আজি ২৮ আগষ্ট ! ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব 

Jyoti Borah August 28, 2023

 ২৮ আগষ্ট, সোমবাৰ
মেষঃ ৰাজহুৱা কামৰ মাজেদি সন্মান প্রাপ্তি। মন প্রফুল্লিত থাকিব পাৰিবাৰিক জীৱন সুখ-শান্তিময়। ধৰ্মত মতি। বন্ধু-বান্ধৱৰ লগত মিলাপ্ৰীতি বাঢ়িব। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। 

 

বৃষঃ শুভ কাৰক গ্রহ শুক্র,চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। শৰীৰ আনদিনাতকৈ উন্নত। কোনো কাৰণত মনত এটা সংশয় ভাব থাকিব। লোহা,চাহ আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। ঘৰুৱা জীৱনত বুজাবুজি থাকিব। খৰচত হাত ধৰা টান হ'ব।

 

মিথুনঃ শুভ কাৰক গ্রহ বুধ ৰবি ।শুভ সংখ্যা ১, ৫।শুভ ৰং সেউজীয়া ধৰ্মীয় কৰ্মৰ প্ৰতি ৰাপ বাঢ়িব। অপ্রত্যাশিতভাবে কোনো শুভ সংযোগ লাভ। পাৰিবাৰিক জীবন সুখবেই। প্রবাসত থকা সন্তানৰ পৰা সুখবৰ পাব। ৰাজনীতিত নিজৰ বুদ্ধিমত্তা প্রকাশ। 


 কৰ্কটঃ  আপোনাৰ গাত থকা বিশেষ গুণ এটাৰ বাবে সকলো আকৰ্ষিত হ'ব। তথাপি সাৱধান হ’ব— যাতে কথাত পিছল খাই অপ্রস্তুত হ'ব লগা নহয়। বিদ্যাত শুভ। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী।

 

সিংহঃ  সংগীত, নাটক, খেলা- ধূলা আদি কলাত সুখ্যাতি লাভ। ব্যৱসায়ত মধ্যম। কোনো কথাত কাৰো লগত মনোমালিন্য হ'ব পাৰে। মনত এটা খু- সুবনি ভাব থাকিব। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং বাদামী। 

 

কন্যাঃ  কোনো সংক্রামক অসুখ বা টেনশানত ভুগিব পাৰে। পাৰিবাৰ্ষিত জীবন শুভাশুভ মিশ্রিত। কামৰ দায়িত্ব বাঢ়িব। প্ৰেমত অস্থিৰতা। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং বগা।

 

তুলাঃ কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব। ৰাজহুৱা কামত আন্তৰিকতাৰে খাটি ভাল পাব। দাম্পত্য জীৱন সুখৰেই। চাকৰিজীৱীসকলে সম্ভৱস্থলত ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। 

 

বৃশ্চিকঃ দিনটো আনদিনাতকৈ উন্নত। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। খৰচ বেছি। বৃহস্পতি শুভ ভাবত আছে যদি স্বাস্থ্য, অর্থ, বিদ্যাদিৰ ক্ষেত্ৰত সুফল পাব। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি । শুভ সংখ্যা ১, ৯।শুভ ৰং গুলপীয়া। 

 

ধনুঃ অপ্রত্যাশিতভাবে কোনো শুভ সংযোগ পাই মন প্রফুল্লিত থাকিব। সা-সম্পত্তি কিনা বা বেচাৰ ক্ষেত্ৰত লাভৱান হ'ব। শাৰীৰিক ক্ষেত্ৰত আমনি কম। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মাখন। 


মকৰঃ  বেলি আগুৱাই যোৱাৰ লগে লগে ক্ৰমে মনত কিছু পৰিৱৰ্তন অনুভৱ কৰিব ৷ পতি বা পত্নীৰ বুদ্ধি-চাতুৰ্থৰ বলত বহুত সমস্যা সহজে সমাধা হ'ব। চিকিৎসক, আইনজীৱী আদি বৃত্তিধাৰীৰ বাবে শুভ। শুভ কাৰক গ্ৰহ মঙল, শনি । শুভ সংখ্যা ৭, ৯ । শুভ ৰং পাতল ৰঙা।

 

ধনুঃ অপ্রত্যাশিতভাবে কোনো শুভ সংযোগ পাই মন প্রফুল্লিত থাকিব। সা-সম্পত্তি কিনা বা বেচাৰ ক্ষেত্ৰত লাভৱান হ'ব। শাৰীৰিক ক্ষেত্ৰত আমনি কম। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মাখন। 

 

কুম্ভঃ শৰীৰ প্ৰায় ভালেই। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । আয় চাই ব্যয় কৰা টান হ'ব। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক’লা। 
মীনঃ আনৰ হিত সাধি ভাল পাব । কৃষিজাত দ্ৰব্যৰ ব্যৱসায়ত লাভৱান হ'ব। সন্তানক লৈ কিছু চিন্তা। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব । শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ । শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। 

Share This