰ দাবী উঠাটো অস্বাভাৱিক নহয় যদিও এই লৈ শাসক-বিৰোধীৰ দৃষ্টিকটু যুঁজ আৰু উত্তেজনাই বিষয়টোক লৈ যে শাসক কিম্বা বিৰোধী মুঠেই ছিৰিয়াছ নহয়, বৰঞ্চ এয়া ৰাজনৈতিক অৰিয়াঅৰিহে তেনে যেনহে প্রতিফলিত হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেই কথা আজিও ৰহস্যৰ আৱৰ্তত আছে যাৰ বাবে বিগত দুটা মাহে সাধাৰণ জনতাৰ লগতে জুবিনৰ পৰিয়ালবৰ্গই বাৰে বাৰে এই ৰহস্য উন্মোচন কৰি সত্য প্ৰকাশৰ দাবী জনাই আহিছে। এনে অবস্থাতে খোদ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে 'জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ 'ক্রিমিনেল নেলিজেন্স' নহয়, বৰঞ্চ জুবিন গাৰ্গক হত্যা কৰা হৈছিল' বুলি কৰা দাবীয়ে সমগ্র বিষয়টোক অধিক ৰহস্যলৈ লৈ গৈছে। আনকি কালি বিধানসভাৰ মজিয়াতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সজোৰে কৈছে জুবিন গাৰ্গক এতিয়া নহয়, কভিডকালৰ পূৰ্বৰে পৰাই অর্থাৎ আঠ বছৰ পূৰ্বৰ পৰাই হত্যাৰ ষড়যন্ত্র কৰি আহিছিল কেইজনমান বিশেষ ব্যক্তিয়ে। মুখ্যমন্ত্রীয়ে এই বিশেষ ব্যক্তিকেইজন কোন হ'ব পাৰে তাৰো কিছু ইংগিত দিয়ে। ইফালে বিৰোধী দলৰ একাংশ নেতাই একে সময়তে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ বাৰে বাৰে প্ৰশ্ন তুলি পৰিস্থিতি উত্তপ্ত কৰি আহিছে। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে 'জুবিন গার্গে ন্যায় নাপায়' বুলিয়েই বাৰম্বাৰ অভিযোগ তুলি বিধানসভা প্রাংগণতো অশান্ত পৰিৱেশৰ সৃষ্টি কৰা আমি দেখিবলৈ পাইছোঁ। তদন্তকাৰী সংস্থাই বহু বাধা-বিপত্তিৰ মাজতো তদন্ত আগবঢ়াই অভিযোগনামা দাখিলৰ প্ৰস্তুতি চলোৱাৰ লগতে ন্যায়ালয়ৰ মজিয়াতো এই লৈ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু হোৱাৰ সময়ত অতি স্পৰ্শকাতৰ এই বিষয়টোক লৈ ৰাজনৈতিক অৰিয়াঅৰি গ্ৰহণযোগ্য নহয়। জুবিন গাৰ্গ কেবল এজন মানুহ নহয়, জুবিন গাৰ্গ অসমৰ অমূল্য ৰত্ন, অসমীয়াৰ প্ৰাণ। তেনেস্থলত জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰ মৃত্যুৰ তদন্ত আৰু ন্যায় বিচৰাৰ নামত খোদ জনপ্রতিনিধিৰ অতি 'কেজুরেল' গালি-গালাজ, উচটনিৰ দৰে আচৰণ কোনোপধ্যেই গ্রহণযোগ্য নহয়। এয়া যে আচলতে বোকা ছটিওৱা ৰাজনীতিহে সেয়া বুজিবলৈ কাৰো বাকী নাই। ইফালে টকাৰ লোভৰ বাবেই একাংশ নিকট বন্ধুৱেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কাৰক বুলি ইতিমধ্যে প্রমাণ হোৱাৰ পাছত জুবিন গাৰ্গৰ শেষ শয়নথলী 'জুবিন ক্ষেত্র' টকাৰ বাবেই দুটা ফৈদৰ ৰণথলী হৈ পৰা বিষয়টোৱে জুবিন নামৰ সত্তাটোক পুনৰ অপমানিত কৰিছে। জুবিন ক্ষেত্ৰ পৰিচালনাৰ নামত গঠন হোৱা দুখন কমিটীয়ে ৰাইজে দিয়া বৰঙনিৰ ধন আত্মসাৎ কৰাৰ পৰস্পৰৰ অভিযোগত সংঘাতত লিপ্ত হৈ আকৌ এবাৰ লজ্জানত কৰিছে অসমীয়াক। জনতাৰ শিল্পী জুবিন গার্গে কি কৈ গৈছিল তাক অনুধাৱন নকৰা একাংশ অসমীয়াই মৃত্যুৰ দুমাহতেই প্ৰাণৰ শিল্পীজনক লৈ টকাৰ খোৱা-কামোৰা আৰু ৰাজনীতিত লিপ্ত হোৱাৰ দৰে পৰিস্থিতিৰ সাক্ষী হৈ আচলতে আমি নিজক প্রশ্ন কৰা উচিত 'জুবিন গাৰ্গৰ দৰে অমূল্য ৰত্ন আমাৰ প্ৰাপ্য হয়নে?'

Share This