আজি ১৩ ছেপ্টেম্বৰ,শুকুৰবাৰ ,চাওঁক আপোনাৰ দিনটো কেনেদৰে যাব 

DainikJanambhumi September 13, 2024

ডিজিটেল ডেস্কঃ শুকুৰবাৰ, ১৩ ছেপ্টেম্বৰ, ১৯৪৬, খ্ৰীষ্টাব্দ ২০২৪৷ 

 

 

 

 

মেষঃ শুভ ৰং নীলা৷ কথাত সাৱধান হ’ব৷ নিজকে সৰ্বজ্ঞানী বুলি ভাবি কামত আগুৱালে, কামত আউল লাগিব৷ যথেষ্ট পৰিশ্ৰমৰ মাজেৰে দিনটো পাৰ হ’ব৷

 

বৃষঃ শুভ ৰং ৰূপালী৷ ঘৰুৱা জীৱন গতানুগতিক৷ নতুন বন্ধু লাভ৷ ৰাজহুৱা কামত জড়িত থাকি ভাল পাব৷ বিয়া-বাৰুৰ যোগাযোগত শুভ৷

 

মিথুনঃ শুভ ৰং গুলপীয়া৷ মন উন্নত৷ কৰ্মত উৎসাহ পাব আৰু দক্ষতা প্ৰকাশ৷ আপোনাৰ কৰ্মদক্ষতা আৰু জনপ্ৰিয়তা দেখি কোনোৱে ঈৰ্ষাৰ চকুৰে চাব৷

 

কৰ্কটঃ শুভ ৰং বগা৷ আজি ৰাশিৰ কেন্দ্ৰত কোনো গ্ৰহ নাই, ব্যয় স্থানত মঙল, প্ৰাপ্যস্থান, বন্ধু স্থানাধিপতি নীচস্থ হোৱাত গোপন শত্ৰুৰ বেহুৰ মাজত সোমাব লগা হ’ব পাৰে৷

 

সিংহঃ শুভ ৰং নীলা৷ কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ কামত নিষ্ঠাৰে তথা আন্তৰিকতাৰে হাত দিলেও যথাযুক্ত সন্মান নেপাবও পাৰে৷ বন্ধু-বান্ধৱৰ আগমন বুজায়৷ দাম্পত্যত মধ্যম৷ অবাঞ্ছিত খৰচ৷

 

কন্যাঃ শুভ ৰং ক’লা৷ আপোনাৰ গাত থকা বিশেষ গুণ এটাৰ বাবে জনপ্ৰিয় হ’ব৷ ব্যৱসায়ত উন্নতি৷ পিছে কোনোৱে লোক নিন্দা শুনিবলৈ পাব৷

 

তুলাঃ শুভ ৰং নীলা৷ লেখক-লেখিকা তথা বুদ্ধিজীৱীৰ বাবে অনুকূল৷ কোনো কাৰণত মানসিক অশান্তিত ভুগিব পাৰে৷ ঘৰুৱা সমস্যা থাকিব৷

 

 

বৃশ্চিকঃ শুভ ৰং কফি৷ ধৰ্মীয় কৰ্মত মনোনিৱেশ কৰি ভাল পাব৷ শৰীৰ আন দিনাতকৈ উন্নত৷ ৰাশিলৈ গুৰুৰ পূৰ্ণ দৃষ্টি থকাত পাৰিবাৰিক জীৱনো সুখৰেই৷

 

ধনুঃ শুভ ৰং হালধীয়া৷ ৰাশিত চন্দ্ৰ, ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ, শুভ কাৰক বুধাদিত্য যোগ আদি থকাত, আজি প্ৰায় কৰ্মতে আশা কৰা মতে সুফল পাব৷

 

মকৰঃ শুভ ৰং ৰঙা৷ ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ’ব৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷ ফুৰা-চকাত অৱশ্যে সাৱধান হোৱা ভাল৷ হঠাৎ শৰীৰত আঘাত পাব পাৰে৷ 

 

কুম্ভঃ শুভ ৰং মাখন৷ জায়া স্থানত থকা ৰবিৰ ওপৰত শনিৰ পূৰ্ণ দৃষ্টি পৰাত ঘৰুৱা পৰিৱেশ উন্নত নেপাব৷ অৱশ্যে, শুভাকাংক্ষীৰ সহায়-সহযোগ, সু-পৰামৰ্শই কিছু সহায় কৰিব৷

 

মীনঃ শুভ ৰং মুগা৷ শৰীৰ মোটামুটি ভালেই৷ যিকোনো দিশৰ পৰা আৰ্থিক উন্নতিৰ যোগ৷ ধৰ্মীয় অনুষ্ঠানত মনোযোগ থাকিব৷ শত্ৰুৰ ষড়যন্ত্ৰ সফল নহ’ব৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷ অসৎ সংগৰ প্ৰৰোচনাত পৰি যাতে আওবাটে যাব লগা নহয়, লক্ষ্য ৰাখিব৷

Share This