আজি ৪ আগষ্ট,চাওঁ আহক আপোনাৰ আজিৰ দিনটো
Dainik Janambhumi
August 04, 2024
ডিজিটেল ডেস্কঃ ৪ আগষ্ট,২০২৪
মেষ (অ, ল):শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং অপৰাজিতা নীলা। কোনো সা- সম্পত্তি কিনা-বেচাৰ ক্ষেত্ৰত লাভৱান হ'ব। আনৰ হিত সাধি ভাল পাব। সৎ বন্ধু লাভ।
বৃষ (ই, উ, ব):শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং ৰূপালী। স্বাস্থ্য প্রায় ভালেই। অৱশ্যে কোনোৱে প্রকৃতিগত অসুখত ভুগিব পাৰে। দাম্পত্য জীৱন সুখৰেই।
মিথুন(ক, ছ. ঘ):শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং মাখন। আর্থিক উন্নতিৰ মৃদু যোগ। আপোনাৰ মধুৰ ব্যৱহাৰত সৰু-বৰ, শত্রু-মিত্র সকলো আকর্ষিত হ'ব। প্রেমত চঞ্চল।
কর্কট(ড, হ): শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং পিঁয়াজী। শৰীৰ প্ৰায় ভালেই। যান- বাহন বা অন্য সা-সম্পত্তি লোৱাৰ পৰিকল্পনা হ'ব পাৰে। ঘৰুৱা সমস্যা থাকিব।
সিংহ(ম, ট): শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং তামবৰণীয়া। দূৰ ভ্ৰমণৰ যো-জা হ'ব পাৰে। কৰ্মত সততা আৰু দক্ষতা প্রকাশ। ৰবি শুভ ভাবত নাই যদি ক্ষেত্র বিশেষে লোকনিন্দা শুনিবলৈ পাব।
কন্যা(প, ঠ): শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং বাদামী। ৰাশিলৈ গুৰুৰ সুদৃষ্টি থকাত লগতে শুভকাৰক যটশূন্য যোগ, ৰাজ যোগ আদি থকাত দিনটো ভালধৰণেই পাৰ হ'ব।
তুলা(ৰ, ত): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। আর্থিক উন্নতিৰ মৃদু যোগ। পাৰিবাৰিক জীৱন সুখৰেই। কথোপকথন বা বক্তৃতাদি দিয়াত পাৰদৰ্শিতা।
বৃশ্চিক(ন, য)ঃ শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং হালধীয়া। ভ্ৰমণ হ'ব পাৰে। শুভ সংযোগ লাভ। সন্তানৰ পৰা সুখী। আপোনাৰ সততা আৰু পাণ্ডিত্য প্রতিভা প্রকাশ পাব
ধনু(ধ, ফ, ভ)ঃ শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব। ফুৰা-চকাত সতর্ক হ'ব অর্থাৎ দুখ-চুখ পাব পাৰে।
মকৰ(খ, জ)ঃ শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং নীলা। শৰীৰ মোটামুটি শুভ। বন্ধু- বান্ধৱযুক্ত পৰিৱেশ পচন্দ কৰিব। পিছে সংগ দোষৰ পৰা সাৱধান হোৱা ভাল হ'ব।
কুম্ভ(গ, শ, স)ঃ শুভ কাৰক গ্ৰহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং হালধীয়া। স্বাস্থ্য মজলীয়া। নিৰিবিলি পৰিৱেশ ভাল পাব। শত্ৰুৰ প্ৰভাৱ থাকিলেও আপুনি শত্রুজয়ী আৰু সুখী হ'ব।
মীন(দ, চ): শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং কমলা। শৰীৰ ভালেই। ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। ক্ষেত্র বিশেষে জনপ্রিয় হ'ব। আপোনাৰ কৰ্মদক্ষতা আৰু দূৰদৰ্শিতা দেখি মানুহে শ্রদ্ধা কৰিব। প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত। সৎ বন্ধু লাভ।
Share This